মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মেলেৰীয়া প্ৰতিৰোধ আৰু ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক উন্নয়ন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেলেৰীয়া প্ৰতিৰোধ আৰু ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক উন্নয়ন

মেলেৰীয়া প্ৰতিৰোধ আৰু ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক উন্নয়ন

মেলেৰীয়া আজিও বিশ্ববাসীৰ বাবে এক বিভীষিকা। সমগ্ৰ বিশ্বৰ প্ৰায় ছয়ত্ৰিশ শতাংশ লোক আজিও মেলেৰীয়া ৰোগত আক্ৰান্ত হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৪ চনৰ সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে বছৰি প্ৰায় তিনিশৰ পৰা পাঁচশ নিযুত ব্যাক্তি মেলেৰীয়াত আক্ৰান্ত হয়। ইয়াৰ প্ৰায় নব্বৈ শতাংশই আফ্ৰিকা মহাদেশৰ। দক্ষিণ-পূৱ এচিয়াৰ এঘাৰখন ৰাষ্ট্ৰত বছৰি প্ৰায় ১৪ নিযুত ব্যক্তি মেলেৰীয়া ৰোগত আক্ৰান্ত হয়। এই ১৪ নিযুত মেলেৰীয়া ৰোগীৰ প্ৰায় সত্তৰ শতাংশই ভাৰতবৰ্ষৰ। বিশ্ব মেলেৰীয়া সমীক্ষা ২০১৪ মতে, সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশই (প্ৰায় সত্তৰ শতাংশ) মেলেৰীয়া অধ্যুষিত অঞ্চলত বসবাস কৰে। ৰাজস্থান, গুজৰাট, কৰ্ণাটক, গোৱা, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ, অসম, উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য, তামিলনাডু, চত্তিশগড় আৰু মধ্যপ্ৰদেশৰ অৰণ্য আৰু জনজাতিলোক অধ্যুষিত অঞ্চলবোৰত মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱ অধিক। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে মেলেৰীয়া এক বিভীষিকা। প্ৰতি বছৰে অসমত বহুতো লোক মেলেৰীয়াত আক্ৰান্ত হয় আৰু অধিক সংখ্যক লোকেই মৃত্যু মুখত পৰে। অসমৰ সৰহকৈ জনজাতি লোকসকল বসবাস কৰা কাৰ্ব্বি-আংলং, ডিমা-হাচাও, গোৱালপাৰা, হাইলাকান্দি, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত মেলেৰীয়া ৰোগৰ তাণ্ডৱ বেছি।

malaria

নেচনেল ভেক্টৰ বৰ্ন দিজিছ কন্ট্ৰোল প্ৰোগ্ৰেম (NVBDCP)ৰ চৰকাৰী তথ্যমতে, ভাৰতবৰ্ষৰ বেছিভাগ অঞ্চলতে প্ৰতি একহাজাৰ ব্যক্তিৰ বিপৰীতে প্ৰতিবছৰে মেলেৰীয়া ৰোগৰ পৰজীৱীয়ে আক্ৰান্ত কৰা ব্যক্তিৰ সংখ্যা (API-Annual Parasitic Incidence) দুই। ভাৰতবৰ্ষৰ কিছুমান অঞ্চলত API দুইৰ পৰা পাঁচ যদিও ৰাজস্থান, গুজৰাট, কৰ্ণাটক, গোৱা, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ, অসম, উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য, তামিলনাডু, চত্তিশগড় আৰু মধ্যপ্ৰদেশৰ অৰণ্য আৰু জনজাতিলোক অধ্যুষিত কিছুমান অঞ্চলত API পাঁচতকৈ অধিক হোৱা দেখা যায়। যদিও চৰকাৰী তথ্যমতে ভাৰতবৰ্ষত মেলেৰীয়াত আক্ৰান্ত ব্যক্তিৰ এই পৰিসংখ্যা দেখুওৱা হৈছে; বাস্তৱক্ষেত্ৰত কিন্তু ছৱিখন পৃথক আৰু ভাৰতবৰ্ষত মেলেৰীয়া ৰোগত আক্ৰান্তৰ হাৰ ইয়াতকৈ বহুখিনি বেছি।

P.vivax, P.falciparum, P.ovale আৰু P. malarie পৰজীৱীয়ে মেলেৰীয়া ৰোগ সৃষ্টি কৰিলেও ভাৰতবৰ্ষত P.vivax আৰু P.falciparum দুয়োবিধ পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগহে অধিক হোৱা দেখা যায়। P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগ P.vivax পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগতকৈ বেছি ভয়ানক। P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগৰ জটিলতা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ হাৰ P.vivax পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগতকৈ অধিক। এইবিধ মেলেৰীয়াত আক্ৰান্ত বহু ব্যক্তি চেৰেব্ৰেল মেলেৰীয়া, বৃক্কৰ অচলাৱস্থা, যকৃতৰ অচলাৱস্থা আৰু মাল্টি অৰ্গেন ফেইলাৰ হৈ মৃত্যু মুখত পৰে। দক্ষিণাত্য, মধ্য আৰু উত্তৰ ভাৰতত P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগ মুঠ মেলেৰীয়া ৰোগৰ দহ শতাংশহে। অৰণ্য আৰু জনজাতিলোক অধ্যুষিত অঞ্চলবোৰত P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগ মুঠ মেলেৰীয়া ৰোগৰ ত্ৰিশৰ পৰা নব্বৈ শতাংশ। ভাৰতবৰ্ষৰ অন্য অঞ্চলবোৰত ই প্ৰায় ত্ৰিশ শতাংশ। যদিও P.vivax পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগৰ জটিলতা কম, তথাপি ইয়াৰ সংখ্যা অধিক হোৱা বাবে ই ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত বহুল প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও ভাৰতবৰ্ষত বাৰিষা কালত P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগ আৰু উত্তৰ বাৰিষা কালত P.vivax পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগ অধিক হোৱা দেখা যায়। ইয়াৰ পৰা এইটো বুজিব পাৰি যে, যিহেতু ভাৰতবৰ্ষ কৃষি প্ৰধান দেশ আৰু কৃষিকাৰ্য সাধাৰণতে বাৰিষা আৰু উত্তৰ বাৰিষা কালত কৰা হয়, সেয়েহে এই সময়ত লোক মেলেৰীয়া ৰোগত আক্ৰান্ত হ’লে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত বহুল প্ৰভাৱ পৰে। তদুপৰি আজি-কালি মেলেৰীয়া ৰোগ বিয়পোৱা বাহক মহৰ ৰসায়নিক কীটনাশক দ্ৰৱ্যৰ প্ৰতি বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, কম মূল্যতে ক্ৰয় কৰিব পৰা ক্লোৰোকুইন দৰৱৰ প্ৰতি মেলেৰীয়া ৰোগৰ বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতাৰ বাবে অধিক খৰচী দৰৱ ক্ৰয় কৰিব লগা হোৱা বাবে ই প্ৰত্যক্ষ ভাৱে ৰাষ্ট্ৰৰ অৰ্থনীতিত প্ৰভাৱ পেলায়। ক্লোৰোকুইন দৰৱৰ প্ৰতি মেলেৰীয়া ৰোগৰ বাঢ়ি অহা প্ৰতিৰোধ ভাৰতবৰ্ষৰ সকলো অঞ্চলত থাকিলেও; P. falciparum মেলেৰীয়া অধিক হোৱা উত্তৰ-পূৰ্বাঞ্চল আৰু উৰিষ্যাত, ডাঙৰ মেট্ৰো চহৰ আৰু ঔদ্যোগিক অঞ্চল, আন্তৰাষ্ট্ৰীয় সীমা থকা অঞ্চলবোৰত ই অধিক। ক্লোৰোকুইন দৰৱৰ প্ৰতি P. falciparum মেলেৰীয়া ৰোগৰ প্ৰতিৰোধ ১৯৭৩ চনত অসমৰ কাৰ্বি-আংলং জিলাত প্ৰথম পৰিলক্ষিত হৈছিল। ইয়াৰ পিছত ১৯৭৪ চনত নগাঁও জিলাত, পিছৰ দুই তিনিবছৰ অসম, অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডত পৰিলক্ষিত হৈছিল।

প্ৰায় ১১৫ বছৰ আগতে, ১৮৯৭ চনত ছাৰ ৰোনাল্ড ৰোজে (Sir, Ronald Ross) ভাৰতবৰ্ষত মহৰ দ্বাৰা মেলেৰীয়া ৰোগ বিয়পে বুলি আৱিষ্কাৰ কৰাৰ পিছত, আজিও ভাৰতবৰ্ষত মেলেৰীয়া ৰোগ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি। ভাৰতবৰ্ষত আজিও বহুতো গৰ্ভৱতী মহিলা মেলেৰীয়াত আক্ৰান্ত হয়। ইয়াৰ বাবে মাতৃৰ ৰক্তহীনতা, শিশুৰ জন্মৰ ওজন কম হোৱা, সময়তকৈ আগতে প্ৰসৱ হোৱা, জন্মগত মেলেৰীয়া, গৰ্ভপাত, শিশু আৰু কেঁচুৱাৰ মৃত্যু আৰু বহু মাতৃৰ মৃত্যু হয়। ফলত দেশৰ ভৱিষ্যত মানৱ সম্পদ দুৰ্বল হৈ ৰাষ্ট্ৰৰ অৰ্থ-সামাজিক ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলাই। আজিও মেলেৰীয়া ৰোগত আক্ৰান্ত হৈ ভাৰতবৰ্ষত বহু ব্যক্তিৰ মৃত্যু হয়। প্ৰাক-স্বাধীনতা কালত ভাৰতবৰ্ষত বছৰি প্ৰায় এক নিযুত, কেতিয়াবা মহামাৰী অৱস্থাত দুই নিযুত পৰ্যন্ত ব্যক্তি মেলেৰীয়াৰ বাবে মৃত্যুমুখত পৰিছিল। এক তথ্যমতে ১৯৩৫ চনত ভাৰতবৰ্ষত মেলেৰীয়াত আক্ৰান্ত হোৱা ১০০ মিলিয়ন ব্যক্তিৰ প্ৰায় ১ নিযুত ব্যক্তিৰ মৃত্যু হৈছিল। ১৯৪৭ চনত ভাৰতবৰ্ষৰ মুঠ ৩৩৪ নিযুত জনসংখ্যাৰ প্ৰায় ৭৫ নিযুত ব্যক্তি মেলেৰীয়াত আক্ৰান্ত হৈ আঠ লাখ ব্যক্তি মৃত্যু মুখত পৰিছিল। ১৯৫৮ চনত National Malaria Eradication Programme হোৱাৰ পিছত মেলেৰীয়াত আক্ৰান্ত আৰু মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা লাহে-লাহে কমি আহিছিল। ইয়াৰ পিছত বহু দশক ধৰি মেলেৰীয়াত আক্ৰান্তৰ সংখ্যা ভাৰতবৰ্ষত ১.৫ ৰ পৰা ৩ নিযুতৰ মাজত চলি আছিল। তাৰ পিছত কিন্তু এই হাৰ কমা নাই। মেলেৰীয়া ৰোগ বিয়পোৱা বাহক মহৰ ৰাসায়নিক কীটনাশক দ্ৰৱ্যৰ প্ৰতি বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, বৰ্ধিত জনসংখ্যা, কৃষি ব্যৱস্থাৰ পৰিৱৰ্তন, অপৰিকল্পিত নগৰীকৰণ, জল আৰু পেলনীয়া বস্তুৰ অপৰিকল্পিত নিষ্কাশন ব্যৱস্থা, বন ধ্বংসকৰণ, প্ৰাকৃতিক আৰু জৈৱিক বৈচিত্ৰৰ ধ্বংসকৰণ, বৰ্ধিত যাতায়তীকৰণ, জনস্বাস্থ্য বিভাগৰ হেমাহী, জনসাধাৰণৰ অজ্ঞানতা আৰু সচেতনতাৰ অভাৱ আদিৰ বাবে ই স্থবিৰ হৈ পৰা দেখা গৈছে আৰু লাহে-লাহে মানুহ সৃষ্ট মেলেৰীয়া বাঢ়ি আহিছে। ১৯৯০ চনৰ পৰা ভাৰতবৰ্ষত বছৰি প্ৰায় ১.৫ ৰ পৰা ২.৬ নিযুত লোক মেলেৰীয়াত আক্ৰান্ত আৰু ৬৬৬-১০০০ লোকৰ মৃত্যু হোৱা বুলি লিপিবদ্ধ হৈ আছে। ১৯৯৭ চনৰ পৰা ২০০১ চনলৈ কৰা এক সমীক্ষা মতে P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰীয়া ৰোগত মৃত ব্যক্তিৰ পৰিমাণ ক্ৰমে ৮৭৯, ৬৬৬, ১০৫৭, ৯৪৬ আৰু ৯৩৪। এই বছৰ কেইটাত Specific Malaria Mortality Ratio (SMMR) ০.৩০ ৰ পৰা ০.৪৮। এই বছৰ কেইটাত এনেকুৱা মেলেৰীয়াত মৃত মুঠ ব্যক্তিৰ ২৮২৮ (৬৩.১ শতাংশ) পুৰুষ আৰু ১৬৫৪ (৩৬.৯ শতাংশ) মহিলা। পুৰুষ আৰু মহিলাৰ অনুপাত ১ : ০.৫৬। বয়স অনুপাতে এই বছৰ কেইটাত এনেকুৱা মেলেৰীয়াত মৃত মুঠ ব্যক্তিৰ ২০.৬ শতাংশ ১৪ বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালী, ৫৬.১ শতাংশ ১৫ ৰ পৰা ৫৪ বছৰ বয়সৰ ব্যক্তি আৰু ২৩.৩ শতাংশ ৫৫ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তি। ১৯৯৩ চনত Harvard School of Public Healthয়ে বিশ্ব বেংক আৰু বিশ্ব স্বাস্থ্যৰ সহযোগত কোনো ৰোগৰ বোজা (GBD-Global Burden of Diseases) নিৰূপণ কৰাৰ বাবে disability adjusted life year (DALY) নামৰ এক নতুন সূচাংক ব্যৱহাৰ কৰা আৰম্ভ কৰে। এক DALY মানে হ’ল কোনো ৰোগৰ বাবে হোৱা ব্যাধিগ্ৰস্ত আৰু মৃত্যুৰ বাবে এটা নিৰ্দিষ্ট বছৰত হেৰুৱাব লগীয়া হোৱা উপাৰ্জনক্ষম সুস্থ বছৰ। ১৯৯৭ চনত ভাৰতবৰ্ষত মেলেৰীয়া ৰোগৰ বাবে হেৰুওয়া DALY আছিল ১.৮৬ নিযুত বছৰ। ইয়াৰ পুৰুষৰ ক্ষেত্ৰত হেৰুওৱা DALY আছিল ১.০৭৪ নিযুত বছৰ আৰু মহিলাৰ ক্ষেত্ৰত আছিল ০.৭৮৬ নিযুত বছৰ। ১৫ৰ পৰা ৫৪ বছৰ বয়সৰ উপাৰ্জনক্ষম ব্যক্তিৰ মাজত হেৰুৱাব লগা DALY সৰ্বাধিক ৫৩.২৫ শতাংশ আছিল। ১৪ বছৰ তলৰ বয়সৰ ল’ৰা- ছোৱালীৰ বাবে হেৰুৱা DALY আছিল ২৭.৬৮ শতাংশ আৰু ৫৫ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিৰ ১৯.০ শতাংশ।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ভাৰতবৰ্ষত মেলেৰীয়া ৰোগত আক্ৰান্ত আৰু মৃত্যু হোৱা বেছিভাগ লোকেই পুৰুষ আৰু অৰ্থনৈতিক ভাৱে উপাৰ্জনক্ষম ২৫ বছৰৰ পৰা ৫৪ বছৰ বয়সৰ ব্যক্তি। মেলেৰীয়া ৰোগৰ উচ্চ DALY আৰু চিকিৎসাৰ বাবে প্ৰতিবছৰে ভাৰতবৰ্ষই বহু টকা হেৰুৱাব লগীয়া হয়। ১৯৯৭ চনত ভাৰতবৰ্ষত যদি এজন উপাৰ্জনক্ষম ব্যক্তিয়ে প্ৰতিদিনে এশ টকাকৈও উপাৰ্জন কৰিছিল বুলি ধৰি লোৱা হয়, তেন্তে বছৰত উপাৰ্জন হয় ৩৬,৫০০ টকা। যিহেতু ১৯৯৭ চনত ভাৰতবৰ্ষত মেলেৰীয়া ৰোগৰ DALY আছিল ১.৮৬ নিযুত বছৰ, গতিকে সেইবছৰ ভাৰতবৰ্ষই প্ৰায় ৬৭৮৯ কোটি টকা (৩৬,৫০০ টকা X ১.৮৬ নিযুত = ৬৭৮৯০ নিযুত টকা) মেলেৰীয়াৰ বাবে হেৰুৱাব লগা হৈছিল। তদুপৰি সেই বছৰ যদি মেলেৰীয়াত আক্ৰান্ত ব্যক্তি ২.৫০ নিযুত বুলি ধৰি লৈ প্ৰতিজন মেলেৰীয়া ৰোগীৰ চিকিৎসাজনিত খৰচ এক হাজাৰ টকা বুলি ধৰো, তেন্তে সেইবছৰ ভাৰতবৰ্ষই মেলেৰীয়াৰ চিকিৎসাৰ বাবে প্ৰায় ২৫০ কোটি টকা (১০০০টকা X ২.৫ নিযুত = ২৫০০ নিযুত টকা) খৰছ কৰিব লগীয়া হৈছিল। দুয়োবিধ মিলাই ১৯৯৭ চনত ভাৰতবৰ্ষই মেলেৰীয়াৰ বাবে প্ৰায় ৭০৩৯ কোটি টকা হেৰুৱাব লগা হৈছিল। এয়া মাথো এটা বছৰৰহে হিচাপ। এইদৰে প্ৰতিবছৰে ভাৰতবৰ্ষই মেলেৰীয়াৰ বাবে বহু হাজাৰ কোটি টকা হেৰুওৱা বাবে ভাৰতবৰ্ষৰ জনসাধাৰণৰ অৰ্থনৈতিক আৰু সামাজিক উন্নতি স্তিমিত হৈ পৰা দেখা যায়। মুঠতে ক’ব পাৰি যে, মেলেৰীয়াৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিবছৰে প্ৰচুৰ আৰ্থ-সামাজিক ক্ষতি সাধন হয়। কিন্তু ইয়াক প্ৰতিৰোধ কৰিব পাৰি। ভাৰতবৰ্ষত মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱৰ সঠিক মূল্যায়নৰ অভাৱ, বাহক মহৰ ৰাসায়নিক কীটনাশক দ্ৰৱ্যৰ প্ৰতি বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, ক্লোৰোকুইন দৰৱৰ প্ৰতি মেলেৰীয়া ৰোগৰ বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ অভাৱ আৰু কম ধন আবণ্টনৰ বাবে মেলেৰীয়া প্ৰতিৰোধ সমস্যা হৈ দেখা দিছে। ইয়াৰ বাবে ভাৰতবৰ্ষত মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱৰ সঠিক মূল্যায়ন কৰি, এই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে ৰাষ্ট্ৰই অধিক ধন বিনিয়োগ কৰিব লাগিব। মেলেৰীয়া প্ৰতিৰোধৰ বাবে যদি আজি ধন বিনিয়োগ কৰোঁ, তেন্তে ভৱিষ্যতে জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি সাধন হ’ব, মেলেৰীয়াৰ চিকিৎসাত হোৱা খৰচ কমাব, উপাৰ্জনক্ষম ব্যক্তিৰ মৃত্যুৰ হাৰ আৰু মেলেৰীয়াৰ বাবে হেৰুৱাব লগীয়া DALY কমাই ৰাষ্ট্ৰৰ অৰ্থনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। শেষত ক’ব পাৰোঁ যে, মেলেৰীয়া প্ৰতিৰোধৰ বাবে যদি আজি ধন বিনিয়োগ কৰোঁ, তেন্তে ভৱিষ্যতে ই অকল জনসাধাৰণৰ স্বাস্থ্যৰে উন্নতি নকৰে, ই ৰাষ্ট্ৰৰ প্ৰগতি, অৰ্থনৈতিক উন্নতি সাধন আৰু মানৱ সম্পদৰ বিকাশ ঘটাব। ফলৰ ৰাষ্ট্ৰৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়ন সাধন হ’ব। আজি মেলেৰীয়া প্ৰতিৰোধ কৰাৰ বাবে অধিক ধন বিনিয়োগ কৰা মানেই ভৱিষ্যতৰ বাবে ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক উন্নয়ন সাধন কৰা।

ডা: ধৰ্মকান্ত কুম্ভকাৰ

2.86486486486
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top