মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / স্পেচিফিক লাৰ্নিং ডিজেবিলিটী:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্পেচিফিক লাৰ্নিং ডিজেবিলিটী:

স্পেচিফিক লাৰ্নিং ডিজেবিলিটিৰ কথা লিখা হৈছে

 

আমি প্ৰায়ে সকলোৱে ‘লাৰ্নি ডিজেবিলিটী’ৰ বিষয়ে কিছু হ’লেও নিশ্চয় জানো-

 

জানো বুলি এই কাৰণেই ধৰি লৈছো যে এই সমস্যাটোৰ বিষয়ে ছ’চিয়েল মিডিয়া, কিতাপ, আলোচনী আদিত ইতিমধ্যে কম-বেছি পৰিমাণে চৰ্চা হৈছে। তদুপৰি নিজৰ পৰিয়ালতে হওক নাইবা ওচৰ-চুবুৰীয়া বা সহকৰ্মী বন্ধুৰ ঘৰত লাৰ্নিং ডিজেবিলিটীত ভোগা কোনো শিশুৰ লগ পোৱাৰ আৰু জনাৰ অভিজ্ঞতা বহুতৰে হৈছে। গতিকে এই অভিজ্ঞতাৰ পৰা পিতৃ-মাতৃ বা অভিভাৱক সকলোৱে শিশুৰ ক্ষেত্ৰত হ’ব পৰা আন বিভিন্ন সমস্যাবোৰৰ দৰে এই লাৰ্নিং ডিজেবিলিটীৰ বিষয়ে জানিব পাৰিছে।

লাৰ্নিং ডিজেবিলিটীৰ বিষয়ে যদিও আমি জানিব পাৰিছো, তথাপি অভিভাৱকসকলো আৰু অলপ সজাগ আৰু সচেতন হোৱাৰ উদ্দেশ্যে এই সমস্যাৰ বিষয়ে আৰু অলপ ক’ব খুজিছো।

এজন শিশুৰ লাৰ্নিং ডিজেবিলিটী, অৰ্থাৎ শিক্ষণৰ অক্ষমতা আছে বুলি যে কোৱা হয়, এই লাৰ্নিং ডিজেবিলিটীনো আচলতে কি? আমি এটি শিশু বা কিশোৰৰ লাৰ্নিং ডিজেবিলিটী আছে বুলি তেতিয়া কওঁ- যেতিয়া সিহঁতৰ সামগ্ৰিম বুদ্ধিমত্তাৰ তুলতান পঢ়া, লিখা আৰু গণিত বা অংকশাস্ত্ৰত সিহঁতে বিদ্যায়তনিক যি কৃতকাৰ্যতা লাভ কৰিব লাগে সেয়া তাতকৈ বহুগুণে কম হয়। সিহঁতে শিকিবলৈ পোৱা সত্ত্বেও বা সিঁহতৰ যথেষ্ট সম্ভাৱনা থকাৰ পিছতো এই সমস্যাৰ বাবে বিদ্যায়তনিক সফলতা লাভ কৰিব নোৱাৰে।

লাৰ্নিং ডিজেবিলিটীক আমি তিনিধৰণে প্ৰত্যক্ষ কৰো। একধৰণৰ হ’ল পঢ়া কাৰ্যত বা অধ্যয়নৰ ক্ষেত্ৰত সমস্যা, যাক কোৱা হয় ৰীডিং ডিছঅৰ্ডাৰ বুলি। অতীতত ৰীডিং ডিছঅৰ্ডাৰক অধ্যয়নৰ ক্ষেত্ৰত সমস্যা আছে বুলি কোৱা হয়- যেতিয়া পঢ়া কাৰ্যত দেখুওৱা সফলতা, শিশুটোৰ বয়স, শিক্ষা আৰু বুদ্ধিমত্তাৰ হিচাপত আশা কৰিব পৰাতকৈ কম হয়। শুদ্ধকৈ পঢ়িব পৰা ক্ষমতাৰ অবিহনে আমি কোনেও বিদ্যায়তনিক সফলতা লাভ কৰাৰ কথা নিশ্চয় আশা কৰিব নোৱাৰে। এতিয়া কথা হ’ল, কেনেকুৱা ধৰণৰ অসুবিধাবোৰেনো জটিলতাৰ সৃষ্টি কৰে?

এই সমস্যাত ভুক্তভোগী শিশুৱে শব্দ চিনাক্তকৰণত অসুবিধা পায়। সিহঁতে  খুব ধীৰ গতিৰে আৰু অসতৰ্কভাৱে বা সঠিক নোহোৱাকৈ পঢ়িবলৈ ধৰে। সিহঁতৰ বোধশক্তি হয় দুৰ্বল। সিহঁতে পঢ়িবলৈ যাওঁতে বাক্য এটাৰ কোনো শব্দ হয়তো এৰি যাব পাৰে, নাইবা তাত নথকা শব্দ এটা নিজে ভৰাই দিও পঢ়ি যাবলৈ ধৰে। কেতিয়াবা আকৌ শব্দ এটাক বিকৃত কৰি পঢ়ে। বিশেষ একো নুবুজাকৈয়ে লিখা কথা বা বাক্যবোৰ সিহঁতে পঢ়ি যায়। শব্দৰ ধ্বনি বা উচ্চাৰণৰ পাৰ্থক্য ধৰিব পৰাত আৰু শব্দবোৰ অনুক্ৰমে পঢ়ি যোৱাত জটিলতা পায়। কোনো শিশুৱে আকৌ বাক্য এটা পঢ়িবলৈ লৈ বাক্যটোৰ মাজৰ শব্দ এটাৰ পৰা নাইবা একেবাৰে শেষৰ যিকোনো শব্দ এটাৰ পৰা পঢ়িবলৈ আৰম্ভ কৰে। সিহঁতে বাক্য এটাৰ সোঁ আৰু বাঁও দিশ বুজাত দুৰ্বল হোৱা বাবে শব্দবোৰ পঢ়োতে শব্দবোৰৰ স্থান পৰিৱৰ্তন কৰি পঢ়ে। বহুতে আখৰ বা বৰ্ণৰ নাম আৰু উচ্চাৰণ মনত ৰখাত আৰু মনত পেলোৱাত জটিলতা পায়।

সাধাৰণতে শিশু এটাই এই সমস্যাত ভুগিছে বুলি চিনাক্ত কৰিব পৰা যায় সাত বছৰ মান বয়সত। এনে ধৰণৰ শিশুৰ বুদ্ধিমত্তা যদি খুব প্ৰখৰ হয় তেন্তে বহুতে সিহঁতৰ স্মৃতিশক্তিৰ সহায়ত শিক্ষাৰ প্ৰাথমিক পৰ্যায়ত পঢ়া কাৰ্যটো ভালকৈ চলাই নিব পাৰে। এনেকুৱা ক্ষেত্ৰত কেতিয়াবা ন বছৰমান বয়সলৈকে বা তাতকৈ কিছু ডাঙৰ অৱস্থালৈকে সমস্যাটো চিনাক্ত কৰিব পৰা নাযায়। ৰীডিং ডিছঅৰ্ডাৰত ভোগা প্ৰায় বেছিভাগ শিশুৱেই পিছলৈ পঢ়িবলৈ আমনি পায় আৰু পঢ়াৰ পৰা আঁতৰত থাকিব বিচাৰে।

লাৰ্নিং ডিজেবিলিটীৰ অন্তৰ্ভুক্ত আন এক ডিছঅৰ্ডাৰ হ’ল মেথেমেটিকছ ডিছঅৰ্ডাৰ, অৰ্থাৎ গণিত বা অংকশাস্ত্ৰ শিক্ষণত সমস্যা। এই সমস্যাত ভোগা শিশুৱে সংখ্যা মনত ৰখাত জটিলতা পায়। সিহঁতে সংখ্যাৰ যথাৰ্থতা বুজিব নোৱাৰে। আৰু সংখ্যা গণনা কৰে খুব লাহে লাহে আৰু সঠিক নোহোৱাকৈ। সাধাৰণতে গণিত শিক্ষণত কম সফলতা লাভ কৰাৰ ক্ষেত্ৰত হোৱা সমস্যা চাৰি ধৰণে প্ৰত্যক্ষ কৰা হয়। এই সমস্যাত ভোগা শিশুৱে গাণিতিক প্ৰকাশ আৰু লিখিত গাণিতিক সমস্যা এটাক গাণিতিক চিহ্নলৈ ৰূপান্তৰ কৰাত অসুবিধা পায়। গণিতীয় চিহ্নবোৰ আৰু সংখ্যাৰ গোট বা সমূহ ধৰিব পৰা, বুজাত আৰু মনত ৰখাত দুৰ্বল হয়। সাধাৰণ গাণিতিক যোগ, বিয়োগ, পূৰণ, হৰণ আদি কৰাটো দক্ষতা দেখুৱাব নোৱাৰে। গণিতীয় কোনো চিত্ৰ বা নক্সা আদি শুদ্ধকৈ আঁকিব বা কপি কৰিব নোৱাৰে। গাণিতিক ষ্টেপবোৰৰ অনুক্ৰম মনত ৰখাৰ ক্ষেত্ৰতো সিহঁতে অসুবিধা পায়। এই মেথেমেটিকছ ডিছঅৰ্ডাৰক অতীতৰ ডিছকেলকুলীয়া বুলি কোৱা হৈছিল।

ডিছঅৰ্ডাৰ অৱ ৰিটেন এক্সপ্ৰেছন হ’ল লাৰ্নিং ডিজেবিলিটীৰ অন্তৰ্ভুক্ত আন এক ডিছঅৰ্ডাৰ। ডিছঅৰ্ডাৰ অৱ ৰিটেন এক্সপ্ৰেছন, অৰ্থাৎ লিখা কাৰ্যৰ শিক্ষণত হোৱা সমস্যা। লিখিত প্ৰকাশভংগী হ’ল ব্যক্তিৰ মনৰ এনে এক জটিল দক্ষতা, যাৰ জৰিয়তে এজন ব্যক্তিয়ে মনৰ ভাব, ধাৰণা আদি ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰে। লিখি প্ৰকাশ কৰাৰ যি দক্ষতা সেয়া শিশু এটাৰ পঢ়িব পৰা দক্ষতাৰ লগত জড়িত। এই লিখিত প্ৰকাশভংগী শিক্ষণৰ ক্ষেত্ৰত বহু শিশুৱে আশা কৰে ধৰণে কৃতকাৰ্যতা লাভ নকৰে। অৰ্থাৎ লিখিত প্ৰকাশ শিক্ষণৰ সমস্যাত শিশু এটা ভুগিছে বুলি আমি তেতিয়া কওঁ, যেতিয়া শিশুটোৱে লিখাৰ ক্ষেত্ৰত দেখুওৱা সফলতা শিশুটোৰ বয়স, শিক্ষা আৰু বুদ্ধিৰ তুলনাত চকুত পৰাকৈ কম হয়। এই সমস্যাত ভুগিলে শিশু এটাই বানান শুদ্ধ কৰাত, বয়স অনুযায়ী শিকিবলগীয়া ব্যাকৰণৰ যি নিয়ম সেই নিয়মবোৰ শিকি তাক প্ৰয়োগ কৰি লিখাত জটিলতা পায়। সিহঁতে কোৱা আৰু লিখা বাক্যবোৰত ব্যাকৰণৰ ভূল প্ৰয়োগ কৰে। আনকি চুটি বাক্য এটা লিখোতেও কেতিয়াবা ব্যাকৰণৰ নিয়ম মানি চলিব নোৱাৰে।

উদাহৰণ স্বৰূপে বাৰে বাৰে সকীয়াই মনত পেলাই থকা সত্ত্বেও সিহঁতে বেছিভাগ সময়তে ইংৰাজী ভাষাত লিখোতে এটা বাক্যৰ প্ৰথম শব্দটোৰ প্ৰথম বৰ্ণটো যে বৰফলা আখৰৰ লিখিব লাগে সেই কথাটো ভুল কৰে। ইয়াৰ উপৰি এনেধৰণৰ শিশুৱে এটা দফাৰ পিছত আনটো দফা সংগঠিত কৰি লিখাত ভাল দক্ষতা দেখুৱাব নোৱাৰে। সিহঁতে বিশৃংখলকৈয়ে দফাবোৰ লিখিবলৈ ধৰে। সিহঁতৰ হাতৰ আখৰ ভাল নহয়, সিহঁতে যি লিখে বুজিবলৈ টান হয়। যদি চিহ্নৰ প্ৰয়োগৰ ক্ষেত্ৰতো সিহঁতে ভালকৈ আয়ত্ত কৰিব নোৱাৰে। তদুপৰি সিহঁতে বাক্য লিখিবলৈ যিবোৰ শব্দ বাছি লয় সেই শব্দবোৰ ভুল আৰু সঠিক নহয়। সিহঁতৰ বয়স, শিক্ষা আৰু বুদ্ধিৰ তুলনাত লিখা বাক্যবোৰ হয় খুব নিম্নমানৰ।

উল্লেখ কৰা সমস্যাবোৰৰ লগে লগে ভুক্তভোগী শিশুৰ ক্ষেত্ৰত আন কিছুমান সমস্যায়ো দেখা দিয়ে-

 

যিমানে ডাঙৰ হৈ আহে লাহে লাহে সিহঁতে স্কুললৈ যাবলৈ নিবিচৰা হয়। স্কুলৰ পৰা দিয়া গৃহকৰ্ম কৰিবলৈ আমনি পোৱা হয়। স্কুলৰ কামবোৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰত থাকিব বিচৰা হল। বিদ্যায়তনিক দক্ষতা প্ৰদৰ্শন বেয়া হয়। হীনমন্যতাবোধৰ জন্ম হয়। আত্মগৌৰৱ কমি যায়। সিহঁতে অকলশৰে থাকিবলৈ বিচাৰিব পাৰে। আনকি কিছুমান শিশুৱে নিজৰ অসমৰ্থতাৰ কথা আনে গম পাই যোৱাৰ ভয়ত কোনো বন্ধুৱে দিয়া কোনো চিঠিৰ উত্তৰ বা কাৰোবাৰ জন্মদিনৰ বা বিশেষ কিছুমান দিনৰ শুভেচ্ছা জনাবৰ বাবে গ্ৰীটিংছ কাৰ্ডত লিখিব নোখোজে। কেৱল লিখা সমস্যাতে নহয়, লাৰ্নিং ডিজেবিলিটীৰ অন্তৰ্ভুক্ত যিকোনো এটা সমস্যাত ভুগিলেই শিশু এটা লাহে লাহে হতাশ আৰু বিমৰ্ষ হ’বলৈ ধৰে। আনকি সিহঁতে কোনোবাই ঠাট্টা বা তাচ্ছিল্য কৰাৰ ভয়ত এই সমস্যাৰ পৰা নিৰাময় পাবলৈ পৰিয়ালে বিচাৰিলেও কাৰো ওচৰতে সহায় ল’বলৈ নিজৰ ফালৰ পৰা কোনোধৰণৰ চেষ্টা নকৰে।

উল্লেখ কৰিব খুজিছো যে লাৰ্নিং ডিজেবিলিটীৰ লগত আন কিছুমান ডিছঅৰ্ডাৰ(এ ডি এইচ ডি), কমিউনিকেচন ডিছঅৰ্ডাৰ, কণ্ডাক্ট ডিছঅৰ্ডাৰ, ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ যেনেকৈ এ ডি এইচ ডিত ভোগা শিশুৰ ৰীডিং ডিছঅৰ্ডাৰ হোৱাৰ বহু পৰিমাণে সম্ভাৱনা থাকে।

এতিয়া প্ৰশ্ন হ’ল- কি কি কাৰণতনো শিশু এটাই লাৰ্নিং ডিজেবিলিটীৰ কাৰণ বুলি ক’বলৈ গ’লে কেৱল এটা নিৰ্দিষ্ট কাৰণেই এই সমস্যাৰ জন্ম নিদিয়ে। এই সমস্যাৰ লগত বিভিন্ন কাৰণ জড়িত হৈ থাকে। চমুকৈ ক’বলৈ গ’লে বংশগত কাৰণ, গৰ্ভাৱস্থাত মাতৃয়ে সেৱন কৰা নিচাযুক্ত দ্ৰব্যৰ ফলত শিশুৰ মগজুৰ বিকাশত যদি প্ৰভাৱ পৰে, উপযুক্ত সময়ত উপযুক্ত উদ্দীপকৰ সংস্পৰ্শ নোপোৱাৰ ফলতো শিশু এটা ডিজেবিলিটীত ভুগিব পাৰে।

অভিভাৱকসকলে সোধে তেওঁলোকৰ সন্তানৰ এই সমস্যাক ভাল কৰিব পৰা যাব নে নাযায়। ইয়াৰ উত্তৰত কওঁ যে যিকোনো এটা সমস্যা কিমান সোনকালে চিনাক্তকৰণ হৈছে তাৰ ওপৰত সমস্যাটোৰ ভাল হোৱা-নোহোৱা বহুখিনি নিৰ্ভৰ কৰে। লাৰ্নিং ডিজেবিলিটীৰ সমস্যাটো সম্পূৰ্ণ ভাল কৰিব পাৰি বুলি ক’বলৈ কিছু অসুবিধা। কিন্তু সঠিক চিকিৎসা ল’লে আৰু শিশুটিৰ ওপৰত ল’বলগীয়া যত্ন ঠিকমতে ল’লে এই সমস্যাৰ পৰা বহুখিনি নিৰাময় লাভ কৰিব পাৰি।

এইখিনিতে পিতৃ-মাতৃ, অভিভাৱকসকলক এই কথা ক’ব খোজো যে প্ৰতিটো শিশুৰে সমৰ্থতা বেলেগ বেলেগ। আপোনাৰ শিশুটিৰ লাৰ্নিং ডিজেবিলিটী আছে বুলি যদি চিনাক্তকৰণ হৈছে তেন্তে হতাশ বা বিমৰ্ষ নহ’ব। শিশুটোৰ সমৰ্থতাৰ জোখেৰে তাক কামবোৰ কৰিবলৈ দিব। নিজৰ অক্ষমতাৰ বিষয়ে নিজে সজাগ হৈ শিশুটোৱে যে মনোকষ্ট পায় সেইটো নিশ্চিত।

গতিকে পিতৃ-মাতৃয়ে যদি সন্তানৰ সমস্যাটোক লৈ উদ্বিগ্ন হৈ দেখুৱায় তেন্তে শিশুটি আৰু বেছি হতাশ হৈ পৰিব। গতিকে পৰিস্থিতিৰ লগত নিজকে মিলাই সৰ্বতোপ্ৰকাৰে চেষ্টা কৰক যে আপোনাৰ ল’ৰাটো বা ছোৱালীজনীৰ সমস্যাটো কেনেকৈ কমাব বা ভাল কৰিব পাৰি।

উৎস: জিএনআৰচি স্বাস্থ্য(জয়শ্ৰী বুঢ়াগোহাঁই)

3.21052631579
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top