অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ষ্টোক:

ষ্টোকৰ বিষয়ে লিখা হৈছে

 

দুবছৰমান আগৰ কথা। মুম্বাইৰ ব্যৱসায়ী শাৰদ পাটিল দুপৰীয়াৰ আহাৰ খাই উঠি বিচনাত বাগৰ দিয়ে। সন্ধিয়া পাঁচমান বজাত উঠি তেওঁ ব্যৱসায়ৰ কামত যোৱাৰ কথা। সেইসময়ত তেওঁৰ পত্নী সুৰভি বজাৰৰফালে যাবলৈ সাজি-কাচি ওলাইছিল। শাৰদ পাটিলে তেওঁক সুধিলে, ‘এতিয়া ক’ৰবালৈ যোৱা নেকি’? তেওঁৰ মাতটো লেবাই ওলাইছিল। কথাবোৰ স্পষ্ট নহয়। বিচনাত বাগৰি থকা শাৰদলৈ কিছুসময় চাই সুৰভিয়ে মন কৰিলে, শাৰদৰ মুখখন ওলমি পৰাৰ দৰে হৈছে, ওপৰৰ ওঁঠ এফালে বেঁকা হৈছে। শাৰদে বাহিৰলৈ যাবলৈ চেষ্টা কৰিলে, কিন্তু বিচনাৰ পৰা উঠিব নোৱাৰিলে। সুৰভিয়ে তেওঁক বহুৱাই দিলে। ধৰিব পাৰিলে শাৰদৰ হাত-ভৰি নিশকতী্যা হৈছে। শাৰদে প্ৰস্ৰাৱাগাৰলৈ যাবলৈ ইচ্ছা কৰিলে। কিন্তু উঠিব নোৱাৰি পুনৰ বিচনাত বাগৰি পৰিল। তেওঁলোকৰ জীয়ৰী অনসূয়াই ততাতৈয়াকৈ পৰিয়ালৰ চিনাকি ডাক্তৰজনক খবৰ দিলে। অলপ পিছতে তেওঁ উপস্থিত হ’ল। ডাক্তৰে বুজি পালে, শাৰদৰ ষ্ট্ৰোক হৈছিল। তেওঁক তৎকালেই হাস্পতাললৈ নিব লাগিব। সুৰভি আৰু অনসূয়াই শাৰদক ভাল হাস্পতাল এখনলৈ নি ভৰ্তি কৰিলে। সুৰভিৰ মনত পৰিল, কিছুদিনৰপৰা শাৰদক নিষ্প্ৰভ দেখা গৈছিল। কিন্তু তেওঁ বিশেষ গুৰুত্ব দিয়া নাছিল। তেওঁ ভাবিছিল, কামৰ হেঁচাৰ বাবেই স্বামীৰ তেনেকুৱা হৈছে।

ভাৰতত ষ্ট্ৰোকত ভোগা ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈছে। কিন্তু চৰকাৰী হাস্পতালসমুহৰ সৰহ ভাগতেই ষ্ট্ৰোকৰ চিকিৎসা ব্যৱস্থাৰ অভাৱ। বেছিভাগ ষ্ট্ৰোক চিকিৎসা কেন্দ্ৰ আছে উন্নতমানৰ ব্যক্তিগত খণ্ডৰ হাস্পতালত স্বাভাৱিকতে দুখীয়া মানুহে তেনে হাস্পতালত চিকিৎসা কৰাব নোৱাৰে। ষ্ট্ৰোকৰ চিকিৎসা ব্যয়বহুল। তদুপৰি তেনে হাস্পতালসমূহ অৱস্থিত ডাঙৰ চহৰত। গাঁও অঞ্চলৰ ৰোগীক সময়মতে তালৈ নিয়াটোও এটা সমস্যা। ভাৰতত ষ্ট্ৰোকৰ ৰোগীৰ সংখ্যা কিমান তাৰ পৰিসংখ্যা পোৱাটো কঠিন। বৃটেইনৰ ‘লেনচেট’ আলোচনীত প্ৰকাশিত এটা নিৱন্ধৰপৰা জানিব পৰা গৈছে যে ভাৰতত ১৯৯০ চনত ষ্টোকৰ বাবে মৃত্যু হোৱা ৰোগীৰ সংখ্যা আছিল ৩.৫১ লাখ, ২০১০ চনত হৈছেগৈ ৬.০৫ লাখ। বৰ্তমান সময়ত এই সংখ্যা কিমান হৈছে জানিব পৰা হোৱা নাই। হাৰ্ট এটেকৰ নিচিনাকৈ ষ্ট্ৰোকৰ বাবে(যাক ব্ৰেইন এটেক বুলিও কোৱা হয়)তৎকালেই ৰোগীৰ মৃত্যু নহয়। বৰং পক্ষাঘাত হৈ দীৰ্ঘদিন ধৰি শাৰীৰিক বৈকল্যত ভুগিবলগীয়া হয়। বিশ্বজুৰি মেলেৰিয়া আৰু এইডছ ৰোগত যিমান ৰোগীৰ মুঠতে মৃত্যু হয়, তাতোকৈ অধিক সংখ্যকৰ মৃত্যু হয় ষ্ট্ৰোকৰ ফলত। প্ৰতি ৬জন মানুহৰ ভিতৰত এজনৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে। ভাৰতত প্ৰতিবছৰে ১.৫ নিযুত লোকে ষ্ট্ৰোকত আক্ৰান্ত হয়।

বেছিভাগ মানুহেই ষ্ট্ৰোকৰ বিপদসূচক সংকেতসমূহ অনুধাৱন কৰিব নোৱাৰে-

 

ষ্ট্ৰোক হ’লে বিষ নহয়। সেয়া এক প্ৰধান সমস্যা। এই বাবেই অন্য লক্ষণসমূহত সাধাৰণতে গুৰুত্ব দিয়া নহয়। ৮৫ শতাংশ ষ্ট্ৰোকৰ কাৰণ হ’ল মগজুলৈ পৰ্যাপ্ত পৰিমাণৰ ৰক্ত সৰবৰাহ বন্ধ হোৱা। ধমনীত সৃষ্টি হোৱা খলমাই(Clot) মগজুলৈ ৰক্ত সৰবৰাহ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। বাকী ১৫ শতাংশ ষ্ট্ৰোকৰ কাৰণ হ’ল মগজুত হোৱা ৰক্তক্ষৰণ। ইয়াৰ কাৰণ হ’ল মগজুৰ ধমনীৰ অংশ বিদীৰ্ণ হোৱা(Burst)। এই প্ৰক্ৰিয়াত ওমগজুৰ কোষত(স্নায়ুকোষ) চাপৰ সৃষ্টি হয়। ফলত কিছুমান কোষ সংকুচিত হয়, কিছুমান কোষৰ ৰক্তসঞ্চালন বাধাগ্ৰস্ত হয়।

যি ধৰণৰ ষ্ট্ৰোকেই নহওক কিয়, ইয়াৰ সংকেত তাৎক্ষণিক আৰু তীব্ৰ। অৱশ্যে এই ৰোগৰ সংকেতসূচক কেতবোৰ সাধাৰণ লক্ষণো আছে, যেনে- মুখমণ্ডলৰ দৌৰ্বল্য, হাতৰ দৌৰ্বল্য, মুখখন এফালে বেঁকা হোৱা, কথা কোৱাত অসুবিধা হোৱা ইত্যাদি। এনে লক্ষণ লক্ষ্য কৰিলে তৎকালেই ৰোগীক উপযুক্ত ব্যৱস্থা থকা হাস্পতালত ভৰ্তি কৰাব লাগে। তদুপৰি ভৰিৰ দৌৰ্বল্য, জঠৰতা, সঞ্চালন অসুবিধা, ওকালি আৰু পেটৰ বিষ, তীব্ৰ মূৰৰ বিষ আদিৰ ক্ষেত্ৰত কাৰণ ধৰা নপৰিলে ষ্ট্ৰোকৰ কথা চিন্তা কৰিব লাগে।

পত্নীয়ে লক্ষণসমূহ দেখাৰ ৯০ মিনিটৰ ভিতৰত শাৰদৰ চিকিৎসা আৰম্ভ হৈছিল। পোনতে চি টি স্কেন কৰা হৈছিল। এই পৰীক্ষাত দেখা গৈছিল যে এটা ডাঙৰ খলমাই মগজুৰ ধমনীৰ ৰক্ত সঞ্চালন ৰোধ কৰিছে। তেওঁক তৎকালেই টিছু প্লাজমিনোজেন, এক্টিভেটৰ( Tissue Plasminogen Activator, চমুকৈ TPA) বেজী দিয়া হয়। এই ঔষধে খলমা বিদীৰ্ণ কৰিব পাৰে। ইয়াৰ ফলত মগজুলৈ অক্সিজেনযুক্ত ৰক্ত সৰবৰাহ আৰম্ভ হয়। শাৰদক আসন্ন মৃত্যুৰপৰা ৰক্ষা কৰিব পৰা গৈছিল। ইয়াৰ পিছতো এবাৰ তেওঁৰ ষ্ট্ৰোক হয়। এইবাৰো টি পি এ ঔষধ প্ৰয়োগ কৰা হয়। ইয়াৰ এমাহ পিছত শাৰদাৰ মগজুত এনজিঅ’প্লাষ্টী(angiophasty)অস্ত্ৰোপচাৰ কৰা হয়। শাৰদে এতিয়া সম্পূৰ্ণ স্বাভাৱিক জীৱন যাপন কৰিছে।

ষ্ট্ৰোক ৰোধ কৰাৰ ক্ষেত্ৰত কেতবোৰ প্ৰতিৰোধমূলক ব্যৱস্থা ল’ব পাৰি-

কিছু ক্ষেত্ৰত ষ্ট্ৰোক পৰিয়ালভিত্তিক(Familial)হয়। গতিকে যিবোৰ পৰিয়ালত ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱাৰ উদাহৰণ আছে, তেনে পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। যিসকলৰ উচ্চ ৰক্তচাপ আছে, তেওঁলোকৰ নিয়মিতভাৱে ঔষধ খাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব লাগে। অত্যাধিক নিমখযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। এনে খাদ্যই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। অধিক পৰিমাণে সম্পৃক্ত চৰ্বি আৰু ট্ৰেন্সফেট খাদ্যও পৰিহাৰ কৰা উচিত। নিয়মিত ব্যায়াম কৰিব লাগে। শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। জীৱন শৈলী(Lifestyle) পৰিৱৰ্তন কৰিব লাগে।

টি পি এৰ উপৰি আন কেতবোৰ নতুন ঔষধৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। তাৰ ভিতৰত এন এ-১(NA-1)চিকিৎসাৰ বাবে অতিশীঘ্ৰে উপলব্ধ হোৱাৰ পথত। দাবী কৰা হৈছে যে এইবিধ ঔষধে মগজুৰ কোষ ধ্বংস ৰোধ কৰিব পাৰিব।

মনত ৰাখিব, ষ্ট্ৰোন হ’লে প্ৰতিটো মিনিট গুৰুত্বপূৰ্ণ। যিমান সোনকালে পাৰি ৰোগীক উপযুক্ত ব্যৱস্থা থকা হাস্পতালত ভৰ্তি কৰক। কোৱা হৈছে, ষ্ট্ৰোক আৰম্ভ হোৱাৰ চাৰে চাৰি ঘন্টাৰ ভিতৰত চিকিৎসা আৰম্ভ কৰিলে ষ্ট্ৰোকৰ ৰোগীক ৰোগমুক্ত হোৱাৰ সম্ভাৱনা থাকে।

লেখক: ডা: জীৱন দত্ত বৰুৱা(দৈনিক অসম)

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top