মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / লিভাৰ চিৰ’ছিচ আৰু খাদ্যৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লিভাৰ চিৰ’ছিচ আৰু খাদ্যৰ ভূমিকা

লিভাৰ চিৰ’ছিচ আৰু খাদ্যৰ ভূমিকাৰ বিষয়ে লিখা হৈছে

লিভাৰ চিৰ’ছিচ এক শাৰীৰিক অৱস্থা য’ত লিভাৰৰ কোষবোৰৰ মৃত্যু ঘটে, ফলত লিভাৰৰ কাৰ্যক্ষমতা লোপ পায়। লিভাৰ চিৰ’ছিচ এদিনতে হোৱা সমস্যা নহয়, ই বহু বছৰ আগৰ পৰাই লিভাৰৰ ক্ষতিসাধন কৰি থাকে আৰু যেতিয়াই দৃষ্টিগোচৰ হয় তেতিয়ালৈ বহু পলম হৈ যায়। প্রায় ৮৫-৯৫ শতাংশ লিভাৰৰ ক্ষতি হোৱাৰ পাছতো কেতিয়াবা কোনো লক্ষণে দেখা নিদিয়ে। সেয়েহে আগৰ পৰাই উপযুক্ত ব্যৱস্থা ল’ব লাগে যাতে লিভাৰৰ চিৰ’ছিচ হ’ব নোৱাৰে।

চিৰ’ছিচ হোৱাৰ কাৰণ

 

বিভিন্ন কাৰণত লিভাৰ চিৰ’ছি হ’ব পাৰে। সেইবোৰ হ’ল-

ভাইৰাছৰ সংক্ৰমণ

যিসকল লোকে জণ্ডিচ, হেপাটাইটিচ বি চি ডি আৰু জিৰ দ্বাৰা আক্ৰান্ত হয়। তেওঁলোকৰ চিৰ’ছিচ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। যিহেতু জণ্ডিছ আৰু হেপাটাইটিছত লিভাৰৰ কোষবোৰৰ মৃত্যু ঘটে সেয়েহে ই চিৰ’ছিচ হোৱাত অৰিহণা যোগায়।

মদ্যপান

এইটো সকলোৰে জ্ঞাত যে মদ্যপান স্বাস্থ্যৰ বাবে হানিকৰ। ই লিভাৰৰ ক্ষতি কৰাৰ উপৰি শৰীৰক নানা ধৰণে ক্ষতি কৰে। এগৰাকী মদ্যপান কৰা লোকৰ শৰীৰত বিভিন্ন ধৰণৰ পুষ্টিতত্ত্ব যেনে প্ৰ’টিন, শর্কৰা, ভিটামিন আদিৰ অভাৱে দেখা দিয়ে। লগতে মদ্যপানে শৰীৰৰ চৰ্বীৰ তাৰতম্য ঘটায় আৰু অপকাৰী চৰ্বী যেনে LDL, VIDL. Tryglycerides ৰ মাত্রা বৃদ্ধি কৰে, যিয়ে লিভাৰৰ ক্ষতিসাধন কৰাত অৰিহণা যোগায়। লগতে হেপাটাইটিচৰ সংক্ৰমণ বৃদ্ধি কৰে।

অপুষ্টি

ভিটামিন এ,বি,চি ই আদিৰ অপুষ্টিয়েও লিভাৰৰ কাৰ্যক্ষমতা কমাই দিয়ে; ফলত চিৰ’ছিচ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰি অত্যাধিক মাত্ৰাত মছলাযুক্ত খাদ্যই লিভাৰ চিৰ'ছিচত অৰিহণা যোগায়।

লিভাৰ চিৰছিচৰ লক্ষণ

 

যদিও লিভাৰ চিৰ’ছিচত প্রথম অৱস্থাত বিশেষ কোনো লক্ষণে দেখা নিদিয়ে, তথাপি পাকস্থলীৰ নানান সমস্যা যেনে ভোক নলগা, বমি হোৱা বা বমি ভাব হোৱা পেটৰ বিষ আদি লক্ষণে দেখা দিব পাৰে। তদুপৰি ভাগৰ লগা,মাংসপেশী টানি ধৰা, ওজন কমি যোৱা, লিভাৰত চৰ্বী জমা হোৱা, জণ্ডিছ আদিয়েও দেখা দিব পাৰে।

চিৰ’ছিচত কি খাদ্য খাব

 

উচিত খাদ্যৰ দ্বাৰা লিভাৰ চিৰছিচ হোৱাৰ পৰা ৰক্ষা পাব পাৰি। উচ্চ কেলৰিযুক্ত, প্ৰ’টিনযুক্ত, কার্বহাইড্রেটযুক্ত আৰু ভিটামিনযুক্ত খাদ্যই লিভাৰৰ কোষবোৰ পুনৰ গঠনত সহায় কৰে। অত্যাধিক চৰ্বীযুক্ত আহাৰ আৰু নিমখ খোৱাটো অনুপযোগী। উচ্চমান বিশিষ্ট প্ৰ’টিন, যেনে— গাখীৰ, দৈ, দাইল, বুট আদি খাব লাগে। মুঠ কেলৰিৰ প্ৰায় ৬৫-৬০ শতাংশ কার্বহাইড্রেট যোগান ধৰিব লাগে। আমাৰ লিভাৰত বিভিন্ন ভিটামিন জমা থাকে, লিভাৰ চিৰ’ছিচত উক্ত ভিটামিন, যেনে— ভিটামিন এ, বি আদিৰ মাত্রা কমি যায়। সেয়েহে বিভিন্ন শাক-পাচলি, ফলমূল আৰু প্রয়োজন সাপেক্ষে ওপৰঞ্চিকৈ (Supplementation) যোগান ধৰিব লাগে। তদুপৰি বিভিন্ন খনিজ লৱণ যেনে আইৰণ, কেলছিয়াম আদি খাদ্যৰ দ্বাৰা যোগান ধৰিব লাগে।

এইখিনিতে উল্লেখ কৰা বাঞ্ছনীয় যে আজিকালি বিভিন্ন বৈদ্যুতিন মাধ্যমত নানান লিভাৰৰ দৰবৰ বিজ্ঞাপন প্রকাশ পায়, তেনে ঔষধ সেৱনৰ ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লৈহে গ্রহণ কৰিব লাগে।

লিখক: অঞ্জনজ্যোতি ডেকা, অসম বাণী।

3.09523809524
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top