অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৃৎপিণ্ডৰ অসুখ

 

হৃৎপিণ্ডৰ অসুখ প্ৰধানকৈ কৰোনেৰি থ্ৰম্বোছিছ(Coronary Thrombosis) আৰু হাৰ্ট এটাক(Heart Attack)। এইবোৰ অসুখ হ্ৰৎপিণ্ডলৈ তেজৰ যোগান বিঘ্নিত হোৱাৰ বাবেই হয়। আমাৰ শৰীৰত থকা তেজে আমাৰ শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগকে জীয়াই ৰাখে। অংগ-প্ৰত্যংগৰ কোষবোৰক আমি খোৱা খাদ্যৰ সাৰভাগ বা গ্লুকোজ আৰু অক্সিজেন গেছ তেজে অনবৰত যোগান ধৰি থাকে আৰু কোষবোৰে তাৰ সহায়ত সেই অংগ-প্ৰত্যংগৰ কামবোৰ চলাই থাকে। তেজবোৰ অন্ত্ৰলৈ যায়, বাবে তেজ আমাৰ শৰীৰত ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিব লাগে আৰু তাৰ বাবে আমাৰ শৰীৰত ৰক্তবাহিকা নাড়ীৰ মাজেৰে তেজৰ চলাচল অবিৰতভাৱে চলি থাকে ৰক্ত প্ৰবাহৰ এই কাম কৰাই থাকে হ্ৰৎপিণ্ডই।

হৃৎপিণ্ডই প্ৰতি মিনিটত ৭০-৭৫ বাৰ হ্ৰৎস্পন্দন(Heart Beat) সম্পাদন কৰে অৰ্থাৎ হ্ৰৎপিণ্ডৰ সংকোচন ঘটায় আৰু হ্ৰৎপিণ্ডৰ পৰা তেজ পাম্প কৰি তেজ ৰক্তবাহিকা নাড়ী বা সিৰ, উপ-সিৰৰ মাজেৰে শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগলৈ পঠায়। তাৰ বাবে এদিনত এশ হাজাৰবাৰ বুকুৰ স্পন্দন ঘটায়, ৪৫০০-৯০০০ কিলোগ্ৰাম তেজ(শৰীৰৰ আকাৰ অনুসৰি), ১,৩০,০০০-তকৈও অধিক কিলোমিটাৰ ৰক্তবাহিকা নাড়ীৰ মাজেৰে পাম্প কৰি থাকে।

হৃৎপিণ্ডটো প্ৰকৃতি নিৰ্মিত এটা অটোমেটিক মেচিন। জন্মৰ পৰা মৃত্যুলৈকে ঘড়ীৰ মেচিনৰ দৰে ধুক-ধুক শব্দ কৰি ই চলি থাকে। ইয়াক ৰি-এডজাষ্টমেন্ট বা অভাৰহলিং কৰাৰ আৱশ্যক নহয়। হ্ৰৎপিণ্ড চলি থাকিলেই জীৱন আৰু বন্ধ হ’লেই মৃত্যু নিৰ্দিষ্ট।

মানুহৰ তেজত প্লেটলেট নামৰ কাঁহীৰ আকাৰৰ ৰক্তকণিকা থাকে। এইবোৰে তেজ গোটমৰাৰ কাম কৰে। ক’ৰবাত কটা-ছিঙা হ’লে অলপ পাছতে জখম বেছি নহ’লে সেইবোৰ তেজ যোৱা বন্ধ হৈ যায়। কাৰণ তাত তেজ গোট মাৰে। কোনো পৰিৱেশত কেতিয়াবা ৰক্তবাহিকা নাড়ীৰ ভিতৰতে তেজ মখা বান্ধে আৰু সেইপিনে তেজ যোৱা বন্ধ হৈ যায় আৰু সেই ঠাইৰ পাছৰ ফালৰ অংগ-প্ৰত্যংগই তেজ নাপায়।

এই ব্লাডক্লটবোৰ বেছিকৈ হ্ৰৎপিণ্ডতে হয়(মগজুতো হয়)। হ’লেই হাৰ্টৰ থ্ৰম্বোছিছ হয়। হ্ৰৎপিণ্ডই তেজ নাপালে হ্ৰৎস্পন্দন অনিয়মিত হয়। হ্ৰৎস্পন্দন অনিয়মীয়া হ’লে হ্ৰৎপিণ্ডত খুন্দা মাৰে, হ্ৰৎপিণ্ডত বিষ আৰম্ভ হয়। ইয়াক এনজিনা পেক্টোৰিজ(Angina Pactoris) বোলে। ই হ্ৰৎপিণ্ডৰ মাংসপেশীবোৰে তেজ বিচাৰি দিয়া চিঞৰ বুলি বুজিব লাগে আৰু তেজ নাপালে কৰোনেৰি থ্ৰম্বোছিছ আৰম্ভ হয়। হ্ৰৎপিণ্ড বন্ধ হৈ যায়। ৰোগীৰ মৃত্যু হয়।

হৃৎপিণ্ডৰ বাওঁ ভেন্ট্ৰিকোলৰ সৈতে সংযোজিত হৈ থকা আৱৰটা নামৰ ডাঙৰ আৰ্টেৰি বা শুদ্ধ ৰক্তবাহক নাড়ীডালৰ বিভিন্ন শাখা-প্ৰশাখাই(Arteries and Capillaries) গোটেই শৰীৰটো বিয়পি আছে। তাৰ এটা শাখাই হ্ৰৎপিণ্ডক তেজৰ যোগান ধৰে। সেই শাখাৰে অন্য এটা ঠাল হ্ৰৎপিণ্ডৰ ওপৰফালে থাকে। তাক হ্ৰৎপিণ্ডৰ ওপৰতে লাগি থাকে(Crown Like) বাবে কৰোনেৰি আৰ্টেৰি বোলে আৰু ইয়াতেই সাধাৰণতে তেজ মখা বান্ধে(Blood Clotting)। সেই বাবেই ইয়াক কৰোনেৰি থ্ৰম্বোছিছ বোলে। এই অসুখ হঠাৎ কেতিয়াবাহে হয়।

হৃৎপিণ্ডৰ মাংসপেশীবোৰ সবল হৈ থাকিলে, হাৰ্ট সুস্থ থাকিলে ৰক্তচাপ নাথাকিলে এই ৰোগ নহয়।

হাৰ্ট এটাক:

 

ৰক্ত সঞ্চালন পদ্ধতিৰে বিসংগতিৰ ফলত হ্ৰৎপিণ্ডলৈ তেজৰ প্ৰবাহ কেতিয়াবা কম বা অনিয়মিত হ’ব পাৰে বা তেজৰ প্ৰবাহ একেবাৰে বন্ধ হৈ যাব পাৰে। আমাৰ খোৱা খাদ্যত(আহাৰত) চৰ্বী জাতীয় বস্তু বেছি হ’লে সেইবোৰ শৰীৰৰ পৰা বাহিৰ হৈ নাযায় আৰু শৰীৰত জমা হৈ থাকে। ফলস্বৰূপে মানুহ শকত হৈ আহে। ইয়াৰ উপৰি চৰ্বীৰ পৰা আঠালেটিয়া চামনিৰ উৎপন্ন হয়। ইয়াক কোলেষ্টৰল বোলে। এই কোলেষ্টৰল ৰক্তবাহিকা নাড়ীৰ ভিতৰ ফালৰ বেৰত পাতল ছালৰ দৰে লাগি ধৰে। ফলত নাড়ীৰে তেজ যোৱা ফুটা সৰু হৈ পৰে, নাড়ী ডাঠ হয়, টান বা কঠিনো হ’ব ধৰে আৰু তেজ চলাচল কৰাত বাধাৰ সৃষ্টি হয়। হ্ৰৎযন্ত্ৰই সাধাৰণ অৱস্থাতকৈ জোৰ দি পাম্প কৰি তেজ পঠাব লগা হয়। ব্লাডপ্ৰেছাৰ বাঢ়ি যায়। হ্ৰৎপিণ্ডৰো শ্ৰম বাঢ়ে। আকৌ পাব লগা ঠাইত তেজ পৰ্যাপ্ত পৰিমাণে নাপাবও পাৰে। আনহাতে, তেনেকৈ কোলেষ্টেৰল জমি জমি কোমো ঠাইত তেজ চলাচলৰ পথ বন্ধ হোৱাৰ উপক্ৰমো হ’ব পাৰে। হ্ৰৎপিণ্ড ভাগৰি পৰিব ধৰে। হ্ৰৎপিণ্ডলৈও তেজৰ যোগান কমি যাব পাৰে। হ্ৰৎপিণ্ডই নিয়মিত কাম কৰি যাবলৈ ইয়াৰ মাংসপেশীক অম্লজান যুক্ত শুদ্ধ তেজৰ আৱশ্যক। কিন্তু তেজ চলাচল বিঘ্নিত হ’লে হ্ৰৎপিণ্ড দুৰ্বল হৈ পৰে। হ্ৰৎপিণ্ডৰ ৰোগ লক্ষণে দেখা দিয়ে। ব্লাডক্লট বা তেজ মখা বান্ধি তেজ চলাচল বন্ধ হোৱাটো হঠাৎ হয়। কিন্তু এইবোৰ হাৰ্টৰ অসুখ ক্ৰমান্বয়ে বাঢ়ে। বুকুত বিষ অনুভৱ হয়। ইয়াক হ্ৰৎপিণ্ডই তেজ বিচাৰি কৰা হাহাকাৰেই বুলিব পাৰি।

হৃদৰোগৰ লক্ষণ:

 

হাৰ্টৰ অসুখৰ ৰোগীয়ে প্ৰথমতে তেনে কোনো অসুবিধা অনুভৱ নকৰে। বিশেষকৈ আৰাম বা বিশ্ৰামত থকা মানুহে বিশ্বাস কোনো অসুবিধা নাপায়। কিন্তু অলপ পৰিশ্ৰম কৰিলে, কিছু দূৰলৈ খোজ কাঢ়িলে বা ছিৰি বগাই ওপৰলৈ উঠিলে তেতিয়াই বুকুৰ ব্যথা, বিষ বেদনা আৰম্ভ হয়। বিষ কান্ধ, পিঠিলৈ যায়। উশাহ বন্ধ হ’ব খোজে, বুকুত আঁটি ধৰাৰ দৰে কষ্ট অনুভৱ হয়। কাৰণ বেছি পৰিশ্ৰমৰ কাৰণে হ্ৰৎপিণ্ডক পোৱাতকৈ বেছি তেজৰ আৱশ্যক হয়। এই কষ্টৰ নামেই এনজিন পেক্টোৰিজ বা হ্ৰদ-শূল। ৰক্ত চলাচল বাধাগ্ৰস্ত হ’লে, হ্ৰৎপিণ্ডই হাওঁফাওঁৰ পৰা অহা অক্সিজেন পুষ্ট তেজ ঠিক মতে নাপায়। হ্ৰৎপিণ্ডলৈ ৰক্তপ্ৰৱাহ হঠাৎ আৱদ্ধ হৈ যাব খোজে আৰু বুকুত তীব্ৰ যন্ত্ৰণা আৰম্ভ হয়। হ্ৰৎপিণ্ড আঘাতপ্ৰাপ্ত হয়। এনে অৱস্থাত কেতিয়াবা বিশ্ৰাম ল’লেই বেদনা কমে। অথবা ছৰ্বিট্ৰেট, নাইট্ৰোগ্লিচাৰিন আদি খুৱালে অসুখ কমি যায়। বিশ্ৰাম ল’লেও যদি অসুখ নকমে তেনেহ’লে হাৰ্ট এটাক বা হাৰ্টষ্ট্ৰোকৰ লক্ষণ বুলি বুজিব লাগিব আৰু ততাতৈয়াকৈ হ্ৰদৰোগ বিশেষজ্ঞৰ সহায় লৈ চিকিৎসা কৰিব লাগিব। বহু সময়ত প্ৰথমবাৰ হাৰ্ট এটাক হওঁতেই মানুহৰ মৃত্যু নহয়। বাচি যায়। কিন্তু হাৰ্ট এটাকৰ শেষ পৰিণতিয়েই বহু সময়ত হাৰ্টফেইলৰ- মৃত্যু। সাধাৰণতে তৃতীয়বাৰৰ হাৰ্ট এটাকত মানুহৰ মৃত্যুৰ ভয় প্ৰকট হৈ পৰে। হাৰ্ট এটাকৰ পাছত পক্ষাঘাত(Peripheral Circularetory Failure) হোৱাৰো ভয় থাকে।

হাৰ্ট এটাক আৰম্ভ হোৱাৰ সময়ত ৰোগীয়ে যিবোৰ কষ্ট অনুভৱ কৰে তাক তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি-

 

1.ৰোগীৰ বুকুত ভীষণ বিষ, যন্ত্ৰণা অনুভৱ হয়।

2.খুব ঘাম ওলায়।

3.মূৰ ঘূৰায়।

4.ভীষণ দুৰ্বল অনুভৱ কৰে।

5.উশাহ ল’বলৈ কষ্ট হয়।

6.নাড়ীৰ(Pulse) গতি দুৰ্বল হ’ব পাৰে।

7.অজ্ঞান হৈ পৰিব পাৰে।

হ্ৰৎপিণ্ডৰ ৰোগৰ কাৰণ: এক, উচ্চ ৰক্তচাপ ৰোগ থকাটো এক প্ৰধান কাৰণ; দুই, বংশগত ৰোগ লক্ষণো প্ৰণিধানযোগ্য কাৰণ; তিনি, চৰ্বী বা কোলেষ্টেৰলযুক্ত খাদ্য- ঘিউ, মাখন, তেল আদি বেছিকৈ খোৱা; চাৰি, বহি বহি খোৱা, পৰিশ্ৰম বিমুখ জীৱন; পাঁচ, মানুহ শকত হৈ পৰা, শৰীৰৰ ওজন বাঢ়ি থকা; ছয়, শৰীৰত লাগি থকা কিছুমান যেনে- ৰোগ বহুমূত্ৰ, মধুমেহ, বাতবিষ আদি; সাত, হাৰ্টৰ মানসিক ৰোগ লক্ষণ; আঠ, চিগাৰেট খোৱা অভ্যাস আৰু ন, অত্যধিক ৰতি সম্ভোগ আদিৰ প্ৰভাৱত হ্ৰদৰোগ হয়।

 

হৃৎপিণ্ড মনৰ আৱেগৰ স্থল:

 

হৃৎপিণ্ডটো ৰক্ত সঞ্চালন এটা পাম্পিং ছেট হোৱাৰ উপৰিও ই হৈছে মানুহৰ হ্ৰদয়; যিয়ে মানুহক সুখ, দুখ, দয়া, মৰম আদিৰ উপলব্ধি কৰাৰ ক্ষমতা দিয়ে। বহুদিন আগতেই জীৱবিজ্ঞানীসকলে হ্ৰৎপিণ্ডৰ কাৰ্যাৱলীৰ বিশ্লেষণ কৰি উপলব্ধি কৰিব পাৰিছিল যে হ্ৰৎপিণ্ড মানুহৰ আৱেগ-অনুভূতিৰ স্থল। কাৰণ মানুহৰ উত্তেজনাৰ সময়ত, খং উঠিলে, ভয় খালে হ্ৰৎপিণ্ডৰ স্পন্দনৰ(Heart beat)গতি বাঢ়ি যায়।এইটোও দেখা গৈছে যে বিদাৰিত প্ৰেমিক-প্ৰেমিকা, শোকাকুল পিতা-মাতা, হতাশ হোৱা শিল্পী আৰু দেশান্তৰ হোৱা দেশপ্ৰেমিক সকলো কেতিয়াবা হাৰ্টৰ এটাক হৈ মৃত্যুৰ মুখত পৰে। সেই হিচাপে আৱেগ-অনুভূতি আৰু দুশ্চিন্তা বা উৎকন্ঠিত অৱস্থাই হাৰ্টৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। এইবোৰ বেছিকৈ হৈ থাকিলে ৰক্তচাপ বৃদ্ধি হয়, ফলত হ্ৰৎপিণ্ড বিকল হৈ পৰে আৰু মানুহে তাকেই হাৰ্টফেইল হোৱা বুলি কয়।

চিকিৎসা:

 

হৃদৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাই ততাতৈয়াকৈ চিকিৎসা কৰা নিতান্ত আৱশ্যক। সহায়ক ঘৰুৱা চিকিৎসা হিচাপে তলৰ ব্যৱস্থাবোৰ, ৰোগৰ প্ৰবলতা কম থাকিলে, ব্যৱহাৰ কৰি হ্ৰদৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।

1. আমলখিৰ ৰস ১০ মি:লি: ২৫০ মি:লি: গৰুৰ গাখীৰৰ সৈতে মিহলাই দিনত এবাৰকৈ খালে হ্ৰদৰোগত উপকাৰ হয়।

2. ১৫ মি:লি: নহৰুৰ ৰস ২৫০ মি:লি: গৰুৰ গাখীৰৰ সৈতে খালে যথেষ্ট উপকাৰ পাব।

3. মৌ ৰাতিপুৱা আৰু গধূলি ২০ মি:লি:(৪ চামুচ) কৈ খালে হ্ৰদৰোগ আৰোগ্য হয়। প্ৰতিদিনে এবাৰকৈ ৫ চামুচ মৌ আৰু ১০০ মি:লি: বিলাহীৰ ৰস খালে হ্ৰৎপিণ্ডৰ দুৰ্বলতা দূৰ হ’ব।

4. বেলৰ পাত ১০টাকৈ একেৰাহে ১৫ দিন খালে উপকাৰ হয়।

5. অশ্বগন্ধাৰ গুড়ি ৩০ গ্ৰাম, গৰুৰ গাখীৰ ১২৫ মি:লি:ত মিহলি কৰি অলপ গৰম কৰি লৈ, দিনত দুবাৰকৈ কিছুদিন খালে হ্ৰদৰোগ গুচে।

6. চজিনা প্ৰতি সাঁজত অন্তত: ৫০ গ্ৰামকৈ কিছুদিন খালে হ্ৰদৰোগৰ পৰা আৰোগ্য হ’ব পাৰি।

7. শুকান আমলখি(গুটি আঁতৰাই) সম-পৰিমাণৰ মিছিৰিৰ লগত লৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটতে ৬ গ্ৰাম বা ২ চামুচ চোবাই খাই অলপ পানী খালেই উপকাৰ হয়। একেৰাহে কেইদিনমান খালে হ্ৰৎপিণ্ডৰ ৰোগ দূৰ হ’ব। হ্ৰৎপিণ্ডৰ দুৰ্বলতা, বুকু ধৰফৰ কৰা, অজ্ঞান হৈ পৰা আদি অসুখ নাথাকে। উচ্চ ৰক্তচাপতো ভাল কাম কৰে, হ্ৰৎপিণ্ডৰ শক্তি বঢ়ায়। চ’ত আৰু আহিন মাহত প্ৰতিদিনে এটাকৈ আমলখি একেৰাহে ২১ দিন বা এমাহ খালে শৰীৰৰ বিশেষ উপকাৰ হয়।

নিয়মিতভাৱে(সদায়) কিছুদিন আমলখি একোটাকৈ খালে ৰক্তবাহিকা নাড়ী কোমল হয় আৰু নমনীয় হয়। কোলেষ্টেৰল বান্ধ খাই নাড়ীক কঠিন কৰিব নোৱাৰে, নাড়ীৰ মাজৰ তেজ চলাচলৰ পথ(ফুটা) সৰু হৈ নাযায়। ফলত উচ্চ ৰক্তচাপৰ পৰা মানুহে মুক্তি পায়। ৰক্ত সঞ্চালন স্বাভাৱিক হৈ যায়। ব্লাড ক্লট নহয়, হ্ৰৎপিণ্ড নুফুলে। আমলখি খোৱাটো হাৰ্টৰ ৰোগ আৰু উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ বাবে এক উত্তম উপায়। হাৰ্টৰ অসুখত আমলখি খোৱা অভ্যাস কৰিলে নিমখ নাখাব।

আগতে হাৰ্ট এটাক হ’লে, আমলখি ক্কাথ(সিজোৱা আৰক) ৰাতিপুৱা আৰু ৰাতি, দিনত দুবাৰ খালে বিশেষ উপকাৰ পাব। কিছুদিন খাই থাকিব লাগে। ই হ্ৰৎপিণ্ডৰ শক্তিবৰ্ধক টনিক।

  1. অৰ্জুন গছৰ কেঁচা ছাল কাটি আনি ছাঁত শুকাই খুন্দি গুড়ি কৰি ল’ব লাগে। ২৫০ মি:লি: গৰুৰ গাখীৰ আৰু একে পৰিমাণৰ পানী মিহলাই এই অৰ্জুন গছৰ ছালৰ গুড়ি ৩ গ্ৰাম বা ১ চামুচ(ভৰা চামুচতকৈ অলপ কম) সেই গাখীৰ পানীত উতলাওক। গাখীৰ পানী যেতিয়া আধামান হ’ব, জুইৰ পৰা নমাই খাব পৰা হ’লে, গৰমে গৰমে খাবলৈ দিয়ক। প্ৰথমতে ৰাতিপুৱা খালী পেটতে এবাৰ খাবলৈ দিয়ক। ঔষধটো খোৱাৰ ২ ঘন্টালৈ একো খাব নিদিব। এমাহ এইভাৱে খুৱাওক। হাৰ্ট এটাক হোৱাৰ আৰু ভয় নাথাকে। প্ৰতিদিনে দিনে ৩ বাৰকৈ ৩-৪ দিন খুৱালেও হাৰ্ট এটাক আৰু নহয়।

অৰ্জুন গছৰ ছালৰ গুড়াই ইনজেকছনৰ দৰে কাম কৰে। অৰ্জুন গছৰ কেঁচা ছাল ছাঁত শুকাই গুড়ি কৰি, কাপোৰেৰে ছেকি ল’ব লাগে। এই মিহি চূৰ্ণ জিভাত লাগিলেই ই কাম আৰম্ভ কৰি দিয়ে। ইয়াক ছৰ্বিট্ৰেট টেবলেটৰ পৰিৱৰ্তেও ব্যৱহাৰ কৰিব পাৰি। অত্যন্ত বুকুৰ ধৰফৰণি হ’লে এই চুৰ্ণ জিভাত লগাই দিয়াৰ লগে লগেই অৱস্থাৰ উন্নতি হ’বলৈ আৰম্ভ কৰিব। আনহাতে, ইয়াৰ পৰা কোনো অপকাৰ নহয়, পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই। উচ্চ ৰক্তচাপৰ বাবে হ্ৰৎপিণ্ড ফুলিলে বা শোথ হ’লে সেইবোৰ দূৰ হ’ব। কিডনিৰ অসুখ হ’লে, পেচাব বন্ধ হ’ব খুজিলে অৰ্জুন চূৰ্ণই পেচাব খুলি দিব। পেচাবৰ পৰিমাণ বাঢ়িব।

এই অৰ্জুণৰ চূৰ্ণ ২ চামুচ ভাতৰ লগত ঘিউ অলপ লৈ খালেও হ্ৰদৰোগত উপকাৰ হয়। কিন্তু ইয়াৰ লগত লোণ নাখাব।

9. ৰুদ্ৰাক্ষ ধাৰণ কৰিলে হ্ৰদৰোগ দমন হয়।

10. হঠযোগৰ প্ৰাণায়াম বা ডিপ ব্ৰিদিং অভ্যাস কৰিলে উন্নত ধৰণে উশাহ-নিশাহ লোৱা হয়। তেজ পৰিষ্কাৰ হয় আৰু তেজৰ যোগান উন্নত হয় বা বাঢ়ে। ফলত হ্ৰৎপিণ্ডত প্ৰাণায়ামে ভাল প্ৰভাৱ পেলায়। সাধাৰণভাৱে থকা হাৰ্টৰ অসুখত পৱন মুক্তাসন, উত্তানপদাসন, সূৰ্য নমস্কাৰ আৰু মুখ্যভাৱে শৱাসন কৰিব পাৰি। কিন্তু হাৰ্টৰ অসুখ বেছি থাকিলে কেৱল শৱাসন আধাঘন্টামান আৰু লঘু প্ৰাণায়াম কৰিব লাগে। অন্য আসন অভ্যাস নকৰাই ভাল।

পথ্য:

 

মাটিকঁঠাল(অনাৰস), আমলখি আৰু আঙুৰ হ্ৰদৰোগীৰ কাৰণে উপকাৰী। আমলখিৰ মোৰাব্বা, আপেল, আপেলৰ মোৰাব্বা, নেমুটেঙাৰ ৰস, গাজৰ, পালেং শাক, নহৰু, কেঁচা পিঁয়াজ, শিলিখা, দৈ, গৰুৰ গাখীৰ, ডাবৰ পানী, কিচমিচ, মেথিগুটি সুখাদ্য। ঢেঁকীৰ চাউল, চাকি আটা, সেউজীয়া শাক-পাচলি আৰু টাটকা ফল উপকাৰী খাদ্য। চাহ বনাওঁতে চাহপাতৰ সলনি অৰ্জুনৰ ছালৰ গুড়িহে চাহ বনালে বিশেষ উপকাৰ হয়। এই চাহত চেনি বা মিছিৰি, গাখীৰ সকলোকে দিব পাৰি। প্ৰতিদিনে এবাৰকৈ হ’লেও হ্ৰদৰোগীয়ে এই চাহ খালে প্ৰভূত উপকাৰ পাব। আহাৰ খোৱাৰ পাছত বজ্ৰাসন কৰিব।

অপথ্য:

 

অনিয়মিত আৰু অসংযত খোৱা-লোৱাৰ অভ্যাস, অসংযত জীৱন ধাৰণেই(Lifestyle) হ্ৰদৰোগৰ মূল কাৰণ। মাংসাহাৰ, মদ্যপান, চাহ, কফি, ধূমপান, অতি মছলা দিয়া খাদ্য, তেলত, ঘিউঅত ভজা খাদ্য, আজিকালিৰ ‘চাউমিন’, মোগলাই পৰঠা, ৰোল আদি, চকোলেট, কেক, আইচক্ৰিম, চৰ্বীজাতীয় খাদ্য- মাখন, ঘিউ, গাখীৰৰ খাদ্য ক্ষীৰ, ক্ষীৰৰ মিঠাই, মলাই, ৰাবড়ি, প্ৰচেছড ফুড, প্ৰিজাৰ্ভড ফুড আদি ক্ষতিকাৰক খাদ্য।

আমলখিৰ মোৰব্বা কেনেকৈ বনাব: ৫০০ গ্ৰাম কেঁচা আমলখি খুন্দি ভাঙি তাৰ গুটিবিলাক আঁতৰ কৰি সাহখিনি এটা আইনাৰ বৈয়ামত ভৰাই তাত সেইবোৰ তল যোৱাকৈ মৌ ঢালি দিয়ক। মৌ আমলখিৰ টুকুৰাবোৰ কেৱল তল গ’লেই হ’ল, তাতকৈ বেছি মৌ দিব নালাগে। ইয়াৰ পাছত বৈয়ামৰ ঢাকনী মাৰি একেৰাহে দহ দিন ৰ’দত দিয়ক। দিনত ৪-৫ ঘন্টা ৰ’দ লাগিব লাগে। তাৰ পাছত দুই দিন ঘৰৰ ভিতৰত ছাঁত থৈ দিয়ক। দ্বাদশ দিনৰ পাছত আমলখিৰ মোৰব্বা তৈয়াৰ হৈ গ’ল। ইয়াত আমলখি আৰু মৌৰ গুণবোৰ সূৰ্যৰ তাপত উদ্দীপ্ত হৈ পৰে আৰু শৰীৰৰ বাবে, স্মৃতিশক্তি বৃদ্ধিৰ বাবে বিশেষভাৱে উপকাৰী হয়। খালীপেটতে ৰাতিপুৱা ২ চামুচকৈ ৩-৪ সপ্তাহ খাব লাগে।

আমলখিৰ পদ্ধতিৰে আপেলৰ মোৰব্বাও তৈয়াৰ কৰিব পাৰি।

 

লেখক: ব্ৰজনাথ শৰ্মা

2.95744680851
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top