মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / লিউকোৰিয়া মহিলাৰ বগা স্ৰাৱ যোৱা ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লিউকোৰিয়া মহিলাৰ বগা স্ৰাৱ যোৱা ৰোগ :

লিউকোৰিয়া মহিলাৰ বগা স্ৰাৱ ৰোগৰ বিষয়ে লিখা হৈছে ।

 

আজি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ, যিটো বিষয়ে প্ৰায়বিলাক মহিলাই ক’বলৈ বা চিকিৎসকৰ ওচৰ চাপিবলৈ সংকোচবোধ কৰে। এগৰাকী নাৰীৰ প্ৰাপ্তবয়স্ক হোৱাৰ পৰা ৰজোনিবৃতি (মেন’পজ) হোৱালৈকে কম-বেছি পৰিমাণে যোনিৰ ৰস নিৰ্গত হয়। কিন্তু তেনে হোৱাটো কেতিয়া স্বাভাৱিক আৰু কেতিয়া বিসংগতিপুৰ্ণ সেয়া জনাৰ একান্ত আৱশ্যকতা আছে। সাধাৰণতে এগৰাকী যুৱতীয়ে পোনপ্ৰথমবাৰ ৰজস্বলা হ’বৰ সময়ত যোনিদ্বাৰত কিছু পিছল তৰল গোন্ধবিহীন পানীৰ ৰঙৰ পদাৰ্থ নিৰ্গত হোৱা অনুভৱ কৰে। সেই সময়ত শৰীৰত অইষ্ট্ৰজেন হৰম’নৰ পৰিমাণ বৃদ্ধি হয় আৰু স্ত্ৰীৰ জননাংগসমুহৰ ৰক্ত সঞ্চালন বাঢ়িবলৈ ধৰে, যাৰ ফলত এনে ৰসৰ নি:সৰণ ঘটে। কেতিয়াবা নৱজাতকৰো যোনিৰ পৰা এনে ৰস ওলাব পাৰে-সেয়া মাতৃৰ দেহৰ পৰা অহা অইষ্ট্ৰজেন হৰম’নৰ আধিক্যৰ প্ৰভাৱত। মাহেকীয়াৰ মাজভাগত ডিম্ব প্ৰস্ফুটন (Ovulation) হ’বৰ সময়তো কিছু পৰিমাণে পাতল স্ৰাৱ নিৰ্গত হয়। ইয়াৰ উপৰি যৌন উত্তেজনাৰ সময়ত আৰু গৰ্ভ অৱস্থাত এনে যোনিৰ ৰস নিৰ্গত হ’ব পাৰে। এই ৰস হ’ল সুৰক্ষা প্ৰদায়ক- প্ৰজনন তন্ত্ৰক পৰিষ্কাৰ কৰাত সহায়ক হয় আৰু যৌন-মিলনৰ ক্ৰিয়াত সুগমতা প্ৰদান কৰে। এনে ধৰণৰ যোনিৰ স্ৰাৱ হ’ল স্বাভাৱিক।

কিন্তু যৌনিৰ স্ৰাৱৰ প্ৰকৃতি (ৰং, গোন্ধ, পৰিমাণ) সলনি হ’লে আৰু লগতে নানান আনুষংগিক শাৰীৰিক লক্ষণ (যেনে যৌনাংগৰ খজুৱতি, প্ৰস্ৰাৱৰ সমস্যা) দেখা দিলে সেয়া হ’ল অস্বাভাৱিক। এনে যোনিৰ প্ৰবাহক শ্বেত প্ৰদৰ (বগা স্ৰাৱ) বা লিউকোৰিয়া বোলে। বেছিভাগ ক্ষেত্ৰত যোনিৰ স্ৰাৱৰ বৰণ বগা হয় বাবেই এই নামকৰণ। ইংৰাজী লিউকোৰিয়া (Leucorrhoea)শব্দৰ উৎপত্তি গ্ৰীক লিউকছ+ অৰিয়াৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল বগা প্ৰবাহ। জাতি-ধৰ্ম বাচ-বিচাৰ নকৰাকৈ বিশ্বৰ সকলো ঠাইৰ মহিলাই লিউকোৰিয়াৰ ভুক্তভোগী হ’ব পাৰে।

কোন সহজতে লিউকোৰিয়াত আক্ৰান্ত হ’ব পাৰে?

মেদবহুলতা ,হাইপোথাইৰয়েডিজম, পুষ্টিহীনতা, ষ্টেৰইড আৰু গৰ্ভনিৰোধক পিল ব্যৱহাৰকাৰী লোক, এইচ আই ভিত আক্ৰান্ত ব্যক্তি সহজে বগা স্ৰাৱ হোৱা অসুখত ভোগে।

লিউকোৰিয়াৰ কাৰণ কি কি হ’ব পাৰে?

১/ সংক্ৰমণ- বেক্টেৰিয়াৰ, উদাহৰণ যৌনব্যাধি (STD); প্ৰ্ট’জোৱাৰ, উদাহৰণ ট্ৰাইকোমনাচ ভেজাইনেলিছ; শেলুৱৈ বা ফাংগাছৰ ভেজাইনেল কেনডিডিয়াছিছ। প্ৰশ্ন হ’ব পাৰে ৰাজহুৱা ছুইমিংপুলৰ পৰা প্ৰ্ট’জোৱাৰ সংক্ৰমণৰ সম্ভাৱনা থাকেনে? উত্তৰত আমাৰ বক্তব্য হ’ল-ভালকৈ তদাৰক কৰা, নিয়মীয়াকৈ উচিত মাত্ৰাত ক্লৰিন দি পানী শোধিত ৰখা ছুইমিং পুলত ট্ৰাইকোমনাছ ভেজাইনেলিছ নামৰ প্ৰ্ট’জোৱাই মিনিটৰ ভিতৰতে সক্ৰিয়তা আৰু সংক্ৰমণশীলতা হেৰুৱায়। কিন্তু অপৰিষ্কাৰ ছুইমিং পুলৰ পৰা ৰোগ বিয়পাৰ বেছ সম্ভাৱনা থাকে।

২/ হৰম’নৰ বিসংগতি

৩/পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ

৪/ খাদ্যৰ বিসংগতি

৫/ ৰক্তহীনতা আৰু ডায়েবেটিছ

৬/শৰীৰৰ ইমিউনিটী হ্ৰাস পোৱা

৭/অপ্ৰাকৃতিক যৌনসংগম

৮/বহুগামী যৌনতা

৯/সঘন বা বাৰম্বাৰ গৰ্ভপাত

১০/জৰায়ুৰ মুখত ঘা হোৱা

১১/প্ৰস্ৰাৱৰ সংক্ৰমণ

১২/খজুৱতিয়ে যৌনাংগত কৰা ঘা

১৩/ গৰ্ভনিৰোধক সামগ্ৰীৰ প্ৰয়োগ (যেনে ক’পাৰ টি)

১৪/ জননাংগৰ কৰ্কট ৰোগৰ ফলতো লিউকোৰিয়া হ’ব পাৰে।

লিউকোৰিয়াৰ লক্ষণসমুহ কি কি?

-ডাঠ , আঠাসদৃশ, বেয়া গোন্ধযুক্ত বগা, হালধীয়া বা সেউজ বৰণীয়া যোনিৰ স্ৰাৱ ওলোৱা।

-যৌনাংগৰ খজুৱতি

-কঁকাল, কৰঙনত বিষ বা গধুৰ ভাৱ অনুভৱ কৰা

-শৰীৰৰ দুৰ্বলতা

-শৌচ কচা হোৱা

-এলাহ আৰু শৰীৰৰ দুৰ্বলতা

-সঘন মুৰৰ বিষ

-স্বভাৱ খিঙখিঙিয়া হোৱা

চিকিৎসা কি দৰে কৰে?

সংক্ৰমণৰ কাৰণ চিনাক্ত হ’লে সেইমতে উপযুক্ত দৰব খাবলৈ বা লগাবলৈ দিয়া হয়। ট্ৰাইকোমনাৰ সংক্ৰমনত পতি-পত্নী দুয়ো চিকিৎসা ল’ব লাগে। মেট্ৰনিডাজল, চেকনিডাজল, অৰনিডাল আদি হ’ল সঘনাই প্ৰয়োগ হোৱা দৰব। আনহাতে, ফাংগাছৰ চিকিৎসা ফ্ল’লেনাজনেৰে কৰা হয়। যৌনব্যাধি ধৰা পৰিলে উপযুক্ত এন্টিবায়’টিকেৰে চিকিৎসা কৰিব লাগিব। জৰায়ুৰ মুখত ঘাঁ হোৱাৰ বাবে বগা স্ৰাৱ নিৰ্গত হ’লে ডায়েথাৰ্মিৰ সহায়ত সেই অংশটো জ্বলাই (Electrocotorization)দিয়া হয়।

আজিকালি বিশ্ব স্বাস্থ্য সংস্থাই তিনিবিধ একেলগে থকা দৰব পতি-পত্নী দুয়োজন যৌন সংগীক একেলগে লোৱাৰ পৰামৰ্শ দিয়ে। সেই কেইবিধ হ’ল- ফ্ল’কনাজল+ মেট্ৰনিডাজল+ এজিথ্ৰমাইচিন। যোনিৰ দুৰ্গন্ধ কিয় হয় আৰু আঁতৰাবলৈ ল’বলগীয়া সৰ্তকতাসমুহ কি কি?

যোনিৰ ৰসৰ পৰা দুৰ্গন্ধ আহিলে সি বেক্টেৰিয়া, প্ৰট’জোৱা, ফাংগাছ বা ইষ্টৰ সংক্ৰমণ হোৱাটো বুজায়।

ফলপ্ৰসু সতৰ্কতামুলক ব্যৱস্থাসমুহ তলত উল্লেখ কৰিলোঁ -

-নিতৌ পৰিষ্কাৰকৈ গা ধুব। বেছিকৈ ঘামিলে বা ব্যায়াম কৰাৰ পিছত গা নোধোৱাকৈ নাথাকিব।

-তীব্ৰ গোন্ধ থকা চাবোনৰ সলনি প্ৰাকৃতিক উপাদান থকা (যেনে অমিতা, হালধি, নিম) চাবোন ব্যৱহাৰ কৰিব।

-গৰম পানীৰ বাথটাব ব্যৱহাৰ নকৰিব। তেনে উষ্ণতাত যোনিত থকা স্বাভাৱিক সুৰক্ষা Doderlein Lactobacilli বিনষ্ট হ’ব।

-গা ধুবলৈ নিম পাত সিজোৱা পানী কুহুমীয়া বা শীতল কৰি ব্যৱহাৰ কৰিব পাৰে।

-জননাংগ পৰিষ্কাৰ কৰিবলৈ Douche আৰু Perfumed spray কেতিয়াও ব্যৱহাৰ নকৰিব।

-শুকান কোমল টাৱেলেৰে জননাংগ মচিব।

-কপাহী কপোৰৰ পেণ্টিহে পিন্ধিব। বেছি চেপা খোৱাকৈ কাপোৰ নিবিন্ধিব।

-সুস্বাস্থ্যৰ বাবে সেউজীয়া পাচলি, ফলমুল গ্ৰহণ কৰিব।

-প্ৰচুৰ পানী আৰু জুলীয়া আহাৰ গ্ৰহণ কৰি নিজকে ডিহাইড্ৰেচনৰ পৰা বচাই ৰাখিব।

-নিয়মীয়াকৈ ব্যায়াম কৰিব। আসনৰ ভিতৰত পদ্মাসন উপযোগী।

-প্ৰবায়’টিক নামৰ এবিধ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে গ্ৰহণ কৰিব।

হাততে পোৱা ঘৰুৱা পদক্ষেপ কেইটিমান -

-মেথি গুটিৰ চাহ দিনে ২/৩ বাৰকৈ কিছুদিন খালে লিউকোৰিয়াৰ উপশম ঘটে।

-অলপমান ধনীয়া গুটি ৰাতি তিয়াই থৈ পুৱা সেই পানী খালী পেটত খালে উপকৃত হ’ব।

-কটা ভেন্দি ১০০ গ্ৰাম কুৰি মিনিট সময় বইল কৰি তাত মৌ মিহলাই খালে বগাস্ৰাৱ কমে।

-আমলখি গুৰিত মৌ মিহলাই খালেও বগা স্ৰাৱ কমে।

-আমাৰ অসমীয়াৰ অতি প্ৰিয় তামোল-পাণ নিয়মীয়াকৈ খালে লিউকোৰিয়াৰ উপশম ঘটে।

ৰোগীৰ বাবে উপযুক্ত খাদ্য কি?

-কল, আমলখি, মধুৰী, ডালিম আদি হ’ল উপকাৰী ফল। গাজৰ, বিলাহী, ভেন্দি, নহৰু, মেথি শাক, সেউজীয়া শাক-পাচলি আদিও হ’ল উপকাৰী।

-অহিতকাৰী খাদ্যসমুহ-চাহ, কফী, মদ, বাহী খাদ্য, বেছি তেল-মচলাযুক্ত ফ্ৰাইড খাদ্য।

উপসংহাৰত কেইটিমান লাগতিয়াল পৰামৰ্শ -

-ৰোগাক্ৰান্ত মহিলাই কপাহী কাপোৰৰ অন্তৰ্বস্ত্ৰ দিনে দুবাৰকৈ সলোৱা ভাল।

-নিয়মীয়া ব্যায়াম আৰু আসন কৰি, পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকি স্বাস্থ্যৰ যতন ল’ব।

লেখক: ডা: ভুপেন শইকীয়া (নিয়মীয়া বাৰ্তা)

2.77777777778
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top