মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / শকত হোৱা জানো নিৰাপদ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শকত হোৱা জানো নিৰাপদ

শকত হোৱা জানো নিৰাপদৰ বিষয়ে লিখা হৈছে

 

ভাৰতবৰ্ষ এখন দৰিদ্ৰ দেশ। এইখন দেশত ভাল বস্তু কিনি খাবলৈ পোৱাটো সপোনৰ কথা। গাখীৰ-মৌ, ঘিঁ-মিঠাতেলৰ পৰা ৰোগ আৰোগাৰ বাবে খোৱা ঔষধলৈকে সকলোতে ভেজালৰ চিন্তা। তথাপি ভাৰতীয় মানুহ শকত। পূৰ্বতে মানুহৰ ধাৰণা আছিল— শকত হোৱাকে ভাল স্বাস্থ্য সূচায়। এতিয়া গাঁৱে-চহৰে সকলো মানুহে বুজে-শকতত শত্ৰুতাৰ কথা। তথাপি এনে মানুহেই বেছি যি শকতক বাধা দিব নোৱাৰে।

আমাৰ নাৰীসকল বর্তমান সৌন্দৰ্য্যৱতী হোৱাৰ অধিক সাধনাত ব্ৰতী হোৱা দেখা গৈছে। পদূলিয়ে পদূলিয়ে বিউটিপার্লাৰ গঢ়ি উঠিছে। কিন্তু বিউটী পাৰ্লাৰলৈ যোৱা বা সৌন্দর্য চেতনা থকা প্ৰতিগৰাকী নাৰীৰ খীণ বা লাহী শৰীৰ দেখিবলৈ পোৱা যায়নে? বহুতেই ফেচিয়েল কৰে। পেডিকিউৰি, মেনিকিউৰ কৰি হাত-ভৰি ধুনীয়া কৰে। বহুতে অত্যাধুনিক পোছাকেৰে বহুতৰ মাজত অনন্য হৈ জিলিকি উঠিব খোজে, বহুতে পিন্ধে দামী অলংকাৰ। কিন্তু শৰীৰটো লাহী কৰাৰ কষ্টখিনি কিমানে কৰে। পিছে কষ্ট আৰু ত্যাগ নকৰিলে খীণ-লাহী শৰীৰ এটা পোৱাৰ পৰা বঞ্চিত হোৱাই স্বাভাৱিক। শকত হোৱাৰ প্রথম সমস্যা হৈছে শকত হোৱাসকলে নিজৰ শকত শৰীৰক লৈ প্রায়ে বিষন্নতাত ভোগে। সকলো সময়তে নিজৰ শৰীৰটোৰ চিন্তা, পিছে শকতক বাধা দিব পৰা শক্তি কিন্তু নিজৰ হাততে।

কম বয়সৰ পৰা সাৱধানতা

 

ছোৱালীকালতে খীণ হৈ থাকিলেও ত্ৰিশ বছৰৰ পাছৰ পৰা বেছিভাগ ছোৱালীৰে স্বাস্থ্য উন্নত হ’বলৈ ধৰে। সন্তান জন্মাৰ পাছত শৰীৰৰ গঠন সলনি হৈ পৰে। ক্ৰমান্বয়ে পেট, তপিনা, বাহু, কান্ধত মঙহৰ ভৰ বাঢ়িবলৈ আৰম্ভ কৰে। আগৰ পৰা ব্যায়াম কৰাৰ অভ্যাস থাকিলে ভাল কথা। অভ্যাস নথকাসকলে এইখিনি সময়ৰে পৰা নিয়মিত ব্যায়াম কৰা আৰম্ভ কৰিব লাগে।

সোনকালে শুই উঠা-

 

সোনকালে শুই উঠি নিয়মিত ব্যায়াম কৰক নাইবা অন্ততঃ তিনি মাইল নির্তেী খোজ কাঢ়ক। খোজ কঢ়াৰ লগতে কিছু ব্যায়াম কৰাও ভাল। পুৱা সোনকালে শুই উঠাসকলৰ ছাল-চকু, স্বাস্থ্য সকলো সঠিক থাকে। দুপৰীয়া শোৱাৰ অভ্যাস থকাসকলৰ চকুৰ তলত চাপ বহুৱায়। কাৰো কাৰো ক্ষেত্ৰত মূৰ কামোৰণিও হোৱা দেখা যায়। সাধাৰণতে দুশ্চিন্তাৰ ফলতে মূৰৰ বিষ হয়। দুপৰীয়া শোৱা বেয়া, এনে দুশ্চিন্তা বা অপৰাধভাৱে মনত লৈ শোৱা বাবেই বহুতৰ দুপৰীয়া শুলে মূৰ বিষায় বা বিষন্নতাৰ ভাব আহে বুলি বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে।

খোৱা-বোৱা-

 

সপ্তাহত দুটা মূৰ্গী কণী খোৱাৰ বাহিৰে সংখ্যা নবঢ়োৱাই ভাল। ভাতৰ পৰিমাণ কাম কৰি দাইল তৰকাৰিৰে পেট ভৰাবলৈ চাব। লঘু বস্তু সোনকালে হজম হৈ পেটৰ পৰিসৰ কমাই ৰখাত সহায় কৰিব। মাছ যথেষ্ট পৰিমাণে খাব পাৰে। কিন্তু মাংসৰ পৰিমাণ একেবাৰে কমাব। তাৰ বাহিৰে মাখন, ঘিঁ, তেল, অধিক চর্বিযুক্ত খাদ্য ইত্যাদি খোৱাটো কমাবই। ফল-মূল, কেঁচা চালাডক গুৰুত্ব দিব। ত্রিশ বছৰৰ পাছৰ পৰাই এইখিনি সাৱধানতা লোৱা উচিত।

কাম কৰা-

 

ঘৰুৱা কাম যিমান পৰা যায় নিজে কৰা উচিত। কাম কৰিলে দেহ-মনৰ আলস্য ভাব নাইকিয়া হয় আৰু শৰীৰ মন সক্ৰিয় হৈ থাকে। ফলত যথেষ্ট আত্মবিশ্বাসৰ ভাব থাকে। শৰীৰ সঞ্চালন কৰি থকাও এটা ব্যায়াম। কামে মনৰ আনন্দ যোগায়। শৰীৰ তজবজীয়া হৈ থাকিলে মেদ জমা হ’বলৈ সুবিধা নাপাব।

ত্ৰিশ বছৰৰ পাছৰ পৰাই মেদহীনতাৰ বাবে সচেষ্ট হ’ব লাগে। অতি বেছি শকত হৈ পৰিলে মেদ কমোৱা কঠিন হৈ পৰে। গতিকে প্ৰথমৰে পৰা খাদ্যাভ্যাস, ব্যায়াম আদিৰ প্ৰতি মনোযোগী হোৱা উচিত।

লেখিকা: অংশুমা শইকীয়া, অসম বাণী।

3.08
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top