মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / যকৃতৰ বিষয়ে যৎকিঞ্চিৎ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যকৃতৰ বিষয়ে যৎকিঞ্চিৎ :

যকৃতৰ বিষয়ে যৎকিঞ্চিৎৰ বিষয়ে লিখা হৈছে ।

 

যকৃৎ শৰীৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ আৰু ই মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি, জীৱনটোক সতেজ-সুন্দৰ অৰু নিৰোগী কৰি ৰখাত যাৰ এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে । যকৃতক ইংৰাজী ভাষাত ‘লিভাৰ’ বোলা হয় । যিয়েই আমাক জীয়াই ৰাখে বা জীয়াই থকাত সহায় কৰে, সিয়েই হ’ল ‘লিভাৰ’ বা যকৃৎ । যকৃৎ শব্দটো সংস্কৃত ভাষাৰ পৰা ওলোৱা । যম + কৃত = যকৃত । ‘যম’ মানে হৈছে সংযম আৰু ‘কৃত’ মানে হৈছে কৰা । অৰ্থাৎ সংযম কৰা, য’ত নিহিত হৈ আছে মানুহৰ বাবে এক সুন্দৰ সকীয়নি বাৰ্তা-সংযমী হোৱা । খোৱা-বোৱাত সংযমী নহ’লে ৰুগীয়া হৈ অকালতে জীৱন হেৰুৱায় ।

কোমল মাংসপিণ্ডৰে গঠিত যকৃৎ এক বৃহত্তম মানৱ অংগ । ই মানুহৰ দেহৰ প্ৰধান ৰসায়নাগাৰস্বৰুপ । ইয়াৰ কাৰ্য অনেক । যকৃতৰ প্ৰধান কাম হ’ল পিত্তৰস প্ৰস্তুত কৰা । খাদ্যৰ পাচন প্ৰক্ৰিয়াত সহায় কৰা গুৰুত্বপূৰ্ণ পিত্তৰস এই যকৃততে উৎপন্ন হয় । প্ৰ’টিনজাতীয় খাদ্যৰ পাচন প্ৰক্ৰিয়াত উৎপন্ন হোৱা এম’নিয়া, ইউৰিয়া, ইউৰিক এচিড আদি পদাৰ্থৰ পৰিমাণ বাঢ়ি গ’লে দেহৰ বাবে ক্ষতিকাৰক হয় আৰু যকৃতে এইবোৰ পৰিশুদ্ধ কৰি ক্ষতিৰ মাত্ৰা কমায় আৰু বাকীখিনি বৃক্কৰ জৰিয়তে মূত্ৰৰ লগত বাহিৰ কৰি দিয়ে ।

যকৃতে আন পদাৰ্থৰ পৰা গ্লুক’জ তৈয়াৰ কৰি (প্ৰস্তুত কৰি) তাক গ্লাইক’জেনলৈ ৰুপান্তৰ কৰে আৰু শৰীৰত খাদ্যৰ অভাৱ হ’লে গ্লাইক’জেনক গ্লুক’জলৈ ৰুপান্তৰ কৰি শৰীৰতন্ত্ৰলৈ পঠিয়াই দিয়ে । তেজত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে । তেজ গোট মাৰিবলৈ আৱশ্যক হোৱা ‘প্ৰথ্ৰম্বিন’ আদিকে ধৰি কেইবাটাও উপাদান যকৃততে প্ৰস্তুত হয় ।

যকৃৎ ভঁৰালৰ নিচিনা । ইয়াৰ কোষৰ সিৰা-উপসিৰাবোৰত তেজ সঞ্চিত হৈ থাকে আৰু দেহৰ প্ৰয়োজন সাপেক্ষে যকৃতে সেই তেজ উলিয়াই দিয়ে । লিভাৰ বা যকৃতে চৰ্বি জমা ৰাখে আৰু চৰ্বিৰ পৰা শক্তি তৈয়াৰ কৰাত সহায় কৰে ।

মাত্ৰাধিক কলেষ্টেৰল দেহৰ বাবে ক্ষতিকাৰক হ’লেও কলেষ্টেৰল দেহৰ বাবে এবিধ অতি প্ৰয়োজনীয় উপাদান, যি নহ’লে আমি জীয়াই থাকিব নোৱাৰো । লিভাৰেই এই কলেষ্টেৰল প্ৰস্তুত কৰে । লিভাৰে খাদ্যপ্ৰাণ ‘ক’ তৈয়াৰ কৰাত সহায় কৰে । খাদ্যপ্ৰাণ ‘ঘ’ আৰু অন্যান্য কিছুমান পদাৰ্থ লিভাৰত সঞ্চিত হৈ থাকে ।

অন্তস্ৰাৱী (এণ্ডোক্ৰাইন) গ্ৰন্থিৰ দ্বাৰা ক্ষৰিত হৰম’ন বাঢ়ি গ’লে লিভাৰে দেহত তাৰ সমতা ৰক্ষা কৰাত সহায় কৰে । আমাৰ আহাৰৰ জৰিয়তে দেহত প্ৰৱেশ কৰা ক্ষতিকাৰক পদাৰ্থবোৰ লিভাৰে দেহৰ পৰা বাহিৰ কৰি দিয়ে ।

আমাৰ শৰীৰৰ ৰুপ-লাৱণ্যৰ চাবি-কাঠীও লিভাৰৰ হাততেই । সুস্থ লিভাৰে দেহৰ কান্তি দুগুণে চৰায় । লিভাৰ ৰোগাক্ৰান্ত হ’লে শৰীৰৰ সজীৱতা হেৰাই যাবলৈ ধৰে ।

মানৱ দেহৰ পাচক গ্ৰন্থিসমূহৰ ভিতৰত যকৃতে আটাইতকৈ ডাঙৰ গ্ৰন্থি । অগ্ন্যাশয় দ্বিতীয় বৃহত্তম পাচন গ্ৰন্থি । দেহৰ বৃহত্তম গুৰুত্বপূৰ্ণ গ্ৰন্থি ‘যকৃত’ ৰ সুস্থতাৰ প্ৰথম আৰু প্ৰধান চৰ্তটো হ’ল সঠিক-সুষম খাদ্যাভ্যাস গঢ়ি তোলাটো । শুদ্ধ-সাত্ত্বিক সুষম আহাৰে যকৃতক সুস্থ- সবল তথা নিৰোগী কৰি ৰাখে । ইয়াৰ বিপৰীতে তামসিক প্ৰকৃতিৰ বিষম-বিৰুদ্ধ আহাৰে যকৃতত বিৰুপ প্ৰভাৱ পেলাই দেহ দুৰ্বল তথা ৰুগীয়া কৰি তোলে । সুৰাপান-ধুম্ৰপান যকৃতৰ বাবে ভয়ানক ক্ষতিকাৰক । বিষনাশক, জ্বৰনাশক আদি বিভিন্ন ঔষধ আৰু ৰাসায়নিক দ্ৰব্যইও যকৃতৰ বাৰুকৈয়ে ক্ষতি কৰে । সেয়ে জধে-মধে যিকোনো ঔষধ স্বনিৰ্বাচিতভাৱে চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰিব নালাগে ।

লেখক :- ভূৱনেশ্বৰ ডেকা

উৎস :- জি এনআৰচি স্বাস্থ্য

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top