অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লিভাৰ চিৰ’ছিছ

লিভাৰ চিৰ’ছিছৰ বিষয়ে লিখা হৈছে

 

আমাৰ মগজু বা হৃদপিণ্ডৰ কোষবোৰ যদি মৰি যায়। তেতিয়া সেইবোৰৰ ঠাই পূৰাবলৈ কোনো কোষ বাকী নাথাকে। কিন্তু লিভাৰে বিস্ময়কৰভাৱে নিজৰ কোষবোৰক নতুনকৈ জন্ম দি থাকে। কিন্তু এনে এটা শক্তিশালী অংগও কামৰ হেঁচাত কেতিয়াবা ভাগি পৰে আৰু এই ভাগি পৰা প্রক্রিয়াটো ৰোধ কৰিব নোৱাৰিলেই চিৰ'ছিছ নামৰ ভয়ংকৰ ৰোগটোৱে দেখা দিয়ে|

লিভাৰ বা যকৃৎ আমাৰ মানৱ দেহৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। আমাৰ বুকুৰ তলত

পেটৰ ভিতৰৰ সোঁফালৰ ওপৰৰ ঠাইখিনিত এই লিভাৰে ভালেখিনি ঠাইখিনি আৱৰি থাকে।

লিভাৰৰ কাম-

 

  • লিভাৰে শৰীৰৰ প্ৰয়োজনীয় আহাৰ হজম কৰাৰ পৰা খাদ্যবস্তুক গ্ৰহণ কৰি ইয়াক শৰীৰৰ তেজ-মাংসলৈ যোগান ধৰে।
  • ইয়াক শক্তিলৈ ৰূপান্তৰিত কৰে।
  • শৰীৰৰ বাবে ৰক্তৰ ধ্বংস আৰু পুনৰ সৃষ্টি কৰে।
  • শৰীৰত উৎপন্ন হোৱা বিষাক্ত বস্তু ধ্বংস কৰা কাম আদি কৰি আমাৰ শৰীৰটো স্বাস্থ্যৱান কৰি জীয়াই ৰখাৰ বাবেই এটা সর্ববৃহৎ কাৰখানা হিচাপে কাম কৰে। সেইবাবেই এই লিভাৰটোক আমাৰ শৰীৰৰ “বায়’কেমিকেল লেবৰেটৰী” হিচাপে জনা যায়।
  • আমি আহাৰ খাওঁ শক্তি পাবলৈ আৰু এই লিভাৰেই আহাৰৰ পৰা শক্তি নিষ্কাশন কৰি লয়।
  • শ্বেতসাৰ বা কার্বহাইড্রেট জাতীয় খাদ্যৰ পৰা লিভাৰে গ্লাইক’জেন উৎপাদন কৰে আৰু তাক চেনি বা শর্কৰালৈ (Glucose) ৰূপান্তৰ কৰে। এই গ্লুক’জেই আমাৰ শৰীৰৰ প্রায় সকলো প্রক্রিয়াত ধীৰ, স্থিৰভাৱে কাম কৰি থাকে।
  • আমাৰ শৰীৰত চর্বি সংগ্ৰহ কৰাৰ দায়িত্বও এই লিভাৰেই ল’ব লগা হয়। আমি যেতিয়া খাদ্য খাবলৈ নাপাওঁ, দুর্বল হ’বলৈ আৰম্ভ কৰোঁ, তেতিয়া আমাক ৰক্ষা কৰে আমাৰ শৰীৰত জমা হৈ থকা চৰ্বিখিনিয়ে।

লিভাৰৰ বিস্ময়কৰ গুণবোৰ

লিভাৰে অকলেই ইমানবোৰ কাম কৰিব লগা হোৱা কাৰণে ইয়েই হ’ল আমাৰ শৰীৰৰ বৃহত্তম অংগ। কিন্তু লিভাৰৰ বিষয়ে আটাইতকৈ ৰহস্যময় কথাটাে হ’ল যে ওপৰত উল্লেখ কৰা এই সকলোবোৰ কাম সম্পন্ন কৰে। লিভাৰৰ এটা ক্ষুদ্র কোষে, যাক হেপাট'ছাইট বুলি কোৱা হয়। লিভাৰত এনেকুৱা লক্ষ লক্ষ কোষ থাকে আৰু কোষবোৰক প্লাৱিত কৰি ৰাখে ৰক্তৰ অন্তহীন প্রৱাহে। ইমানবিলাক কাম কৰাৰ পাছতো লিভাৰৰ কোষবোৰ মৰি নাযায়। আমাৰ মগজু বা হৃদপিণ্ডৰ কোষবোৰ যদি মৰি যায় তেতিয়া সেইবােৰৰ ঠাই পূৰাবলৈ কোনো কোষ বাকী নাথাকে। কিন্তু কোষবোৰক নতুনকৈ জন্ম দি থাকে। কিন্তু এনে এটা শক্তিশালী অংগও কামৰ হেঁচাত কেতিয়াবা ভাগি পৰে আৰু এই ভাগি পৰা প্রক্রিয়াটো ৰোধ কৰিব নোৱাৰিলেই চিৰ'ছিছ নামৰ ভয়ংকৰ ৰোগটোৱে দেখা দিয়ে। এই ৰোগত লিভাৰটো সংকুচিত হয় আৰু ইয়াৰ উপৰি ভাগত কিছু সৰু সৰু গুটি বা টেমুনা-সদৃশ হ’বলৈ ধৰে|

চিৰ'ছিছৰ কাৰণসমূহ-

 

  • অত্যধিক মদ্যপান।
  • ক্রনিক ভাইৰেল|
  • হেপাটাইটিছ (হেপাটাইটিছ ‘বি’ আৰু “চি”ৰ দ্বাৰা সংক্রমণ),
  • অট'ইমিৰ্ডন হেপাটাইটিছ,
  • নন এলক'হলিক ষ্টিয়েট’হেপাটাইটিছ,
  • বিলিয়েৰী চিৰ'ছিছ,
  • কাৰ্ডিয়াক চিৰ'ছিছ,
  • ক্ৰিপ্ট’জেনিক চিৰ'ছিছ ইত্যাদি।

সকলো মদ্যপান কৰা লোকৰে চিৰ'ছিছ নহয়| সাধাৰণতে দেখা যায় যে নিয়মীয়াকৈ মদ্যপান কৰা শতকৰা ২০-ৰ পৰা ২৫ ভাগ মানুহহে চিৰ'ছিছত আক্রান্ত হয়। যিসকলে ১০ বছৰতকৈ বেছি দিন সপ্তাহত ৭০-ৰ পৰা ৮০ গ্রাম (মহিলাৰ ক্ষেত্ৰত ২০–ৰ পৰা ৩০ গ্রাম)তকৈ বেছি মদপান কৰে, পুষ্টিকৰ আহাৰ নাখায় আৰু দেহত বিসংগতিমূলক “জীন’ আছে যি লিভাৰৰ পৰিপাক প্রণালীত বাধাৰ সৃষ্টি কৰে, তেওঁলোকৰ চিৰ'ছিছ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। তদুপৰি কিছুমান মদ্যপায়ীৰ আকৌ পৰিশ্রমবিহীন জীৱন আৰু ভুল পথ্যৰ বাবে হয়তো আগৰে পৰা ফেটী, লিভাৰত আক্রান্ত হৈ থাকিব পাৰে। আমেৰিকা, ইংলেণ্ড আদি পশ্চিমীয়া দেশসমূহত কিন্তু দৈনিক ৮০ গ্রাম বা তাতকৈ বেছি সুৰা সেৱন ১০ বছৰৰ পৰা ২০ বছৰলৈ কৰা লোকৰ মাজতহে এই ৰোগ বেছিকৈ হোৱা দেখা যায়।

ভাৰতীয়সকলৰ হয়তো সৰু শাৰীৰিক অৱয়ব, কম পুষ্টিকৰ আহাৰ সেৱন, হেপাটাইটিছ ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ সহাৱস্থান তথা ভেজাল দেশীয় সুৰা সেৱন আদিৰ ফলতেই কম পৰিমাণৰ সুৰা সেৱনৰ ফলতো এই ৰোগ হ’ব পাৰে।

মদ পান নকৰাসকলৰো এই ৰোগ হ’ব পাৰে।

আজিকালি অৱশ্য মদ্যপান নকৰা লোকৰ মাজতো চিৰ'ছিছ হোৱা ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে। ইয়াক নন এলক'হলিক চিৰ'ছিছ বা ফেটী লিভাৰ ছিণ্ড্ৰম বুলি কোৱা হয়। মদ্যপান নকৰা মানুহৰ চিৰ'ছিছ হোৱাৰ মূল কাৰণ হ’ল-

  • পৰিশ্রমবিহীন আৰামপ্রিয় জীৱন যাপন।
  • মেদ বহুলতা
  • উচ্চ কেলৰিযুক্ত আহাৰ সেৱন।

ইয়াৰ ফলত লিভাৰত ফেট বা চর্বি জমা হয় আৰু এই ফেটে লিভাৰৰ কোষবোৰক ধ্বংস কৰি চিৰ'ছিছৰ ফালে আগুৱাই নিয়াত সহায় কৰে। গতিকে এই ধৰণৰ চিৰ'ছিছৰ পৰা হাত সাৰি থকাৰ একমাত্র উপায় হৈছে-

  • কঠোৰ পৰিশ্রম কৰা।
  • পৰিমিত পৰিমাণৰ পুষ্টিকৰ খাদ্য গ্রহণ কৰা।
  • শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখা।

চিৰ'ছিছৰ আৰম্ভণিৰ স্তৰটো হ’ল-লিভাৰত ফেট জমা হোৱা যাক ফেটী লিভাৰ বুলি কোৱা হয়।

যদিহে আমি ওপৰত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰোঁ, তেন্তে ফেটী লিভাৰ স্তৰৰ পৰা চিৰ'ছিছ পর্যায়লৈ নোযোৱাকৈ ধৰি ৰাখিব পাৰে।

চিৰ'ছিছৰ লক্ষণসমূহ

 

  • প্রাথমিক অৱস্থাত ভোক কমি যোৱা।
  • দুর্বল লগা।
  • শৰীৰৰ ওজন কমা।
  • প্ৰস্ৰাৱ আৰু চকু হালধীয়া হোৱা।
  • বমি আৰু জ্বৰ ভাব।
  • লাহে লাহে পেটফুলা।
  • ভৰি-হাত আৰু মুখ ফুলা।
  • পেটৰ ওপৰৰ সিৰাসমূহ বেছিকৈ প্রকট হৈ ফুলি উঠা।
  • পুৰুষৰ ক্ষেত্ৰত অণ্ডকোষৰ আকৃতি সৰু হোৱা আৰু স্তনৰ আকাৰ ডাঙৰ হোৱা।
  • ৰক্তহীনতা হৈ শেতা পৰা।
  • প্ৰস্ৰাৱৰ পৰিমাণ কমা।
  • শৌচ নিয়মীয়াকৈ নোহোৱা আদি।
  • ৰোগৰ অন্তিম পর্যায়ত ৰোগীয়ে ভুল বকে, তেজ বমি, ক’লা পায়খানা বা তেজ মিশ্রিত পায়খানা আদি হৈ ৰোগী সংজ্ঞাহীন হৈ পৰিব পাৰে।

চিকিৎসা

এই ৰোগৰ চিকিৎসা সাধাৰণতে লক্ষণসমূহৰ ওপৰত নিৰ্ভৰ কৰিয়েই দিব লগা হয় কিয়নো ইয়াৰ কোনো নির্দিষ্ট চিকিৎসা ব্যৱস্থা নাই। লিভাৰ সংৰোপণেই একমাত্র ফলপ্রসূ চিকিৎসা বুলি ক’ব পাৰি।

যিসকল ৰোগী প্ৰাৰম্ভিক অৱস্থাত পেটৰ আলট্ৰাছাউণ্ড আদি পৰীক্ষাৰ জৰিয়তে ধৰা পৰে আৰু কোনো বিশেষ লক্ষণ নাথাকে তেওঁলোকৰ ১০ বছৰ শতকৰা ৮০ ভাগ। কিন্তু যিসকল ৰোগীৰ পেটত পানী জমা হয়, ক’লা পায়খানা বা তেজ বমি বা লাগিব যে তেনে ৰোগী বেছি দিন বাছি নাথাকে আৰু তেওঁলোকৰ ক্ষেত্ৰত লিভাৰ সংৰোপণেই একমাত্র চিকিৎসা।

চিৰ'ছিছ ৰোগীৰ আহাৰ

চিৰ'ছিছ ৰোগীৰ আহাৰৰ ক্ষেত্ৰতো বিশেষ কোনো নিষেধাজ্ঞা নাই। কিন্তু যদি পেট ফুলাৰ লগতে প্ৰস্ৰাৱৰ পৰিমাণ কম হয় তেতিয়া নিমখৰ পৰিমাণ যিমান পাৰি সিমান কমাই খাবলৈ উপদেশ দিয়া হয়। বাকী আহাৰ তেওঁলোকে আন মানুহৰ দৰেই খাব পাৰে। বৰঞ্চ মাছ, মাংস, গাখীৰকে আদি কৰি সকলো পুষ্টিকৰ আৰু প্ৰ’টিনযুক্ত আহাৰ আনতকৈ বেছিকৈহে খাব পাৰে। এই পুষ্টিকৰ আহাৰ যথোপযুক্ত নহ’লে পুষ্টিৰ অভাৱত তেওঁলোকৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটাৰ সম্ভাৱনা থাকে।

লিভাৰ সংৰোপণৰ চিকিৎসা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কেইখনমানতহে কৰা হয়। অস্ত্ৰোপচাৰত নূ্ন্যতম ৩০-৩৫ লাখমান টকা খৰচ হয়। ভাৰতবৰ্ষত বছৰি প্ৰায় আঢ়ৈ লাখ মানুহৰ লিভাৰৰ অসুখত মৃত্যু হয়। ইয়াৰে ২৫-৩০ হাজাৰমান মানুহক লিভাৰ সংৰোপণৰ দ্বাৰা আৰোগ্য কৰি তুলিব পাৰি যদিও খৰচ তথা লিভাৰ দান কৰা ব্যক্তিৰ অভাৱৰ বাবে এয়া সকলোৰে বাবে সম্ভৱ নহয়। গতিকে এই ৰোগৰ পৰা বাছি থাকিবলৈ হ’লে কঠোৰ পৰিশ্রম গ্রহণ কৰা, শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখা, মদ্যপান নকৰাকৈ থকা তথা সময়ে সময়ে লিভাৰৰ কাৰণে প্ৰয়োজনীয় পৰীক্ষাসমূহ কৰাই চিকিৎসকৰ যাৱতীয় পৰামৰ্শ গ্ৰহণ কৰাটো অতি দৰকাৰ।

লিখক: ডাঃ জ্যোতি ৰঞ্জন ঠাকুৰ, কর্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ যোৰহাটস্থিত চিকিৎসক, দৈনিক জনমভূমি।

2.81578947368
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top