মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / শৰীৰৰ ওজন বাঢ়িলে বিপদ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰীৰৰ ওজন বাঢ়িলে বিপদ:

শৰীৰৰ ওজন বাঢ়িলে হব পৰা বিপদৰ বিষয়ে লিখা হৈছে

মানুহৰ দেহৰ স্বাভাৱিক ওজন নিৰ্দিষ্ট পৰিমাণতকৈ অধিক হ’লে বিপদৰ কাৰণ হ’ব পাৰে।উদাহৰণস্বৰূপে 160 ছেন্টিমিটাৰ ওখ পুৰুষৰ ওজন 54.8-60.53 কিলোগ্ৰাম হ’ব পাৰে,যাৰ বিপৰীতে একে উচ্চতাৰ মহিলাৰ ওজন হ’ব লাগে 49.9-55.3 কিলোগ্ৰাম।উচ্চতা 180 ছে:মি: পুৰুষৰ ওজন 68-74.8 কিলোগ্ৰামলৈ বাঢ়ে যদিও মহিলাৰ বেলিকা 63.5-70.3 কিলোগ্ৰাম হয়।এইধৰণৰ তালিকাৰ বিষয়ে স্বাস্থ্য সচেতন লোকসকল ভালদৰে অৱগত।মানুহৰ উচ্চতাৰ লগত দেহৰ ভৰৰ সামঞ্জস্য থকা বুলি ইতিমধ্যে প্ৰতিপন্ন হৈছে।মানুহে নিজৰ শৰীৰৰ উচ্চতাৰ জোখ লৈ তালিকাৰ সহায়ত দেহত থাকিব লগা স্বাভাৱিক ভৰৰ কথা জানিব পাৰে আৰু শৰীৰৰ ওজন ইয়াতকৈ বেছি থাকিলে ভাৰ কমাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

স্বাস্থ্য সচেতনসকলে শৰীৰৰ ওজনৰ ওপতৰ সততে নজৰ ৰাখে,কিয়নো দেহৰ ভৰ বৃদ্ধি পালে নানা অথন্তৰত ভুগিব লগা হয়।চিকিৎসকৰ ওচৰ চাপিলে কেতবোৰ ৰোগীৰ বেলিকা দেহৰ ভৰ জোখে,যাৰ জৰিয়তে ৰোগ নিৰাময় কৌশল স্থিৰ কৰা হয়।স্বাস্থ্য সচেতনসকলে সময়ে সময়ে দেহৰ ভৰৰ বুজ লোৱাটো অভ্যাসত পৰিণত হয়।শৰীৰৰ ওজন অধিক পৰিমাণে বৃদ্ধি পালে মধুমেহ,কলিজাৰ বিকাৰ,গাঁঠিৰ বিষ আদিকে ধৰি নানা বিসংগতিৰ বলি হ’ব পাৰে,যি পৰিপেক্ষিতত সুখ-শান্তি হেৰুৱাই গভীৰ স্বাস্থ্য সংকটত ভোগে।শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ কাৰণ বহুতো।দেহৰ ভৰ বৃদ্ধিৰ উমান পালে ততাতৈয়াকৈ ইয়াক হ্ৰাস কৰি স্বাভাৱিক অৱস্থালৈ আনিবলৈ যত্নপৰ হ’ব লাগে,যাৰ অন্যথা স্বাস্থ্যৰ অৱনতি ঘটাৰ উপৰি অৱস্থা সংকটজনক হ’ব পাৰে।

শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ লগে লগে দৈহিক পৰিৱৰ্তন ঘটি আকাৰ বৃদ্ধি পায়।এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই শৰীৰ চৰ্চা কেন্দ্ৰৰ শৰণাপন্ন হৈ কঠিন ব্যায়ামৰ অনুশীলনত ব্যস্ত হয়।কিন্তু এনে কাৰ্যৰ জৰিয়তে সুফল লাভ কৰাটো বিতৰ্কৰ বিষয়।শৰীৰৰ ওজন হ্ৰাস কৰাটো মুঠেই উজু কাম নহয়।এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ নিয়মিতভাৱে কাৰ্য সম্পাদন কৰাটো অতিশয় প্ৰয়োজন আৰু বহু বছৰৰ মূৰতহে ঈপসিত ফল লাভ কৰাটো সম্ভপৰ,যাৰ উদাহৰণ দেধাৰ।কঠিন শাৰীৰিক পৰিশ্ৰম অবিহনে জীৱন যাপন কৰা লোক কিছুমান মাত্ৰাধিক শকত হোৱা পৰিলক্ষিত হয়।এনে লোকৰ বহুতেই অক্লান্ত পৰিশ্ৰম কৰিবলৈ লোৱাত লাহে লাহে দেহৰ পৰিৱৰ্তন ঘটে আৰু লাহি দেহৰ অধিকাৰী নোহোৱাকৈ নাথাকে।বহু বছৰৰ মূৰত এনে লোকক প্ৰত্যশ কৰা মানুহে আগৰ চেহেৰা নেদেখি চিনি উলিয়াব নোৱাৰে।

শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ কাৰণ-

 

শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ কাৰণ বহুতো।এইবোৰৰ উমান পাবলৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি এলানি পৰীক্ষা কৰোৱাৰ প্ৰয়োজন।কাৰণ নিৰ্ণিত হ’লে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে তাৰপৰা ৰেহাই পোৱাটো সম্ভৱপৰ।থাইৰয়ড নামৰ গ্ৰন্থিৰ বিসংগতিৰ ফলতো দেহৰ ভৰ বৃদ্ধি হ’ব পাৰে,যাৰ নিৰাময়ৰ বাবে সুচিকিৎসাৰ অতীৱ প্ৰয়োজন।লাহি দেহৰ অধিকাৰী হ’বলৈ বহুতে ব্যায়ামৰ অনুশীলন কৰে।কেতবোৰ ব্যায়ামৰ অনুশীলন এইক্ষেত্ৰত অতিশয় উপযোগী,যিবোৰ নিয়মিতভাৱে অভ্যাস কৰি অসাধ্য সাধন কৰিব পাৰি।খোজকঢ়া এক উত্তম ব্যায়াম বুলি পৰিগণিত হৈছে আৰু সাম্প্ৰতিক কালত বহু চিকিৎসকে ৰোগীক নিয়মীয়াকৈ খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়ে।এদিনত কম পক্ষেও আধা ঘন্টাকৈ খৰখেদা গতিত খোজকাঢ়িলে অতিশয় সফলতা পোৱা যায়।চাইকেল চালনা অথবা সাঁতোৰাও উৎকৃষ্ট ব্যায়াম বুলি পৰিগণিত হৈছে।ইয়াৰ অনুশীলন নিতৌ ন্যূনতম আধা ঘন্টাকৈ কৰি সুস্থ-সবল শৰীৰৰ অধিকাৰী হোৱাটো সম্ভৱপৰ।

ওজন হ্ৰাসৰ বাবে খাদ্য-

 

ওজন হ্ৰাস কৰিবলৈ বহুতে খাদ্য নিয়ন্ত্ৰণ কৰে।সম্প্ৰতি গোপন হৈ থকা নাই যে অধিক ভোজনৰ ফলতে শৰীৰ শকত হয়।দেহত ৰাহি হোৱা খাদ্যৰপৰা মেদকলা গঠন হয়,যিয়ে ওজন বৃদ্ধি কৰে।আৱশ্যক অনুসৰি উপযুক্ত পৰিমাণে খাদ্য গ্ৰহণ কৰিলে শৰীৰত খাদ্য ৰাহি হ’বলৈ সুবিধা নাপায় বাবে শৰীৰৰ ওজন বাঢ়ি যাব নোৱাৰে।হিচাপ কৰি পোৱা মতে,দেহত জমা হোৱা অতিৰিক্ত খাদ্যৰ ন কেলৰি শক্তি যোগান ধৰিব পৰা পৰিমানৰ খাদ্যই এক গ্ৰাম মেদকলা গঠন কৰে।দৈহিক পৰিশ্ৰম,বেগাই খোজকঢ়া,চাইকেল চালনা,সাঁতোৰা আদিয়ে কেলৰি দাহ কৰে বাবে মেদকলাৰ গঠনত বাধা পৰে।আজিকালি সুস্বাস্থ্য সুৰক্ষিত কৰিবলৈ বহুতো লোকে যোগসাধনা কৰে।নিয়মিতভাৱে যোগাসনৰ অনুশীলন কৰিলে দেহৰ ওজন বৃদ্ধি ৰোধ হয় বাবে সেই আসনবোৰৰ অনুশীলনৰ জৰিয়তে লাহি দেহৰ অধিকাৰী হোৱাটো সম্ভৱপৰ।

ইষ্ট এংলিয়া তথা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে খাদ্যত থকা ফ্লেভনয়ড আৰু দেহৰ ভৰৰ পৰিৱৰ্তনৰ  সম্পৰ্কৰ বিষয়ে পৰীক্ষা কৰিবলৈ প্ৰায় এক লাখ চৌব্বিশ হেজাৰ পুৰুষ-মহিলাক সামৰি লৈছিল,যিসকল লোক আমেৰিকা যুক্তৰাজ্যৰে নাগৰিক।এই পৰীক্ষাৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি ফ্লেভনয়ডে দেহৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে,আনকি সামান্য পৰিমাণে ভৰ কমে।এইক্ষেত্ৰত সুফল লাভ কৰিবলৈ ফ্লেভনয়ড প্ৰচুৰ পৰিমাণে থকা ফল-মূল,শাক-পাচলি ভক্ষণ কৰাতো অপৰিহাৰ্য।আপেল,নাচপতি,বাদামজাতীয় ফল নিয়মিতভাৱে খালে উপকাৰ পোৱা যায়।

লেখক-আনন্দ দেৱগোস্বামী(দৈনিক অসম)

2.92307692308
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top