মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / স্নায়বিক দুৰ্বলতাৰ কাৰণ আৰু ইয়াৰ চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্নায়বিক দুৰ্বলতাৰ কাৰণ আৰু ইয়াৰ চিকিৎসা :

স্নায়বিক দুৰ্বলতাৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ দেহৰ বিভিন্ন অংগ-প্ৰত্যংগত কিছুমান অতি সূক্ষ্ম তেলযুক্ত পদাৰ্থ পূৰ্ণ এক প্ৰকাৰ নলী থাকে। এইবোৰ বগা সূতাৰ আঁহৰ দৰে দেখা যায়। ইয়াকে স্নায়ু বোলা হয়। এই স্নায়ুয়েই আমাৰ শৰীৰৰ বিভিন্ন অংগ সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। এই স্নায়ুয়ে আমাৰ দেহৰ বিভিন্ন অংগ-প্ৰত্যংগৰ পৰা মগজুলৈ আৰু মগজুৰ পৰা বিভিন্ন অংগলৈ বাৰ্তা প্ৰেৰণ কৰে। এই স্নায়ু কেতিয়াবা কোনো কাৰণত দুৰ্বল হ’লে দেহৰ বিভিন্ন অংগ-প্ৰত্যংগৰ কাম সুচাৰুভাৱে চলাত বাধা পৰে। স্নায়ুবিলাক দুৰ্বল হ’লে, হাত-ভৰি জিনজিনায়, বিষ হয়, কেতিয়াবা অকামিলা হৈ পৰে, শৰীৰ দুৰ্বল হয়। কেতিয়াবা জ্বৰ উঠি মূৰ ঘূৰণিও হয়। ফলত লাহে লাহে স্মৰণ শক্তি কমি যায়। কোনো কোনো ইলোক একাংগী, মৃগীৰোগ আদিতো আক্ৰান্ত হোৱা দেখা যায়। স্নায়ু দুৰ্বল হ’লে বহুতো লক্ষণ প্ৰকাশ পায়।

স্নায়বিক দুৰ্বলতাৰ কাৰণবোৰনো কি কি হ’ব পাৰে, সেই বিষয়ে আলোচনা কৰিলে দেখা যায় যে সম্প্ৰতি অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে শতকৰা প্ৰায় ৪০ জন লোক স্নায়বিক দুৰ্বলতাত ভোগে। আমি দৈনন্দিন ব্যৱহাৰ কৰা খাদ্য, শাক-পাচলি, ফল-মূলত আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক অধিক পৰিমাণৰ ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক ঔষধ ব্যৱহাৰ কৰে। তেনেবোৰ পাচলি আৰু ফল-মূল মানুহে নিৰ্বিচাৰে সেৱন কৰি আহিছে আৰু তাৰ ফলত ক্ৰমাৎ মানুহ স্নায়বিক দুৰ্বলতাত ভুগিবলৈ লৈছে।

কেৱল শাক-পাচলি বা ফল-মূলতেই নহয়, আমি নিয়মিত ব্যৱহাৰ কৰা চাহো ৰাসায়নিক কীটনাশক ঔষধ প্ৰয়োগ কৰি উৎপাদন কৰা হয়। ইয়াৰ উপৰি বিভিন্ন খাদ্য শস্যৰ ভঁৰালত বা ফল-মূল শাক-পাচলি চিকচিকীয়াকৈ সংৰক্ষণ কৰিবৰ বাবে প্ৰয়োগ কৰা অধিকাংশ ৰাসায়নিক দ্ৰব্যই আমাৰ স্নায়ুৰ কাৰণে ক্ষতিকাৰক হৈছে। অসমত মাহ-প্ৰসাদ খাই ৰোগত আক্ৰান্ত হোৱাৰ উদাহৰণো যথেষ্ট আছে।

আমাৰ বহুতো লোক স্নায়বিক দুৰ্বলতাত ভোগাৰ অন্য কাৰণবিলাক হ’ল -

খেতিপথাৰ, নৈ-বিল, জান-জুৰি আদিত ৰাসায়নিক কীটনাশক ঔষধ প্ৰয়োগ কৰাৰ ফলত মাটি-পানী আনকি বায়ু প্ৰদূষিত হৈ পৰাৰ উপৰি তেনে শস্য, মাছ-পুঠি আদি ব্যৱহাৰ কৰাৰ ফলশ্ৰুতিত আমাৰ স্নায়ু দুৰ্বল হোৱা দেখা যায়। মাদক দ্ৰব্য, বিড়ি-চিগাৰেট, ধপাত, গুটখা আদি নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰাৰ কাৰণে স্বায়বিক দুৰ্বলতাত ভোগা মানুহৰ সংখ্যাও কম নহয়।

শাৰীৰিক পৰিশ্ৰম একেবাৰে কম নাইবা অতিৰিক্ত শাৰীৰিক পৰিশ্ৰম আৰু মানসিক পৰিশ্ৰম কৰিলেও স্নায়ুবিলাক দুৰ্বল হৈ পৰে। অতিপাত খং, অতিপাত মানসিক চাপ(Stress) আদিত ভোগা মানুহ স্নায়বিক দুৰ্বলতাত ভুগিব পাৰে।

ফচফৰাছ, খাদ্যপ্ৰাণ আৰু প্ৰোটিন খাদ্য নিয়মিত নাখালেও স্নাবিক দুৰ্বলতা হ’ব পাৰে।

অতিপাত শুক্ৰ ক্ষয় হ’লে সঠিকভাৱে শৰীৰত তেজ চলাচল নহ’লেও স্নায়বিক দুৰ্বলতা হ’ব পাৰে। বৃদ্ধাৱস্থাত উপযুক্ত পৰিমাণৰ প্ৰোটিন, কেলচিয়ামৰ অভাৱ হ’লেও স্নায়বিক দুৰ্বলতা হ’ব পাৰে।

মানৱ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগসমূহৰ কাম-কাজৰো সঠিকভাৱে পৰিচালনা কৰা মূল কেন্দ্ৰ হ’ল মগজু। মগজু প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয়

যেনে- আগমগজু(Fore brain), মধ্য মগজু(Mid brain) আৰু পশ্চাৎ মগজু(Hind brain)। আগমগজু বা অগ্ৰমস্তিষ্কৰ প্ৰধান অংশ হ’ল- চেৰিব্ৰাম(Cerebram) আৰু ডায়ান-চেফালন(Dian Cephalon)। পশ্চাৎ অংশৰ তিনিটা ভাগ থাকে- পনচ(Pons), মেদুলা(Medulla) আৰু চেৰিবেলাম(Cerebellum)। মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম হ’ল চেৰিব্ৰাম। চেৰিব্ৰামৰ উপৰিভাগত গ্ৰে’মেটাৰৰ এটা তৰপ থাকে, তাক চেৰিব্ৰেল কৰটেক্স বুলি কোৱা হয়। চেৰিব্ৰাম হ’ল মানুহৰ বুদ্ধি, চিন্তাশক্তি, কল্পনা, সুখ-দুখৰ অনুভূতি আৰু সজাগতা আদিৰ মূল কেন্দ্ৰ বিন্দু। চেৰিবেলামে শৰীৰৰ সঞ্চালনাৰ যোগসূত্ৰ স্থাপন কৰে আৰু ব্ৰেইনষ্টেমে হৃদস্পন্দন, শ্বাস-প্ৰশ্বাস, তেজৰ চাপ আৰু অন্যান্য প্ৰধান কাম-কাজ নিয়ন্ত্ৰণ কৰে। মগজুক শৰীৰৰ আন অংশৰ লগত সংযোগ কৰে স্পাইনেল কৰ্ডে। মগজুৰ প্ৰধান ৰোগসমূহ হ’ল স্মৰণশক্তি হ্ৰাস, স্নায়বিক দুৰ্বলতা আৰু ইয়াৰ ফলত হোৱা ৰোগ, মগজুত হোৱা কৰ্কট ৰোগ ইত্যাদি।

মগজুৰ সৈতে মনৰ সম্পৰ্ক -

আমি কথাবোৰ কেনেকৈ মনত ৰাখো বা মগজুত মজুত কৰি ৰাখো, সেয়া এক ৰহস্যৰ বিষয়। আমাৰ মগজুত ‘নিউৰণ’ নামৰ কিছুমান স্নায়ুকোষ আছে। মানুহৰ মগজুত প্ৰায় এশ কোটি এনে স্নায়ুকোষ থাকে। নিউৰণৰ স্নায়ুকোষবোৰে নানা শাখা-প্ৰশাখা মেলি জাল একোখনৰ দৰে সৃষ্টি কৰি কথাবোৰ সঞ্চিত কৰি বা ধৰি ৰাখে- যাক আমি স্মৃতি ধৰি ৰখা বুলি কওঁ বা মনত ৰখা বুলি কওঁ। এইদৰে ধৰি ৰখা স্মৃতি পিছত প্ৰয়োজন হ’লে পুনৰুদ্ধাৰ কৰিব পাৰি।

আমাৰ চকু, কাণ, নাক, জিভা আৰু ছাল আদি ইন্দ্ৰিয়সমূহৰ যোগেদি দৃষ্টি, ঘ্ৰাণ, শ্বাস, স্বাদ আৰু স্পৰ্শ আদি সংবেদন বা অনুভূতি মগজুৱে গ্ৰহণ কৰে আৰু সেইবিলাকৰ একোটা সাঁচ মগজুৰ স্নায়ুকোষত পৰে। ইয়াৰ ফলত মগজুৰ স্নায়বিক গাঁঠনি পৰিৱৰ্তন আৰু সংস্কাৰ হয়। যাৰ ফলত কথাবোৰ বা দৃশ্য আদি মনত থাকে। এনে পৰিৱৰ্তনক সক্ৰিয় স্মৃতি সাঁচ বোলা হয়।

আমি এটা কথা লক্ষ্য কৰিলে বুজিবলৈ সহজ হয় যে কিছুমান কথা মগজুত ৰাখিবলৈ কম সময়ৰ আৱশ্যক আৰু আন কিছুমান কথা স্থায়ীকৈ মনত ৰাখিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। আমি ঘ্ৰাণ শক্তিৰ দ্বাৰাও এনেক কথা স্থায়ীকৈ মনত ৰাখিব পাৰো। মগজুৰ ‘হিপ্পকেম্পাছ’ অঞ্চলেই ঘ্ৰাণ শক্তিৰ মূল আধাৰ। আবেগৰ লগত এই ঘ্ৰাণ বা গোন্ধৰ সম্পৰ্ক আছে। সেই কাৰণে আবেগৰ লগত জড়িত গোন্ধৰ সহায়ত যিকোনো এটা বা ততোধিক ঘটনা আমি সহজে মনত পেলাব পাৰো। আন কিছুমান কথা বা কাৰ্য দেখিলেও আগৰ কিছুমান তেনেধৰণৰ কোনো কথা শুনি বা ঘটনা দেখি বা চিত্ৰ দেখি পূৰ্বৰ কথা মনত পৰিলে তাক অবিকল স্মৃতি বুলি  কোৱা হয়। বিখ্যাত চিত্ৰচিল্পী লিওনাৰ্ডো ভিন্সি অবিকল স্মৃতিৰ অধিকাৰী আছিল।

আমি এটা কথা মন কৰিলে দেখা পাওঁ যে একেবাৰে শিশুকাল আৰু বৃদ্ধাৱস্থাত যিকোনো কথা বা কাম মনত ৰাখিবলৈ অসুবিধা হয়। শৈশৱ কালত মনত ৰাখিব নোৱাৰাৰ মূল কাৰণ হ’ল- এই বয়সত দেহ, মন, মগজু আদি পূৰ্ণবিকাশ নহয়। এটা নিৰ্দিষ্ট পৰিমাণত দেহৰ অংগ-প্ৰত্যংগ, বিশেষকৈ মগজুৰ স্নায়ু আদিৰ বিকাশ হ’লেহে মগজুয়ে স্মৃতি ধৰি ৰাখিব পাৰে। বৃদ্ধ কালত মগজু আৰু স্নায়ু বহু পৰিমাণে দুৰ্বল হৈ পৰে। ফলত বিভিন্ন কাৰণত স্নায়ুকোষ নষ্ট হোৱাৰ ফলত যিকোনো কথা মনত ৰাখিবলৈ টান হয়। ডিমেনচিয়া, আলঝেইমাৰ নামৰ এক প্ৰকাৰৰ অসুখৰ কাৰণে বৃদ্ধ বয়সত কথা মনত নাথাকে বা পূৰ্ত্ব স্মৃতি লুপ্ত হয়। তাৰোপৰি প্ৰায় সকলো মানুহৰ ৬০-৭০ বছৰ বয়সৰ পৰা স্মৰণশক্তি কম হোৱাটোক স্বাভাৱিক প্ৰক্ৰিয়া বুলিয়েই ক’ব পাৰি।

মানুহৰ বিভিন্ন কাৰণত স্মৃতিশক্তি হ্ৰাস হ’ব পাৰে। ইয়াৰ প্ৰধান কাৰণবোৰ হ’ল- মূৰত পোৱা আঘাত, আবেগিক হেঁচা, স্নায়ুকোষ নষ্ট হোৱা, দেহৰ বাবে পৰিপুষ্টি যোগান ধৰা খাদ্যৰ অভাৱ, মানসিক ৰোগ, নিচাযুক্ত দৰব সেৱন, ডিমেনচিয়া অসুখত ভোগা, মগজুৰ নিউৰণৰ সংখ্যা কমি যোৱা, চেৰিব্ৰেল টিউমাৰ, এনকেফেলাইটিছ, ষ্ট্ৰোক আদি হ’লেও স্মৰণ শক্তি কমি যায়।

স্মৃতি শক্তি বৰ্ধনত বনৌষধি চিকিৎসা -

ৰসায়নিক কীটনাশক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা সকলো প্ৰকাৰৰ খাদ্য পৰিত্যাগ কৰি জৈৱিক আৰু জৈৱিক সাৰ প্ৰয়োগ কৰা শস্য বা পাচলি খাব লাগে। বনৌষধি গুণসম্পন্ন গছ-বন, পাচলি, যেনে- মহানিম, চিৰতা, নহৰু, তুলসী, ক’লা কচু, গাজৰ, নেমুটেঙা, ওলকচু, উৰহী, পালেং, লাই-লফা, চজিনা, লাও, কোমোৰা, ৰঙালাও, স্কোৱাচ আদি। বিভিন্ন ফল-মূলৰ খেতিত জৈৱিক সাৰ, কেঁচুসাৰ, গোৱৰ, গৰু মূত্ৰ ব্যৱহাৰ কৰিব লাগে। এনে খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি হয়।

অধিক ফচফৰাছযুক্ত খাদ্য খাব লাগে। সেইবোৰ হ’ল- ব্ৰাহ্মী, মানিমুনি, টেঙেচি, গোমধান, বেল, পচতীয়া, ৰবাবটেঙা, সুমথিৰা, নেমুটেঙা ইত্যাদি।

নিম্ন উল্লিখিত খাদ্যবিলাকত প্ৰতি এশ গ্ৰামত ফচফৰাছৰ পৰিমাণ তলত উল্লেখ কৰা হ’ল -

 

শাক

মিলিগ্ৰাম

মৰিচা শাক

৭০৩ মিঃগ্ৰাম

পূৰৈ শাক

৪৬০ মিঃগ্ৰাম

গোম ধান

৩৪৮ মিঃগ্ৰাম

নহৰু

২৭০ মিঃগ্ৰাম

শুকান নাৰিকল

২১০ মিঃগ্ৰাম

কেঁচা নাৰিকল

২০৪ মিঃগ্ৰাম

মহানিমৰ পাত

১৯০ মিঃগ্ৰাম

বীন

১৬০ মিঃগ্ৰাম

ৰঙালাউৰ আগ

১১২ মিঃগ্ৰাম

চজিনা

১১০ মিঃগ্ৰাম

 

বকফুল, পানীটেঙেচী, পিৰালী পালেং আদিতো যথেষ্ট পৰিমাণে ফচফৰাছ পোৱা যায়। তদুপৰি মেথিশাকত থকা লেচিথিন নামৰ পদাৰ্থই স্মৰণশক্তি বৃদ্ধি কৰাত সহায় কৰে। ফচফৰাছ সমৃদ্ধ বিভিন্ন শাক-পাচলি আৰু অন্যান্য খাদ্যই আমাৰ স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে। তেনেধৰণৰ খাদ্যবোৰৰ এখন তালিকা তলত দিয়া হ’ল-

প্ৰতি এশ গ্ৰামত ফচফৰাছৰ পৰিমাণ উল্লেখ কৰা হ’ল-

শাক

মিলিগ্ৰাম

চয়াবিন

৬৯০ মিঃগ্ৰাম

গাজৰ

৫৩০ মিঃগ্ৰাম

ফেন্সবিন

৪২০ মিঃগ্ৰাম

লুবিয়া

৪১০ মিঃগ্ৰাম

মটৰ

৩৪৫ মিঃগ্ৰাম

দেশী বুট

৩৪০ মিঃগ্ৰাম

মচুৰ দাইল

২৯৩ মিঃগ্ৰাম

তৰমুজ

৩১০ মিঃগ্ৰাম

লাউ আৰু ৰঙালাউ

৯৩৭ মিঃগ্ৰাম

বাদাম

৪৯০ মিঃগ্ৰাম

কাজু বাদাম

৪৫০ মিঃগ্ৰাম

আখৰোট

৩৮০ মিঃগ্ৰাম

বৰালি মাছ

৪৯০ মিঃগ্ৰাম

কাৱৈ মাছ

৪২৮ মিঃগ্ৰাম

শিঙি মাছ

৪২০ মিঃগ্ৰাম

মাগুৰ মাছ

৪০০ মিঃগ্ৰাম

গাখীৰ

৭০০ মিঃগ্ৰাম

ম’হৰ গাখীৰ

৭২০ মিঃগ্ৰাম

সৰ গুচোৱা গাখীৰ

৭০০ মিঃগ্ৰাম

 

লেখক: ডাঃ উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.97058823529
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top