মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / যকৃতৰ ৰোগ হোৱাৰ কেইটামান কাৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যকৃতৰ ৰোগ হোৱাৰ কেইটামান কাৰক

যকৃতৰ ৰোগ হোৱাৰ কেইটামান কাৰক, সেই বিষয়ে লিখা হৈছে ।

কিছুমান বেয়া অভ্যাস, খাদ্য শস্যত বহুলভাৱে ব্যৱহাৰ হোৱা ৰাসায়নিক, বায়ু, পানী আদিৰ প্ৰদুষণৰ বাবে প্ৰতিদিনে আমাৰ যকৃতটোৰ ( Liver) মাৰাত্মক ক্ষতি হৈ আছে।

আজিকালি যকৃত ডাঙৰ হোৱা (Enlargement of Liver),  চৰ্বি জমা হোৱা (Faty liver) বা জমা হোৱা চৰ্বি টান হৈ পৰা (steatosis) তথা পিত্তথলীৰ পাথৰ (Cholelithiasis) পিত্তথলীৰ প্ৰদাহ (Cholecystitis) আদিৰ লগতে বহুতৰে যকৃত অকামিলা হৈ পৰাৰ দৰে মাৰাত্মক সমস্যাত ভোগে।

বহুতেই জানি বুজি আৰু বহুতেই নজনাকৈ কিছুমান অভ্যাসৰ দ্বাৰা শৰীৰৰ এনে গুৰুত্বপূৰ্ণ অংগবোৰৰ ক্ষতি কৰি আছে।

তলত এনে কিছুমান অভ্যাসৰ বিষয়ে উল্লেখ কৰা হ'ল -

১) Early to bed and early to rise makes a man healthy wealthy and wise এই আপ্তবাক্য শাৰী উলাই কৰি ৰাতি দেৰিকৈ শোৱা আৰু ৰাতিপুৱা দেৰিকৈ টোপনিৰ পৰা উঠা এই দুয়োটা কাৰ্য্যই যকৃতৰ যঠেষ্ট ক্ষতিসাধন কৰে ।

কাৰণ ইয়াৰ ফলত গোটেই শাৰিৰীক প্ৰক্ৰিয়াবোৰ ওলোটা ধৰণে পৰিচালিত হ'বলৈ বাধ্য হয়, আৰু ইয়াৰ মাৰাত্মক প্ৰভাৱ পৰে যকৃতৰ ওপৰত।

২) বহুলোকে কিবা কৰি থাকিলে, মোবাইলত গেম বা ইণ্টাৰনেটত সোমাই থাকিলে অথবা শোৱাপাটীৰ পৰা উঠাৰ এলাহতে পেচাৱ লাগিলেও জোৰ কৰি নকৰাকৈ থাকে অৰ্থাৎ পেচাবৰ বেগ ধাৰণ কৰি ৰাখে।

ইয়াৰ ফলত বৃক্ক(kidney) আৰু যকৃতৰ ওপৰত অত্যাধিক চাপ পৰে আৰু লাহে লাহে যকৃতে স্বাভাৱিক কৰ্ম ক্ষমতা হেৰুৱাই।

৩) প্ৰয়োজনতকৈ অধিক খাদ্য গ্ৰহণেও যকৃতৰ ক্ষতি সাধন কৰে। বহুতে আকৌ বহু সময় ধৰি একো নোখোৱাকৈ থাকি বা ব্ৰত ৰাখি একেবাৰতে অত্যাধিক আহাৰ গ্ৰহণ কৰা দেখা যায়।

ফলত হঠাতে যকৃতৰ ওপৰত অধিক হেঁচা পৰে। আৰু ইয়াৰ ফলত যকৃত অকামিলা হোৱাৰ আশংকাই দেখা দিয়ে।

৪) ৰাতিপুৱা সঠিক সময়ত সঠিক পৰিমাণৰ খাদ্য গ্ৰহণ নকৰাটোও যকৃত নষ্ট হোৱাৰ অন্যতম কাৰণ।

ৰাতিপুৱা অধিক সময় ধৰি একো নোখোৱাকৈ থকাৰ ফলত শৰীৰৰ বিভিন্ন অংগৰ লগতে যকৃতৰো কাৰ্য্য ক্ষমতা হ্ৰাস পায় আহে।

৫) যকৃতৰোগ হোৱাৰ আন এটা কাৰণ হ'ল অযথা বিভিন্ন ঔষধ সেৱন কৰা। বিশেষকৈ বিষ নাশক(painkillers) ঔষধ অতিৰিক্ত পৰিমাণত গ্ৰহণ কৰিলে ই যকৃতৰ কৰ্ম ক্ষমতাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।

আনহাতে, বিভিন্ন ঔষধৰ পাৰ্শ্বক্ৰিয়া(side effects) ৰ বাবেও যকৃত ক্ষতিগ্ৰস্থ হয়।

৬) ৰাসায়নিক দ্ৰব্য সমৃদ্ধ যিকোনো সামগ্ৰীয়ে যকৃতৰ বাবে মাৰাত্মক ক্ষতিকাৰক। আজিকালি অত্যাধিক লাভৰ আশাত কৃষিভূমি, মাছ পোহা পানীত, আনকি মাংস আদিতো বহুলভাৱে ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ, অথবা মুখৰ সোৱাদৰ বাবেই আমি বিভিন্ন ধৰণৰ এনে ৰাসায়নিক দ্ৰব্য খাদ্য সংৰক্ষক, খাদ্যৰ কৃত্ৰিম ৰং, কৃত্ৰিম চেনি আদিবোৰ বিভিন্ন খাদ্যৰ সৈতে গ্ৰহণ কৰোঁ। যকৃতৰোগ হোৱাৰ ই এক অন্যতম কাৰণ।

৭) ভেজাল তেল, ৰিফাইন আৰু অতিৰিক্ত তেলযুক্ত খাদ্য যকৃতৰ বাবে মাৰাত্মকভাৱে ক্ষতিকাৰক। একেখিনি তেলকেই বিভিন্ন সামগ্ৰী ৰান্ধিবলৈ ব্যৱহাৰ কৰা বা পুৰণি তেল ব্যৱহাৰ কৰি ৰন্ধা খাদ্যই যকৃতৰ স্বাভাৱিক কৰ্মক্ষমতা লাহে লাহে কম কৰি আনে।

৮)বেছি কেঁচা খাদ্য গ্ৰহণ কৰাটোও যকৃতৰ বাবে ক্ষতিকাৰক। উদাহৰণস্বৰূপে, যদিহে আমি চালাদ হিচাপে অত্যাধিক পৰিমাণৰ কেঁচা ফল-মূল বা শাক-পাত খাও তেন্তে এইবোৰ হজম কৰিবলৈ বেছি পৰিমাণে পিত্তৰস প্ৰয়োজন হয় আৰু পৰিপাক তন্ত্ৰই অতিৰিক্তভাৱে কাম কৰিব লগা হয়। ইয়াৰ ফলত যকৃতৰ ওপৰত অত্যাধিক হেঁচা পৰে।

৯)যকৃত নষ্ট হোৱাৰ এটা মূল কাৰণ হৈছে অত্যাধিক পৰিমাণে মাদক দ্ৰব্য সেৱন। এলকহল অপিয়াম, নিকটিন আদি ক্ষতিকাৰক উপাদানবোৰে যকৃতক মাৰাত্মকভাৱে ৰুগীয়া কৰি তোলে ।

লেখক :- মনোজ কুমাৰ গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

বৃক্কৰোগৰ সাধাৰণ লক্ষণসমূহ -

বৃক্কৰ ৰোগসমূহ মৌন ঘাতক, সেয়েহে আপুনিও নিজৰ অজ্ঞাতে এনে কোনো ৰোগত ভুগিব পাৰে। মানুহৰ দেহত বৃক্ক দুটা বুকুৰ কামিহাড়ৰ গাঁঠনিটোৰ ঠিক তলতে ৰাজহাড়ৰ দুয়োকাষে অৱস্থিত । বৃক্ক দুটাক আপুনি চেকনি বুলি ভাবিব পাৰে।

ই দেহৰ পৰা অলাগতিয়াল পদাৰ্থসমূহ প্ৰস্বাৱৰ জৰিয়তে বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। আকৌ ইয়াৰ অন্য কিছুমান কামৰ ভিতৰত- ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, লোহিত ৰক্তকণিকা উৎপাদন কৰে আৰু হাড়সমূহ সুস্থ সবল কৰি ৰখাতো সহায় কৰে। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ১৭.২% মানুহ দীৰ্ঘদিনীয়া বৃক্কৰোগত আক্ৰান্ত ।

পিছে এটা ভাল খবৰ এয়ে যে আপুনি অতি সোনকালে এই ৰোগ চিকিৎসকৰ সহায়ত চিনাক্ত কৰি ইয়াক প্ৰতিৰোধ কৰিব পাৰিব। বৃক্ক ৰোগৰ অধিকাংশ লক্ষণ সাধাৰণতে উপেক্ষা কৰা যায়।

এই লক্ষণ সমূহৰ ভিতৰত -

ভৰিৰ পতা আৰু গোৰোহা ফুলি যোৱা -
বৃক্কই ভালদৰে কাম কৰিব নোৱাৰা বাবে দেহত অতিৰিক্ত ছ'ডিয়াম জমা হবলৈ ধৰে আৰু তাৰ লক্ষণস্বৰূপে ভৰিৰ পতা ফুলি উঠে।

বেছি ভাগৰুৱা অনুভৱ কৰা, দুৰ্বল অনুভৱ কৰা বা মনোযোগ দিয়াত বাধা পোৱা -
বৃক্কৰ কৰ্মসমূহ যথেষ্ট পৰিমাণে বাধাগ্ৰস্ত হ'লে তেজত বিষাক্ত পদাৰ্থসমূহ জমা হ'বলৈ ধৰে। সেইবাবে ৰোগীজনে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে আৰু মনোযোগ দিয়াত অসুবিধা পায়।

প্ৰস্বাৱৰ সৈতে তেজ দেখা পোৱা -
সুস্থ বৃক্কই সাধাৰণতে তেজৰ কণিকাসমূহ দেহৰ পৰা অলাগতিয়াল পদাৰ্থসমূহৰ লগত ওলাই আহিব নিদিয়ে।

কিন্তু যেতিয়া বৃক্কৰ চালনী সদৃশ কোষসমূহ নষ্ট হৈ যায় তেতিয়া তেজৰ কণিকা সমূহ প্ৰস্বাৱৰ লগত ওলাই আহিবলৈ আৰম্ভ কৰে।

ছাল খন শুকান হয় আৰু খজুৱায় -
বৃক্কই ভালদৰে কাম কৰিব নোৱাৰাৰ ফলত দেহত লাগতিয়াল খনিজ পদাৰ্থ সমূহৰ ভাৰসাম্য ৰক্ষা নহয় আৰু সেইবাবেই ছালৰ উপৰোক্ত লক্ষণ সমূহ ফুটি উঠে।

বাৰে বাৰে প্ৰস্বাৱ লগা -
বৃক্কৰ চালনী সদৃশ গাঁঠনিটো নষ্ট হ'লে বাৰে বাৰে প্ৰস্বাৱ কৰিবলগীয়া হয় আৰু এই লক্ষণ টো বিশেষকৈ ৰাতি দেখা পোৱা যায়।

টোপনি বাধাগ্ৰস্ত হোৱা -
বৃক্কৰ কৰ্ম্ম সমূহ ভালদৰে নচলা বাবে দেহত অলাগতিয়াল পদাৰ্থসমূহৰ পৰিমাণ বাঢ়ি যায় আৰু সেইবাবে টোপনি বাধাগ্ৰস্ত হব পাৰে।

ফেন মিহলি প্ৰস্বাৱ হোৱা -
প্ৰস্বাৱ কৰি উঠি ইয়াৰ অত্যাধিক বুৰবুৰণি বা ফেনৰ বাবে বেছিকৈ পানী মাৰিব লগা হোৱাৰ কাৰণ হল - প্ৰস্বাৱত প্ৰটিনৰ উপস্থিতি, যিটো স্বাভাবিকতে নহয়।

চকুৰ চাৰিওকাষ বহু সময় ধৰি ফুলি থকা -
প্ৰস্বাৱৰ সৈতে প্ৰটিন নিঃসৰণ হোৱা বাবে দেহত প্ৰটিনৰ অভাৱে দেখা দিয়ে আৰু তাৰেই লক্ষণ স্বৰূপে চকুৰ চাৰিওকাষ বহু সময় ধৰি ফুলি থাকে।

আভোক আভোক লগা

মাংসপেশীৰ কামোৰা ধৰণৰ বিষ অনুভৱ কৰা -
দেহত ছডিয়াম, কেলছিয়াম আদি খনিজ পদাৰ্থ সমূহ উপযুক্ত পৰিমাণত নথকাৰ বাবে মাংসপেশীৰ বিষ অনুভৱ হ'ব পাৰে।

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top