মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / শৌচদ্বাৰ আৰু মলাশয়ৰ বিভিন্ন ৰোগ আৰু তাৰ আয়ুৰ্বেদিক প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৌচদ্বাৰ আৰু মলাশয়ৰ বিভিন্ন ৰোগ আৰু তাৰ আয়ুৰ্বেদিক প্ৰতিকাৰ

শৌচদ্বাৰ আৰু মলাশয়ৰ বিভিন্ন ৰোগ আৰু তাৰ আয়ুৰ্বেদিক প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

 

অতীত কালৰ পৰাই মলাশয় আৰু গুহ্যদ্বাৰৰ বিভিন্ন ৰোগৰ লগত মানুহ পৰিচিত যদিও আধুনিক জীৱনৰ ব্যস্ততা আৰু কৃত্ৰিম জীৱন যাপন শৈলীৰ বাবে এনেধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা দেখা গৈছে। প্ৰাথমিক অৱস্থাত ৰোগ নিৰূপন কৰিব পাৰিলে, উপযুক্ত চিকিৎসা তথা খাদ্যাভ্যাস আৰু জীৱন শৈলীৰ শুধৰণি কৰি ইয়াক নিৰ্মূল কৰিব পাৰি। প্ৰাৰম্ভিক সময়ত উপযুক্ত চিকিৎসা নকৰিলে এই ৰোগবোৰে কালক্ৰমত জটিল ৰূপ ধাৰণ কৰে। কিন্তু লাজ, শংকা বা সজাগতাৰ অভাৱত মানুহে বিপথে পৰিচালিত হৈ যমৰ যাতনা ভূগিব লগা হয়। সেয়েহে এই বিষয়ত সজাগতাৰ বিশেষ প্ৰয়োজন আছে ।
সাধাৰণতে মানুহে গুহ্যদ্বাৰ বা মলাশয়ৰ যিকোনো ৰোগকেই পাইলছ (Piles) নাম দিয়া দেখা যায়। তাৰ ফলত প্ৰকৃত চিকিৎসাৰ পৰা বঞ্চিত হৈ ৰোগী মৃত্যুমুখত পৰা পৰ্য্যন্ত দেখা যায়। আচলতে গুহ্যদ্বাৰ বা মলাশয়ত সাধাৰণ ফোঁহাৰ পৰা মাৰাত্মক কৰ্কট ৰোগলৈকে বিভিন্ন ৰোগ হব পাৰে। গুহ্যদ্বাৰ বা মলাশয়ত বেছিকৈ হোৱা ৰোগবিলাক হৈছে পৰিকৰ্ত্তিকা, অৰ্শ, ভগণ্ডৰ, বিভিন্ন ধৰণৰ কৰ্কট ৰোগ ইত্যাদি।

পৰিকৰ্ত্তিকা -


পৰিকৰ্ত্তিকা বা ফিছাৰ -ইন-এনো (Fissure in ano) হৈছে গুহ্যদ্বাৰত হোৱা এক প্ৰকাৰৰ দীঘলীয়া বা ৰৈখিক আকাৰৰ ঘাঁ। ইয়াৰ কাৰণ হৈছে অতিশয় কঠিন মলত্যাগ বা অত্যাধিক অতিসাৰ বা অন্য যিকোনো ধৰণৰ আঘাত।আন কাৰণবোৰ হব পাৰে: বিভিন্ন আন্তৰিক ৰোগ, গৰ্ভাৱস্থা আৰু প্ৰসৱ ইত্যাদি। এই ৰোগৰ প্ৰধান লক্ষণ হৈছে বেদনা। মলত্যাগৰ সময়ত তীব্ৰবেদনা আৰু তাৰ পিছত পোৰনিৰ অনুভৱ হব পাৰে।বেদনাৰ ভয়ত ৰোগীয়ে মলত্যাগ নকৰিব আৰু ফলত অত্যাধিক কোষ্ঠকাঠিন্য হৈ ৰোগীৰ অৱস্থা আৰু বেয়ালৈ লৈ যায়। শৌচৰ লগত তেজ যোৱাটো আন এটা লক্ষণ। লগতে খজুৱতি আৰু মূত্ৰত্যাগত অসুবিধা পাৱ পাৰে। মলমাৰ্গ সংকুচিত হৈ যোৱাৰ ফলত মলত্যাগ আৰু বেছি কঠিন হৈ পৰে। প্ৰথম অৱস্থাত সঠিক আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰেৰে এই ৰোগ পুৰামাত্ৰাই ভাল হোৱাৰ সম্ভাৱনা থাকে। কিন্তু পুৰণি হৈ গলে উপযুক্ত শল্যাচিকিতসাৰ প্ৰয়োজন হয়।

অৰ্শৰোগ -


অৰ্শৰোগ বা 'পাইলছ' বা 'হিমোৰইডছ' আন এবিধ দুৰ্বিসহ ৰোগ। এই ৰোগত ভোগা ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে বেছি। অৰ্শৰোগত মলাশয়ৰ সিৰা বিভিন্ন কাৰণত ফুলি উঠে। ফলত মলত্যাগৰ সময়ত ৰক্তক্ষৰণ আৰু/অথবা শৌচদ্বাৰ ফুলি উঠে, যিটো মলত্যাগ হোৱাৰ পিছত ভিতৰত সোমাই যায়। অৱশ্যে প্রবৃদ্ধ অৱস্থাত ঠেলি দিব লগা হয়। এটা সময়ত ফুলি উঠা মঙহ ঠেলি দিলেও ভিতৰত নোযোৱা হয়। তেতিয়া খুব বিষ অনুভৱ হয়। ইয়াৰ কাৰণবোৰ হব পাৰে পুৰনি হোৱা অতিসাৰ বা কৌষ্ঠকাঠিন্য, দীর্ঘসময় বহি কাম কৰা, শৌচাগাৰত লগাত কে বেছি সময় বহি থকা, স্থূলতা, যকৃতৰ বিভিন্ন ৰোগ, গৰ্ভধাৰণ বয়সবৃদ্ধি ইত্যাদি।খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ শুধৰণি আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শমতে ঔষধ ব্যৱহাৰ কৰিলে নতুন অৱস্থাত এই ৰোগ সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ সুবিধা আছে। কিন্তু প্ৰাৰম্ভিক অৱস্থাত উপেক্ষা কৰিলে এই ৰোগ যিমান পুৰনি হয় সিমানেই জটিল ৰূপ ধাৰণ কৰে। পুৰনি তথা জটিল ৰোগৰ ক্ষেত্ৰত শল্য চিকিৎসাৰ প্ৰয়োজন হয়।

ভগণ্ডৰ -


ভগণ্ডৰ বা 'ফিষ্টুলা -ইন-এনো' এক অতি কষ্টসাধ্য ৰোগ। উপযুক্ত চিকিৎসা অবিহনে এই ৰোগে বাৰে বাৰে আক্ৰমণ কৰি, ৰোগীৰ জীৱন দুৰ্বিসহ কৰি তোলে। এই ৰোগত মলাশয় আৰু গুহ্যদ্বাৰৰ ভিতৰ আৰু বাহিৰ সংযোগ কৰি সুৰংগ আকৃতিৰ মাৰ্গ সৃষ্টি হয়। সাধাৰণতে বিভিন্ন কাৰণত গুহ্যদ্বাৰ আৰু মলাশয়ৰ আশে-পাশে আভ্যন্তৰীণ অংশত ফোঁহা জাতীয় ঘাঁ হলে বেচিভাগ সময়ত ভালদৰে নুশুকায়, ফলত ভিতৰত জমা হোৱা লেতেৰা মল, পূঁজ আদি ওলাবলৈ মাৰ্গ বনায় আৰু এনেদৰেই ভগণ্ডৰ ৰোগৰ সৃষ্টি হয়।
এই ৰোগৰ পৰা মুক্তি হবলৈ হলে, ৰোগৰ প্ৰকৃত কাৰণ নিৰূপন কৰা অতি দৰকাৰ। সেয়েহে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই তেওঁলোকৰ উপদেশ মতে চিকিৎসা কৰা ভাল। কেৱল খোৱা ঔষধ ব্যৱহাৰ কৰি এই ৰোগত সুফল পোৱা নাযায়। ভগণ্ডৰ ৰোগৰ চিকিৎসাৰ বাবে বিভিন্ন শল্যচিকিৎসাৰ পদ্ধতি আছে। কিন্তু বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া আৰু ৰোগৰ পুনৰোত্থানৰ বাবে ইয়াৰ নিৰাময় কঠিন হৈ পৰে।
ভগণ্ডৰ ৰোগৰ আটাইতকৈ সফল চিকিৎসা পদ্ধতি হৈছে আয়ুৰ্বেদিক ক্ষাৰসূত্ৰ চিকিৎসা পদ্ধতি। ক্ষাৰসূত্ৰৰ জৰিয়তে ভগণ্ডৰ মাৰ্গৰ অস্বাভাৱিক কলাসমূহ আঁতৰাই তাত স্বাভাৱিক কলা পুনৰ স্থাপিত কৰা হয়। আন শস্ত্ৰ চিকিৎসাৰ তুলনাত ক্ষৰসূত্ৰ পদ্ধতি বেছি কাৰ্যকৰী হোৱাৰ লগতে খৰছৰ ফালৰ পৰাও ই লাভদায়ক আৰু ৰোগীৰ কাৰণে সুবিধাজনক কাৰন দীৰ্ঘদিন ধৰি চিকিসালয়ত ভৰ্ত্তি হোৱাৰ প্ৰয়োজন সাধাৰণতে নহয়।
আনহাতে ক্ষৰসূত্ৰ পদ্ধতিত কোনো পাৰ্শ্বক্ৰিয়া হোৱা সহজতে দেখা নাযায়। সেয়েহে ক্ষৰসূত্ৰ চিকিৎসা পদ্ধতি আৰু লগতে কিবা আনুষংগিক ৰোগ থাকিলে তাৰ চিকিৎসা কৰিলে ভগণ্ডৰ ৰোগ নিৰাময়ৰ সম্পূৰ্ণ সম্ভাৱনা থাকে।

কৰ্কটৰোগ -


গুহ্যদ্বাৰ বা মলাশয়ৰ কৰ্কটৰোগ চিকিসালয়ত সাধাৰণতে পাই থকা আন এবিধ ৰোগ। বেছিভাগ মানুহেই লাজ-শংকাৰ বশৱৰ্তী হৈ বা সাধাৰণ বেমাৰ বুলি ঘৰুৱা বনৌষধি ব্যৱহাৰ কৰি থাকে। ফলত ৰোগ অতি দূৰুহ পৰ্যায়লৈ গৈ পাই গুহ্যদ্বাৰ বা মলাশয়ত বিভিন্ন ধৰণৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। প্ৰথম অৱস্থাত ই কোনো বিশেষ লক্ষণ বা অসুবিধাৰ সৃষ্টি নকৰিবও পাৰে। ৰোগৰ অগ্ৰগতিৰ লগে লগে ৰক্তপাত, বিষ, অনিয়মীয়া শৌচ, টেমুনা বা বিভিন্ন ধৰণৰ ঘাঁ উৎপন্ন হব পাৰে। সময়মতে উপযুক্ত চিকিৎসা নললে এই ৰোগ সোনকালেই নিশ্চিত মৃত্যুকাৰক হৈ উঠে।
উল্লেখযোগ্য যে ওপৰোক্ত ৰোগসমূহ নিজেই ৰোগ হোৱাৰ উপৰিও আন বিভিন্ন ৰোগৰ লক্ষণ হব পাৰে। যথেষ্ট পৰিমাণে সেউজীয়া শাক-পাচলি ভোজন, নিয়মীয়া শাৰীৰিক ব্যায়াম, জীৱন যাপন, সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ আদিৰ দ্বাৰা এইৰোগ প্ৰশমন আৰু প্ৰতিৰোধত সহায় হয়।

লেখক :-ডাঃ বিনোদ কলিতা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top