মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / শীঘ্ৰপতন কি আৰু ইয়াৰ কাৰণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীঘ্ৰপতন কি আৰু ইয়াৰ কাৰণ :

শীঘ্ৰপতন কি আৰু ইয়াৰ কাৰণৰ বিষয়ে লিখা হৈছে ।

 

বৈজ্ঞানিক পৰিভাষা জনাৰ আগলৈকে শীঘ্ৰপতন সম্বন্ধে এনেদৰে কোৱা হৈছিল- “লিংগ যোনিত প্ৰৱেশ কৰাৰ পূৰ্বে অথবা প্ৰৱেশ কৰাৰ লগে লগে হোৱা বীৰ্যৰ স্খলনকে শীঘ্ৰপতন বোলা হয়”। অৰ্থাৎ বীৰ্যৰ তাৎক্ষণিক স্খলনেই শীঘ্ৰপতন। বিবাহিত পুৰুষৰ ই এক ডাঙৰ সমস্যা যদিও আজিৰ পৰা দহ পোন্ধৰ বছৰ আগলৈকে হিয়াক গভীৰ সমস্যা হিচাবে ধৰা নহৈছিল। কিন্তু স্ত্ৰী বা যৌন সঙ্গীৰ চৰম আনন্দৰ বিষয়টো  বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ পৰিগণিত হোৱাৰ পিছত ইয়াক এটা গভীৰ সমস্যা হিচাবে গণ্য কৰা হ’ল। বিশেষকৈ মাষ্টাৰ এণ্ড জনচনৰ গৱেষণাৰ পিছত স্ত্ৰী আৰু পুৰুষৰ উভয়ৰে দৃষ্টিত শীঘ্ৰপতন এটা গভীৰ সমস্যাৰ ৰূপত পোহৰলৈ আহে। যৌন সুখ দুয়োজন যৌন সংগীৰে অনিবাৰ্য্য অধিকাৰ হিচাবে গণ্য কৰা হয় আৰু পুৰুষৰ শীঘ্ৰপতনে এই অধিকাৰৰ পৰা দুয়োকে বঞ্চিত কৰে।

শীঘ্ৰপতন সম্পৰ্কে বিশেষজ্ঞসকলে দিয়া মত -

ক)অধ্যাপক কিনচৰ মতে, লিংগ যোনিত প্ৰৱেশ কৰাৰ পিছত যদি স্খলন এক বা দুই মিনিটৰ পিছত হয়, তেন্তে এই স্থিতিক শীঘ্ৰপতন আখ্যা দিয়া হয়।

খ)মাষ্টাৰ এণ্ড জনচনৰ মতে, নাৰীৰ পূৰ্ণ সন্তুষ্টিৰ বাবে প্ৰয়োজনীয় সময়লৈ যদি কোনো পুৰুষে স্খলন শতকৰা পঞ্চাছ শতাংশবাৰলৈ নিজৰ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে তেন্তে তাকো শীঘ্ৰপতন বুলি কোৱা হয়। অৱশ্যে স্ত্ৰীৰ চৰম অৱস্থা প্ৰাপ্তিৰ বাবে নিজা কোনো সমস্যা থাকিলে পুৰুষ সংগীজনক শীঘ্ৰ পতনৰ বাবে দায়ী বুলি ক’ব পৰা নেযাব।

গ)আমেৰিকাৰ মূত্ৰ বিজ্ঞান সংস্থানৰ বিৱৰণ অনুসৰি শীঘ্ৰপতন হ’ল এনে এটা অৱস্থা য’ত পুৰুষে ৩০ ছেকেণ্ডতকৈ অধিক সময় স্খলন নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে। আন চিকিৎসা কেন্দ্ৰই ইয়াৰ ৬০ ছেকেণ্ড সময় ধাৰ্য কৰিছে।

ঘ)ডাঃ ডেভিদ ৰুবেনৰ মতে, যদি কোনো পুৰুষে ৫-১০ মিনিটলৈ যোনিত লিংগৰ্গ দ্বাৰা ঘৰ্ষণ নকৰে তেন্তে ইয়াক শীঘ্ৰপতনৰ পৰিসীমালৈ অনা উচিত। তেওঁৰ মতে, এনেক্ৰিয়া স্ত্ৰীক সন্তুষ্ট কৰাৰ সলনি পুৰুষৰ বাবে আত্মৰতি সমপৰ্যায় হয়গৈ।

ঙ)আমেৰিকাৰ বিজ্ঞানী ডিব্ৰেগেলডৰ মত অনুযায়ী যদি কোনো ব্যক্তিয়ে নিজৰ স্খলন ঐচ্ছিক ৰূপত নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হয় অথবা বীৰ্য কেতিয়া স্খলন কৰিব সেইটো তেওঁৰ নিয়ন্ত্ৰণত নাথাকে তেন্তে তাক শীঘ্ৰপতন বোলা হয়। এই ক্ষেত্ৰত ঘৰ্ষণৰ সংখ্যা, সময়ৰ হিচাব আৰু সঙ্গীৰ চৰম আনন্দৰ ব্বিষটো মূল্যৱান নহয়।

চ)হেলেন চিঙ্গাৰ কেপলানৰ মতে, যেতিয়া ‘পুৰুষে উত্তেজনাৰ চৰম অৱস্থাৰ কাষ চাপি আহে তেতিয়া যদি নিজৰ ইচ্ছানুসাৰে স্খলনত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে তেন্তে তাক শীঘ্ৰপতনৰ শ্ৰেণীত ৰাখিব লাগিব। এনে ব্যক্তিয়ে চৰম অৱস্থা আৰু স্খলন ক্ৰিয়া এই দুয়োটাৰে ওপৰৰ নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে। ইয়াক কেপলানে ‘জনন নিঃচেতনা’ হিচাবে আখ্যা দিছে।

ছ)কোনো কোনো বিশেষজ্ঞৰ মতে, স্খলন আৰু পৰমানন্দ দুয়োটাই সুকীয়া। স্খলন জননাংগৰ দ্বাৰা হয় আৰু চৰম আনন্দ মস্তিষ্কৰ উপলব্ধি। ইয়াক শীঘ্ৰ পৰমানন্দ হিচাবে গণ্য কৰা উচিত।

কিছুমান বিশেষ পৰিস্থিতিক বাদ দি যদি কোনো পুৰুষে বীৰ্য স্খলনত ঐচ্ছিক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে তাক শীঘ্ৰ পতনৰ শাৰীত পেলাব পাৰি। এই বিশেষ পৰিস্থিতিবোৰ হ’ল- প্ৰথম সম্ভোগ, দীঘলীয়া বিৰতিৰ পাছত হোৱা মিলন, নতুন যৌন সঙ্গী, দীঘলীয়া প্ৰাক-ক্ৰিয়া, কোনো উত্তেজিত দৃশ্য দেখা, শাৰীৰিক ভাগৰ আদি। একেদৰে এবাৰ দুবাৰ হোৱা শীঘ্ৰস্খলনক শীঘ্ৰপতনৰ শাৰীত পেলাব নোৱাৰি। যদি এই প্ৰক্ৰিয়া বাৰে বাৰে আৰু একেৰাহে হ’বলৈ লয় তেন্তে তাক শীঘ্ৰ পতন বুলিব পাৰি।

শীঘ্ৰপতনৰ কাৰণ -

শীঘ্ৰপতনৰক কাৰণসমূহক দুটা ভাগত ভগোৱা হয়, শাৰীৰিক আৰু মানসিক। ইয়াৰ মানসিক কাৰণসমূহ এনেধৰণৰ-

যুৱাৱস্থাত বহুতেই হস্তমৈথুনত ৰত হয়। এই কাৰ্য অতি গোপনে কৰে যাতে আনে দেখা নাপায়। স্খলনো সোনকালে হোৱাটো বিচাৰে যাতে আনন্দ প্ৰাপ্তি শীঘ্ৰে হয়। পৌনঃপুনিক এনে কাৰ্যই যৌনকৰ্মৰ এটি ঠাচ বা পেটাৰ্ণ গঢ়ি তোলে। বিবাহৰ পিছত স্বাভাৱিক যৌনক্ৰিয়াত এনে ব্যক্তিয়ে বীৰ্যৰ স্খলনত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে।

পতিতাগমনৰ অভ্যাস থকাসকলৰ বহু লোক এই ৰোগৰ বলি হয়। নিজৰ সুবিধাৰ বাবে পতিতাই এনেধৰণৰ ব্যৱহাৰ কৰি যাতে পুৰুষ শীঘ্ৰে স্বয়ং স্খলিত হয়। তাৰোপৰি যৌনকৰ্মীৰ ব্যৱহাৰ, অপৰিষ্কাৰ পৰিৱেশ আৰু বাতাবৰণৰ আদিও শীঘ্ৰপতনৰ কাৰণ হৈ পৰে।

বিবাহৰ পূৰ্বে অথবা বিবাহৰ পিছত গৰ্ভধাৰণৰ ভয়ত কোনো ব্যক্তিয়ে যোনিৰ বাহিৰত বীৰ্য স্খলন কৰিবলৈ লয়। আলিংগন, ঘৰ্ষণ আদিৰে স্খলন ঘটোৱে এনে ব্যক্তি পিচলৈ শীঘ্ৰপতনৰ বলি হয়।

ফ্ৰয়েডৰ মতে, শীৰ্ঘপতন ই ডি পাচ কমপ্লেক্সৰ ফল। তেওঁৰ মতে, শিশুকালত স্ত্ৰীৰ প্ৰতি ঋণাত্মক বিচাৰধাৰা শীঘ্ৰপতনৰ কাৰণ। শিশুৱে সৰুকালত পোৱা কোনো আঘাতৰ বাবে যৌৱন কালত প্ৰতিশোধ ল’বলৈ বিচাৰে। শিশুকালত মাকৰ পৰা পোৱা কঠোৰ অনুশাসন, কঢ়া ব্যৱহাৰ, পিতাকৰ অপমান, নিৰাশা আদিৰ ফলস্বৰূপে অন্য স্ত্ৰীক নপ্ৰেম বা সুখ নিদিয়াকৈ শীঘ্ৰে বীৰ্য স্খলন কৰি শিশুকালৰ বিৰুদ্ধ ভাবৰ পুষ্টিসাধন কৰে আৰু এনেকৈ প্ৰতিশোধ লয়।

কোনো কোনো সময়ত পতি-পত্নীৰ বিৰোধী মনোভাৱ শীঘ্ৰপতনৰ কাৰণ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত ই পুৰুষৰ উষ্ণতা প্ৰকাশৰ মাধ্যম হৈ পৰে। পুৰুষ নিজে যথাযথভাৱে সন্তুষ্ট হৈ স্ত্ৰীক অসন্তুষ্ট ৰূপত এৰি দিয়ে। যৌন বিশেষজ্ঞ লিও চলমানে এনে উদাহৰণ দাঙি ধৰি কৈছে যে, বহুতো ক্ষেত্ৰত নাৰীয়ে যৌন ক্ৰিয়াত মুখ্য ভূমিকা লোৱাটো বহু পুৰুষে নিবিচাৰে। বাস্তৱ ক্ষেত্ৰতো দেখা যায় যে সৰুকালিৰ পৰা পুৰুষৰ মস্তিষ্কত এইটো সুমুৱাই দিয়া হয় যে- পুৰুষসকল সকলোপিনৰ পৰা নাৰীতকৈ শ্ৰেষ্ঠ। ইয়াৰ বাবে যৌনকৰ্মত পুৰুষে বিপৰীত ক্ৰিয়া গ্ৰহণ কৰে। অৰ্থাৎ স্ত্ৰীয়ে যেতিয়া মুখ্য  ভূমিকা গ্ৰহণ কৰিবলৈ লয় পুৰুষে শীঘ্ৰ স্খলন কৰে।

কেতিয়াবা অধিক উত্তেজনাও শীঘ্ৰ পতনৰ কাৰণ হয়। কোনো কোনো লোকে সম্ভোগৰ প্ৰাক ক্ৰীড়াত ইমান বেছি সময় লয় যে সম্ভোগৰ লগে লগে স্খলন হৈ যায়।  কিছুমান পৰিস্থিতিত  প্ৰাক ক্ৰীড়াৰ পিছত সম্ভোগ অবিহনে স্খলন হয়। দৰাচলতে এনে ব্যক্তিয়ে অধিক সংবেদনশীলতাৰ বাবে সম্ভোগৰ পূৰ্বে ইমান উত্তেজিত হয় যে ই চৰম আনন্দৰ কাষ চাপে। পিছত যেতিয়া বাস্তৱিক সম্ভোগ হয় তেতিয়ালৈ স্খলন নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

শীঘ্ৰপতনৰ অন্যতম কাৰণ মানসিক চাপ। ব্যক্তিগত, পাৰিবাৰিক অথবা বৃত্তিগত কাৰণত ব্যক্তিৰ মানসিক চাপ বাঢ়ে। এনে চাপত থকাসকলৰ ধ্যান যৌন ক্ৰিয়াতকৈ আন দুঃশ্চিন্তাৰে আবৰি থাকে। শৰীৰ বিচাৰিলেও মনৰ সহযোগিতা নাথাকে। মস্তিষ্কৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰা এনে ব্যক্তিৰ স্খলন শীঘ্ৰে হয়।

এগৰাকী যৌন বিজ্ঞানীৰ মতে, কিছুমান পুৰুষৰ শীঘ্ৰপতনৰ প্ৰবৃত্তি এটা আছে। কোনো ধৰণৰ শাৰীৰিক অথবা মানসিক কাৰণ নোহোৱাকৈ ব্যক্তি শীঘ্ৰপতনৰ গ্ৰাসত পৰে। ইয়াক তেওঁ “ৰেপিড ৰিফ্লেক্স মেকানিজিম” আখ্যা দিছে।

তেওঁৰ মতে এনে ৰিফ্লেক্স কিছুমান এক্সাৰচাইজৰ দ্বাৰা কম কৰিব পাৰি।

এইখিনিতে উল্লেখনীয় যে শীঘ্ৰপতন আৰু নপুংসকতা দুটা ভিন্ন অৱস্থা। কোনো পৰিস্থিতিতে শীঘ্ৰপতনক নপুংসকতা হিচাব ধৰি ল’ব নালাগে। শীঘ্ৰপতন দীঘলীয়া সময় ধৰি ল’ব নালাগে। শীঘ্ৰপতন দীঘলীয়া সময় ধৰি চলি থাকিলে পিছলৈ মানসিক কাৰণতে ব্যক্তিজন নপুংসকতাৰ চিকাৰ হ’বগৈ পাৰে।

শাৰীৰিক কাৰণ:

শীঘ্ৰপতনৰ কাৰণ পোনতে ভবাৰ দৰে কেৱল মানসিক নহৈ শাৰীৰিকো হ’ব পাৰে। ইয়াৰ মুখ্য কাৰণ জনন আৰু মূত্ৰ তন্ত্ৰৰ সংক্ৰমণ। এই সংক্ৰমণ বিভিন্ন ধৰণৰ হ’ব পাৰে। যদি সংক্ৰমণৰ চিকিৎসা কৰা নহয়, তেন্তে ই প্ৰোষ্টেট গ্ৰন্থিক আক্ৰান্ত কৰিব পাৰে। ইয়াক প্ৰোষ্টেটাইটিচ বোলা হয়। এই সংক্ৰমণৰ ফলত মূত্ৰনলীত উত্তেজনা বাঢ়ে। উত্তেজনা আৰু সংক্ৰমণৰ ফলত বীৰ্যও সংক্ৰমিত হয়। কাৰণ মূত্ৰ আৰু বীৰ্যৰ পথ একেটাই। মূত্ৰ আৰু বীৰ্য বিসৰ্জনক নিয়ন্ত্ৰণ কৰে মূত্ৰনলীত অৱস্থিত এটি ভালভে। কোনো ৰোগৰ বাবে এই ভালভ বেয়া হ’লে মূত্ৰৰ জৰিয়তে বীৰ্য বাহিৰলৈ আহে। যাক ধাতু ৰোগ বুলি কোৱা হয়। এই সংক্ৰমণৰ কাৰণ আৰু চিকিৎসা হ’লেহে এনে উপসৰ্গ দূৰ হ’ব পাৰে। মধুমেহ আৰু তন্তুকোষৰ ৰোগত ভোগা কিছুমান ৰোগী শীঘ্ৰপতনৰ চিকাৰ হ’ব পাৰে।

লেখিকা: ডাঃ জয়শ্ৰী শইকীয়া(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.60714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top