অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লেজাৰ পদ্ধতিৰে ৰোগ নিৰাময়:

লেজাৰ পদ্ধতিৰে ৰোগ নিৰাময়:

 

বিগত শতিকাত উদ্ভাৱন হোৱা ‘লেজাৰ চিকিৎসা পদ্ধতি’ক আধুনিক চিকিৎসা বিজ্ঞানৰ্ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি আখ্যা দিব পাৰি। কেতবোৰ ৰোগ তথা শাৰীৰিক সমস্যা নিৰাময়ৰ ক্ষেত্ৰত এই চিকিৎসা পদ্ধতি অত্যন্ত ফলপ্ৰসূ প্ৰতিপন্ন হৈছে।

লেজাৰ(LASER- Light Amplification by Stimutated Emission of Radiation) চিকিৎসা পদ্ধতিৰ প্ৰয়োগ সন্দৰ্ভত দীৰ্ঘদিন ধৰি নিৰন্তৰ পৰীক্ষা তথা পৰিশোধন কৰি থকা হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ সমাজত ব্যাপক প্ৰাদুৰ্ভাৱ থকা দুবিধ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এই পদ্ধতি প্ৰয়োগ কৰি অতি আশাব্যঞ্জক ফল পোৱা গৈছে। এই ৰোগ দুবিধ হ’ল- বৃক্কৰ পাথৰ(Kidney Stone) আৰু প্ৰোষ্টট গ্ৰ্ন্থিৰ বৃদ্ধি(BPH-Benign Prostatic Hyperplasia)।

সাম্প্ৰতিক কালত জীৱন-চৰ্যা(Lifestyle), খাদ্যাভ্যাস আদিৰ বাবে বৃক্কৰ পাথৰি ৰোগত ভোগা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, এবাৰ বৃক্কৰ পাথৰ হোৱা লোক ল্পুনৰ এই সমস্যাত ভোগাৰ আশংকা থাকে। বৃক্কৰ পাথৰি ৰোগৰ প্ৰধান চিকিৎসা হ’ল- পৰম্পৰাগত অস্ত্ৰোপচাৰ। পিছে যিহেতু বহুতৰে বৃক্কত বাৰে বাৰে পাথৰ সৃষ্টি হয়, সেয়েহে এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত পৰম্পৰাগত অস্ত্ৰোপচাৰৰ গ্ৰহণযোগ্যতা কম। তদুপৰি, পৰম্পৰাগত পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰিলে, দীৰ্ঘ সময়ৰ বাবে চিকিৎসালয়ত থাকিব লাগে আৰু ৰোগীয়ে কেতবোৰ দীৰ্ঘম্যাদী শাৰীৰিক জটিলতা ভোগ কৰিবলগীয়া হয়। ইয়াৰ ফলত বিগত শতিকাৰ ৮০ৰ দশকত ‘কী হল ছাৰ্জাৰী’(Keyhole Surgery-PCNL-Per-Cutaneous Nephro Lithotomy) আৰু ‘লিথোট্ৰিপছী’(ESWL-Enetra Corporeal Shock Wave Lithotripsy) নামৰ দুবিধ আপেক্ষিকভাৱে সুবিধাজনক পাথৰি ৰোগৰ চিকিৎসা পদ্ধতি উদ্ভাৱন কৰা হয়। বিগত শতিকাৰ সমাপ্তিৰ সময়তে লেজাৰ(RIPS- Retrograde Intra Renal Surgery) পদ্ধতিৰে বৃক্কৰ পাথৰি ৰোগৰ চিকিৎসা কৰাৰ উপায়্য উদ্ভাৱন হয় আৰু ইয়ে এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বৈপ্লৱিক প্ৰগতি আনে।

লেজাৰ পদ্ধতিৰ অস্ত্ৰোপচাৰৰ এটা অতি তাৎপৰ্যপূৰ্ণ সুবিধা এই যে এই পদ্ধতিৰে চিকিৎসা কৰোতে ৰোগীৰ শৰীৰত কোনো ধৰণৰ ছিদ্ৰ বা কটা-ছিঙা কৰাৰ আৱশ্যকতা নাথাকে। তদুপৰি এই পদ্ধতিৰ চিকিৎসাত আন অস্ত্ৰোপচাৰত হোৱাৰ দৰে ৰক্তক্ষৰণ বা কলাৰ(Tissue) ক্ষতি হোৱাৰ আশংকাও নাথাকে।

লেজাৰ পদ্ধতিৰ চিকিৎসা গ্ৰহণ কৰাৰ বাবে বৃক্কৰ পাথৰি ৰোগীয়ে দীৰ্ঘ সময় চিকিৎসালয়ত থকাৰ আৱশ্যক নহয়। সাধাৰণতে এদিনৰ ভিতৰতে এই চিকিৎসা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। এই চিকিৎসা পদ্ধতি লিথোট্ৰিপছীৰ তুলনাত অধিক ফলপ্ৰসূ হিচাপেও পৰিগণিত হৈছে। আনহাতে, লেজাৰ পদ্ধতিৰে বৃক্কৰ পাথৰ সৃষ্টি হয়, তেন্তে সহজেই পুনৰ এই পদ্ধতিৰে চিকিৎসাত কৰিব পৰা যায়। এই পদ্ধতিৰ চিকিৎসাত বিশেষ কোনো জটিলতাৰো উদ্ৰেক নহয়।

প্ৰোষ্টেট বা পৌৰুষ গ্ৰন্থি হ’ল পুৰুষৰ তল পেটত থকা এক যৌন গ্ৰন্থি। ভাটি বয়সত এই গ্ৰন্থিটোৰ আকাৰ বৃদ্ধি পায় আৰু ইয়াৰ ফলত বহু পুৰুষে প্ৰস্ৰাৱ কৰাত অসুবিধা পোৱাকে ধৰি কেতবোৰ আনুসংগিক সমস্যাৰো সন্মুখীন হয়। ঔষধ জৰিয়তে প্ৰোষ্টেটৰ আকাৰ বৃদ্ধিৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰি যদিও বহু সময়ত ৰোগীৰ অস্ত্ৰোপচাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰে।

কিন্তু বয়সীয়াল লোকসকলৰ বেছিসংখ্যকেই যিহেতু ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ প্ৰভৃতি বয়সজনিত ৰোগত ভুগি থাকে, সেয়েহে তেওঁলোকক অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসা প্ৰদান কৰাট্যো এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰে। বৰ্ধিত প্ৰোষ্টেট গ্ৰন্থিৰ আকাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ‘টাৰ্প’(TURP- Trans Urethral Resection of Prostate) পদ্ধতিৰ অস্ত্ৰোপচাৰ যথেষ্ট ফলপ্ৰসূ যদিও এই চিকিৎসাত ৰক্তক্ষৰণ হোৱাৰ আশংকা থাকে, বিশেষকৈ যিসকলৰ প্ৰোষ্টেটৰ আকাৰ যথেষ্ট বৃদ্ধি পাইছে বা যিসকল লোক উচ্চ ৰক্তচাপত ভুগি আছে অথবা যিসকল লোকে তেজৰ গাঢ়তা হ্ৰাস কৰা ঔষধ সেৱন কৰি আছে- সেইসকলৰ ‘টাৰ্প’ পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰিলে, ৰক্তক্ষৰণ হোৱাৰ আশংকা যথেষ্ট বেছি থাকে। তদুপৰি টাৰ্প পদ্ধতিৰ অস্ত্ৰোপচাৰত আন কেতবোৰ জটিলতাৰো উদ্ভৱ হ’ব পাৰে। ইয়াৰ বিপৰীতে, বৃক্কৰ পাথৰি ৰোগৰ লেখীয়াকৈ বৰ্ধিত প্ৰোষ্টেটৰ অস্ত্ৰোপচাৰো লেজাৰ পাদ্ধতিৰ জৰিয়তে নিৰাপদে তথা ৰোগীয়ে বৰ বিশেষ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ কৰিব পৰা যায়।

লেজাৰৰ বৰ্ধিত প্ৰোষ্টেটৰ অস্ত্ৰোপচাৰ কৰাৰ ক্ষেত্ৰত কেইবাটাও পদ্ধতি গ্ৰহণ কৰিব পাৰে। সেইবোৰ হ’ল- হলমিয়াম(Holmium), ডায়’ডি(Diode), গ্ৰীণলাইট(Green light) আৰু শেহতীয়াকৈ উদ্ভাৱন হোৱা থুলিয়াম লেজাৰ(Thulium Laser)। বাকীকেইবিধ লেজাৰ পদ্ধতিৰ তুলনাত থুলেপ(THULEP- Thulium Laser Exucleation of Prostate) পদ্ধতিৰে চিকিৎসা কৰাৰ সুবিধাবোৰ হ’ল- প্ৰথমতে, এই পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰাৰ সময়ত ৰোগীয়ে তেজৰ গাঢ়তা হ্ৰাস কৰা ঔষধৰ সেৱন বন্ধ কৰাৰ আৱশ্যকতা নাথাকে, দ্বিতীয়তে দিনটোৰ ভিতৰতে এই চিকিৎসা প্ৰক্ৰিয়া সমাপন কৰিব পাৰি, তৃতীয়তে অত্যধিক শাৰীৰিক জটিলতাত ভুগি থকা ৰোগীৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে স্থানীয় সংজ্ঞাহাৰক(Local Anaesthesia) প্ৰয়োগ কৰিও এই পদ্ধতিৰে চিকিৎসা কৰিব পাৰি।

লেজাৰ চিকিৎসা পদ্ধতিত ব্যৱহাৰ কৰা যন্ত্ৰবোৰ অতি জটিল প্ৰযুক্তি সম্পন্ন হোৱা বাবে আৰু এইবোৰৰ ব্যৱহাৰৰ বাবে সূক্ষ্ম কাৰিকৰী দক্ষতাৰ আৱশ্যক হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলত এই চিকিৎসা পদ্ধতি সহজলভ্য হৈ উঠা নাই। কিন্তু এয়া আশা কৰা হৈছে যে অনাগত দিনবোৰত উত্তৰ-পূৰ্বাঞ্চলৰ যথেষ্টসংখ্যক মূত্ৰৰোগ বিশেষজ্ঞই(Urologist) লেজাৰ চিকিৎসা পদ্ধতি সন্দৰ্ভত যথোচিত জ্ঞান তথা দক্ষতা অৰ্জন কৰিব আৰু ইয়াৰ জৰিয়তে এই অঞ্চলৰ ৰোগীসকলেও এই অত্যাধুনিক তথা অতিকৈ ফলপ্ৰসূ চিকিৎসা পদ্ধতিৰে চিকিৎসা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। লগতে এইটোও আশা কৰা হৈছে যে অত্যধিক ব্যয়বহুল লেজাৰ যন্ত্ৰবোৰৰ মূল্য অদূৰ ভৱিষ্যতে হ্ৰাস পাব। সাৰ্বসাধাৰণ লোকৰ স্বাস্থ্য বীমাকৰণ হ’লেও এই ধৰণৰ চিকিৎসা গ্ৰহণ কৰাটো সহজসাধ্য হ’ব। চৰকাৰেও যদি এই ধৰণৰ চিকিৎসা গ্ৰহণ কৰাৰ বাবে ৰোগীসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে আঁচনি গ্ৰহণ কৰে, তেন্তে সেয়া অতি আশাব্যঞ্জক কথা হ’ব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(অমল ভাগৱতী)

শেহতীয়া উন্নীতকৰণ: : 11/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate