মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / সন্ধিবাত নিয়ন্ত্ৰণৰ বাবে কিছু ব্যায়াম আৰু আসন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সন্ধিবাত নিয়ন্ত্ৰণৰ বাবে কিছু ব্যায়াম আৰু আসন

সন্ধিবাত নিয়ন্ত্ৰণৰ বাবে কিছু ব্যায়াম আৰু আসনৰ বিষয়ে লিখা হৈছে

মানুহৰ বয়স বৃদ্ধি হৈ অহাৰ লগে লগে শৰীৰৰ হাড়ৰ গাঁঠিৰ বিষ প্ৰায় সকলো লোকৰে আৰম্ভ হয়।আগতে এই ৰোগ বেছি বয়স হোৱা লোকৰহে হোৱা দেখা গৈছিল যদিও,আজিকালি এই ৰোগ ৩০ বছৰ বয়সৰ লোকৰ মাজতো হোৱা দেখা গৈছে।ইয়াৰ প্ৰধান কাৰণ হৈছে আজিকালি মানুহৰ জীৱনশৈলী।আগৰ দিনত মানুহে ৬০-৭০ বছৰ বয়সলৈকে খোজকাঢ়িয়েই ওচৰে-পাজেৰে ঘুৰি ফুৰিছিল আৰু দৰকাৰ পৰিলে মাজে-সময়ে দিনটোত ৪০-৫০ কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি বজাৰ-সমাৰ কৰিছিল।কেৱল সেয়াই নহয়,প্ৰায় প্ৰতিজন প্ৰাপ্তবয়ষ্ক লোকেই ঘৰত এনেয়ে বহি থকা নাছিল।পুৱাতে সোনকালে শয্যাত্যাগ কৰি উঠি পৰিয়ালৰ কম বয়সীয়া পো-নাতিসকলৰ সৈতে ৫০-৬০ বছৰ বয়সীয়াজনো পথাৰলৈ গৈ খেতিৰ কাম কৰিছিল।আজিকালি ৪০-৫০ বছৰ বয়সলৈকে কাম কৰাৰ প্ৰৱণতা নাইকিয়া হ’ব ধৰিছে।সম্ভৱত:এই কাৰণেই বাৰ্ধক্যৰ লগে লগে বহুতো লোকৰ ভৰিৰ বিষ আৰম্ভ হয়।

সন্ধিবাত এক অতি যন্ত্ৰণাদায়ক ৰোগ।আটাইতকৈ বেয়া কথাটো হৈছে-এই ৰোগ যন্ত্ৰণাৰ কোনো স্থায়ী চিকিৎসা ব্যৱস্থা নাই।সন্ধিবাত ৰোগটোক আমবাত বা গাঁঠিৰ বাত বুলিও জনা যায়।এই ৰোগৰ আৰম্ভণিৰ কালছোৱাত শাৰীৰিক দুৰ্বলতা আৰু গা-গধুৰ লগাৰ লক্ষণে দেখা দিয়ে।

সন্ধিবাতৰ কাৰণ

 

বয়স বাঢ়ি অহাৰ লগে লগে পুৰুষ অথবা মহিলা উভয়েই গাঁঠিৰ বিষত ভুগিবলৈ লয়।এই ৰোগ হোৱাৰ আটাইতকৈ গুৰুত্বপুৰ্ণ কাৰণটো হ’ল-শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পোৱাটো ।শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে ,শৰীৰৰ হাড়ৰ গাঁঠিৰ মাজত সৰু সৰু দানাৰ (ক্ৰিষ্টেল)ৰুপত ইউৰিক এচিড সঞ্চিত হ’বলৈ ধৰে।এই কাৰণেই গাঁঠিবোৰ বেছিকৈ লৰচৰ কৰিলে বা গাঁঠিৰ ওপৰত অধিক হেঁচা পৰিলে গাঁঠিত বিষ হয় আৰু গাঁঠিবোৰ জঠৰ হৈ পৰে।এনেধৰণৰ গাঁঠিৰ বিষক কোনো কোনো ঠাইত ‘আমবাত’বুলিও কোৱা হয়।

সন্ধিবাতৰ লক্ষণ

 

শৰীৰৰ গাঁঠিবিলাকত বা সঘনাই লৰচৰ কৰিবলগা গাঁঠিবিলাকত ইমানেই বিষ হয় যে,সেইবিলাক লৰচৰ কৰিলেই অসহ্য বিষত মুখেৰে চিঞৰ ওলাই যায়।বিশেষভাৱে পুৱা বিছনাৰ পৰা উঠাৰ সময়ত আৰু পিছত অলপ ঘুৰাপকা কৰাৰ সময়ত এই বিষৰ তীব্ৰতা বৃদ্ধি পায়।

  • এইবিলাক বিষজনিত লক্ষণৰ লগতে ৰোগীৰ শৰীৰৰ উষ্ণতা বৃদ্ধি পায়,গাৰ ছালত অ’ত-ত’ত ৰঙা চকলা-চকল দাগ উঠে আৰু শৰীৰটো জ্ব্লা-পোৰা কৰে।
  • যিবিলাক গাঁঠিত বিষ হয়,সেইবিলাক ঠাইত অৰ্থাৎ হাড়ৰ জোৰা ফুলি উঠাটোও এই ৰোগৰ এক সাধাৰণ লক্ষণ।
  • বিষ হৈ ফুলি উঠা গাঁঠিবিলাক ফুলি উঠি প্ৰায় গোলাকাৰ হৈ পৰে।তেনেধৰণৰ গাঁঠিবোৰ লৰচৰ কৰিলে কটকটকৈ শব্দও হয়।
  • শৰীৰৰ যিকোনো অংগ লৰচৰ কৰিলে বিষ,পোৰণি আৰু উখহি উঠাৰ অসুবিধাত ভুগিব লগা হয়।
  • যদি গাঁঠিত বিষ হৈছে বুলি বা ফুলি উঠিছে বুলি আপুনি লৰচৰ কৰাটো বা অকণমান ইফালে-সিফালে খোজ কঢ়াটো একেবাৰে বন্ধ কৰি দিয়ে,তেনেহ’লে ৰোগটোৱে আপোনাক একেবাৰতে পংগু কৰি পেলাব পাৰে।সেয়ে আপুনি কেইটিমান যোগাসন কৰি এই যন্ত্ৰণাদায়ক ৰোগটোৰ পৰা কিছু উপশম পাব পাৰে।

যোগাসনেৰে  এই ৰোগৰ চিকিৎসা

সন্ধিবাত ৰোগৰ যন্ত্ৰণাৰ পৰা ৰক্ষা পাবলৈ মানুহে হেজাৰ হেজাৰ টকা খৰচ কৰে।কিন্তু ইমানবোৰ টকা- পইচা খৰচ কৰিও মানুহে এই ৰোগৰ পৰা স্থায়ীভাৱে আৰোগ্য লাভ কৰিব নোৱাৰে।কিন্তু তেনেই কম খৰচতে এই ৰোগ যন্ত্ৰণাৰ পৰা উপশম পাব পাৰে।এনেয়ে এই যোগাভ্যাসৰ অনুশীলন আন বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ বা হাতসাৰি থকাৰ অতি ফলপ্ৰসু উপায়।এই আশাকে লৈ যদি আপুনি নিয়মিতভাৱে যোগ অনুশীলন কৰি থাকে,তেনেহ’লে আপুনি সন্ধিবাতৰ লগতে আৰু বহুতো ৰোগৰ যন্ত্ৰণাৰ পৰা বাচি থাকিব পাৰিব আৰু আপুনি স্বাস্থ্যবান হৈ পৰিব।তলত তেনে কেইটিমান যোগাসনৰ বিষয়ে কিছু তথা জনোৱা হ’ল-যিবিলাক অনুশীলন কৰিলে আপুনি বহুতো ৰোগৰ পৰা উপশম পাব।

যোগ ব্যায়াম আৰু আসন প্ৰণালী

 

  • সুৰ্য নমস্কাৰ

সুৰ্য নমস্কাৰ শৰীৰৰ সকলো অংগৰে নমনীয়তাৰ কাৰণে ভাল।এই বহুমুখী যোগ আসনৰ যোগেদি শৰীৰৰ সকলো মাংসপেশীৰ জঠৰতা নাইকিয়া কৰি আপুনি সকলো অংগকে আপোনাৰ ইচ্ছা অনুযায়ী যেনি-তেনি সঞ্চালন কৰিব পাৰে।প্ৰথমে সুৰ্য নমস্কাৰ অভ্যাস কৰি শৰীৰটো সকলো দিশতে সঞ্চালনক্ষম কৰি লোৱাৰ পিছতহে যিকোনো ব্যায়াম আৰম্ভ কৰিব লাগে।এই আসন বিশেষভাৱে আঁঠুৰ সন্ধিৰ বিষৰ কাৰণে ভাল।

  • বজ্ৰাসন

সকলো আসনৰ ভিতৰত বজ্ৰাসনেই অতি সৰল আৰু সহজ আসন।এই আসন কৰিবৰ কাৰণে আপুনি আঁঠুদুটা ঘুৰাই ভৰিৰ পানী গাঁঠি দুটাৰ ওপৰত বহিব লাগে।ভৰিৰ আঙুলিবিলাক এটাৰ ওপৰত আনটো থাকিব।ভৰিৰ পানীগাঁঠি দুটা বাহিৰৰ ফালে পেলাই বহিবৰ কাৰণে ঠাই উলিয়াই ল’ব।হাত দুখন আঁঠুৰ বিষ কম হ’ব।আহাৰ খোৱাৰ পিছতো কৰিব পৰা এইটোৱেই একমাত্ৰ আসন।

  • তাড়াসন বা তালাসন

তাড় বা তাল এবিধ গছৰ নাম আৰু তাল গছৰ দৰে গোটেই শৰীৰটোক ওপৰৰ ফালে টানিব লাগে বাবে এই আসনটোক তাড়াসন বুলি কোৱা হয়।এই আসনটো কৰিলে কৰোতাজনৰ পিঠিৰ ওপৰত জোৰ পৰে আৰু সেই অংশত বিষ-যন্ত্ৰণা নাইকিয়া হয়।ভৰিৰ আঙুলিৰ লগে লগে কলাফুলো মজবুত হয়।এই আসন অনুশীলন কৰিলে পিঠিৰ হাড়তো টান পৰে।ফলত শৰীৰৰ উচ্চতা বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায় আৰু শ্লিপড ডিক্সৰ সম্ভাৱনা নাইকিয়া হয়।কান্ধৰ হাড় আৰু পেশী শক্তিশালী হয়।লগতে গভীৰভাৱে শ্বাস লোৱা আৰু প্ৰশ্বাস এৰাৰ প্ৰক্ৰিয়াও সংশোধন হয়।

  • বিপৰীত কৰণী মুদ্ৰা

ইও এবিধ আসন আৰু এই আসন কৰিলে পেট,লিভাৰ,কিডনি,পেনক্ৰিয়াছ (অগ্নাশয়),মুত্ৰাশয় আৰু কলাফুলৰ সিৰ কোচখোৱা আদি ৰোগ নিৰাময় হয়।এই আসন নিয়মীয়াকৈ কৰিলে তেজৰ শুদ্ধতা বৃদ্ধি পায় আৰু সকলো অংগই সুচাৰুৰুপে কাম কৰিবলৈ সুযোগ পায়।

  • সেতুবন্ধন আসন

সেতুবন্ধন আসনে পিঠিৰ সকলো সিৰা,ধমনী আৰু পেশীবিলাকক নিজৰ স্বাভাৱিক স্থানত ৰখাত সহায় কৰে।এই আসনে কঁকালৰ বিষ দুৰ কৰে,পেটৰ ভিতৰৰ লিভাৰ,পেনক্ৰিয়াছ আদি সকলো অংগতো চাপ পৰে,ফলত সকলো অংগই সঠিকভাৱে কাম কৰাত সহায়ক হয়।এই আসন কৰি থাকিলে কোষ্ঠবদ্ধতাৰ সমস্যা আঁতৰ হয় আৰু ভালদৰে ভোকো লাগে।

  • সুখাসন

এই আসন কৰিলে আঁঠুদুটা ৯০ ডিগ্ৰী ভাঁজ লয়।ফলত আঁঠুৰ বিষ নিৰাময় হয়।এই আসন প্ৰাণায়াম কৰাৰ আহতেও কৰা হয়।

  • বীৰভদ্ৰ আসন

এই যোগৰ অভ্যাস থিয় হৈ কৰা হয়।এই যোগত মুল ৰুপত ভৰি,পানী গাঁঠি,কান্ধ আৰু হাতৰ সৰু গাঁঠিৰ সঞ্চালন বেছিকৈ হয়।বুকুৰ বাবেও ই এক ভাল ব্যায়াম।অভ্যাস কৰাৰ সময়ত কমৰ (কঁকাল)পোনকৈ ৰখা উচিত।পিছৰ ভৰিটোৰ তপিনা আগৰ ফাললৈ যাতে মুৰ নেখায়,তাৰ প্ৰতি লক্ষ্য ৰাখিব।বাহু,কান্ধ,তপিনা আৰু ভৰি একেডাল ৰেখাতে যাতে পোন হৈ থাকে,তাৰ প্ৰতিও লক্ষ্য ৰাখিব।

সন্ধিবাতৰ ঘৰুৱা চিকিৎসা

 

  • মৌ:প্ৰতিদিনে ডাঙৰ চামুচেৰে এচামুচ মৌৰ লগত এক সৰু চামুচ দালচেনিৰ গুড়ি মিহলাই সামান্য গৰম কৰি প্ৰতিদিনে পুৱা খালী পেটত খাওক।সপ্তাহত তিনিবাৰকৈ খাই থাকিলে সন্ধিবাত ৰোগৰ পৰা উপশম পাই থাকিব।
  • নহৰু:দহ ফোটা নহৰু সামান্য থেতালি লৈ এগিলাচ গৰুৰ গাখীৰত মিহলাই ১৫ মিনিট সময় উতলাই লওক।পিছত নমাই সামান্য ঠাণ্ডা কৰি প্ৰতিদিনে খাওক।এই ব্যৱস্থাৰে আঁঠুৰ গাঁঠিৰ বিষ নাইকিয়া হয়।
  • পানী:পানী আমাৰ প্ৰায় সকলো ৰোগৰে ফলপ্ৰসু ঔষধস্বৰুপ।প্ৰতিদিনে তিনি চাৰি লিটাৰ পানী খাই থাকিলে এই ৰোগৰ পৰা উপশম পোৱা যায়।
  • তেল আৰু নহৰু:মিঠাতেল দুচামুচ লৈ তাত তিনি-চাৰি ফোটা নহৰু দি গৰম কৰি লওক আৰু সেই তেল নিজৰ বিষাই থকা জোৰাত লগাই সামান্যভাৱে মালিচ কৰি দিয়ক।বিষৰ পৰা উপশম পাব।
  • নাৰিকলৰ পানী খাওক।
  • ৰ’দত বহি বিষাই থকা জোৰাবোৰত ৰ’দ লগাওক।
  • নেমু আৰু সুমথিৰাৰ ৰস খাওক।


উৎস:স্বাস্থ্য

 

 

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top