অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মধুমেহ(Diabetes):

 

ডায়েবেটিছ মানুহৰ খোৱা খাদ্যৰ হজমকৰণ প্ৰক্ৰিয়াৰ মাৰাত্মক বিজুতিৰ ফলত হোৱা এবিধ ৰোগ। গতিকে, খোৱা অভ্যাসৰ পৰিৱৰ্তন নকৰিলে সহজে আৰোগ্য লাভ কৰাটো অসম্ভৱ হৈ পৰে। আকৌ খাদ্য বস্তুৰ সালসলনি কৰিলে সহজেই আৰোগ্য হয়।

মানুহৰ খোৱা বস্তু(খাদ্যবোৰ) পাকস্থলীত মণ্ডৰ দৰে হয়, তাৰ পাছত কিছু ঢিলা বা আধা জুলীয়া(Chyme) হৈ তলৰ ফালে সংযোজিত হৈ থকা চুঙাৰ লেখিয়া ডিঅ’ডেনামত পৰে, তাৰ পাছত সৰু অন্ত্ৰত পৰেগৈ। ডিঅ’ডেনাম সৰু অন্ত্ৰৰে অংশবিশেষ। ইয়াত খাদ্যৰ সাৰ বস্তুবোৰৰ(Chyme) ওপৰত যকৃতৰ পৰা ওলোৱা পিত্তৰস(Bile) আৰু অগ্ন্যাশয়ৰ পৰা ওলোৱা এনজাইমবোৰ পৰে আৰু খাদ্যৰ কাইমবোৰ কিছু পনীয়া হৈ তলৰ ফালে গৈ থাকে। ক্ষুদ্ৰ অন্ত্ৰৰ ভিলিবোৰে এইবোৰ শুহি লয় আৰু যকৃতলৈ পঠায়।

তাৰ পাছত তেজে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ কোষবোৰলৈ এই গ্লুকোজবোৰ লৈ যায়। গ্লুকোজৰ অন্য নাম ছুগাৰ বা চেনি। এই গ্লুকোজবোৰেই কোষবোৰত সোমাই পৰি বল বা শক্তি প্ৰদান কৰে। কিন্তু এই গ্লুকোজ, কোষবোৰে মিঠাৰ এটা নিৰ্দিষ্ট পৰিমাণহে গ্ৰহণ কৰিব পাৰে। মিঠা মাত্ৰাধিক হ’লে কোষবোৰে ল’ব নোৱাৰে।

তাৰ বাবে পেংক্ৰিয়াছত এনজাইমবোৰৰ উপৰিও এবিধ হৰমোন(তিক্তৰস) উৎপাদন হয় আৰু কাইমৰ সৈতে মিহলি হৈ মিঠাৰ মাত্ৰাৰ সমতা ৰক্ষা কৰে। এই তিক্তৰসেই ‘ইনছুলিন’(Insulin)। যিকোনো কাৰণত শৰীৰত ইনছুলিন আৰু গ্লুকোজৰ অনুপাত আৱশ্যকতকৈ কম হ’লে, কোষবোৰে গ্লুকোজবোৰ শক্তিলৈ(Enargy) ৰূপান্তৰিত কৰিব নোৱাৰে। কোষবোৰত অক্সিডাইজেছন নহয়। কোষবোৰ দুৰ্বল হৈ যায়। শৰীৰত শক্তিৰ উৎপাদন কমি যায়। কোষবোৰৰ লগতে শৰীৰৰ শক্তি কমি যায়। আনহাতে, কোষবোৰে ব্যৱহাৰত লগাব নোৱাৰা গ্লুকোজ বা ছুগাৰবোৰ তেজৰ লগত মিহলি হৈ থাকে আৰু ব্লাডছুগাৰ বাঢ়ি গৈ থাকে। পাছলৈ চেনি বা ছুগাৰ পেচাবতো যাব ধৰে। থূলমূলকৈ এই ৰোগকেই মধুমেহ বা ডায়েবেটিছ বোলে।

আচলতে ডায়েবেটিছৰ অৰ্থ বেছি পিয়াহ লগা আৰু বেছিকৈ ঘনে ঘনে পেচাব লগা অসুখ। ইয়াক বহুমূত্ৰও বোলে। বহুমূত্ৰবোৰ দুই ধৰণৰ- ডায়েবেটিছ ইনচিপিডাছ(Diabetes Insipidus) আৰু ডায়েবেটিছ মেলিটাছ(Diabetes Mellitus)। পিটুইটাৰি হৰমোন শৰীৰত কম হ’লে কিডনিয়ে(বৃক্ক)শৰীৰত পানীৰ সমতা ৰক্ষা কৰিব কৰিব নোৱাৰা হয়। তেতিয়া পেচাবৰ বেগ বাঢ়ে। ইয়াক ডায়েবেটিছ ইনচিপিডাছ বোলে। শৰীৰত যেতিয়া চেনিৰ সমতা নাথাকে তেতিয়া পেচাবৰ বেগ বাঢ়িব পব্ৰে লগতে, পেচাবত চেনি যাৱা হ’বও পাৰে। তেজ পৰীক্ষা কৰিলে তেজত চেনিৰ পৰিমাণ বেছি হোৱা দেখা যায়। ইয়াক ডায়েবেটিছ মেলিটাছ বোলে।

ডায়েবেটিছ ইনচিপিডাছ ৰোগীৰ সংখ্যা কম আৰু এই ৰোগৰ পৰা উদ্ভৱ হোৱা সমস্যা পিটুইটাৰি হৰমোনেৰে চিকিৎসা কৰিলে দূৰ হয়। কিন্তু ডায়েবেটিছ মেলিটাছ ৰোগীৰ সংখ্যা বহুত বেছি আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা সমস্যাবোৰ বৰ জটিল আৰু কষ্টদায়ক। সেয়েহে এই ৰোগটোৰ বিষয়ে মানুহৰ মাজত বহুলভাৱে প্ৰচাৰ কৰা হৈছে আৰু বৰ্তমানে মানুহৰ মাজত ই ডায়েবেটিছ বুলিয়ে জনাজাত হৈ পৰিছে। ডায়েবেটিছ সাধাৰণতে ৪০ বছৰমান বয়সৰ পৰাই হয়। কিন্তু সৰু ল’ৰা-ছোৱালীৰো হ’ব পাৰে।

ৰোগৰ লক্ষণ:

 

বৰ সঘনে পিয়াহ লাগে, পেচাব সঘনে হয়, তেজত চেনিৰ পৰিমাণ যিমান থকাৰ আৱশ্যক, তাতকৈ বেছি হয় আৰু বাঢ়ি থাকে। পেচাবত চেনি যোৱা হয়। বৰ বেছিকৈ ভোক লাগে। কিন্তু খোৱা খাদ্য গাত নালাগে। দিনে দিনে শৰীৰ শুকাই যায়। শৰীৰৰ ওজন কমি যায়। গা খজুৱায়। পেচাব হালধীয়াও হ’ব পাৰে। পেচাব মিঠা মিঠা গোন্ধাব পাৰে। গাত সৰু সৰু গুটি দানা(Crystal) ওলাব পাৰে। শাৰীৰিক দুৰ্বলতা আৰু মানসিক ক্লান্তিবোধেৰে জীৱনৰ শান্তি, আশা আকাংক্ষা হেৰাই যায়। সকলো সময়তে টোপনিৰ ভাব হয়। যৌন উত্তেজনা আৰু যৌন আকাংক্ষা কমি যায়।

শৰীৰৰ ৰক্তবাহক নাড়ীবোৰ কঠিন হৈ যায় আৰু সোনকালেই চকুৰ ক্ষতিসাধন কৰে। হাৰ্ট-কিডনিও ৰোগাক্ৰান্ত হয়।

শৰীৰৰ ৰক্তবাহক নাড়ীবোৰ কঠিন হৈ যায় আৰু সোনকালেই চকুৰ ক্ষতিসাধন কৰে। হাৰ্ট-কিডনিও ৰোগাক্ৰান্ত হয়।

শৰীৰৰ অন্য ৰোগৰ চিকিৎসা কৰাটোও জটিল হৈ পৰে। তেজত চেনিৰ পৰিমাণ স্বাভাৱিক নহ’লে যিকোনো অংগৰ কোষে ঠিকমতে কাম কৰিব নোৱাৰে। গতিকে আৰোগ্য নহয়। ফলত আগতে ডায়েবেটিছৰ চিকিৎসা কৰি, ব্লাডছুগাৰ স্বাভাৱিক কৰি লৈহে সেই ৰোগৰ চিকিৎসা কৰিব লগা হয়।

মধ্য বয়সৰ বা বৃদ্ধ বয়সৰ লোকতকৈ কম অয়সৰ ল’ৰা-ছোৱালীৰ এই ৰোগ হ’লে বেছি কঠিন হয়।

কাৰণ:

 

এই ৰোগৰ কাৰণ সম্পৰ্কে আমি ইতিমধ্যে কিছু আভাস পাইছো যে মানুহে খোৱা বস্তুৰ পৰা পোৱা গ্লুক’জ আৰু ইনছুলিনৰ সমতা নাথাকিলে, শৰীৰত গ্লুকোজ বা চেনি বেছি হৈ গ’লে এই অসুখ হয়। শৰীৰত ইনছুলিন, ঔষধৰ মাধ্যমেৰে আৰু খোৱা বস্তুৰে বঢ়াব পাৰিলে শৰীৰ সুস্থ হৈ পৰে। ব্লাডছুগাৰ কমি যায়, স্বাভাৱিক হয়।

সাধাৰণতে খোৱাৰ আগত 100 মি:লি: তেজত ৮০-১০০ মি:গ্ৰা: আৰু খোৱাৰ দুই ঘন্টা পাছত ১০০ মি:লি: তেজত ১০০-১৪০/১৮০ মি:গ্ৰা:(বয়সভেদে) ব্লাডছুগাৰ থকাটো ‘নৰমেল’ বা স্বাভাৱিক। ইয়াৰ ওপৰত থাকিলে ডায়েবেটিছৰ লক্ষণ বুলি ধৰিব পাৰি। কঠিন ৰোগীৰ কেতিয়াবা ৪০০-৫০০ পৰ্যন্ত ব্লাডছুগাৰ উঠা দেখা যায়।এই অৱস্থা ভয়ানক আৰু অত্যন্ত বিপজ্জনক।

ডায়েবেটিছ সাধাৰণতে, স্বভাৱজাত চলা-ফিৰা আৰু খোৱা লোৱাৰ অৰ্থাৎ জীৱনশৈলীৰ অনিয়মৰ বাবেই হয়। মানুহৰ সুষম আহাৰ অৰ্থাৎ খাব লোৱা খাদ্যত কাৰ্বোহাইড্ৰেট ৫০-৬০ শতাংশ, ফেট ৪০ শতাংশ আৰু ১০-২০ শতাংশ প্ৰ’টিন থাকিব লাগে। বয়সিয়াল লোকে ফেট জাতীয় খাদ্য ২০ শতাংশমানহে খোৱা উচিত। কিন্তু খাই খোৱাদ লগা বস্তু হ’লে মানুহে খাই ভাল পায় আৰু এই হিচাপবোৰ ৰক্ষা নপৰে। উৎসৱ-পাৰ্বণত ঘৰলৈ আলহী আহিলে মিঠাই খোৱাৰ সংস্কৃতি আমাৰ মাজত গঢ়ি উঠিছে। সকলো সোৱাদ লগা বস্তুতে কম বেছি পৰিমাণে ছুগাৰ থাকে। গতিকে খাওঁতে খাওঁতে আমাৰ শৰীৰৰ ছুগাৰৰ পৰিমাণ বাঢ়ি যায়। ইনছুলিন লগাতকৈ কম হয়। তেল, ঘিউ আদিৰে ভাজি খালে বস্তুবোৰ বৰ সোৱাদ লগা হয়। বেছি হ’লে মানুহৰ শৰীৰত এইবোৰ জমা হয়। মানুহ শকত হৈ পৰে। ফেটৰ কিছুমান গ্লুকোজলৈও পৰিৱৰ্তিত হৈ থাকে। ইনছুলিন একেই থাকে। মানুহ শকত হ’লে ডায়েবেটিছ উচ্চ ৰক্তচাপ আদি ৰোগৰ আক্ৰান্ত হয়।

দ্বিতীয়তে, শৰীৰৰ অংগ-প্ৰত্যংগবোৰৰ কামবোৰ ঠিক মতে হৈ থাকিবলৈ ঘৰ্ষণৰ আৱশ্যক হয়। তাৰ বাবে শাৰীৰিক পৰিশ্ৰমৰ আৱশ্যক। কিন্তু মানুহৰ জীৱন ধাৰণৰ গতি-বিধি বিভিন্নজনৰ বিভিন্ন ধৰণৰ হয়। যিসকল লোকৰ দৈহিক পৰিশ্ৰম নহয়, শুই-বহি, মানসিক পৰিশ্ৰম বেছি কৰি জীৱন যাপন কৰে, তেওঁলোকৰ শৰীৰৰ অলাগতিয়াল বস্তুবোৰ পেচাব আৰু ঘাম আদিৰ মাধ্যমেৰে কমকৈ ওলাই যায়; শৰীৰত ৰৈ যায়। পেক্ক্ৰিয়াছৰ কৰ্মক্ষমতাও স্বাভাৱিক হৈ নাথাকে, কমি যায়। গতিকে এইসকল লোকৰ খোৱা খাদ্যত গ্লুকোজৰ পৰিমাণ বেছি হ’ব ধৰিলে ডায়েবেটিছ ৰোগ হয়। সেইবাবেই কায়িক পৰিশ্ৰমহীন মানুহৰ মাজতেই এই ৰোগ হোৱা দেখা যায়। দৈহিক শ্ৰমজীৱী লোকৰ মাজত ডায়েবেটিছ ৰোগী কম বা নাই বুলিয়েই ক’ব পাৰি।

আকৌ পেংক্ৰিয়াছ(অগ্ন্যাশয়) যদি কোনো ৰোগৰ দ্বাৰা আক্ৰান্ত হয়, ইনছুলিন উৎপাদনত ব্যাঘাত ঘটে, তেতিয়াও ডায়েবেটিছ ৰোগ হয়।

আনহাতে, খাদ্যৰ পৰা পোৱা গ্লুকোজ প্ৰতিদিনে লগাতকৈ বেছি হ’লে যকৃতত গ্লাইকোজেন হিচাপে জমা হৈ থাকে আৰু লঘোন আদি দিলে, শৰীৰত গ্লুকোজৰ অভাৱ হ’লে, সেই গ্লাইকোজেনবোৰ যকৃতে গ্লুকোজলৈ পৰিৱৰ্তন কৰি শৰীৰৰ কামত লগায়। কিন্তু ডায়েবেটিছ ৰোগ হ’লে, যকৃতৰ এই কামো ঠিকমতে নহয় আৰু কোষবোৰে গ্লুকোজ ঠিকমতে নাপায়। গতিকে কোষবোৰ দুৰ্বল হয়, শৰীৰ দুৰ্বল হৈ যায়।

চিকিৎসা:

 

খাদ্য বস্তুৰ গুণাগুণবোৰলৈ লক্ষ্য নাৰাখি শৰ্কৰা খাদ্য, তেলজাতীয় খাদ্য বেছিকৈ খাবলৈ অভ্যাস কৰাৰ ফলতে প্ৰধানকৈ ডায়েবেটিছ ৰোগ হয় বুলি ওপৰৰ কথাবোৰৰ পৰা স্পষ্ট হৈ পৰিছে। গতিকে খোৱা আহাৰেই এই ৰোগৰ মুখ্য চিকিৎসা। প্ৰথমতে, যিবোৰ খাদ্যই শৰীৰত গ্লুকোজ বেছিকৈ উৎপন্ন কৰে যেনে- মিঠাই, চেনি, চেনিৰে তৈয়াৰী যিকোনো খাদ্য, প্ৰথমতে বন্ধ কৰিব লাগিব। মাড় থকা খাদ্য- ভাত, ঘেঁহুৰ আটা, ময়দাৰে বনোৱা ৰুটি-লুচি আদি বন্ধ কৰিব লাগিব। ৰোগৰ প্ৰকোপ কম থাকিলে ভাত, শুকান ৰুটি কমকৈ খাব পাৰে। কিন্তু অসুখ বেছি হৈ থাকিলে এইবোৰ খাদ্য ৭ দিনলৈ বন্ধ কৰি দিয়ক।

তাৰ পৰিৱৰ্তে সব্জি, তৰকাৰি, তৰকাৰি ছ্যুপ, দিনৰ আহাৰ খোৱাৰ তিনিওটা সময়তে- ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি খাওক। পাচলি, যেনে- গাজৰ, তিঁয়হ, এইবোৰ কেঁচাই কেঁচাই খাব পাৰি, কেঁচাই কেঁচাই খাওক। চিকিৎসা হিচাপেই ৭ দিনলৈ কাৰ্বোহাইড্ৰেট খাদ্য বন্ধ কৰি দিয়ক। কঠোৰভাৱে আত্মনিয়ন্ত্ৰণ কৰি খাদ্য খালে ৰোগ ৭ দিনতেই জব্দ হৈ যাব। এই ৭ দিনত তলত দেখুৱা ধৰণে খোৱা-লোৱা কৰিব পাৰে।

ৰাতিপুৱা প্ৰথমতে এগিলাচ গৰম পানীত(খাব পৰা গৰম) এটা গোল বা সৰু কাগজি নেমুটেঙাৰ ৰস মিহলাই খাওক।

এঘন্টামান পাছত এক কাপ বা আধা গিলাচ মেথি ভিজোৱা পানী খাওক। ৫০ গ্ৰাম মেথি আগৰাতি ভালকৈ ধুই লৈ একাপ পানীত তিয়াই থওক। সেইখিনি পানী ৰাতিপুৱা সামান্য গৰম কৰি খাওক। মেথিবোৰ থৈ দি গজালি ওলালে প্ৰতিদিনে খাই যাব পাৰে। ই অন্ত্ৰৰ শোথ আলচাৰ আদিও আৰোগ্য কৰে। পাচন শক্তি বঢ়ায়। কিন্তু মেথি উষ্ণ প্ৰভাৱ যুক্ত বস্তু। যাৰ গৰম সহ্য নহয় বা শৰীৰৰ যিকোনো অংগৰ পৰা তেজ যোৱা অসুখ- ৰক্তপিত্ত, ৰক্তঅৰ্শ, নাকেৰে তেজ যোৱা, পেচাবত তেজ যোৱা অসুখ আছে তেনে লোকে মেথি খোৱা নিষিদ্ধ। বৰ দুৰ্বল ৰোগীয়েও মেথি খোৱা নিষেধ।

তাৰ এঘন্টামান পাছত আধা কাপমানকৈ তিতা কেৰেলাৰ ৰস আৰু বিলাহীৰ(পকা বিলাহীৰ) ৰস খাওক। লগতে তিঁয়হ, বিলাহী, লাও, পালেং শাক, আদিৰ এক প্লেট চালাদ খাওক।

দুপৰীয়া এবাটি সিজোৱা তৰকাৰি, এপ্লেট চালাদ, গজালি ওলোৱা বুট, মুগ, এবাটি দৈ আৰু ঘেঁহু আৰু বুটৰ(সমান সমান) গুড়িৰ আটাৰে বনোৱা দুখন বা তিনিখন ৰুটি খাওক।

আবেলি এবাটি দৈৰ ঘোল খাওক। যদি সম্ভৱ হয় জামৰ গুটিৰ গুড়ি এচামুচ মান মিহলাই খাব পাৰে। বেছি উপকাৰ হয়।

দিনটোৰ যিকোনো সময়তে একাপ অংকুৰিত ছয়াবিন আৰু ছয়াবিনৰ গাখীৰ খাওক।

গধূলিত সময়ৰ ফল যি পোৱা যায় খাওক। বিশেষকৈ টেঙা ফল খোৱা ভাল। এবাটি দৈও খাওক।

প্ৰথম সাতদিন এইভাৱে খাওক। পাছলৈ ব্লাডছুগাৰ কমি স্বাভাৱিক হ’লে, খাদ্যৰ ভাল-বেয়ালৈ চাই, সাধাৰণভাৱে আহাৰ খাবলৈ লওক।

কেৱল বুট বা বুট আৰু যৱ মিহলি গুড়িৰে বনোৱা ৰুটি আৰু শাক-পাচলি অথবা কেৱল বুটৰ ৰুটি বনাই ৮-১০ দিন খাই থাকিলেই পেচাবত চেনি যোৱা বন্ধ হৈ যায়।

কেৱল দৈ, শাক-পাচলি আৰু ফল ২-৩ সপ্তাহ খাই থাকিলে পেচাবত চেনি যোৱা বন্ধ হৈ যায়।

মধুমেহ ৰোগীৰ বাবে নিৰামিষ আহাৰেই ভাল। কিন্তু পুষ্টিকৰ আহাৰ খাব লাগিব। এই ৰোগত গেছ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এলকালাইন যুক্ত আহাৰ খাব লাগে। লগতে ইনছুলিন যাতে খাদ্যত থাকে তেনে খাদ্য খাব লাগে। নেমুটেঙাৰ ৰসত এলকালাইন থাকে, টাটকা শাক-পাচলিত এলকালাইন পোৱা যায়। এই খাদ্যবোৰৰ পৰিমাণ আহাৰত, ভাত ৰুটিতকৈ বেছি(চাৰিগুণমান) হ’ব লাগে। তিঁয়হ, নহৰু, পিঁয়াজ, সেউজীয়া শাল, পালেং, মেথি, বন্ধাকবি আদি উত্তম খাদ্য।

তিতা কেৰেলাৰ ৰস বৰ উপকাৰী। ইয়াত ইনছুলিন(প্লেন্ট ইনছুলিন)থাকে। তেজ আৰু পেচাবৰ ছুগাৰ কমাই দিয়ে। তিঁয়হত এবিধ হৰমোন থাকে যিয়ে পেক্ক্ৰিয়াছত ইনছুলিন বঢ়োৱাৰ কাম কৰে।

খোৱা বস্তুৰ সোৱাদ বঢ়াবলৈ পিঁয়াজ, নহৰু, আদা ব্যৱহাৰ কৰিব পাৰি। মছলা হিচাপে ডালচেনি ব্যৱহাৰ কৰিব পাৰি। ইয়াত ইনছুলিন পোৱা যায়।

ডায়েবেটিছ ৰোগীৰ বাবে ফল উত্তম খাদ্য। টাটকা ফল খোৱা অতি আৱশ্যক। ফলত ছুগাৰ শুহি লোৱা শক্তি থাকে।

টেঙা ফলৰ ভিতৰত আমলখি অতি উত্তম ফল। টাটকা আমলখিৰ ৰসত সামান্য লোণ মিহলাই নিতৌ খালে মধুমেহ কেইমাহমানৰ ভিতৰত নিয়ন্ত্ৰিত হৈ যায়।

মধুমেহৰ সাধাৰণ লক্ষণ থাকিলে অতি সহজেই আৰোগ্য লাভ কৰিব পাৰি। কেৱল খোৱা খাদ্যৰ প্ৰতি বিশেষ সতৰ্ক হৈ থাকিব লাগে। ঔষধ হিচাপে ইনছুলিন ডাক্তকসকলে বেজি বা ঔষধৰ মাধ্যমেৰে দিয়ে। ইনছুলিনে ছুগাৰৰ স্থিতি নিয়ন্ত্ৰণলৈ আনে।কিন্তু ইয়াক সদায় ব্যৱহাৰ কৰিব লাগে। ই ঔষধ, খাদ্যবস্তু নহয়।

এই অৱস্থাত, প্ৰাকৃতিক চিকিৎসা অতি সহজ আৰু ৰোগৰ লক্ষণ নিৰ্মূল হৈ যায়। তাৰ বাবে ওপৰত উল্লেখ কৰা খাদ্যৰ নিয়মবোৰ মানি তলত যিকোনো উপায় গ্ৰহণ কৰিব পাৰে। কিন্তু ৰোগ কঠিন হ’লে ডাক্তৰৰ সহায় ল’ব লাগে।

1.৬ গ্ৰাম মেথি গুটি ধুই পৰিষ্কাৰ কৰি লৈ পটাত খুন্দি ভাঙি লওক। গধূলি ২৫০ মি:লি: পানীত তিয়াই থওক। ৰাতিপুৱা মেথিবিলাক ভালকৈ মোহাৰক। তাৰ পাছত ছেকি লৈ সেই পানীখিনি(চেনি নিদিব) ২ মাহ নিয়মিতভাৱে খাওক। মধুমেহৰ লক্ষণ দূৰ হৈ যাব। মেথিৰ গুড়ি একো চামুচকৈ ৰাতিপুৱা আৰু ৰাতি অলপ পানীৰে ১০-১৫ দিন খালেও উপকাৰ পাব।

2.  যদি পেটত বিষ বেদনা(আলচাৰেটিভ কোলাইটিছ)থাকে ২ চামুচ মেথিগুড়ি আৰু ১ চামুচ মৌৰৰ গুড়ি তেনেকৈ ৰাতি ২০০ মি:লি: পানীত তিয়াই থৈ ৰাতিপুৱা ছেকি থৈ সেই পানী খাওক, খুব ভাল ফল পাব।

3.  ৰাতি ১৫-২০ গ্ৰাম মেথি ভালকৈ ধুই এবাটি পানীত তিয়াই থওক। ৰাতিপুৱা এই মেথিখিনি পানীখিনিত ভালকৈ মোহাৰক আৰু ছেকি লৈ পানীখিনি খাওক। তেনেকৈ ৰাতিপুৱা এমাহ খাওক। পেচাবত আৰু তেজত চেনিৰ পৰিমাণ নৰমেল হৈ পৰিব। মেথিখিনি গজালি মেলিলে চোবাই চোবাই খাওক। লগত চেনি মিঠাই, নিমখ একো নাখাব। মধুমেহত মেথি উত্তম ঔষধ। মেথিয়ে হজম প্ৰক্ৰিয়াক সবল কৰি তোলে, যকৃতৰ কৰ্মক্ষমতা বৃদ্ধি কৰে। কিডনিক সবল কৰি তোলে। পেচাব নিয়মিত হয়।

4.  জাম, জামৰ পাত আৰু জামৰ গুটিৰ গুড়িৰেও মধুমেহৰ চিকিৎসা কৰিব পাৰি।

জাম ওলোৱা দিনত ৬০ গ্ৰাম পকা জাম ৩০০

মি:লি: পানীত উতলাওক।পানীখিনি চেঁচা হ’লে জামবোৰ মোহৰক আৰু ছেকি লৈ পানীখিনি(জামবোৰ সিজি টুলটুলীয়া হ’বলৈ দিব) তিনিভাগ কৰক আৰু একোভাগ লৈ দিনত তিনিবেলা তিনিভাগ খাওক। পেচাবত ছুগাৰ কমি যাব ধৰিব। কিছুদিন খালে মধুমেহ আৰোগ্য হ’ব।

জামৰ গুটি খুন্দি ভাঙি ভিতৰৰ শাহখিনি উলিয়াই ছাঁত শুকাই চূৰ্ণ কৰি লওক। প্ৰতিদিন এই চূৰ্ণ ৰাতিপুৱা আৰু আবেলি ৩ গ্ৰামকৈ লৈ অলপ পানীৰে ২০-২৫ দিন খালে মধুমেহ আৰোগ্য হ’ব।

5. চ’ত মাহত মহানিমৰ কুঁহিপাত ১৪টাকৈ ৰাতিপুৱা খালী পেটতে ২১ দিন চোবাই খালে(বটি   লৈ পানীত গুলি ঘোল কৰি ল’বও পাৰি) মধুমেহ নাশ হৈ যায়। তাৰোপৰি পাছৰ গোটেই এবছৰলৈ ছালৰ কোনো অসুখ মহয়। পিত্ত, কফ, বাত ৰোগ সমূলে বিনাশ হৈ যায়। ল’ৰা-ছোৱালীৰ বাবে পাত ৭টা দিব।

6. তুলসীৰ পাত ১০টা আৰু ‘গুড়মা’ৰ পাত ১০টাকৈ ৰাতিপুৱা কিছুদিন পানীৰে খালেও মধুমেহত উপকাৰ হয়।

7. ছয়াবিন মধুমেহ ৰোগত উত্তম ঔষধি খাদ্য। ইয়াত যি কাৰ্বোহাইড্ৰেট থাকে তাত ষ্টাৰ্চ নাথাকে। আনহাতে ই প্ৰ’টিন আৰু বিভিন্ন ভিটামিনেৰে ভৰপূৰ। গতিকে ই শৰীৰৰ পুষ্টি সাধন কৰে কিন্তু ছুগাৰ ইয়াত নাই। মধুমেহৰ ৰোগীয়ে ছয়াবিনৰ সুটি পানীত এৰাতি তিয়াই অংকুৰিত কৰি খালে বা ছয়াবিনৰ গাখীৰ খালে এমাহ মানৰ পাছৰ পৰাই মধুমেহৰ লক্ষণ আঁতৰিব।

ছয়াবিনৰ গাখীৰ বনাবলৈ ছয়াবিন পানীত এৰাতি তিয়াই থ’ব লাগে। পাছত বাকলি গুচাই পটাত মিহিকৈ বটি তাত তিনিগুণ পানী মিহলাই জুইত অলপ গৰম কৰিব লাগে।

মিহি কাপোৰেৰে ছেকি ল’লে ই সুন্দৰ গাখীৰ হৈ গ’ল। ই গৰুৰ গাখীৰতকৈ কোনোগুণে কম নহয়। বৰং ভালহে, ফেট নাথাকে। শৰীৰত কোলেষ্টেৰল জমা নহয়। মধুমেহ, চৰ্মৰোগ, কেন্সাৰ, হ্ৰদৰোগ, এনিমিয়া আদিত বিশেষ উপকাৰী। এই গাখীৰৰ পৰা উৎকৃষ্ট দৈ হয়।

ডায়েবেটিছ ৰোগ শৰীৰত চেনি আৰু তিতাৰ স্থিতি আৱশ্যক মতে নথকাৰ বাবেই হয়। মহানিম, চিৰতা, গুলঞ্চ লতা আদি তিতা খালেও পেচাবত চেনি যোৱা বন্ধ হৈ যায়; তেজতো নিয়ন্ত্ৰিত হৈ নৰমেল হৈ পৰে।

২০-২৫টা নিমপাত আৰু ৭-৮টা জালুক চোবাই খালে উপকাৰ হয়।

8.আঙুলমান দীঘল গুলঞ্চ বা শাগুণী লতাৰ টুকুৰা এগিলাচ(সৰু চাহ খোৱা গিলাচ) পানীত ৰাতি তিয়াই থৈ সেই পানী ৰাতিপুৱা খাব লাগে। শগুণী লতাৰ টুকুৰাটো অলপ থেঁতেলাই দিব লাগে। এই ধৰণে কিছুদিন খালে ব্লাডছুগাৰ কমি যায়।

চিৰতা তিতাৰ ৪টামান টুকুৰা ৰাতি সৰু গিলাচৰ এগিলাচ পানীত তিয়াই থৈ ৰাতিপুৱা সেই পানী খালেও ব্লাডছুগাৰ স্বাভাৱিক হ’লে তিতা খোৱা বন্ধ কৰি কেৱল খোৱা বস্তুবোৰলৈ চকু দিলেই জীৱন স্বাভাৱিক হৈ পৰিছে।

জল চিকিৎসা:

 

ৰাতিপুৱা শুই উঠি মুখ নোধোৱাকৈ প্ৰতিদিনে চাৰি গিলাচকৈ পানী(১২৫০ মি:লি:)একে সময়তে খাওক। পানী খোৱাৰ এঘন্টা পাছলৈ একো খাব নোৱাৰি। ব্ৰাছ কৰি মুখ ধুব পাৰি। প্ৰথমতে একেধাৰে চাৰি গিলাচ পানী খাবলৈ অসুবিধা হ’লে ২-৩ গিলাচ খাই পাছলৈ চাৰি গিলাচ কৰিব লাগিব। চিকিৎসা চাৰি গিলাচৰ পৰা হ’ব। বিশুদ্ধ পানীহে খাব। অস্ত্ৰোপচাৰৰ আৱশ্যক নহ’লে, জলচিকিৎসাৰে সকলো ৰোগ নিৰ্মূল কৰিব পাৰি।

আৰম্ভণিতে পেচাব ঘন্টাত ৩-৪ বাৰ হ’ব পাৰে, শৌচো পনীয়া হ’ব পাৰে। চিন্তাৰ কাৰণ নাই, কেইদিনমানৰ পাছত স্বাভাৱিক হৈ যাব।

ৰাতিপুৱা ৪ গিলাচ পানী খোৱাৰ পাছতো, দিনৰ অন্য সময়ত গতানুগতিকভাৱেই পানী খাই থাকিব।

ৰাতি শোৱাৰ আগত একো নাখাব।

বিশেষজ্ঞসকলৰ মতে, এই ধৰণে ৰাতিপুৱা ৪ গিলাচ পানী খালে কেইদিনমানৰ পাছতেই বহু ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰি। মধুমেহ, উচ্চ ৰক্তচাপ, হাৰ্টৰ পীড়া এমাহৰ ভিতৰতে নোহোৱা হৈ যায়। পেটৰ সকলো ৰোগ, যেনে- গেছ হোৱা, শৌচ কচা, অম্লপিত্ত দহ দিনমানৰ পাছতেই নিৰ্মূল হৈ উঠে। কেৱল এই ধৰণে পানী খাই থাকিলেই শৰীৰৰ সকলো ৰোগ দূৰ হ’ব। কেন্সাৰ, টিবি ৰোগত ৩ মাহৰ ভিতৰত সুফল লাভ কৰিব। চিৰদিন ৩ গিলাচকৈ খাই থাকিবলৈ অসুবিধা পালে ৰোগৰ লক্ষণবোৰ দূৰ হ’লে ২-৩ গিলাচকৈ খালেও ৰোগ দূৰীভূত হৈ থাকিব। পুৰুষ-মহিলা সকলোৰে অসুখ দূৰ হয়।

জল চিকিৎসাৰ সময়ত কেইটামান নিয়ম কঠোৰভাৱে মানিব লাগে-

 

কোলড ড্ৰিংকছ, চাহ, কফি, আইচক্ৰিম নাখাব। তেল-ঘিউত ভজা, বেছি মছলা দিয়া খাদ্যও নাখাব। মদ, বিড়ি, চিগাৰেট নিষিদ্ধ। মিঠাই, ময়দা, বেচনৰ তৈয়াৰী খাদ্যও নোখোৱাই ভাল। ফল, সেউজীয়া শাক-পাচলি বেছিকৈ খাব।

সহায়ক চিকিৎসা:

1.প্ৰতিদিনে ১ মুঠা বাদাম চোবাই খাওক। ই শৰীৰৰ নিকোটিনিক এচিডৰ ঘাটি পূৰাই দিব আৰু বহু অপুষ্টিৰ পৰা হাত সৰাই ৰাখিব। ৰোগীৰ তেজত নানা বিজুতিৰ পুষ্টি হয়, বাদামে সেইবোৰ দূৰ কৰি নিৰাময়ত সহায় কৰে।

2. ২ মাহ একোঁহকৈ কেঁচা নহৰু গৰম ভাতৰ লগত খাওক। ৰোগ উপশম হৈ যাব। একোঁহৰ নহৰু হ’লে বেছি ভাল। ই অন্ত্ৰৰো বল বৃদ্ধি কৰিব।

3. শাৰীৰিক পৰিশ্ৰম যথাসম্ভৱ কৰিব। কেৱল ৰাতিপুৱা প্ৰতিদিনে ৪-৫ কিলোমিটাৰ খোজ কাঢ়িলে বা দৌৰাদৌৰি কৰিলেই বিনা ঔষধেই পেচাবত ছুগাৰ যোৱা বন্ধ হৈ যাব। ঘৰুৱা কাম ইটো সিটো নিজেও কৰক। একো কামেই নাই যদি ঘৰুৱা বস্তু কিছুমানকে সদায় পৰিপাটিকৈ ৰাখি, চকী-মেজ আদি দাঙি পাৰি থাকক। অথবা কোনো এক্সাৰচাইজ নিয়মিতভাৱে কৰক। পদ্মাসন, মৎস্যাসন, পৱন মুক্তাসন, পশ্চিমোত্তাসন আদি সহজ-সৰল যোগাসন কৰক। প্ৰাণায়াম অতি উপকাৰী। হৰিদ্বাৰৰ দিব্য যোগ মন্দিৰৰ পৰম পূজ্য স্বামী ৰামদেৱজী মহাৰাজে বহুলোকক কপাল ভাটি প্ৰাণায়ামৰ দ্বাৰা শকত হৈ যোৱা আৰু ডায়েবেটিছ ৰোগৰ পৰা আৰোগ্য কৰিছে। টিভিত এইবোৰ দেখুৱাই থাকে। কিন্তু এইবোৰ অভিজ্ঞ লোকৰ সহায়তহে কৰিব পাৰি। যোগাসন প্ৰাণায়াম দুমাহমান কৰিয়েই উপকাৰ পাইছিল আৰু এবছৰৰ পাছত সম্পূৰ্ণ আৰোগ্য হৈছে বুলি বিহাৰৰ(পাটনাৰ) এগৰাকী হিতাধিকাৰী মীৰা সিঙে ‘যোগ সন্দেশ’ আলোচনীত প্ৰকাশ কৰিছে। তেনে উদাহৰণ আৰু বহুত আছে।

পথ্য:

উপকাৰী খাদ্য বস্তুৰ বিষয়ে ওপৰত বিতং আলোচনা কৰা হৈছে। শাক, তৰকাৰি, বেথো, ধনীয়া, পদিনা, বন্ধাকবি, মূলা শাক উপকাৰী। তিঁয়হ, কাকড়ি, কেৰেলা, মূলা, পানীলাও, বিলাহী, গাজৰ আদি ভাল পাচলি। পিঁয়াজ, নহৰু, আদা, নেমুটেঙা, বাদাম, জাম, নাৰিকল, বেলপাত, আমলখি, অন্যান্য ফল, দৈ-ঘোল, উপকাৰী খাদ্য বস্তু। বিলাহী কিন্তু নৰান্ধাকৈ খালেহে উপকাৰ বেছি হয়। পকা বিলাহী ফলৰ দৰেও খাব পাৰি। শৰীৰত তেল মালিচ কৰিব।

অপথ্য:

চেনি, মিঠাই খোৱা একেবাৰেই বন্ধ কৰিব লাগিব। খোৱা বস্তু যাতে হজম হয় তালৈ চকু দি খাদ্য খাব লাগিব। মাড় বা ষ্টাৰ্চ থকা খাদ্য যিমান পাৰি কম খাব। মিঠা ফল কিছুমানৰ মতে খাব পাৰি, কাৰণ ফলত গ্লুকোজ শুহি লোৱা গুণ থাকে। কিন্তু নোখোৱাই ভাল। বিড়ি, চিগাৰেট আৰু মদ খোৱা নিষিদ্ধ। মানসিক পৰিশ্ৰম কম কৰিব। কায়িক পৰিশ্ৰম বঢ়াব, দিনত নুশুব। পানী খাওঁতে এঢোক এঢোককৈ লাহে লাহে খাব।

খোৱা বস্তু সহজে হজম হোৱাৰ বাবে এটা কাম কৰিব পাৰে। আহাৰ খোৱাৰ পাছত ৰাতি শোওঁতে প্ৰথমতে ওপৰলৈ মুখ কৰি পিঠি তলত ৰাখি বাগৰ দিয়ক আৰু এক-দুইকৈ ৮ বাৰ উশাহ-নিশাহ লওক। উশাহ টানি লোৱা আৰু নিশাহ এৰি দিয়া দুয়োটা ক্ৰিয়াত অংক এক হ’ব। তাৰ পাছত সোঁফালটো তল কৰি বাগৰ সলাওক আৰু আগৰ দৰে এক-দুইকৈ ১৬ বা উশাহ-নিশাহ লওক। তাৰ পাছত ৩২ বাৰ বাঁওফাল তল কৰি শুই উশাহ লওক। তাৰ পাছত আপোনাৰ সুবিধামতে শুব পাৰে। কিন্তু ৰাতি বাওঁফাল তল কৰি আৰু দিনত সোঁফাল তল কৰি শোৱা কল্যাণকাৰী নিয়ম।

দিনত আহাৰ খাই বাগৰ দি জিৰণি ল’লেও তেনেকৈ উশাহ-নিশাহ লৈ বাগৰ দিব। তেতিয়া পেটত আবদ্ধ হৈ থকা বায়ু(Air) মুখেৰে উগাৰ হৈ বা গুহ্যদ্বাৰেৰে ওলাই যায়। হজম প্ৰক্ৰিয়াৰ বাধা দূৰ হয়।

এই নিয়ম কেৱল ডায়েবেটিছ ৰোগীয়ে নহয়, ৰোগী-নিৰোগী সকলোৱে কৰিব লাগে। এই কাৰ্যই দীৰ্ঘায়ু প্ৰদান কৰে।

সপ্তাহত দুই-তিনিদিন নিজৰ হাতৰ তলুৱাৰে ৰাতি শোৱাৰ আগতে ভৰিৰ তলুৱাত তেল মালিচ কৰিব, মধুমেহত উপকাৰ হয়। সুস্থ লোকে এই নিয়ম পালন কৰিলে উচ্চ ৰক্তচাপ, হাৰ্টৰ পীড়া আৰু ডায়েবেটিছ(মধুমেহ) হোৱাৰ সম্ভাৱনাই নাথাকে বুলি বৈদ্যাচাৰ্যসকলে মত প্ৰকাশ কৰিছে।

টেনছন(Excited Feeling) থাকিলে ৰোগ বাঢ়ে। ডায়েবেটিছ থাকিলে তেনে উত্তেজনা নাৰাখিব। যত্ন ল’ব নাজানিলে বা নল’লেহে ৰোগ কঠিন হয়। প্ৰায়েই কিডনি নষ্ট হয়। মানুহ মৃত্যুৰ মুখত পৰে। কাৰণ অকল ডাক্তৰৰ ঔষধে ৰোগীক আৰোগ্য কৰিব নোৱাৰে। ৰোগীজনে নিজে কৰিবলগা বহুত থাকে। ৰোগীজনে যদি নিজে যত্নৱান হয় ৰোগৰ লক্ষণ সোনকালেই নিৰ্বাপিত হয়। এই দুৰাৰোগ্য ৰোগ নহয়। টেনছনত থাকিবৰ একো কথা নাই। ওপৰত বহু দিহা-পৰামৰ্শ দিয়া হ’ল। যিটোৱে আপোনাৰ বাবে সম্ভৱ হয় দৃঢ়ভাৱে অৱলম্বন কৰক, খাদ্যৰ অভ্যাস সলনি কৰক, মধুমেহ নিয়ন্ত্ৰিত হ’ব।

তাৰ পাছতো কিন্তু আপোনাৰ খাদ্যৰ ভিতৰত যাতে বাদাম, পাত শাক, তিঁয়হ, বিলাহী, দৈ, ফল, টেঙা ফল আৰু গজালি ওলোৱা বুট, মুগ, মেথি গুটি, ছয়াবিন আদিৰ যিকোনো এবিধ প্ৰতিদিনে থাকে তালৈ যত্ন ল’ব। বুট-মুগবোৰ সলাই সলাই খাই থাকিলে সকলোৱে উপকাৰ লাভ কৰিব পাৰিব। কেঁচা নহৰু এক বা দুকোঁহ সদায় খাব। আমলখি একোটা সদায় খাওক, নাপালেও সঘনাই খাই থাকিব। তিতা কেৰেলা বা তিতা খাদ্য সপ্তাহত এদিন খাব। ভাত-ৰুটি খাবলৈ লোৱা মুঠ খাদ্যৰ ১/৪(চাৰি ভাগৰ এভাগ) মানহে খাব। ছয়াবিন সঘনে খাব। ডায়েবেটিছৰ পুনৰ আক্ৰমণ আৰু নহয়। নিয়ন্ত্ৰণত থাকিব। মধুমেহ ৰোগীয়ে ধূমপান নকৰিব; উচ্চ ৰক্তচাপ, হ্ৰদপিণ্ড বিকল, শৰীৰৰ আংশিকত পক্ষাঘাত আদি হোৱাৰ সম্ভাৱনা বাঢ়ে।

 

লেখক:ব্ৰজনাথ শৰ্মা

2.87096774194
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top