মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / যৌন সম্পৰ্কৰ দ্বাৰা বিয়পা ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যৌন সম্পৰ্কৰ দ্বাৰা বিয়পা ৰোগ

যৌন সম্পৰ্কৰ দ্বাৰা বিয়পা ৰোগৰ বিষয়ে লিখা হৈছে ।

 

যৌন সংস্পৰ্কৰ যোগেদি বিয়পা ৰোগ(Sexually Transmitted Disease, STD): এইবিলাক অতি দ্ৰুতগতিত বিয়পা সংক্ৰামক ৰোগ আৰু এইবিলাক যৌন সম্পৰ্কৰ দ্বাৰাই বিয়পে।

এনে ৰোগ-

*বেক্টেৰিয়া,

*ভাইৰাছ,

*প্ৰট’জৱা বা ফাংগাছৰ সংক্ৰমণৰ পৰা হয়।

যোৱা দুই-তিনিটা দশকত যৌন ৰোগৰ বৃহৎ ৰূপান্তৰকৰণ হৈছে। পোনতে ইয়াক ৰতিজ বা ভেনৰেল(Veneral) ডিজিজ বোলা হৈছিল যদিও এতিয়া এছ.টি.ডি. বা যৌন সঞ্চাৰিত ৰোগ বোলা হয়।

এই ৰোগৰ কাৰণৰূপে চিহ্নিত বীজাণুৰ(পেথোজেন) সংখ্যাও পাঁচৰ পৰা বিশটালৈ বৃদ্ধি পাইছে। আজিকালি ৰোগ চিনাক্তকৰণৰ বাবে লেবৰেটৰীৰ পৰীক্ষাৰ ওপৰত আগতকৈ অধিক গুৰুত্ব দিয়া হৈছে।

বৰ্তমান সমগ্ৰ বিশ্বতে যৌন সঞ্চাৰিত ৰোগ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে। গণ’ৰিয়া আৰু চিফিলিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বছৰি ৪০ নিযুতৰ পৰা ২০০ নিযুতলৈ বৃদ্ধি পাইছে।

ক্লেমাইডিয়া বীজাণুৰ সংক্ৰমণ, পি আই ডি আৰু সৰ্বোপৰি ভয়াৱহ এইডছ ৰোগে সমস্যা বেছি ভয়াবহ কৰি তুলিছে।

ভাৰতীয় দৃশ্যপট -

ভাৰততো চিফিলিছ আৰু গণ’ৰিয়া ৰোগী আগতকৈ বৃদ্ধি পাইছে। চেংক্ৰয়েডৰ সংক্ৰমণো এতিয়া ব্যাপক ৰূপত হ’বলৈ ধৰিছে।

ডন’ভেন’চিছ বা গ্ৰেনুলোমা নামৰ যৌনৰোগ সৃষ্টিকাৰী বীজাণু দক্ষিণ ভাৰতত ব্যাপকভাৱে বিয়পিছে।

যৌন সঞ্চাৰিত ৰোগ বৃদ্ধিৰ কেইটামান মুখ্য কাৰণ-

*জনসংখ্যা বিসফোৰণ,

*যুৱক-যুৱতীৰ জনসংখ্যাৰ হাৰ বৃদ্ধি,

*গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন,

*পলমকৈ হোৱা বিবাহ আদিয়ে এই সমস্যা বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে।

প্ৰতিৰোধ আঁচনি -

যৌন সঞ্চাৰিত ৰোগৰ দ্বাৰা পীড়িত লোকৰ ভগ্ন স্বাস্থ্যৰ উদ্ধাৰ কৰা, সংক্ৰমণ ৰোধ কৰা আৰু সংক্ৰমণৰ হাৰ হ্ৰাস কৰাটোৱে প্ৰতিৰোধৰ আঁচনিৰ মূল লক্ষ্য।

এই ৰোগ প্ৰতিৰোধৰ আঁচনিখন চাৰিটা বহল ভাগত ভগোৱা হৈছে।

*প্ৰাথমিক পৰিকল্পনা,

*প্ৰতিৰোধ কৌশল নিৰ্ধাৰণ,

*সহায়কাৰী উপাদান সংযোগ,

*নিৰীক্ষণ আৰু পুনৰীক্ষণ।

প্ৰাথমিক পৰিকল্পনা -

প্ৰাথমিক প্ৰতিৰোধৰ উপায় হিচাপে কেইবাটাও দিশ বিবেচনা কৰা হয়। যেনে-

*ৰোগৰ গভীৰতা চিনাক্তকৰণ প্ৰক্ৰিয়াত সমাজমনোবিজ্ঞানৰ দৃষ্টিভংগী আৰু ৰোগে শৰীৰত পেলোৱা প্ৰভাৱৰ দিশ বিবেচনা কৰা হয়।

*ৰোগৰ ব্যাপকতা আৰু নিৰাময়যোগ্যতা বিবেচনা কৰা হয়। অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব দিব লগা

-গোষ্ঠীৰ বয়স,

-লিংগ,

-থকা ঠাই,

-জীৱিকাৰ উপায়,

-ড্ৰাগাসক্ত আদি বিভিন্ন শ্ৰেণীত ভাগ কৰা হয়।

*সহজলভ্য আৰু উপযুক্ত মানৰ আহিলা যোগান ধৰা হয়, যাতে ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ জনসংখ্যাক সামৰি ল’ব পাৰি।

*প্ৰতিৰোধৰ কৌশল স্পষ্টভাৱে নিৰ্ধাৰণ কৰা।

প্ৰতিৰোধৰ কৌশল -

 

প্ৰতিৰোধৰ কৌশল হিচাপে ৰোগৰ সঠিক চিনাক্তকৰণ, চিকিৎসা আৰু প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হয়।

*দেখাত সুস্বাস্থ্যৰ অধিকাৰী যেন লগা জনগাঁথনিৰ পৰা ৰোগী,

*তেজদান কৰা লোক,

*বাৰবণিতা,

*অঘৰী,

*কাৰাবন্দী,

*হোটেলৰ কৰ্মচাৰী আদিক অত্যধিক বিপদসংকুল গোষ্ঠীৰূপে চিহ্নিত কৰা হয়।

আক্ৰান্ত ৰোগীৰ যৌন সংগী বিচাৰি উলিয়াই তথ্য সংগ্ৰহ কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰা হয়।

চিকিৎসা -

আক্ৰান্ত ব্যক্তি আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকৰ সঠিক চিকিৎসাই সংক্ৰমণ হ্ৰাস কৰে। নতুন ৰোগীৰ অন্তৰ্ভুক্তি হ্ৰাসৰ তথ্যই সংক্ৰমণ হ্ৰাস পোৱাটো বুজায়।

লেবৰেটৰীৰ পৰীক্ষাৰ ফলাফলৰ অপেক্ষাত থকা ৰোগীসকলক পৰামৰ্শ দানৰ লগতে উপযুক্ত পৰিমাণে ঔষধ প্ৰয়োগ কৰাটোও চিকিৎসা ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰতিৰোধ ব্যৱস্থা -

যৌন সঞ্চাৰিত ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কনডমৰ এটা বৃহৎ ভূমিকা আছে আৰু সেয়ে কনডম ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। উন্নত প্ৰতিষেধকেও এনে ধৰণৰ ৰোগৰ সংক্ৰমণত বাধা দিব পাৰে।

প্ৰতিষেধক সম্পৰ্কীয় বিস্তৃত গৱেষচণা আৰু শিক্ষা দানৰ যোগেদি ব্যক্তি আৰু সমাজৰ যৌন ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰা হয়, যাতে যৌন সঞ্চাৰিত ৰোগৰ ব্যাপকতা কমাব পাৰি।

সহমৰ্মিতা -

যৌন ৰোগত আক্ৰান্ত ব্যক্তিসকল সামাজিক অপবাদ, বৈষম্য আৰু ঘৃণাৰ বুলি হয়। সেয়ে এনে ব্যক্তিৰ মানসিক সহযোগ দিবলৈ পৰীক্ষা কেন্দ্ৰসমূহত চেষ্টা কৰা হয়।

সঠিক পৰীক্ষাগাৰৰ সুবিধা, প্ৰশিক্ষনপ্ৰাপ্ত কৰ্মী ৰোগ নিয়ন্ত্ৰণৰ বাবে অতি আৱশ্যক। যৌন ৰোগত আক্ৰান্ত ব্যক্তিয়ে নিজৰ পৰিচয় গোপনে ৰখাটো বিচাৰে আৰু পৰীক্ষাগাৰবিলাকে এই গোপনীয়তা ৰক্ষা কৰা উচিত।

পৰীক্ষাগাৰৰ সা-সুবিধা আৰু প্ৰশিক্ষনপ্ৰাপ্ত কৰ্মচাৰীও যৌন ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন। যৌন সঞ্চাৰিত ৰোগ নিয়ন্ত্ৰণ আঁচনিত সামাজিক মানদণ্ড,

যেনে-

*যৌনকৰ্মীৰ পুনৰসংস্থাপন,

*জীৱন-নিৰ্বাহৰ মান উন্নীৰকৰণ,

*বিবাহপূৰ্ব কাউন্সেলিং আৰু যৌনশিক্ষা আদি বিষয়বোৰ সামৰি লোৱা হৈছে।

নিৰীক্ষণ আৰু পুনৰীক্ষণ -

ইয়াৰ জৰিয়তে ৰোগ নিয়ন্ত্ৰণৰ নিৰ্বাচিত কৌশলসমূহৰ প্ৰয়োগ আৰু ইয়াৰ সুফল আক্ৰান্ত ব্যক্তিয়ে লাভ কৰাটো নিশ্চিত কৰা হয়।

ফলপ্ৰসূ আৰু কম মূল্যৰ ঔষধ আৱিষ্কাৰে যৌন সঞ্চাৰিত ৰোগৰ ক্ষেত্ৰত আশা কঢ়িয়াই আনিছে।

দেহৰ প্লাজমা ভাগৰ পৰা ওলোৱা হেপাটাইটিছ ‘বো’ এন্টিজেন সমৃদ্ধ প্ৰতিষেধক ছিটা বৰ্তমান সহজলভ্য হৈছে।

প্ৰতিৰোধ ক্ষমতাৰ ভাবুকিৰ সন্মুখীন হোৱা বেছিভাগ ৰোগীৰ ক্ষেত্ৰত কেই প্ৰতিষেধকে দীৰ্ঘদিনীয়া প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰিছে।

এই ক্ষেত্ৰত ৰোগীসকলে তিনিদিনীয়া সম্পূৰ্ণ সূচী পালন কৰিব লগা হয়। গণ’ৰিয়াই স্বাস্থ্যৰ প্ৰতি মাৰাত্মক ভাবুকিৰ সৃষ্টি কৰা ৰোগীৰ ক্ষেত্ৰত বহুতো প্ৰতিষেধক ব্যৱহাৰ চোৱা হৈছে।

যদিও ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এনে প্ৰতিৰোধকে মুখ্য ভূমিকা গ্ৰহণ কৰা বিষয়টো সম্পৰ্কে বিস্তৃত গৱেষণা এতিয়াও বাকী।

আক্ৰান্ত লোকৰ সঠিক সংখ্যাৰ তথ্য নিৰ্ধাৰণ কৰা হোৱা নাই যদিও এই ৰোগত বহু সংখ্যক লোক আক্ৰান্ত হোৱাটো সত্য।

এই ৰোগ বিয়পাৰ মূল কাৰকবোৰৰ ভিতৰত যৌন ব্যৱহাৰৰ কিছুমান নতুন শৈলীও অন্তৰ্ভূক্ত।

নিয়ন্ত্ৰণ আঁচনিসমূহৰ লক্ষ্য হ’ল প্ৰথমে প্ৰতিৰোধ গঢ়ি তোলা আৰু যদি ইতিমধ্যে সংক্ৰমণ হৈছে তেন্তে ইয়াৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ব্যক্তিজনক উদ্ধাৰ কৰা। এই ক্ষেত্ৰত বিস্তৃত গৱেষণা চলি আছে।

এইৰোগ নিয়ন্ত্ৰণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদনসমূহ এনেধৰণৰ-

*নিয়ন্ত্ৰণ আঁচনিৰ ৰূপৰেখা সঠিকভাৱে বলবৎ কৰা।

*এইডছৰ দৰে যৌন সঞ্চাৰিত ৰোগৰ অধিক গৱেষণাৰ বাবে উৎসাহিত কৰা।

*প্ৰাথমিক স্বাস্থ্য কৰ্মীসকলক যৌন ৰোগ প্ৰতিৰোধৰ বাবে নিয়োগ কৰা।

*প্ৰতিষেধকৰ গৱেষণাত বৃহৎ পৰিসৰ সামৰি লোৱা।

*বীজাণু চিনাক্তকৰণৰ বাবে বিশ্বজুৰি নতুন নতুন কেন্দ্ৰ স্থাপন কৰা।

লেখক: ডাঃ ৰঞ্জন বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top