মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / স্নায়ৱিক ৰোগ এম এন ডি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্নায়ৱিক ৰোগ এম এন ডি

স্নায়ৱিক ৰোগ এম এন ডি বিষয়ে লিখা হৈছে ।

 

প্ৰখ্যাত বিগানী তথা আধুনিক বিজ্ঞান জগতত বিস্ময়ৰুপে পৰিচিত ষ্টিফেন হকিঙৰ শাৰীৰিক অৱস্থালৈ মনত পৰিলে এনে ভাব হৈছিল যে বিজ্ঞানীগৰাকীয়ে এটি বিকল শৰীৰ লৈ দীৰ্ঘদিন গৱেষণাত ব্ৰতী হৈ আছিল । দীৰ্ঘদিন ধৰি হকিঙে এনেদৰেই গৱেষণাত ব্ৰতী হৈ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল । কৃষ্ণাগহ্বৰ সম্পৰ্কে বিজ্ঞানীগৰাকীয়ে যি বিশ্লেষণ আগবঢ়াইছিল সেয়া কল্পনাতীত । এনে এগৰাকী বিজ্ঞানীয়ে বিকল শৰীৰ লৈ কৃষ্ণগহ্বৰ সম্পৰ্কে গৱেষণা চলাব পাৰে বুলি ভাবিবই নোৱাৰি । বিজ্ঞানীগৰাকী যি ৰোগত আক্ৰান্ত হৈছিল সেয়া হ’ল- মটৰ নিউৰন ডিজিজ । স্নায়ৱিক ৰোগসমূহৰ ভিতৰত অন্যতম হ’ল মটৰ নিউৰন ডিজিজ বা এম এন ডি । এনেধৰণৰ ৰোগ কমসংখ্যক লোকৰহে হয় । সেইবাবে বহুতেই এইবিধ ৰোগৰ বিষয়ে জ্ঞাত নহয় । এম এন ডিত আক্ৰান্ত হ’লে এই ৰোগৰ পৰা সম্পূৰ্ণৰুপে উপশম লাভ কৰাটো সম্ভৱ নহয় । চিকিৎসাৰ দ্বাৰা জটিল হোৱা প্ৰক্ৰিয়াটোত কিছু পৰিমাণে বাধা দি পলম কৰিবহে পাৰি । এনেধৰণৰ ৰোগত আক্ৰান্ত হ’লে মস্তিষ্কৰ লগতে ৰাজহাড় সম্পূৰ্ণৰুপে বিকল হৈ পৰে । সাধাৰণতে এনে ৰোগত আক্ৰান্ত হ’লে মটৰ নিউৰন বা চালক স্নায়ু আক্ৰান্ত হয় ।

এম এন ডি সম্পৰ্কে বৰ্ণনা কৰাৰ পূৰ্বে আমি স্নায়ু সম্পৰ্কে কিছু ব্যাখ্যা কৰিলেহে ৰোগবিধৰ বিষয়ে জনাটো সম্ভৱ হ’ব । স্নায়ু হ’ল শৰীৰৰ বিভিন্ন কাৰ্যৰ নিয়ন্ত্ৰক । শৰীৰৰ সকলো কাম-কাজ, ভাব, অনুভূতি, ভোক-পিয়াহ, বুদ্ধি-বৃত্তি, নিদ্ৰা, মৈথুন আদি কাৰ্য নিয়ন্ত্ৰণ কৰে স্নায়ুৱে । এনেধৰণৰ কাৰ্য আমাৰ সকলোৰে অজ্ঞাতে প্ৰতিটো মুহূৰ্ততে সম্পাদিত হৈ থাকে । এইখিনিতে উল্লেখ কৰিব পাৰি যে মানৱ শৰীৰৰ অংগ-প্ৰত্যংগসমূহৰ ভিতৰত সবাতোকৈ ৰহস্যময় অংগ হ’ল স্নায়ুতন্ত্ৰ । এই স্নায়ুতন্ত্ৰৰ ভিতৰত আকৌ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰইহে সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে । স্নায়ুতন্ত্ৰ গঠিত হয় স্নায়ুকলাৰ দ্বাৰা । স্নায়ুকোষ বা নিউৰন হ’ল কলাৰ প্ৰধান কোষ । স্নায়ুকোষসমূহৰ উপৰি আন সহায়ক কোষো থাকে । স্নায়ুকোষসমূহ প্ৰবৰ্ধযুক্ত বুলি কোৱা হয় । প্ৰধান কোষৰ পৰা চাইট’প্লজম (কোষ প্ৰৰসযুক্ত) কোষ আৱৰণৰ কিছুমান প্ৰবৰ্ধ ওলাই থাকে । এই প্ৰবৰ্ধৰ দৈৰ্ঘ্য আৰু সংখ্যা ভিন্ন হয় । সবাতোকৈ দীঘল প্ৰবৰ্ধডাল হ’ল এক্সন । কোষ প্ৰৰসত থকা এবিধ উপাদান হ’ল নিউৰ’ফ্ৰিবিল নামৰ অতি সূক্ষ্ম আঁহ । বেছিভাগ স্নায়ুকোষৰ এক্সনসমূহৰ বিশেষ ধৰণৰ আৱৰণ থাকে আৰু এইখনক ‘মায়েলিন আৱৰণ’ বুলি কোৱা হয় । স্নায়ু বুলিলে সাধাৰণতে প্ৰান্তীয় স্নায়ুতন্ত্ৰ দেখা আঁহগুচ্ছসমূহকে গণ্য কৰা হয় । এই আঁহগুচ্ছসমূহৰ কিছুমানে শৰীৰৰ বিভিন্ন অংশৰ পৰা সংবেদন কঢ়িয়াই আনে । ইয়াৰ বিপৰীতে আন আন একাংশ আঁহগুচ্ছই কঁকালসংলগ্ন পেশী বা ঐচ্ছিক পেশী, হৃদযন্ত্ৰৰ পেশী, ৰক্তনলীৰ লগতে আন অংগ গঠনকাৰী অৰেখিত বা মসৃণ পেশী আৰু গ্ৰন্থিসমূহলৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা চালিকা নিৰ্দেশ বা ক্ষৰণ নিৰ্দেশ কঢ়িয়াই আনে । প্ৰথমবিধক সংবেদী স্নায়ু বুলি কোৱা হয় । ইয়াৰ বিপৰীতে দ্বিতীয়বিধ হ’ল চালক স্নায়ু বা মটৰ নাৰ্ভ । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে দুয়োবিধ স্নায়ু লগ হৈ কেতিয়াবা প্ৰথম অৱস্থাত একোডাল নি:সৃত স্নায়ু গঠন কৰে । অৱশ্যে এনেধৰণৰ স্নায়ু পাচত ভাগ হৈ নিজ নিজ গন্তব্যস্থানলৈ গতি কৰে । একোডাল স্নায়ু অসংখ্য স্নায়ু আঁহেৰে বা এক্সনেৰে গঠিত । প্ৰতিডাল স্নায়ু আঁহতে আঁহপূৰ্ণ সংযোজক কলাৰ পাতল আৱৰণ এণ্ডো নিউৰিয়ামে আৱৰি থাকে । স্নায়ুতন্ত্ৰৰ মূল ভাগ দুটা-কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰ । মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ সমষ্টিয়ই হ’ল কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ । আনহাতে প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠন হয় স্নায়ুৰজ্জু আৰু মস্তিষ্কৰ বাহিৰত থকা স্নায়ুৰে । এইবোৰ হ’ল ৰজ্জুস্নায়ু বা স্পাইনেল নাৰ্ভ আৰু শিৰস্নায়ু বা ক্ৰেনিয়েল নাৰ্ভ ।

এম এন ডিৰ প্ৰকাৰ -

মটৰ নিউৰন ডিজিজ বা এম এন ডি স্নায়ুৰ ৰোগসমূহৰ ভিতৰত অন্যতম জটিল সমস্যা হিচাপে গণ্য কৰা হয় । কাৰণ এই ৰোগত আক্ৰান্ত হ’লে কোনো চিকিৎসাৰ দ্বাৰাই ইয়াৰ উপশম ঘটোৱাটো সম্ভৱ নহয় । এম এন ডি তিনি ধৰণৰ হয়- এমিট্ৰফিক লেটাৰেল ক্লেৰ’ছিছ বা এ এল এছ, প্ৰগ্ৰেছিভ বালবাৰ পালছ বা পি বি পি আৰু প্ৰগ্ৰেছিভ মাস্কুলাৰ এট্ৰ’ফি বা পি এম এ । এম এন ডিৰ ক্ষেত্ৰত ৬০ ৰ পৰা ৭০ শতাংশ লোকৰ এ এছ হয় । আনহাতে, ২০ শতাংশ লোক পি বি পিত আক্ৰান্ত হোৱা দেখা যায় । মাত্ৰ ১০ শতাংশ লোক পি এম এত আক্ৰান্ত হয় ।

কোন বয়সত বেছি হয় -

যিকোনো লোকৰ এনেধৰণৰ ৰোগ হ’ব পাৰে । তুলনামূলকভাৱে ৪০ ৰ পাচত বিশেষকৈ ৫০ ৰ পৰা ৭০ বছৰৰ ভিতৰত এম এন ডি বেছিকৈ হোৱা দেখা যায় । অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে ৪০ বছৰৰ পূৰ্বে এই ৰোগ নহ’ব পাৰে । কমসংখ্যক লোকৰ ক্ষেত্ৰতহে এনেধৰণৰ সমস্যাই গা কৰি উঠা দেখা যায় ।

বংশগত প্ৰভাৱ -

এম এন ডি হোৱাৰ ক্ষেত্ৰত বংশগত প্ৰভাৱ মন কৰিবলগীয়া । আমেৰিকা যুক্তৰাষ্ট্ৰত ১০ জন এ এ এছত আক্ৰান্তৰ ভিতৰত এজনে বংশগত কাৰণত এনে ধৰণৰ সমস্যাত আক্ৰান্ত হোৱাৰ শংকা থাকে । পিতৃ-মাতৃ যদি এই ৰোগত আক্ৰান্ত , তেন্তে সন্তানো আক্ৰান্ত হ’ব পাৰে । সেইবাবে কাৰোবাৰ পৰিয়ালত যদি এনেধৰণৰ সমস্যাত আক্ৰান্ত লোক আছে, তেতিয়াহে আনসকলৰ সদস্যই এই ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত । তেতিয়া পৰৱৰ্তী সময়ত হ’ব পৰা যিকোনো জটিল সমস্যা প্ৰতিৰোধ কৰাটো সম্ভৱ হ’ব ।

ক’ত বেছি হয় -

বিশ্বৰ সকলো ঠাইতে এনে ধৰণৰ ৰোগ হ’ব পাৰে যদিও কিছুমান অঞ্চলত বেছিকৈ হোৱা দেখা যায় । বিশেষকৈ জাপান, ৱেষ্ট নিউগাইনা আদিত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা অধিক ।

জানি থওক :-

১) ধূম্ৰপায়ীসকলৰ এম এন ডি হোৱাৰ শংকা অধিক । যিসকলে নিয়মীয়াকৈ চিগাৰেট সেৱন কৰে বা চেইন স্মকাৰসকলৰ এনে ৰোগ বেছিকৈ হয় বুলি শেহতীয়াভাৱে গৱেষকসকলে কিছু তথ্য লাভ কৰিছে । অৱশ্যে এইক্ষেত্ৰত তেওঁলোকে নিশ্চিতকৈ ব্যাখ্যা আগবঢ়াব পৰা নাই ।

২) মস্তিষ্কৰ আঘাতৰ বাবেও কেতিয়াবা এনেধৰণৰ সমস্যাই গা কৰি উঠা দেখা যায় । দুৰ্ঘটনাত আঘাত পোৱা বা খেল-ধেমালিৰ সময়ত পোৱা আঘাতৰ বাবেও এনে হ’ব পাৰে । অৱশ্যে যিসকলৰ সঘনাই এনেধৰণৰ আঘাত হয়, সেইসকলেহে এম এন ডিত আক্ৰান্ত হোৱাৰ শংকা অধিক ।

৩) কীটনাশক দ্ৰব্যৰ বাবেও এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে । সাধাৰণতে যিবোৰ খাদ্যত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়, বিশেষকৈ খেতিৰ সময়ত ব্যৱহাৰ কৰা এনেধৰণৰ দ্ৰব্যই খাদ্যতো প্ৰভাৱ পেলায় । এনে খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰিলেও এম এন ডি হোৱাৰ শংকা নুই কৰিব নোৱাৰি ।

৪) অত্যধিক চৰ্বিযুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰিলেও কেতিয়াবা এম এন ডি হ’ব পাৰে বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে ।

৫) কেতিয়াবা কিছুমান ৰাসায়নিক দ্ৰব্যৰ বাবেও এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে ।

এম এন ডিৰ লক্ষণসমূহ -

প্ৰাৰম্ভিক পৰ্যায়ত কিছুমান লক্ষণ ফুটি উঠে । এই পৰ্যায়ত লক্ষণসমূহ লাহে লাহে আৰু গম নোপোৱাকৈয়ে গা কৰি উঠিবলৈ ধৰে ।

*এম এন ডিত আক্ৰান্ত লোকসকল দুৰ্বল হৈ পৰে । খোজ কাঢ়িলেই যে এনে দুৰ্বলতা অনুভৱ কৰে তেনে নহয়, বহি থাকিলেও হ’ব পাৰে । কেতিয়াবা কিছুমান বস্তু ওপৰলৈ তোলা বা ঠেলি দিবলৈও অপৰাগ হয় ।

*পেশীসমূহ বিষাবলৈ আৰম্ভ কৰে ।

*তদুপৰি পেশীসমূহ খামোচা মাৰি ধৰাৰ দৰে হয় ।

*কথোপকথনৰ ক্ষেত্ৰত সমস্যাই গা কৰি উঠে।

* অংগ-প্ৰত্যংগসমূহ দুৰ্বল হ’বলৈ ধৰে । কোনো কাম কৰিবলৈ মন নোযোৱা হয় ।

কাৰণসমূহ:-

এম এন ডি হোৱাৰ আঁৰত মটৰ নিউৰনৰ স্বাভাৱিক কাৰ্যৰ ব্যাঘাত জন্মাটো । মটৰ নিউৰনসমূহ মস্তিষ্ক আৰু ৰজ্জুত থাকে । অৱশ্যে বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পাচতো নিশ্চিত হ’ব পৰা নাই মটৰ নিউৰনসমূহে কিয় স্বাভাৱিকভাৱে কাৰ্য সম্পাদন কৰাৰ ক্ষমতা হেৰুৱাই পেলায় । ইয়াৰ আঁৰত বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে বুলি অনুমানহে কৰিছে । এই প্ৰসংগত অত্যধিক গ্লুটামেত নি:সৰণ হ’ব পাৰে বুলি মত প্ৰকাশ কৰিছে । এম এন ডিত আক্ৰান্ত লোকৰ এবিধ ৰাসায়নিক দ্ৰব্য বেছি পৰিমাণে নি:সৰণ হয় । অস্বাভাৱিকভাৱে গ্লুটামত বৃদ্ধি পোৱাৰ ফলত স্বায়ৱিক কাৰ্য সম্পাদনৰ ক্ষেত্ৰত ব্যাঘাত জন্মে । কিয়নো যিকোনো প্ৰয়োজনীয় ৰাসায়নিক দ্ৰব্য যদি শৰীৰত অত্যধিক পৰিমাণে উৎপন্ন হয়, তেতিয়া সেই ৰাসায়নিকবিধে যিবোৰ কাৰ্য সম্পাদনাত সহায় কৰে, সেই কাৰ্যত সহায় কৰাৰ পৰিবৰ্তে অপকাৰ কৰাহে দেখা যায় ।

এণ্টি অক্সিডেণ্টৰ অভাৱৰ বাবেও এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে । বিভিন্ন ধৰণৰ গৱেষণাৰ পাচত গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে এম এন ডিত আক্ৰান্ত লোকৰ শৰীৰত এণ্টি-অক্সিডেণ্টৰ পৰিমাণ কম থাকে । শৰীৰৰ বাবে ফ্ৰী ৰেডিকেলছসমূহ (অপকাৰী দ্ৰব্য) ধ্বংস কৰিবলৈ এণ্টি অক্সিডেণ্টৰ অভাৱ হয় ।

স্নায়ুসমূহৰ ধ্বংস ৰোধ, পুনৰ নিৰ্মাণ, বৃদ্ধিৰ বাবে যিবোৰ প্ৰ’টিনৰ প্ৰয়োজন । সেইবোৰৰ অভাৱ হ’লেও এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে ।

কেনেধৰণৰ খাদ্য খাব লাগে :-

এম এন ডিত আক্ৰান্ত লোকসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ  কৰিব লাগে, সেই বিষয়ে চিকিৎসকে পৰামৰ্শ আগবঢ়ায় । শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টি যাতে খাদ্যৰ মাধ্যমেৰে যোগান ধৰা হয়, সেইবাবে খাদ্য তালিকা প্ৰস্তুত কৰোতে বিশেষজ্ঞসকলে বিভিন্ন ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত । এনেধৰণৰ ৰোগীয়ে নিয়মীয়াকৈ সুষম আহাৰ গ্ৰহণ কৰা উচিত । সেউজীয়া শাক-পাচলিৰ পৰা আৰম্ভ কৰি ফলমূল আদি নিয়মীয়াকৈ খাব লাগে । একেলগে বেছি খাদ্য গ্ৰহণ কৰাতকৈ কম পৰিমাণে সঘনাই খালেহে সুফল পোৱা যায় ।

লেখক :- ডা: বসন্ত কুমাৰ বৈশ্য

উৎস:- দেওবৰীয়া সম্ভাৰ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top