অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শ্লিপড ডিস্ক :

শ্লিপড ডিস্কৰ বিষয়ে লিখা হৈছে ।

 

মানৱ শৰীৰৰ ৰাজহাড়ৰ বিশেষত্ব হ’ল জঁকাটোৰ মূলদণ্ড ৰূপে কাম কৰা আৰু মেৰুৰজ্জুল যিকোনো বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰা। ৩৩ ডাল হাড়ৰ এক শৃংখলেৰে গঠিত ৰাজহাড়ৰ কেশৰকাৰ মাজে মাজে থকা কঠিন আৰু গোলাকাৰ ডিস্ক(ভাৰটিব্ৰেল ডিস্ক) যেতিয়া দুৰ্বল হৈ যায়, তেতিয়া ভিতৰৰ কোমল অংশবোৰে বাহিৰলৈ ওলাই অহাৰ উপক্ৰম হয়। এনে অৱস্থাক শ্লিপড ডিস্ক বা ‘প্ৰলান্সড ডিস্ক’ বুলি কোৱা হয়।

জন্মতে ডিস্কবোৰৰ প্ৰায় ৮০% তৰল দ্ৰৱ্যৰে গঠিত হৈ থাকে। বয়স বঢ়াৰ লগে লগে ডিস্কবোৰ শুকান, জঠৰ আৰু কঠিন হৈ পৰে। এনে ক্ষয়কাৰী অৱস্থাত শ্লিপড ডিস্ক বা প্ৰলাপসড ডিস্ক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

২০১৭ চনৰ তথ্যৰ মতে ভাৰতবৰ্ষত প্ৰায় ৩ নিযুতৰো অধিক শ্লিপড ডিস্ক থকা লোক আছে। কিন্তু শ্লিপড ডিস্ক থকা সকলোকে চিকিৎসাৰ দৰকাৰ নহয়। বহু ক্ষেত্ৰত আজীৱন শ্লিপড ডিস্কৰ বিষয়ে মানুহে গমেই ধৰিব নোৱাৰে। বিষ নতুবা দৈনন্দিন জীৱনত আন কিবা অসুবিধা পালেহে শ্লিপড ডিস্কৰ চিকিৎসা কৰাটো দৰকাৰী হৈ পৰে। চিকিৎসা মানেই কিন্তু আৰম্ভণিতে অস্ত্ৰোপচাৰ কৰিব লগা নহয়। ৰোগীৰ শাৰীৰিক অৱস্থা, জীৱনশৈলী আৰু শ্লিপড ডিস্কৰ পৰিস্থিতি অনুযায়ী চিকিৎসাৰ আন ব্যৱস্থা যেনে- ঔষধ, বিশেষ ব্যয়াম আদিৰ পৰামৰ্শ দিয়া হয়। কিন্তু বিশেষ সময়ৰ লগত যদিহে এইবোৰ ব্যৱস্থাৰে বিষ নকমে বা বাঢ়ি যায়, তেনে পৰিস্থিতিত অস্ত্ৰোপচাৰ বা অপাৰেচন জৰুৰী হৈ পৰে। চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক পদ্ধতিৰ সহায়ত আজিৰ দিনত শ্লিপড ডিস্কৰ অপাৰেচন অতি ফলদায়ক হয় আৰু ৰোগীজনে সম্পূৰ্ণ নিৰাময় লাভ কৰে।

শ্লিপড ডিস্কৰ কাৰণ -

১)বাৰম্বাৰ কৰা অনুপযুক্ত গতি, যেনে খেলা-ধূলা কৰোতে, গধুৰ বস্তু ডাঙোতে, কুঁজা হৈ বহু সময় থাকিবলগা হোৱা আদি।

২)আঘাত বা দুৰ্ঘটনা।

৩)বাঢ়ি অহা বয়সৰ অনুপাতে শৰীৰৰ প্ৰাকৃতিক পৰিৱৰ্তন।

৪)ধুম্ৰপান।

৫)ওজন বঢ়া আৰু ব্যায়াম আদি নকৰা।

শ্লিপড ডিস্কৰ লক্ষণ -

*কঁকালৰ আকস্মিক বিষ।

*শৰীৰৰ এফালে হৈ থকা বিষ।

*ভৰিৰ ফালে স্থান সলনি হৈ থকা।

*ভৰি, তপিনা আদিত জিনজিননি বা সাধাৰণ দুৰ্বলতা অনুভৱ।

*ৰাতি-বিয়লি নতুবা অলপ খোজ কাঢ়িলে বাঢ়ি যোৱা আকস্মিক বিষ।

অস্ত্ৰোপচাৰ বা অপাৰেচন অবিহনে অবিহনে শ্লিপড ডিস্কৰ চিকিৎসা:

ৰোগীৰ শৰীৰৰ অৱস্থা আৰু বিষৰ প্ৰাবল্য অনুসৰি অপাৰেচনৰ বাহিৰেও শ্লিপড ডিস্কৰ চিকিৎসাৰ আন উপায়সমূহ বিষ কমাবৰ বাবে ব্যৱহাৰ কৰা হয়। বিষ নিৰাময়ৰ ঔষধ বা বেজি, ফিজিঅ’থেৰাপি, জীৱনশৈলীৰ পৰিৱৰ্তন আদিয়ে বহু ৰোগীক কম বেছি পৰিমাণে বিষৰ বা পৰিত্ৰাণ দিয়ে।

শ্লিপড ডিস্কৰ অস্ত্ৰোপচাৰ -

ঔষধ বা বেজি, ফিজিঅ’থেৰাপি, জীৱনশৈলীৰ পৰিৱৰ্তন আদিৰ যোগেদি ৰোগীয়ে আৰাম নাপালে শ্লিপড ডিস্কৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। মিনিমেলী ইনভেচিভ অস্ত্ৰোপচাৰ পদ্ধতিৰে এটি সৰু অৱচ্ছেদ কৰি ডিস্কৰ ওলাই অহা অংশখিনি কাটি উলিওৱা হয়। এই পদ্ধতিৰে পাৰস্পৰিক অস্ত্ৰোপচাৰতকৈ কম সময়ৰ ভিতৰতে ৰোগী আৰোগ্য হৈ উঠে।

কিছুমান মিনিমেলী ইনভেচিভ অস্ত্ৰোপচাৰৰ নাম-

*ডিস্ককট’মী

*লেমিনেকট’মী

*স্পাইনেল ফিউছন।

লেখক: ডাঃ দেৱ কুমাৰ বৰগোহাঁই(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.12
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top