মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / লুপাছ ৰোগৰ বিষয়ে জানেনে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লুপাছ ৰোগৰ বিষয়ে জানেনে?

লুপাছ ৰোগৰ বিষয়ে লিখা হৈছে ।

সমগ্ৰ বিশ্বজুৰি লুপাছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় পঞ্চাশ লাখ। মহিলাৰ ক্ষেত্ৰত এই ৰোগৰ মাত্ৰা অত্যধিক। প্ৰতি এক লাখ মানুহৰ ভিতৰত ২০ ৰ পৰা ১৫০ জন পৰ্যন্ত এই ৰোগত আক্ৰান্ত হ’ব পাৰে। ইয়াৰ মাজেৰে আকৌ ৯০ শতাংশই কম বয়সীয়া মহিলা। ৬৫ শতাংশ ৰোগীৰ বয়স ১৬ ৰ পৰা ৫৫ ৰ মাজত, ২০ শতাংশ বছৰৰ তলৰ আৰু ১৫ শতাংশ ৫৫ বছৰৰ ঊৰ্ধৰ ৰোগী লুপাছ ৰোগত আক্ৰান্ত।

লুপাছ বিশ্বৰ এক অন্যতম ৰহস্যময় ৰোগ। যিয়ে মানৱ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ ক্ষতিসাধন কৰে। বিশ্বৰ বহু লোকৰ এই ৰোগ সম্পৰ্কে কোনো স্পষ্ট ধাৰণা নাই। চিকিৎসকসকলে এই ৰোগী সম্পৰ্কে সচেতনতা বৃদ্ধিৰ জৰিয়তে ৰোগীক সঠিক সহায় কৰিব পৰা যাব বুলি মত পোষণ কৰিছে। লুপাছ এটি গ্ৰীক শব্দ। আজি পৰ্যন্ত এই ৰোগৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। লুপাছ ফাউণ্ডেচন অব আমেৰিকাৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বতে প্ৰায় পঞ্চাশ লাখ মানুহ লুপাছ ৰোগত আক্ৰান্ত হৈছে। প্ৰতি বছৰৰ ১০ মে’ দিনটো লুপাছ দিৱস হিচাপে উদযাপন কৰা হয়। লুপাছৰ সাধাৰণ উপসৰ্গসমূহ হ’ল চুলি সৰা, মূৰৰ বিষ, নাক, ডিঙি আদিত ৰঙা চকলা-চকল হৈ উঠা, অতিমাত্ৰা ভাগৰ-অৱসাদ, জ্বৰ, মুখ-নাক আদিত ঘা, গেৰোহাৰ বিষ বা ফুলি যোৱা, এনিমিয়া, উশাহ লওঁতে বুকুৰ বিষ, ৰ’দ বা পোহৰত ছাল জ্বলা-পোৰা কৰা, ঠাণ্ডাত আঙুলি চেপা হৈ যোৱা বা নীলা পৰি যোৱা আৰু হাত, ভৰি, চকুৰ চাৰিওকাষ ফুলি উঠা আদিয়েই প্ৰধান।

উৎস: সাদিন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top