অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শুক্ৰৰ ৰোগ

শুক্ৰৰ ৰোগৰ ইষয়ে লিখা হৈছে

 

অজ্ঞাত অৱস্থাত শুক্ৰ ওলোৱাকে স্পাৰ্মাটোৰিয়া বুলি কোৱা হয়-

 

উক্ত ৰোগ আজিকালি প্ৰায়ে দেখা পোৱা যায় আৰু নিজৰ দোষৰ পৰাই অধিক শুক্ৰ ৰোগ হয়।

যৌৱন কালত অস্বাভাৱিক উপায়েৰে শুক্ৰ ক্ষয় কৰিলে শুক্ৰ পাতল হয়।ফলত সামান্য উত্তেজক চিন্তা কৰিলে,নাৰী দেখিলে,,সপোনত,শৌচ কৰোতে জোৰ দিলে,চলাফুৰা কৰিলে শুক্ৰ অজ্ঞাতসাৰে ওলায়।শৰীৰ লাহে লাহে ক্ষীণ হৈ আহে,চকুৰ চাৰিওফালে ক’লা দাগ পৰে,মুৰ ঘুৰায়,মুৰ বিষায়,হাত-ভৰি জিনজিনায়,অকালতে চুলি পকে,শেষত অজীৰ্ণ,লিভৰ দোষ,বাত ৰোগ,প্ৰস্ৰাৱৰ লগত চেনি ওলোৱা ৰোগ আনকি মাৰাত্মক যক্ষ্মা ৰোগ,অন্ত্ৰনলী বা যকৃতৰ কেন্সাৰ পৰ্যন্ত হয়গৈ।

শুক্ৰৰ ৰোগত মনৰ শক্তি একেবাৰে কমি আহে।কোনো কাম কৰিবলৈ সাহস নাইকিয়া হয়।সামান্য কাৰণতে বুকু ধৰফৰায় আৰু ভাগৰ লাগে।

কিছুমান ৰোগীৰ লিংগ সৰু আৰু অকামিলা হয়,সহবাসৰ ইচ্ছা সমুলি নেথাকে।

চিকিৎসা

 

*Selenium:এই ঔষধ ব্যৱহা হোৱা ৰোগীৰ প্ৰধান লক্ষণ হ’ল-গাল-মুখ সোমাই পৰে,উৰুদ্বয় ভৰিৰ কলাফুলৰ দৰে দেখায়।শাৰীৰিক বা মানসিক সামান্য পৰিশ্ৰম কৰিলে ভাগৰ লাগে।সকলো সময়তে শুই থাকিবলৈ বা শুবলৈ ইচ্ছা কৰে।বাহিৰৰ বতাহ সহ্য নহয়।Selenium 30ৰ ব্যৱহাৰ হোৱা কিছুমান ৰোগীৰ খোজকাঢ়োতে,বহি থাকোতে অজ্ঞাতসাৰে শুক্ৰ ওলায়।স্বপ্নদোষ প্ৰায় সকলো ৰাতিতে হয়। Selenium ৰ ৰোগীৰ আৰু ধাতু দোষ থকা প্ৰায়বিলাক ৰোগীৰ ফেৰিঞ্জাইটিছ হয়।

*Nux-Vomica30:দীৰ্ঘদিন ধৰি টোপনি ক্ষতি কৰি স্বপ্নদোষ হ’লে এই ঔষধ কিছুদিন ব্যৱহাৰ কৰিব লাগে।Nux-vomica ৰ ৰোগীৰ স্বপ্নদোষ প্ৰায়ে ৰাতিপুৱাৰ সময়ত হয়।ৰাতিপুৱা শুই উঠি দুৰ্বল অনুভৱ কৰে।এই ঔষধ ব্যৱহাৰ কৰা ৰোগীৰ শেষ নিশা প্ৰায়ে টোপনি ভালদৰে নাহে।দুপৰীয়া আৰু সন্ধিয়া সময়ত দুৰ্বলতাৰ কাৰণে টোপনি আহে।

*Phosphorus30:স্ত্ৰী সহবাসৰ পিছতো স্বপ্নদোষ হ’লে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।এই ঔষধৰ ৰোগীৰ ওৰে ৰাতিটো টোপনি নাহে,ইকাটি-সিকাটি হৈ থাকিব লগাত পৰে।হাত-ভৰি ,অংগ-প্ৰত্যংগ জ্বলা-পোৰা কৰে।মেৰুদণ্ডও জ্বলে।একে ঠাইতে বহি বা থিয়া হৈ অলপ সময়ো থাকিব নোৱাৰে।সকলো সময়তে অস্থিৰতা থাকে।

*Conium 30:এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ প্ৰায়ে অস্বাভাৱিক ঘাম ওলায় আৰু ইফালে-সিফালে চালে বা শুই থাকোতে ইকাটি-সিকাটি কৰিলে মুৰ ঘুৰায়।

*Sulphur:এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ ওৰে ৰাতিটো ভালদৰে টোপনি নাহে।এবাৰ ৰাতি সাৰ পালে বহু সময়লৈ টোপনি নধৰে।ভৰিৰ তলুৱাত জ্বলা-পোৰা কৰা লক্ষণ ৰোগীৰ থাকে।ৰোগীৰ সহবাসৰ ইচ্ছা মনলৈ আনিলেই শুক্ৰ ক্ষয় হয়।অতিৰিক্ত ইচ্ছা থাকিলেও সহবাস কৰিব নোৱাৰে বা সহবাসৰ সময়ত অতি সোনকালে বীৰ্যপাত হয়।লিংগৰ উত্থান কোনো প্ৰকাৰে কৰিব নোৱাৰে বা লিংগ সামান্য উত্থিত হ’লেও তৎক্ষণাত অকামিলা হৈ পৰে।

*Staphysagria 30:এই ঔষধটো ব্যৱহাৰ হোৱা ৰোগীৰ গাল,মুখ সোমাই যায়।চকুৰ চাৰিওফালে ক’লা দাগ পৰে।সপোনত প্ৰায়ে শুক্ৰ ক্ষয় হ য়।সপোনত নাৰীৰ আকৃতি দেখে।স্বপ্নদোষ হোৱাৰ পিছত কঁকালৰ বিষ হয়।দুটা দাঁতৰ মাজত ক’লা দাগ পৰে।কিছুমানৰ বিষ হয়।ৰোগী ক্ৰমান্বয়ে দুৰ্বল হৈ আহে।

লেখিকা:ডা: এলিজা বেগম ইউছুফ (স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

 

 

2.96551724138
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top