মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / স্বাস্থ্য আৰু অন্ধবিশ্বাসঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য আৰু অন্ধবিশ্বাসঃ

স্বাস্থ্য আৰু অন্ধবিশ্বাসৰ বিষয়ে লিখা হৈছে

 

অলৌকিক চিকিৎসাৰ স্বৰূপ-

তথাকথিত অলৌকিক চিকিৎসাৰে ৰোগৰ নিৰাময় সম্ভৱপৰনে ? এই প্ৰশ্নৰ উত্তৰ একে আষাৰে দিব পৰা নাযায়। প্ৰশ্নটোৰ সঠিক উত্তৰ দিয়াৰ আগতে ৰোগ নিৰাময় প্ৰক্ৰিয়া, ৰোগ নিৰাময়ত চিকিৎসকৰ ভূমিকা, অলৌকিক চিকিৎসাতনো কোনবোৰ ৰোগ নিৰাময় হয়- ইত্যাদি বিষয়ৰ সঠিক ধাৰণা থকা প্ৰয়োজনীয়।

ৰোগ বুলিলেই বুজা যায় এক বা একাধিক উপসৰ্গ। Symptoms আৰু লক্ষণ Signsৰ কথা। ৰোগ নিৰাময় মানে এই উপসৰ্গ আৰু লক্ষণৰ অনুপস্থিতি। কিন্তু কথাটো ইমান সৰল নহয়। উদাহৰণস্বৰূপে মৃগী ৰোগৰ কথা ধৰা যাওক। এই ৰোগ সাধাৰণতে দুটা প্ৰকাৰৰ দেখা যায়- গুৰুমৃগী Grandmal আৰু লঘুমৃগী Petimal। গুৰুমৃগীৰ প্ৰধান লক্ষণ হ’ল গাৰ কঁপনি উঠা, অলপ সময়ৰ বাবে অজ্ঞান হৈ পৰা আৰু কিছুসময়ৰ পিছত পুনৰ স্বভাৱিক অৱস্থালৈ ঘূৰি অহা। এবাৰ এনে হোৱাৰ পিছত কেতিয়াবা সঘনে আৰু কেতিয়াবা দীৰ্ঘ সময়ৰ ব্যৱধানত পুনৰ লক্ষণসমূহ দেখা যাব পাৰে। গতিকে যিবোৰ, মৃগীৰোগৰ লক্ষণ দীৰ্ঘ সময়ৰ ব্যৱধানত দেখা দিয়ে তেওঁলোকক জৰা-ফুকা, তাবিজ-মাদুলি আদি দৈব্য বা অলৌকিক চিকিৎসাৰে ভাল কৰা বুলি দাবী কৰিব পাৰি।। মৃগীৰোগৰ প্ৰকৃত কাৰণ সম্পৰ্কে অজ্ঞ লোকসকলে সহজেই এনে কথাত বিশ্বাস কৰে। (অৱশ্যে দীৰ্ঘদিনৰ ব্যৱধানত পুনৰ লক্ষণসমূহ অৱধাৰিতভাৱে দেখা যাব, যদিহে উপযুক্ত বিজ্ঞানসন্মত চিকিৎসা কৰা নহয়)। হাঁপানী ৰোগৰ ক্ষেত্ৰতো একেধৰণৰ কথা। যিবোৰ দুটা আক্ৰমণৰ সমাজত ৰোগী স্বাভাৱিক অৱস্থালৈ আহে, তেনে ৰোগীৰ দৈব্য বা অলৌকিক চিকিৎসাৰ সফলতা লাভ কৰা কথা সহজেই দাবী কৰিব পৰা যায়। তদুপৰি শিশুসকলৰ ক্ষেত্ৰত হোৱা হাঁপানী ৰোগ কোনো ধৰণৰ চিকিৎসা নকৰাকৈও নিৰাময় হ’ব পাৰে। এনে ক্ষেত্ৰত দৈব্য বা অলৌকিক চিকিৎসাই বাজিমাৎ কাৰৰ দাবী কৰিব পাৰে।

সংক্ৰামক ৰোগৰ ক্ষেত্ৰত নিৰাময় প্ৰক্ৰিয়াটো বেচ চমকপ্ৰদ। আমি জানো, চালফা-ঔষধ আৱিষ্কাৰ হয় ১৯৩৫ চনত, পেনিচিলিন ১৯৪২ চনত, ক্ল’ৰামফেনিকল ১৯৫০ চনত আৰু তাৰ পিছত পৰ্যায়ক্ৰমে ষ্ট্ৰেপ্টমাইচিন, পাচ, আই এন এছ আদি বিভিন্ন কাৰ্যকৰী ঔষধৰ আৱিষ্কাৰ হৈছে, ব্যৱহাৰ কৰা হৈছে। এই দৰবসমূহ আৱিষ্কাৰ হোৱাৰ আগতে নিউমোনিয়া, টাইফয়ড, যক্ষ্মা, কুষ্ঠ আদি ভালেমান সংক্ৰামক ৰোগৰ বিশেষ ফলদায়ক চিকিৎসা নাছিল। ফলত প্ৰাচীন কালৰে পৰা সংক্ৰামক ৰোগৰ আক্ৰান্ত হৈ ভালেমান মানুহৰ মৃত্যু হৈছে। কিন্তু সেই সময়তো অৰ্থাৎ ঔষধসমূহ আৱিষ্কৃত হোৱাৰ আগতেও সকলো আক্ৰান্ত মানুহ মৃত্যুৰ মুখত পৰা নাছিল। ইয়াৰ কাৰণ হ’ল আমাৰ শৰীৰত থকা প্ৰতিৰক্ষা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকা। ধৰা হওক, কাৰ্যকৰী ঔষধবোৰ আৱিষ্কৃত হোৱাৰ আগতে আক্ৰান্ত ব্যক্তিসকলৰ শতকৰা ৫০ ভাগৰে মৃত্যু হৈছিল, বাকী ৫০ ভাগ কিন্তু তেতিয়াও বাছি গৈছিল। এই বাছি থকা মানুহখিনিক ৰক্ষা কৰিছিল তেওঁলোকৰ নিজৰ শৰীৰত থকা প্ৰতিৰক্ষা ব্যৱস্থাই। যিসকলৰ শৰীৰত এই প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী নাছিল অথবা সংক্ৰমণ ইমান গুৰুতৰ ধৰণৰ নাছিল যাক প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাছিল, তেনে ব্যক্তি মৃত্যুৰ মুখত পৰিছিল। কাৰ্যকৰী ঔষধবোৰ আৱিষ্কাৰ হোৱাৰ পিছত দেখা গ’ল যে, ৰোগৰ সঠিক নিৰ্ণয় কৰি সঠিক সময়ত, সঠিক মাত্ৰাৰ ঔষধ ব্যৱহাৰ কৰিলে ৰোগীৰ মৃত্যুৰ ভয় নাথাকে। এয়া প্ৰতিষ্ঠিত সত্য। কিন্তু ধৰা যাওক আমি সংক্ৰামক ৰোগাক্ৰান্ত সকলক কোনো ধৰণৰ কাৰ্যকৰী ঔষধেৰে চিকিৎসা নকৰি তেওঁলোকক তথাকথিত দৈব্য/অলৌকিক গুণসম্পন্ন বুলি ভবা দৰব, তাবিজ, মাদুলি আদিৰে চিকিৎসা কৰাৰ ব্যৱস্থা কৰো, তেতিয়াও শতকৰা ৫০ জনৰ ৰোগ নিৰাময় হ’ব আৰু দাবী কৰিব পৰা যাব যে তেওঁলোকক এই অলৌকিক চিকিৎসাৰেই নিৰাময় কৰা হৈছে। কিন্তু ইয়াৰ প্ৰকৃত সত্য হ’ল- আমাৰ শৰীৰত থকা প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ৰিয়াহে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পৰা যায় আমাৰ শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থা ইমানেই চমকপ্ৰদ যে ই কেতিয়াবা মূমূৰ্ষ কৰ্কট ৰোগীকে মৃত্যুৰ মুখৰ পৰা বচাব পাৰে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top