মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / শীত কালত হব পৰা এবিধ ৰোগ ৰেনোদ'ছ ৰোগ Raynaud's Disease আৰু ইয়াৰ প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীত কালত হব পৰা এবিধ ৰোগ ৰেনোদ'ছ ৰোগ Raynaud's Disease আৰু ইয়াৰ প্ৰতিকাৰ

শীত কালত হব পৰা এবিধ ৰোগ ৰেনোদ'ছ ৰোগ Raynaud's Disease আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

এতিয়া শীতকাল চলি আছে। এই সময়ত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। তাৰ ভিতৰত অন্যতম হৈছে ৰেনোদ'ছ ৰোগ (Raynaud's disease) নামৰ এবিধ ৰোগ। ই এবিধ ৰক্তবাহী নালিকাৰ ৰোগ। মহিলাসকল এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। ঘৰৰ যাৱতীয় কামবোৰ কৰোতে যেনে বাচন ধোঁৱা, কাপোৰ ধোঁৱা, ঘৰ মচা আদি কামবোৰ কৰোঁতে মহিলাসকলে ঠাণ্ডা পানী চুই থাকিব লগা হয়। বহুতো মহিলাই মোজা নিপিন্ধে বা খালি ভৰিৰে কাম কৰে। ফলত অতিপাত ঠাণ্ডাৰ সংস্পৰ্শলৈ আহি শীতকালত বহুতো মহিলা এই ৰোগত ভোগা দেখা যায়।

ৰেনোদ'ছ ৰোগ কি?

ৰেনোদ'ছ ৰোগৰ সঠিক কাৰণ জনা নাযায়। ই এবিধ ৰক্তবাহী নালিকাৰ ৰোগ। অতিপাত ঠাণ্ডাত উন্মুক্ত হৈ থকা হাত আৰু ভৰিৰ আঙুলিবোৰ সাধাৰণতে আক্ৰান্ত হোৱা দেখা যায়। বেছি ঠাণ্ডাত ৰক্তবাহী নলিকাবোৰৰ সংকোচন ঘটে । ফলত সেই অংগত তেজ চলাচল বাধাপ্ৰাপ্ত হয়। সাধাৰণতে হাত ভৰিৰ আঙুলি আক্ৰান্ত হোৱা দেখা যায় যদিও কেতিয়াবা ওঁঠ, নাক, কাণ আদিও প্ৰভাৱিত হব পাৰে।

ৰোগৰ লক্ষণসমূহ -

  • শৰীৰৰ যিখিনি ঠাই খুব বেছি ঠাণ্ডাত মুকলি হৈ থাকে, সেই ঠাইৰ ছালৰ ৰং সলনি হোৱা, প্ৰথমে বগা আৰু পিছলৈ নীলা হয়। সাধাৰণতে হাত আৰু ভৰিৰ আঙুলি সহজে আক্ৰান্ত হয়।
  • আক্ৰান্ত হোৱা ঠাইত তত নোহোৱা হোৱা।
  • কিহবাই বিন্ধিলে যেনেকুৱা বিষ হয় ঠিক তেনেকুৱা বিষ অনুভৱ কৰা।
  • আক্ৰান্ত হোৱা ঠাইডোখৰ শেতা পৰি যোৱা।
  • কোন কোন ৰেনোদ'ছ ৰোগত সহজে আক্ৰান্ত হয়
  • সকলো বয়সৰ লোকেই এই ৰোগত আক্ৰান্ত হব পাৰে যদিও 15 বছৰৰ পৰা 25 বছৰৰ ভিতৰৰ লোক বেছিকৈ আক্ৰান্ত হয়।
  • পুৰুষতকৈ মহিলাসকল বেছিকৈ এই ৰোগত ভোগা দেখা যায়।
  • খুব ঠাণ্ডা ঠাইত বসবাস কৰা লোকৰ এই ৰোগ হব পাৰে।
  • কেতিয়াবা অন্য কিছুমান ৰোগৰ বাবেও ৰেনোদ'ছ ৰোগৰ লক্ষণ সমূহ দেখা যায়। তেতিয়া তাক ৰেনোদ'ছ চিনড্ৰম(Raynaud's syndrome) বুলি কোৱা হয়। যেনে,কাৰ্পেল টানেল চিনড্ৰম(carpel tunnel syndrome) নামৰ ৰোগ, ৰক্তবাহী নলিকাৰ কোনো ৰোগ,উচ্চ ৰক্তচাপ(high blood pressure), মাইগ্ৰেন(migraine) বা কেন্সাৰ(cancer) ইত্যাদি।
  • ৰেনোদ'ছ ৰোগ(Raynaud's disease)ত কি কি সাৱধানতা লব লাগে-
  • শৰীৰটো গৰম কৰি ৰখা। ঠাণ্ডাৰ দিনত গৰম কাপোৰেৰে শৰীৰ ঢাকি ৰাখিব লাগে।
    গৰম হাতমোজা ব্যৱহাৰ কৰিব লাগে।
  • বেছি ঠাণ্ডা পৰিলে ৰুম হিটৰ (room heater) ব্যৱহাৰ কৰিব পাৰে।
  • মহিলাসকলে বাচন-বর্তন আৰু কাপোৰ ধোৱা বা বেছি সময় পানী চুই থাকিব লগা কামত ৰাবাৰ গ্লোভচ(rubber gloves) পিন্ধিব পাৰে।
  • শীতকালত কেতিয়াও খালী ভৰিৰে খোজ কাঢ়িব নালাগে, ভৰি দুখন উন্মুক্ত হৈ থকা চেন্ডেলো পৰিহাৰ কৰিব লাগে। কাৰণ ভৰি দুখন মুকলি হৈ থাকিলে এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। সেইবাবে ভৰিত জোতা, মোজা পিন্ধি থকা উচিত।
  • হাত আৰু ভৰি যাতে কোনো কাৰণতে আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
  • ধূম্ৰপান কৰাৰ পৰা বিৰত থাকিব লাগে। আনকি ধূম্ৰপান কৰা লোকৰ ওচৰতো থাকিব নালাগে।
  • ধোঁৱা, কুঁৱলী, যিকোনো ৰাসায়নিক দ্ৰব্য আদিৰ পৰা দূৰত থকা উচিত।
  • ৰক্তবাহী নলিকা সংকুচিত কৰিব পৰা ঔষধ বৰ্জন কৰিব লাগে।
  • চিকিৎসা-

আধুনিক চিকিৎসা বিজ্ঞানত এই ৰোগত ৰক্তবাহী নলিকা প্ৰসাৰিত কৰা ঔষধ(vaso dilator) ব্যৱহাৰ কৰা হয়। ৰোগ বেছি কঠিন হৈ গলে শল্য কৰ্ম (surgery)ৰ প্ৰয়োজনো হব পাৰে।

  • উপসৰ্গ(Complication)

প্ৰয়োজনীয় সাৱধানতা সমূহ মানি নচলিলে আৰু সময়ত উপযুক্ত চিকিৎসা গ্ৰহণ নকৰিলে এই ৰোগত আক্ৰান্ত হোৱা অংগত ঘাঁ(ulcer) হব পাৰে। পিছলৈ সেই অংগ পচি যাব পাৰে(gangrene formation)আৰু আক্ৰান্ত হোৱা অংগ কাটি পেলাব লগা হব পাৰে।

ৰেনোদ'ছ ৰোগ(Raynaud's disease)ৰ আয়ুৰ্বেদিক দৃষ্টিভংগী-

লক্ষণৰ ফালৰ পৰা ৰেনোদ'ছ ৰোগক আয়ুৰ্বেদত শিৰাগত বাত ৰোগৰ লগত তুলনা কৰিব পাৰি।

আয়ুৰ্বেদিক চিকিৎসা -

  • ৰক্তমোক্ষণ
  • জলোকা চিকিৎসা(Leech therapy)
  • উষ্ণ আৰু শীত উপচাৰ, অৰ্থাৎ আক্ৰান্ত অংশত এবাৰ গৰম আৰু এবাৰ ঠাণ্ডা স্পৰ্শ দিয়া। এনে কৰিলে ৰক্তবাহী নলিকাসমূহৰ ৰক্ত চলাচল বৃদ্ধি পায়।
  • সেক দিয়া
  • ঔষধি তেলেৰে মালিচ কৰা
  • বাত আৰু পিত্ত দোষৰ চিকিৎসা ।

চিকিৎসাৰ বাবে কিছুমান আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰা হয়, যেনে কৈশোৰ গুগগল, চন্দ্ৰপ্ৰভা বটি, মহা মঞ্জিষ্ঠাদী কশায়,শিলাজতু বটি ইত্যাদি।

তেলৰ ভিতৰত পিণ্ড তেল, প্ৰচাৰিন্যদি তেল আদি দিয়া হয়। কিন্তু এইবোৰ ঔষধ কেতিয়াও চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰা উচিত নহয়।

ৰেনোদ'ছ ৰোগ(Raynaud's disease)ৰ প্ৰতিকাৰৰ ঘৰুৱা বিধান -

  • জিৰা আৰু সৰিয়হৰ গুটি সমান পৰিমাণত লৈ অলপ কলা হোৱাকৈ সেকি লব লাগে । তাৰ পিছত মিশ্ৰণটো গুৰি কৰি তাত তিল তেল মিহলি কৰি গৰম কৰিব লাগে। অলপ নিমখ দিব লাগে। এই মিশ্ৰণটো কাঁচৰ পাত্ৰত টানকৈ সাফৰ মাৰি থব লাগে। এই তিল তেলৰ মিশ্ৰণটোৰে প্ৰতিদিনে প্ৰভাৱিত ঠাইত কিছু সময় মালিচ কৰিব লাগে। এক ঘন্টা মান পিছত তেল মালিচ কৰা ঠাইত পাঁচৰ পৰা দহ মিনিট কুহুমীয়া গৰম পানী ঢালিব লাগে। এনে কৰাৰ ফলত উক্ত স্থানৰ তেজ চলাচল বৃদ্ধি পায় আৰু ৰোগীয়ে যথেষ্ঠ আৰাম পায়।
  • তেঁতেলী টেঙাৰ পাত আৰু ছাল কুঁৱৰীৰ বীজালুৱা অংশ 4:1 অনুপাতত লৈ খুব মিহিকৈ পিচি লব লাগে আৰু প্ৰভাৱিত স্থানত লেপ লগাব লাগে। এইদৰে 15 ৰ পৰা 20 দিনমান লেপ লগালে সুফল পোৱা যায়।

লেখক :- ডাঃ বন্দনা শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top