অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যকৃতৰ ছিৰছিচ :

যকৃতৰ ছিৰছিচৰ বিষয়ে লিখা হৈছে ।

 

যকৃৎ বা লিভাৰ হৈছে ব্যক্তিৰ শৰীৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ অংগ, যিয়ে শৰীৰ কাৰ্যক্ষম কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। শৰীৰৰ তেজ পৰিশোধন কৰাৰ লগতে ৰোগ সংক্ৰমণ প্ৰতিহত কৰা, বিভিন্ন পুষ্টিকৰ তত্ত্বসমূহ সংসাধিত কৰা, ‘ব্লাড কাটিঙ’ৰ বাবে প্ৰয়োজনীয় প্ৰ’টিন উৎপন্ন কৰা আদি কাম ব্যক্তিৰ যকৃতে সম্পাদন কৰে।

শৰীৰৰ অন্যতম এই অংগটি ৰোগত আক্ৰান্ত হ’লে ‘লিভাৰ ফেইলিয়াৰ’ অথবা কৰ্কট ৰোগৰ দৰে জটিল ৰোগ হ’ব পাৰে।

বহু লোকে ভাবে যে, যকৃতৰ ৰোগ কেৱল সুৰা পানৰ বাবেহে হ’ব পাৰে। কিন্তু এই ধাৰণা সত্য নহয়।

*শৰীৰৰ অৱস্থা,

*বিভিন্ন ঔষধ,

*জীৱনশৈলী আদিৰ বাবেও যকৃতৰ ৰোগ হ’ব পাৰে।

উক্ত লেখাত যকৃতৰ ৰোগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰা কাৰকসমূহৰ সবিশেষ উনুকিওৱা হ’ল-

*মেদবহুলতাৰ বাবে যকৃৎ বৃদ্ধি অৰ্থাৎ Non-alcoholic fatty liver disease(NAFLD) হ’ব পাৰে। বৰ্তমান আমেৰিকাৰ প্ৰায় ৮০-১০০ মিলিয়ন লোক এই ৰোগত আক্ৰান্ত। নিউয়ৰ্কৰ এগৰাকী বিশিষ্ট চিকিৎসক ডেভিজ বৰ্ণ ষ্টীনৰ ভাষ্য অনুসৰি- উক্ত ৰোগৰ ক্ৰমাগত হাৰৰ প্ৰতি লক্ষ্য ৰাখিলে কম দিনৰ ভিতৰতে এই সংখ্যা অধিক বৃদ্ধি পাব বুলিব পাৰি।

সংযুক্ত গণৰাজ্যত অনতিপলমে বিশ্বৰ শীৰ্ষৰ যকৃৎ সংস্থাপন কেন্দ্ৰ গঢ়ি তোলা হ’ব। উচ্চ ৰক্তচাপ, মেটাবলিক ছিনড্ৰ’ম আদিও এই ৰোগৰ কাৰক যদিও মেদবহুলতাই এই ৰোগৰ মুখ্য কাৰকৰূপে চিহ্নিত হৈছে।

গৱেষণাত প্ৰকাশিত হৈছো। গৱেষণাত প্ৰাপ্ত অনুসৰি অন্য শৰ্কৰাযুক্ত পানীয় সেৱন কৰাতকৈ অত্যধিক শৰ্কৰাযুক্ত ছ’ডা সেৱন কৰা ব্যক্তিৰ যকৃৎ বিকল হোৱাৰ হাৰ অধিক। তদুপৰি যিসকল লোকে ছমাহৰ বাবে নিয়মীয়াকৈ এনে ছ’ডা সেৱন কৰে, তেওঁলোকৰ মাজত যকৃৎ বৃদ্ধি হোৱাৰ সমস্যাই দেখা দিয়ে। সেয়েহে এই ছ’ডা সেৱন কৰাৰ পৰা বিৰত থকা উচিত।

*অধিক হাৰত বা সঘনাই এচিটামিন’ফেন বা পেৰাচিটামল টেবলেট গ্ৰহণ কৰিলে যকৃৎ বিকল হোৱাত লগতে ব্যক্তিৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে। চিকিৎসকে পৰামৰ্শ দিয়াতকৈ অধিক হাৰত এনে ঔষধ গ্ৰহণ কৰা অনুচিত। এচিটামিনৰ উপৰি অন্য বহু ঔষধো আমাৰ যকৃতৰ বাবে ক্ষতিকাৰক। উদাহৰণস্বৰূপে: এনাবলিক ষ্টেৰয়ড দীৰ্ঘ সময়ৰ বাবে গ্ৰহণ কৰিলে ব্যক্তিৰ লিভাৰৰ কৰ্কট ৰোগ হ’ব পাৰে। সেয়ে সদায় চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ গ্ৰহণ কৰাটো উচিত। লগতে যকৃতৰ ৰোগৰ কোনো লক্ষণ অনুভৱ হ’লে অনতিপলমে চিকিৎসকৰ কাষ চাপিব লাগে।

*বিশ্বজুৰি যকৃৎ সম্পৰ্কীয় এক গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি হেপাটাইটিচ বি আৰু চিত আক্ৰন্ত লোকৰ যকৃতৰ ৰোগ হোৱা সম্ভাৱনীয়তা অধিক।

*হেপাটাইটিচ বি আৰু চি সংক্ৰমণযুক্ত তেজৰ পৰা হয়। মূলতঃ একেটা বেজী বহুজনে ব্যৱহাৰ কৰা, অপৰিষ্কাৰ বেজীৰ সহায়ত টেটু কৰোৱা আদি বিভিন্ন কাৰণত এই ৰোগ হ’ব পাৰে। পিচে হেপাটাইটিচ বিৰ টীকাকৰণ কৰোৱা হয় বাবেই এই ৰোগত আক্ৰান্ত হোৱাতকৈ হেপাটাইটিছ চিত আক্ৰান্ত লোকৰ যকৃতৰ ৰোগ হোৱাৰ সম্ভাৱনীয়তা প্ৰচুৰ। সেয়েহে উক্ত ৰোগক ‘নীৰৱ ঘাতক’ বুলিও অভিহিত কৰা হয়। এই ৰোগ হ’ব পৰা কাৰকসমূহ চিনাক্ত কৰি তাৰ পৰা নিলগত থকা উচিত।

*বংশগত কাৰণৰ বাবেও যকৃতৰ ৰোগ হ’ব পাৰে। মূলতঃ দুটি এনে কাৰক ৰোগীৰ শৰীৰত দেখা দিয়ে। Hemochromatosis ৰোগৰ বাবে ব্যক্তিৰ শৰীৰত অধিক মাত্ৰাত লৌহ পদাৰ্থ জমা হয়, যাৰ ফলত যকৃৎ বিৰল হোৱাৰ সম্ভাৱনা থাকে।

আনহাতে Wilson ৰোগৰ বাবে ব্যক্তিৰ শৰীৰত অধিক মাত্ৰাত কপাৰ জমা হয়, যাৰ ফলত লিভাৰৰ লগতে মস্তিষ্ক তথা অন্য আভ্যন্তৰীণ অংগৰো ৰোগ হ’ব পাৰে। পিচে দুয়োটি ৰোগেই আৰোগ্য কৰিব পাৰি। Hemochromatosis ৰ ক্ষেত্ৰত নিয়মিতভাৱে ৰোগীৰ শৰীৰৰ তেজ সলালে লৌহ পদাৰ্থ জমা হ’ব নোৱাৰে। আনহাতে Wilson ৰোগ ঔষধৰ দ্বাৰাই আৰোগ্য কৰিব পাৰি।

*সুৰাপান আৰু ধূম্ৰপানে যকৃতৰ ৰোগ তথা যকৃৎ বিকল হোৱাৰ সম্ভাৱনীয়তা বৃদ্ধি কৰে। তথ্য অনুসৰি বিশ্বৰ অধিকাংশ লোক এই কাৰণৰ বাবেই যকৃতৰ ৰোগত আক্ৰান্ত হয়। অৱশ্যে সুৰাপান আৰু ধূম্ৰপানে কৰা এই দুয়োটা বদঅভ্যাস ত্যাগ কৰাটো ব্যক্তিৰ সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে সুস্থ যকৃৎ আৰু সুস্থ জীৱন-যাপনৰ বাবে মাদকদ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থকা উচিত।

উৎস: সাদিন

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top