মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / স্পণ্ডিলাইটিছ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্পণ্ডিলাইটিছ :

স্পণ্ডিলাইটিছৰ বিষয়ে লিখা হৈছে ।

 

এদিনাখন চেম্বাৰত বহি থাকোতে এজন ২০ বছৰীয়া যুৱক সোমাই আহিল । লগত আহিছে মাক-দেউতাক । যুৱকজন মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব । দীৰ্ঘ সময় টেবুলৰ ওচৰত বহি থকাৰ ফলত মাজে-সময়ে মূৰটো ঘূৰায় । ডিঙিৰ পিচফালে খুব বিষায় । এনেদৰে সমস্যাৰ সৃষ্টি হোৱা বাবে প্ৰথমতে মাক-দেউতাকে ল’ৰাটোৰ ডিঙিত মালিচ কৰি উপশম লাভৰ চেষ্টা কৰিলে । কিন্তু মালিচ দিয়াৰ পিচত উপশম লাভ কৰাটো দূৰৈৰ কথা, ৰোগ দুগুণ বৃদ্ধিহে পাইছে । ল’ৰাজনে মাক-দেউতাকক যিমানে সমস্যাৰ বিষয়ে অৱগত কৰে, সিমানে তেওঁলোক চিন্তাম্বিত হৈ পৰিল । সন্মুখত পৰীক্ষা । কি কৰা যায় ? এনেদৰে ভৱা-চিন্তা কৰি থাকোতে এজনে তেওঁক চিকিৎসকৰ ওচৰলৈ নিবলৈ পৰামৰ্শ আগবঢ়ায় । যুৱকজনক ৰোগৰ লক্ষণৰ বিষয়ে সুধিলে । যুৱকজনে সকলো কথা বিৱৰি কোৱাত নিশ্চিত হ’লো যে তেওঁ স্পণ্ডিলাইটিছত আক্ৰান্ত হৈছে । ডিঙিৰ বিষ বা স্পণ্ডিলাইটিছ কোনো নতুন ৰোগ নহয় । সাধাৰণতে দৈনন্দিন জীৱন-যাপন ক্ষেত্ৰত যেতিয়া কোনো এজন ব্যক্তিয়ে অত্যধিক পৰিশ্ৰম অথব একেলেথাৰিয়ে দীৰ্ঘদিন ধৰি বহি থকাৰ ফলত যিবোৰ সমস্যাৰ সৃষ্টি হয়, সেইবোৰৰ ভিতৰত অন্যতম স্পণ্ডিলাইটিছ । জীৱনত সকলোৰে এবাৰ নহয় এবাৰ স্পণ্ডিলাইটিছ হয় । সাধাৰণতে শিশু অৱস্থাত এনেধৰণৰ সমস্যাৰ সৃষ্টি নহয় যদিও বয়স বৃদ্ধিৰ লগে লগে হোৱা দেখা যায় । স্পণ্ডিলাইটিছ স্নায়ুজনিত ৰোগ । অৱশ্যে বহুতে হাড়ত হোৱা ৰোগ বুলিহে ভাৱে । যিকোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও তুলনামূলকভাৱে বয়স বৃদ্ধিৰ লগে লগে স্পণ্ডিলাইটিছৰ প্ৰকোপ বৃদ্ধি পায় । সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে আমাৰ হাড়ৰ মাজত থকা গাঁঠিসমূহৰ শেষৰ ফালে ক্ষয় যাবলৈ আৰম্ভ কৰে । যেতিয়া দুডাল হাড়ৰ মাজত ঘঁহনি আৰম্ভ হয়, তেতিয়াই নতুনকৈ ওচৰা-উচৰিকৈ হাড় প্ৰস্তুত হ’বলৈ আৰম্ভ কৰে । এনেদৰে নতুনকৈ প্ৰস্তুত হ’বলৈ ধৰা হাড়ক ‘অষ্টিঅ’পিথ’ বুলি কোৱা হয় । এনেহ’লে সাধাৰণতে মেৰুদণ্ডৰ স্নায়ু আৰু মেৰুদণ্ডৰ পৰা ওলোৱা শাখা স্নায়ুসমূহত হেঁচা পৰিবলৈ আৰম্ভ কৰে । এনেদৰে হেঁচা পৰাৰ ফলত স্নায়ুসমূহত যেতিয়া এই প্ৰভাৱ পৰে , তেতিয়া ডিঙিটো লৰচৰ কৰোতে অসুবিধা হয় । এইটো সকলোৰে জ্ঞাত যে ৰাজহাড়ডাল ৩৩ টুকুৰা হাড়েৰে গঠিত । সহজ অৰ্থত ক’বলৈ হ’লে ই হ’ল হাড়ৰ এডাল দীঘল মালা । ই লাওখোলাটোৰ ঠিক তলৰ পৰা আৰম্ভ হৈ ডিঙি, বুকু আৰু পেটৰ পিচফালে সাতটা, বুকুৰ পিচফালে ১২ টা, পেটৰ পিচফালে পাঁচটা আৰু নিতম্বৰ পিচফালে থকা ন টুকুৰা হাড়েৰে গঠিত । ৰাজহাড়ৰ মাজেদি পোনে পোনে থকা ফুটাটোৱেদি মস্তিষ্কৰ পৰা স্নায়ুৰজ্জুডাল তললৈ নামি আহে । স্নায়ুৰজ্জুডাল হ’ল মস্তিষ্কত থকা স্নায়ুকোষবোৰৰ পৰা ওলাই অহা স্নায়ুসমূহৰ সমষ্টি । এই স্নায়ুৰজ্জুৰ পৰা ওলাই ৰাজহাড়ৰ কাষৰ ফুটাৰে ওলাই যোৱা স্নায়ুবোৰ শৰীৰৰ বিভিন্ন অংশলৈ যায় । এনেদৰে বিভিন্ন অংশলৈ যোৱা বাবে শাৰীৰিক ভাৰসাম্য ৰক্ষা হয় । স্নায়ুবোৰে শৰীৰৰ বিভিন্ন অনুভূতি নিয়ন্ত্ৰণ কৰে । দৰাচলতে সকলো অনুভূতিৰ মূলতে হ’ল স্নায়ুতন্ত্ৰ । স্নায়ুৰজ্জুডালে মস্তিষ্ক আৰু শৰীৰৰ বিভিন্ন অংশৰ স’তে সংযোগ ৰক্ষা কৰে বাবেই বিভিন্ন অংগ-প্ৰত্যংগই কাৰ্য সম্পাদন কৰিব পাৰে । যদি কোনো কাৰণত এই কাৰ্যত ব্যাঘাত জন্মে, তেতিয়া হ’লে বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠা দেখা যায় । ৰাজহাড়ত হোৱা বিভিন্ন ৰোগৰ ভিতৰত হ’ল স্পণ্ডিলাইটিছ  । সাধাৰণতে স্পণ্ডিলাইটিছে ডিঙি আৰু কঁকালৰ ৰাজহাড়ৰ দুয়োফালে আক্ৰমণ কৰে ।

এংকাইলোজিং স্পণ্ডিলাইটিছ  -

তুলনামূলকভাৱে মহিলাসকলতকৈ পুৰুষসকল এই ৰোগত বেছিকৈ আক্ৰান্ত হয় । এনেহ’লে প্ৰথমতে বিষ পিঠিৰ তলফালে আৰম্ভ হয় । কঁকাল সামান্য লৰচৰ কৰিলেই বিষাবলৈ ধৰে । লাহে লাহে ডিঙিৰ ফালে বিয়পিবলৈ আৰম্ভ কৰে । কান্ধত জঠৰতা হয় ।

ৰিউমেটয়েড স্পণ্ডিলাইটিছ :-

এইবিধ সততে হোৱা স্পণ্ডিলাইটিছ  । তুলনামূলকভাৱে মহিলাসকল তিনিগুণ অধিক আক্ৰান্ত হয় । সাধাৰণতে শৰীৰৰ দুয়োফালে এই ৰোগ আৰম্ভ হয় ।

লক্ষণসমূহ -

স্পণ্ডিলাইটিছ হোৱাৰ বিষয়ে কিছুমান লক্ষণৰ ওপৰত ভিত্তি কৰি জানিব পাৰি । সাধাৰণতে এনেধৰণৰ লক্ষণ ফুটি উঠাৰ পিচতো প্ৰায়ভাগ লোকে গুৰুত্ব প্ৰদান কৰিব নোখোজে বাবে পৰৱৰ্তী সময়ত এনেধৰণৰ সমস্যাই জটিল ৰুপ ধাৰণ কৰা দেখা যায় । কেনেধৰণৰ লক্ষণ ফুটি উঠে-

*স্পণ্ডিলাইটিছৰ প্ৰধান লক্ষণ হ’ল ডিঙিৰ বিষ । ডিঙিৰ বিষ হ’লে ইকাতি-সিকাতি কৰিব নোৱাৰে । অৱশ্যে এনেয়ে বিষোৱা আৰু স্পণ্ডিলাইটিছ হ’লে বিষোৱাৰ মাজত কিছু পাৰ্থক্য দেখা যায় ।

*বিষৰ লগে লগে ডিঙিৰ মাংসপেশী টানি ধৰে । ফলত অস্বস্তিৰে সময় অতিবাহিত কৰিবলগীয়া হয় ।

*ডিঙিটো ইকাতি-সিকাতি কৰিলেও খুব বিষায় । সাধাৰণতে স্পণ্ডিলাইটিছত আক্ৰান্তজনে পিচফালে চাবলগীয়া হ’লে ঘূৰিবলগীয়া হয় । ইকাতি-সিকাতি কৰিলে ডিঙিৰ হাড় ছিগি যোৱাৰ নিচিনা অনুভৱ হয় ।

*ডিঙিৰ পৰা বিষ হাতলৈ আহে । সেইবাবে হাত বিষাবলৈ ধৰে । হাতখন জিনজিন কৰে । আনকি হাতৰ স্নায়ু দুৰ্বল হোৱাও দেখা যায় ।

*স্পণ্ডিলাইটিছৰ আন এক উল্লেখযোগ্য লক্ষণ হ’ল মূৰ ঘূৰণি । যিমানেই বেছি সময় ৰোগবিধ হৈ থাকে, সিমানে মূৰ ঘূৰণি বেছি হ’বলৈ ধৰে ।

*ডিঙিৰ লগতে পিচফালেও বিষাবলৈ আৰম্ভ কৰাটো এই ৰোগৰ আন এক লক্ষণ ।

*কাহ বা হাঁচি মাৰিলেও ডিঙিৰ বিষ হোৱা পৰিলক্ষিত হয় । সেইবাবেই এই ৰোগত আক্ৰান্ত হৈ থকাৰ সময়ত কাহোতে বা হাঁচি মাৰোতে সাৱধান হোৱা উচিত ।

*যেতিয়া ৰোগৰ জটিলতা বৃদ্ধি পায়, তেতিয়া হাতৰ লগতে ভৰিও দুৰ্বল হৈ পৰে । এইখিনিতে উল্লেখ কৰিব পাৰি যে স্পণ্ডিলাইটিছৰ প্ৰাৰম্ভিক অৱস্থাত এনে লক্ষন ফুটি নুঠে । একেবাৰে জটিল পৰ্যায়ত উপনীত হ’লেহে এনে হোৱাৰ শংকা থাকে ।

*স্পণ্ডিলাইটিছে জটিল ৰুপ ধাৰণ কৰিলে আক্ৰান্তজনৰ শৌচ-প্ৰস্ৰাৱো নিয়মীয়াকৈ নহ’ব পাৰে ।

কাৰ বেছিকৈ হয় –

সকলো লোকৰে এনে ৰোগ হ’ব পাৰে যদিও কিছুমানৰ বেছিকৈ হোৱা দেখা যায় । যিসকলৰ বেছিকৈ হয়, সেইসকলৰ ভিতৰত অন্যতম-

*শাৰীৰিক শ্ৰম কৰা লোকসকলৰ এনে সমস্যাই গা কৰি উঠে । যদিও কিছুমান লোক দিনটোৰ অধিকাংশ সময় ব্যস্ত হৈ থাকে , তথাপি তেওঁলোকৰ শাৰীৰিক শ্ৰম কম হয় । বিশেষকৈ শীতাতপ নিয়ন্ত্ৰিত কোঠাত বহি দীৰ্ঘ সময় কাম কৰা লোকসকলৰ এনে হ’ব পাৰে । কিন্তু পথাৰত কাম কৰা লোক এজনৰ এনে ৰোগ হোৱাৰ শংকা কম । অৱশ্যে শাৰীৰিক পৰিশ্ৰম সীমিত হ’ব লাগিব । যদিহে প্ৰয়োজনতকৈ অধিক সময় পৰিশ্ৰম কৰে , তেতিয়াহ’লে হিতে বিপৰীত হ’ব । কিয়নো শাৰীৰিক শ্ৰম নকৰিলে ডিঙিৰ লৰচৰ কমকৈ হয় ।

*কিছুমান বিশেষ ৰোগ যেনে- ডায়েবেটিছ, কিডনীৰ সমস্যা থাকিলেও স্পণ্ডিলাইটিছ  হোৱাৰ শংকা অধিক ।

*পুষ্টিহীনতাৰ বাবে এনে সমস্যাই গা কৰি উঠিব পাৰে । বিশেষকৈ ভিটামিন ‘ডি’ ৰ অভাৱৰ বাবে এনে হোৱা দেখা যায় ।

*ক্ৰনিক এলক’হলিক ৰোগৰ বাবেও স্পণ্ডিলাইটিছ হ’ব পাৰে । এই বিষয়ে বহুতেই জ্ঞাত নহয় ।

*যিবোৰ লোকে মূৰত গধুৰ বস্তু লৈ দীৰ্ঘ সময় কাম কৰে, তেওঁলোকৰ বেছি হ’ব পাৰে ।

*একেৰাহে দীৰ্ঘ সময় কম্পিউটাৰৰ সন্মুখত বহি থাকিলে এনে হোৱাৰ শংকা থাকে।

*দীৰ্ঘ সময় আগৰ ফালে হাউলি কাম কৰি থাকিলেও স্পণ্ডিলাইটিছ  হ’ব পাৰে ।

কি কি পৰীক্ষা কৰিব –

এনেধৰণৰ ৰোগ নিৰ্ণয় কৰিবলৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন । প্ৰথমতে এই ৰোগ নিৰ্ণয়ৰ বাবে এক্স-ৰে’ কৰিব পাৰে । তদুপৰি ৰুটিন তেজ পৰীক্ষাও কৰিব লাগে । তদুপৰি এম আৰ আই কৰিও নিশ্চিত হ’ব পাৰি । অৱশ্যে চি টি স্কেন আদি কৰিও ৰোগ নিৰ্ণয় কৰিব পাৰি । কিন্তু তুলনামূলকভাৱে এইক্ষেত্ৰত এম আৰ আই কৰিলে অধিক সুফল পোৱা যায় ।

ব্যায়াম -

স্পণ্ডিলাইটিছ ৰোগ নিয়ন্ত্ৰন ক্ষেত্ৰত ব্যায়ামৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ । অৱশ্যে এদিন বা দুদিন ব্যায়াম কৰিলে এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰিব নোৱাৰি । নিয়মীয়াকৈ ব্যায়াম কৰিলে ৰোগবিধ নিয়ন্ত্ৰন হৈ থাকে । প্ৰথমতে, দুই হাতৰ আঙুলিবোৰ ফাঁকে ফাঁকে সুমুৱাই দি হাতৰ তলুৱাৰে মূৰৰ পিচফালৰ পৰা সন্মুখৰ ফালে হেঁচা দিব লাগে । এইক্ষেত্ৰত মূৰটোৰ পিচফালে হেঁচি দিব লাগিব । এনেদৰে কিছু সময় কৰাৰ লগতে দীঘলকৈ উশাহ ল’লেও সুফল পোৱা যায় । দ্বিতীয়তে, আগৰ দৰে হাত দুখন লগ লগাই সোঁহাতৰ পৰা পিচফালে কপালত লগাই হাতেৰে পিচলৈ ঠেলি দিব লাগে । এইবাৰ মূৰটো আগৰফালে হেঁচি দিয়ক । একেদৰে সোঁহাতৰ তলুৱা কাণৰ সন্মুখত লগাই মূৰটো ঠেলি দিব লাগে । এনেদৰে ঠেলি দিয়াৰ পিচত আনটো ফালেৰেও একেধৰণে কৰিব লাগে । থিয় হৈ মূৰটো লাহে লাহে ঘড়ীৰ কাঁটাৰ দৰে প্ৰথমে বিপৰীতফালে ঘূৰাওক । তাৰ পিচত ঘড়ীৰ কাঁটাৰ দিশত মূৰটো ঘূৰাওক । এইদৰে কিছু সময় কৰিলে সুফল পোৱা যায় ।

চিকিৎসা -

ব্যায়াম আৰু ঔষধৰ দ্বাৰা চিকিৎসা কৰিব পাৰি । কিছু কিছু ক্ষেত্ৰ্ত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় । চিকিৎসাৰ দ্বাৰা ৰোগবিধ নিৰাময় কৰা হয় যদিও সতৰ্কতা অৱলম্বন নকৰিলে পৰৱৰ্তী সময়ত্ হোৱাৰ শংকা থাকে । দৰাচলতে ব্যায়াম বা ঔষধৰ দ্বাৰা ৰোগবিধ নিয়ন্ত্ৰনহে কৰা হয় । এই ৰোগ হোৱা- নোহোৱাটো ভালেখিনি নিৰ্ভৰ কৰে আক্ৰান্তজনৰ সাৱধানতাৰ ওপৰত । আগলৈ যাতে ৰোগবিধে জটিল ৰুপ ধাৰণ কৰিব নোৱাৰে, সেই ক্ষেত্ৰতহে অধিক সতৰ্কতা অৱলম্বন কৰা হয় । বিষ নিৰাময় কৰিব পাৰি ঔষধৰ দ্বাৰা । তদুপৰি মাংসপেশী টানি ধৰিলে সেয়া যাতে স্বাভাৱিক অৱস্থালৈ আহে, তাৰ বাবে ঔষধ প্ৰয়োগ কৰা হয় । অৱশ্যে কিছুসংখ্যকৰ ক্ষেত্ৰতহে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় ।

সাৱধানতা -

১) শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব । আধুনিক জীৱন যাপনৰ নামত আজিকালি বহুতে কাম কৰে যদিও সেই কামত শাৰীৰিক শ্ৰম কম হয় । শীতাতপ নিয়ন্ত্ৰিত কোঠাত অথবা লিখা-পঢ়া কামতেই ব্যস্ত থাকে বাবে এনে ৰোগত আক্ৰান্তৰ সংখ্যা দিনক দিনে অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । শাৰীৰিক শ্ৰম অবিহনে স্পণ্ডিলাইটিছৰ পৰা উপশম কৰাটো অসম্ভৱ ।

*ডিঙিৰ মাংসপেশী শক্তিশালী কৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰিব লাগিব । ডিঙিৰ মাংসপেশী শক্তিশালী নহ’লে শাৰীৰিক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয় ।

*সদায় এটা কাম কৰি থাকোতে একেদৰে বহি অথবা থিয় হৈ বা হালি কৰিব নালাগে । সময়ে সময়ে অৱস্থানৰ পৰিবৰ্তন কৰিলেও এনে ধৰনৰ সমস্যাৰ পৰা বহুলাংশে হাত সাৰিব পাৰি । ডিঙিৰ ব্যায়াম কৰিলেও এনে সমস্যাৰ পৰা হাত সৰাটো সম্ভৱ ।

*যিকোনো কাম দীৰ্ঘ সময় কৰি থাকিলে মাংসপেশীবোৰ জঠৰ হৈ পৰে । সেইবাবে এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত জিৰণি ল’লে স্পণ্ডিলাইটিছ হোৱাৰ শংকা নাথাকে ।

*যিবোৰ ৰোগৰ বাবে এনে ধৰনৰ সমস্যাই গা কৰি উঠাৰ শংকা থাকে, তেনে ৰোগৰ চিকিৎসা কৰিলে স্পণ্ডিলাইটিছৰ পৰা হাত সৰাটো সম্ভৱ ।

*সদায় পুষ্টিকৰ খাদ্য গ্ৰহন কৰিব লাগে । মনত ৰখা উচিত যে পুষ্টিহীনতাৰ বাবে স্পণ্ডিলাইটিছ হোৱাৰ শংকা থাকে । সেইবাবে পুষ্টিকৰ আহাৰ গ্ৰহনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত ।

*ব্যায়াম কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰা উচিত । কিয়নো যিকোনো ব্যায়াম কৰিলে এনে সমস্যাৰ পৰা হাত সাৰিব নোৱাৰি ।

*মালিচ দিব নালাগে । বহুতে গাৰ বিষ হ’লে অথবা ডিঙিৰ বিষ হ’লে মালিচ কৰে । আনকি বহু সময় ধৰি মালিচ কৰি ৰোগৰ পৰা উপশম লাভ কৰিবলৈ চেষ্টা চলায় । কিন্তু এনে কৰিলে হিতে বিপৰীত হ’ব । কেতিয়াও মালিচ কৰিব নালাগে । শোৱাৰ সময়ত ওখ গাৰু ব্যৱহাৰ নকৰিব । পৰাপক্ষত কোনো ধৰনৰ ওখ বস্তু ব্যৱহাৰ নকৰাটোৱে মংগলজনক । যিসকলৰ লাম্বাৰ স্পণ্ডিলাইটিছ  আছে, তেওঁলোকে কঁকালত চাপ পৰা বেছি বস্তু দাঙিব নালাগে ।

*স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰা বেগটোৰ ওজন যাতে শিশুটিয়ে বহন কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে ।

লেখক : ডা: বসন্ত কুমাৰ বৈশ্য

উৎস – দেওবৰীয়া সম্ভাৰ

 

2.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top