অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লিপিড প্ৰফাইল:

 

সুস্বাস্থ্যৰ বাবে কিছু পৰিমাণৰ কলেষ্টেৰল প্ৰয়োজনীয়। কিন্তু অধিক পৰিমাণৰ কলেষ্টেৰল হৃদৰোগৰ কাৰক হ’ব পাৰে। শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে কেতবোৰ হৃদৰোগৰ উপসৰ্গৰ আৱিৰ্ভাৱ হয়। মমৰ দৰে চৰ্বিযুক্ত এই কলেষ্টেৰলবোৰ ধমনীৰ বেৰৰ অন্তৰ্ভাগত জমা হয়। তেনেদৰে ধমনীৰ ভিতৰৰ বেৰখনৰ স্থূলতা বাঢ়ি যায় আৰু ধমনীডালৰ মাজৰ ফুটাটো ক্ৰমে সৰু হৈ গৈ থাকে। এই প্ৰক্ৰিয়াটোক Atherosclerosis বোলা হয়। Atherosclerosisৰ ফলত ধমনীত তেজৰ সোঁত লেহেম হয়। অথবা সম্পূৰ্ণৰূপে তেজ চলাচল বন্ধ হয়। ফলত হৃৎপিণ্ডৰ ৰক্ত সঞ্চালন কম অথবা বন্ধ হৈ Angina, Heart attack আৰু Cerebral stroke আদি প্ৰাণঘাতক অৱস্থাৰ সৃষ্টি কৰে। সেইবাবে প্ৰত্যেকগৰাকী সচেতন ব্যক্তিয়েই কম-বেছি পৰিমাণে প্ৰতি সজাগ হোৱা উচিত।

আমাৰ শৰীৰত পোৱা মুঠ কলেষ্টেৰল ৮০ শতাংশ যকৃতৰ ভিতৰত উৎপন্ন হয়। বাকী ২ শতাংশ খাদ্যৰ মাধ্যমেৰে শৰীৰে বাহিৰৰ পৰা পায়। শৰীৰৰ এই কলেষ্টেৰলবোৰ তেজৰ সোঁতেৰেই গোটেই শৰীৰত বিয়পি পৰে। কলেষ্টৰলক তেজৰ দ্বাৰাই শৰীৰত বিয়পিবলৈ আমাৰ শৰীৰে ইয়াক এটি প্ৰ’টিনৰ আৱৰণ পিন্ধায়। প্ৰ’টিনৰ আৱৰণ পিন্ধা এই কলেষ্টেৰলক লাইপ’প্ৰ’টিন বোলা হয়। এনে লাইপ’প্ৰ’টিন কেইবাবিধৰো আছে। ৰাসায়নিক গঠন, ঘনত্ব আৰু কাৰ্যকাৰিতাৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতক Very Low-Density Lipoprotein(VLDL), Low density Lipoprotein(LDL) আৰু High density lipoprotein(HDL)– এই তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। প্ৰথম দুবিধ- VLDL আৰু LDLক প্ৰায়েই বেয়া কলেষ্টেৰল বুলি কোৱা হয়। ট্ৰাইগ্লিচাৰাইডৰ সৈতে ইহঁতৰ সম্পৰ্ক অতি ওচৰ চপা। ইহঁতে ৰক্তবাহিকাৰ ভিতৰ ভাগৰ বেৰত আস্তৰণৰ সৃষ্টি কৰে। সেইবাবে ইহঁত বেয়া। LDL-এ তেজৰ মখা বন্ধা প্ৰৱণতা বৃদ্ধি কৰে। ফলত হাৰ্ট এটেক হ’ব পাৰে। ইয়াৰ বিপৰীতে HDL কলেষ্টেৰলক প্ৰায়ে ভাল বুলি কোৱা হয়। ইয়াত প্ৰ’টিনৰ পৰিমাণ বেছি থাকে। ই ধমনীৰ সু-স্বাস্থ্যৰ বাবে দেৱদূতৰ নিচিনা কাম কৰে। ধমনীৰ বেৰত যদি কোনো কলেষ্টেৰলৰ আস্তৰণ পোৱা যায়, তেন্তে এইবিধ প্ৰ’টিনে তাক আঁতৰাই নি যকৃতত পেলায়গৈ।

এই তিনি ধৰণৰ লাইপ’প্ৰ’টিনৰ লগতে ট্ৰাইগ্লিচাৰাইডে শৰীৰৰ মুঠ কলেষ্টেৰলৰ পৰিমাণ নিৰূপিত কৰে। শৰীৰত থকা এই প্ৰত্যেকবিধ কলেষ্টেৰলৰ জোখ-মাখ আমি আমাৰ তেজ পৰীক্ষা কৰি জানিব পাৰো। লেবৰে’টৰীত কৰিবলগীয়া এই পৰীক্ষা কৰিবলগীয়া এই পৰীক্ষণীয় প্ৰক্ৰিয়াটোক লিপিড প্ৰফাইল নামেৰে জনা যায়। লিপিড প্ৰফাইল থিৰাং কৰাৰ বাবে তেজ লোৱাৰ ১২ ঘন্টাৰ আগৰে পৰা উপবাসে থকাটো বাধ্যতামূলক। বিশ বছৰ বয়সৰ পৰাই এই পৰীক্ষা আৰম্ভ কৰিব লাগে। প্ৰাপ্তবয়স্কসকলে প্ৰতি পাঁচ বছৰত কমেও এবাৰ লিপিড প্ৰফাইল পৰীক্ষা কৰিব লাগে। যদি ইয়াৰ মাত্ৰা বেছি থকা দেখা যায়, তেন্তে অধিক সঘনাই পৰীক্ষা কৰি থাকিব লাগে। আন হৃদৰোগৰ আশংকা থাকিলেও এনে কৰা উচিত। যিবোৰ পৰিয়ালত হৃদৰোগ থাকে, তেনে পৰিয়ালৰ শিশুসকলৰ সৰুতেই লিপিড প্ৰফাইলৰ মাত্ৰা পৰীক্ষা কৰোৱা উচিত। ডায়েবেটিছ থকা মানুহে প্ৰতি বছৰে অন্ততঃ এবাৰ লিপিড প্ৰফাইল চাই ল’ব লাগে।

তেজত প্ৰয়োজনীয় কলেষ্টেৰলৰ পৰিমাণ:

 

সাধাৰণতে মানুহ এজনৰ প্ৰতি ডেচিলিটাৰ তেজত সৰ্বমুঠ কলেষ্টেৰলৰ পৰিমাণ ২০০ মিলিগ্ৰামতকৈ কম থকা জৰুৰী। যদিহে প্ৰতি ডেচিলিটাৰ তেহত ২০০-২৩৯ মিলিগ্ৰাম সৰ্বমুঠ কলেষ্টেৰল থাকে, তেতিয়া হৃদৰোগৰ বাবে বিপদৰ সম্ভাৱনা থকা আৰু ডেচিলিটাৰ তেজত ২৪০ মিলিগ্ৰামতকৈ অধিক সৰ্বমুঠ কলেষ্টেৰল থাকে তেন্তে হৃদৰোগৰ বাবে বিপজ্জনক বুলি কোৱা হয়। সৰ্বমুঠ কলেষ্টেৰলৰ মাত্ৰা স্বাভাৱিক হ’লেও যদি এইচ ডি এলৰ মাত্ৰা হ্ৰাস হয় আৰু এল ডি এলৰ মাত্ৰা বৃদ্ধি হয়, তেতিয়াও হৃদৰোগ হ’ব পাৰে।

এল ডি এল কলেষ্টেৰল:

 

কলেষ্টেৰলৰ সৰ্বমুঠ পৰিমাণৰ তুলনাত এল ডি এল পৰিমাণৰ পৰা হৃদৰোগৰ ভৱিষ্যদ্বাণী ভালদৰে লাভ কৰিব পাৰি। এল ডি এলৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ১০০ মিলিগ্ৰামতকৈ কম থকা বাঞ্ছনীয়। এল ডি এলৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ১০০-১৩৯ মিলিগ্ৰাম থাকিলে উচ্চ সীমাযুক্ত বুলি কোৱা হয়। প্ৰতি ডেচিলিটাৰ তেজত ১৪০-১৫৯ মিলিগ্ৰাম থাকিলে হৃদৰোগৰ বাবে বিপদৰ সম্ভাৱনা থকা, প্ৰতি ডেচিলিটাৰ তেজত ১৬০-১৮৯ মিলিগ্ৰাম থাকে, তেন্তে হৃদৰোগৰ বাবে বিপজ্জনক আৰু প্ৰতি ডেচিলিটাৰ তেজত ১৯০ মিলিগ্ৰামতকৈ অধিক থাকে, তেন্তে হৃদৰোগৰ বাবে অতি বিপজ্জনক বুলি কোৱা হয়। হাৰ্টএটেক, ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ বা বংশগতভাৱে হাৰ্টৰ আন কিবা ৰোগ থাকিলে ইয়াৰ পৰিমাণ কম হোৱাটো প্ৰয়োজনীয়। এল ডি এল যিমানেই কম থাকে, সিমানেই ভাল।

এইচ ডি এল কলেষ্টেৰল:

 

শৰীৰৰ তেজত থকা কলেষ্টেৰলৰ চাৰিভাগৰ এক অংশৰ পৰ তিনি ভাগৰ এক অংশ হ’ল এইচ ডি এল। এই এইচ ডি এলক ভাল কলেষ্টেৰল বুলি এই বাবে কোৱা হয় যে ই হৃদযন্ত্ৰ বিকল হোৱাৰ পৰা ৰক্ষা কৰে বুলি ভবা হয়। এইচ ডি এলৰ পৰিমাণ কমি গ’লে হৃদৰোগৰ আশংকাও বাঢ়ি যায়। এজন পুৰুষৰ দেহত গড়ে প্ৰতি ডেচিলিটাৰ তেজত ৪০-৫০ মিলিগ্ৰাম আৰু এগৰাকী মহিলাৰ দেহত প্ৰতি ডেচিলিটাৰ তেজত ৫০-৬০ মিলিগ্ৰাম এইচ ডি এল থাকে। এই পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ৪০ মিলিগ্ৰামৰ তললৈ নামিলে হৃদৰোগৰ আশংকাও বাঢ়ি যায়। বাঞ্ছনীয় স্তৰটো হ’ল প্ৰতি ডেচিলিটাৰ তেজত ৪৫ মিলিগ্ৰামৰ অধিক। এইচ ডি এল স্তৰৰ উন্নতি ঘটাবলৈ হ’লে ধূমপান পৰিহাৰ কৰি ওজন নিয়ন্ত্ৰণ কৰক আৰু শাৰীৰিকভাৱে কৰ্মতৎপৰ হৈ থাকক। সকলোতকৈ ভাল উপায় হ’ল নিয়মীয়া ব্যায়াম কৰা। এজন ব্যক্তিয়ে সপ্তাহত ৫ হদিন আধা ঘন্টালৈ ব্যায়াম কৰিলে(খোজকঢ়া, দৌৰা, বগোৱা আদি) দুহামত এইচ ডি এলৰ মাত্ৰা ৫ শতাংশ বৃদ্ধি কৰিব পাৰে। ধূমপানৰ ফলত সেৱন কৰা ৰাসায়নিক দ্ৰব্যই দেহৰ এইচ ডি এলৰ মাত্ৰা কমাই দিয়ে। ধূমপান বন্ধ কৰিলে এই মাত্ৰা ১০ শতাংশ বৃদ্ধি পাব। প্ৰতি ৬ পাউণ্ড শৰীৰৰ ওজন কমালে প্ৰতি ডেচিলিটাৰ তেজত ১ মিলিগ্ৰাম এইচ ডি এল শৰীৰত জমা হয় বুলি প্ৰমাণ পোৱা গৈছে।

ট্ৰাইগ্লিচাৰাইড:

 

ই এবিধ শৰীৰত উৎপন্ন হোৱা চৰ্বিজাতীয় পদাৰ্থ। মেদবহুলতা, অতি বেছি ওজন, কায়িক শ্ৰম নকৰা, ধূমপান, অধিক মদ্যপান আৰু অধিক পৰিমাণৰ কাৰ্বহাইড্ৰেট থকা খাদ্য খোৱা(মুঠ কেলৰি ৬০ শতাংশতকৈ বেছি) আদি কাৰণত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যি ব্যক্তিৰ ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বেছি, সেই ব্যক্তিৰ দেহত মুঠ কলেষ্টেৰলৰ পৰিমাণো বেছি থাকে। ইয়াৰ ফলত এল ডি এলৰ মাত্ৰা বেছি আৰু এইচ ডি এলৰ মাত্ৰা কমি যায়। হৃদৰোগ বা ডায়েবেটিছত ভোগা ৰোগীৰ বেছিসংখ্যকৰে ত্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বেছি থাকে। সাধাৰণ ব্যক্তি এজনৰ তেজত ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ১৫০ মিলিগ্ৰামতকৈ কম থকা জৰুৰী। প্ৰতি ডেচিলিটাৰ তেজত ১৫০-১৯৯ মিলিগ্ৰাম ট্ৰাইগ্লিচাৰাইড থাকিলে উচ্চ সীমাযুক্ত বুলি কোৱা হয়। যদিহে প্ৰতি ডেচিলিটাৰ তেজত ২০০-৪৯৯ মিলিগ্ৰাম ট্ৰাইগ্লিচাৰাইড থাকে তেতিয়া হৃদৰোগৰ বাবে বিপদৰ সম্ভাৱনা থকা আৰু প্ৰতি ডেচিলিটাৰ তেজত ৫০০ মিলিগ্ৰামতকৈ অধিক ট্ৰাইগ্লিচাৰাইড থাকে, তেন্তে হৃদৰোগৰ বাবে বিপজ্জনক বুলি কোৱা হয়। এওঁলোকৰ বাবে অন্যতম চিকিৎসা হ’ল জীৱনশৈলীৰ সাল-সলনি, শৰীৰৰ ওজন নিয়ন্ত্ৰণ, চৰ্বিজাতীয় আহাৰ কমকৈ খোৱা, নিয়মীয়া ব্যায়াম, ধূমপান বৰ্জন, মদ্যপান কমোৱা আদি।

লিপিড প্ৰ’ফাইল সঠিককৈ ৰখাৰ উপায়:

 

  • কম চৰ্বীযুক্ত আহাৰ খাব। চৰ্বীয়ে তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰে।
  • ধূমপান নকৰিব।
  • ফল-মূল আৰু সেউজীয়া শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব।
  • মানসিক চাপ ত্যাগ কৰিব।
  • শৰীৰৰ মেদবহুলতা কমাই দেহৰ স্বাস্থ্যসন্মত ওজন বজাই ৰাখিব।
  • নিয়মিত শাৰীৰিক শ্ৰম কৰিব।
  • প্ৰতিদিনে অন্ততঃ ত্ৰিশ মিনিটকৈ নিয়মীয়াকৈ ব্যায়াম(খোজকঢ়া, লাহে লাহে দৌৰা, সাঁতোৰা, চাইকেল চলোৱা ইত্যাদি) কৰিব।
  • মদ্যপান নকৰিব।
  • নিয়মিত পৰ্যাপ্ত শ্ৰম কৰিব।

লেখক:ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(সম্ভাৰ)

 

 

3.11764705882
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top