মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / শ্বেতদাগৰ চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শ্বেতদাগৰ চিকিৎসা

শ্বেতদাগৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে

তিনি বছৰমান আগৰ কথা।মই মোৰ চেম্বাৰত বহি আছিলো।এনেতে ৪০ বছৰমন বয়সৰ ভদ্ৰলোক এজন চেম্বাৰলৈ সোমাই আহিল।মই তেখেতক বহিবলৈ দি সুধিলো সুধিলো তেখেতৰ সমস্যানো কি।তেখেতে গহীনভাৱে উত্তৰ দিলে যে সমস্যা তেওঁৰ নহয়,তেওঁৰ দহ বছৰীয়া ছোৱালীজনীৰহে।মই সুধিলো-কিনো সমস্যা?তেওঁ ক’লে যে তেওঁৰ ছোৱালীজনীৰ শৰীৰৰ বিভিন্ন ঠাইত বগা বগা দাগ হৈছে।বহুত ঠাইত চিকিৎসা কৰিও সুফল পোৱা নাই।তেওঁ হেনো ক’ৰবাত শুনিছে আয়ুৰ্বেদত এই বেমাৰৰ চিকিৎসা আছে।মই ক’লো-আপুনি ঠিকেই শুনিছে আৰু মই তেখেতক ছোৱালীজনী লৈ আহিবলৈ ক’লো।তিনিদিন পিছত মানুহজনে নিজৰ ছোৱালীজনী লৈ আহি অনুনয় সুৰত ক’লে-ছাৰ বহুত আশা লৈ আপোনাৰ ওচৰত আহিছো।মোৰ ছোৱালীজনীক ঠিক কৰি দিয়ক।এই ছোৱালীজনীক লৈ মোৰ বহুত চিন্তা।এই বেমাৰ থাকিলে ডাঙৰ হ’লে তাইৰ বিয়া-বাৰুক লৈ সমস্যাৰ সৃষ্টি হ’ব।মই উত্তৰ দিলো-পিতৃ হিচাবে আপোনাৰ চিন্তা অমুলক নহয়।কিন্তু আপুনি চিন্তা কৰিব নালাগে।আপোনাৰ ছোৱালীৰ বেমাৰ ঠিক কৰাৰ দায়িত্ব মোৰ।এইবুলি মই ছোৱালীজনীক পৰীক্ষা কৰাত লাগিলো আৰু দেখিলো যে ছোৱালীজনীৰ শৰীৰৰ পাঁচ ঠাই মানত বগা দাগ পৰিছে।মই ছোৱালীজনীৰ দেউতাকক ক’লো-ছোৱালীজনী সম্পুৰ্ণ আৰোগ্য হ’ব,কিন্তু চিকিৎসা অকণমান দীঘলীয়া হ’ব।তেখেতে ক’লে-আপুনি যিমান সময় লয় লওক,কিন্তু ছোৱালীজনী ঠিক কৰি দিয়ক।সম্পুৰ্ণ এবছৰ চিকিৎসাৰ পিছত ছোৱালীজনীয়ে সম্পুৰ্ণ আৰোগ্য লোআভ কৰে।

আচলতে ছোৱালীজনীৰ বেমাৰটোনো কি আছিল?

 

ইংৰাজীত এই বেমাৰটোৰ নাম Vitiligo বা Leukoderma,হিন্দী আৰু অসমীয়াত ইয়াক শ্বেতদাগ বুলি জনা যায়।শ্বেতদাগ এবিধ চৰ্মৰোগ,য’ত শৰীৰৰ বিভিন্ন ঠাইত বা কেতিয়াবা এঠাইত বগা দাগ হোৱা দেখা যায়।

যদিও বহুতৰ ধাৰণা আছে যে এই বেমাৰ সোঁচৰা, যাৰ ফলত বহুতে এই বেমাৰ লুকুৱাই ৰাখিবলৈ চেষ্টা কৰে।কিন্তু এই বেমাৰ সোঁচৰা নহয় আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তে ইয়াক ঠিক কৰিব পৰা যায়।শ্বেতদাগ বেমাৰৰ আচল কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও শৰীৰৰ মেলানোচাইট (Melanocyte)নামৰ কোষবিলাকৰ পৰা মেলানিন (Melanin)নামৰ ৰাসায়নিকবিধৰ সঠিক উৎপত্তি নোহোৱাৰ ফলত এই বেমাৰবিধ হোৱা বুলি কোৱা হয়।যাৰ ফলত শৰীৰত বগা বগা দাগ দেখা যায়।মেলানিন নামৰ ৰাসায়নিক পদাৰ্থবিধে আমাৰ শৰীৰৰ ৰং বা বৰ্ণ নিৰ্ধাৰণ কৰে।আফ্ৰিকা মহাদেশৰ মানুহৰ বেছিকৈ মেলানিন উৎপত্তি হয় বাবে সেই মহাদেশৰ মানুহৰ দেহৰ বৰণ তুলনামুলকভাৱে কিছু ক’লা হয়।

২০ ৰ পৰা ৩০ বছৰ বয়সৰ লোকসকল এই বেমাৰত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায় যদিও সকলো বয়সৰ মানুহৰ এই বেমাৰ হ’ব পাৰে।এক সমীক্ষা মতে পৃথিৱীৰ প্ৰায় এক শতাংশ লোক এই ৰোগৰ দ্বাৰা আক্ৰান্ত।এই ৰোগত শাৰীৰিকভাৱে মানুহজনৰ কোনো অসুবিধাৰ সৃষ্টি নহয় যদিও সামাজিকভাৱে এই ৰোগৰ মহত্ত্ব আছে।যিবিলাক লোক নিজৰ সৌন্দৰ্যক লৈ খুব সচেতন সেইসকল লোক এই বেমাৰক লৈ বেছি চিন্তিত হোৱা দেখা যায়।কিছুমানে এই ৰোগটোক অট’এমিনো ৰোগ বুলি কয়।অট’এমিনো ৰোগ মানে শৰীৰৰ কোষবিলাক শৰীৰৰ প্ৰতিৰোধ ক্ষমতাৰ দ্বাৰা নিজে নিজে আক্ৰান্ত হয়।শৰীৰৰ প্ৰতিৰোধ ক্ষমতা এনেকুৱা এটা জটিল প্ৰক্ৰিয়া,য’ত আমাৰ শৰীৰত কোনো বহিৰাগত বস্তু বা কোনো বেমাৰৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হ’লে এই প্ৰতিৰোধ ক্ষমতাই সেই অনাগত বস্তু বা বীজাণুটোক চিনাক্ত কৰি তাক ধ্বংস কৰিবলৈ চেষ্টা কৰে।শ্বেতদাগ ৰোগত শৰীৰৰ মেলানোচাইটবিলাকক বহিৰাগত বস্তু হিচাবে আক্ৰমণ কৰে।

শ্বেতদাগ কেতিয়াবা দুৰ্ঘটনাজনিত কাৰণতো হ’ব পাৰে।যেনে-জুয়ে পোৰা,কটা-ছিগা,ঘা ইত্যাদিৰ কাৰণে ছালৰ তলৰ মেলানোচাইটবিলাক নষ্ট কৰে,যিয়ে মেলানিন ৰঙৰ সৃষ্টি কৰে,যাৰ ফলত ছালৰ বৰণ কমি যায় আৰু বগা বগা দাগ হয়।

ইয়াৰ উপৰিও আৰু কেইটামান কাৰণত এই ৰোগবিধ হ’ব পাৰে বুলি ভবা হয়।যেনে-১.বংশগত,২.স্নায়ৱিক,৩.ভাইৰাছজনিত ,৪.অত্যধিক মানসিক চাপ ,৫.বিশুদ্ধ আহাৰ,৬.কোনো ৰাসায়নিক পদাৰ্থৰ পাৰ্শ্বক্ৰিয়া।

কিন্তু এই কাৰণবিলাক বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত নহয়।কিন্তু কাৰণ যিয়েই নহওক এটা কথা স্পষ্ট যে শৰীৰৰ মেলানোচাইটবিলাক ধ্বংস হ’লে বা ঠিকমতে কাম নকৰিলে এই ৰোগবিধ হোৱা দেখা যায়।আয়ুৰ্বেদত এই ৰোগবিধৰ চিকিৎসাৰ বিষয়ে লিখা আছে যদিও কিছুমান শ্বেতদাগ অসাধ্য হয়।

শ্বেতদাগ ৰোগৰ কিছুমান খাদ্যাভ্যাস পৰিহাৰ কৰিলে ভাল ফল পোৱা যায়।যেনে-

 

১.ফল- কমলা,আঙুৰ,আপেল,আম,টেঙা ফল।

২.পাচলি-মাটিমাহ,বেঙেনা,পালেং শাক,বিলাহী,নেমু টেঙা,নহৰু ,টেঙা খাদ্য ইত্যাদি।

৩.গাখীৰ জাতীয় খাদ্য-গাখীৰ,দৈ,লাচ্চি।

৪.আমিষ খাদ্য- মাছ,মাংস,কণী।

৫.অন্য খাদ্যবস্তু-জাংক ফুড,চকলেট,কফি,ছ’ডা,কাৰ্বনেটেড ড্ৰিংক।

৬.চৰ্বি আৰু মচলাযুক্ত খাদ্য-আচাৰ,চিপচ,আইচক্ৰীম ইত্যাদি।

শ্বেতদাগ ৰোগীয়ে তলৰ খাদ্যবিলাক খাব পাৰে-সেউজীয়া শাক-পাচলি,খেজুৰ,গাজৰ,বীট,মুলা,তাম্ৰপাত্ৰত অতিকমেও আঠ ঘণ্টা ৰখা পানী ইত্যাদি।

শেষত সকলোলৈ এটাই অনুৰোধ-এই বেমাৰটো যিহেতু সোঁচৰা নহয় আৰু ইয়াৰ চিকিৎসাও আছে,গতিকে ইয়াক লুকুৱাই নাৰাখি বা বেছি চিন্তিত নহ’ব।শৰীৰৰ বিভিন্ন ঠাইত বিয়পাৰ আগতে ইয়াৰ চিকিৎসাৰ ব্যৱস্থা কৰেযেন।

লেখক:মুকুল শৰ্মা (জিন এন আৰচি স্বাস্থ্য)

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top