মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / স্বাস্থ্য কিটিপ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য কিটিপ

স্বাস্থ্য বাৰ্তা লিখা হৈছে

 

জীৱনশৈলীৰ ত্ৰুটি আৰু স্বাস্থ্যঃ

 

স্বাস্থ্য হৈছে মানুহৰ মৌলিক অধিকাৰ। পিছে ভাৰতীয় সংবিধানত উল্লিখিত অন্যান্য অধিকাৰৰ লেখীয়াকৈ সৰহভাগ দুখীয়া জনগণ বঞ্চিত হৈ আছে এই অধিকাৰৰ পৰাও। চৰকাৰ অথবা সাজৰ তৰফৰ পৰা এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰাটো বাঞ্চনীয় যদিও ব্যক্তিগত পৰ্যায়তো আমাৰ মানুহখিনিৰ স্বাস্থ্য সচেতনতা বৃদ্ধিৰ অৰ্থে কোনো উল্লেখনীয় প্ৰয়াস গ্ৰহণ পৰিলক্ষিত হোৱা নাই। উজনি অসমৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ মুৰব্বী অধ্যাপকৰ দায়িত্বভাৰৰ বোজা বহন কৰিও এই লেখকে বিগত আঢ়ৈটা দশকতকৈ বেছি সময় ৰাইজৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে নানা গণমাধ্যমৰ জৰিয়তে লিখা-মেলা কৰি আছে। পিছে এই অবিৰত প্ৰয়াসৰ প্ৰভাৱ সম্বন্ধে সন্দেহৰ অৱকাশ নিশ্চয়কৈ আছে। সেয়া যি কি নহওক স্বকীয় স্বাস্থ্য ৰক্ষা বা পুনৰুদ্ধাৰৰ বাবে আমি এনে কিছুমান কাম কৰিব পাৰো যিবোৰৰ বাবে ধনৰ প্ৰয়োজন নহয় বা তেনেই উজু। উদাহৰণস্বৰূপে মই আঙুলিয়াব খুজিছো আমাৰ মানুহবিলাকৰ বহি থকা অভ্যাসটিলৈ। আমাৰ সৰহখিনি মানুহেই জীৱনৰ এক বুজন পৰিমাণৰ সময়ৰ অপব্যয় কৰে অবাবতে বহি-শুই থাকি। অৱশ্যে নক’লেও হ’ব যে পৰিস্থিতিৰ তাড়নাত পৰি বা বাধ্যবাধকতাৰ খাটিৰত কেতিয়াবা কামৰ প্ৰয়োজনীয়তাৰ বাবেই বহি থাকিবলগীয়া হয়। এনে ধৰণে যিসকল মানুহে জীৱনৰ বুজন পৰিমাণৰ সময় অতিবাহিত হয় সেইসকলৰ জীৱনশৈলীক Sendentary বুলি চিকিৎসা বিজ্ঞানত আখ্যা দিয়া হয়। নক’লেও হ’ব যে এনেধৰণৰ জীৱনশৈলী স্বাস্থ্যসন্মত একেবাৰেই নহয়। পিছে চিন্তনীয় দিশটো হৈছে যে সমগ্ৰ বিশ্বত এনেধৰণৰ জীৱনশৈলীৰ জৰিয়তে সময় অতিবাহিত কৰা ব্যক্তিৰ সংখ্যা দিনকদিনে অভাৱনীয় নিৰিখত বাঢ়ি গৈছে। এসময়ত ব্ৰিটিছ জাতিটো কৰ্মঠ বুলি সমগ্ৰ বিশ্বতে সুনাম আছিল। ইংলেণ্ডৰ দৰে এখন সৰু দেশৰ এমুঠি মানুহে সসগৰা পৃথিৱী নিজৰ পদানত কৰিছিল। ভাৰতৰ দৰে সুবিশাল দেশ দখল কৰাৰ উপৰি বেলি মাৰ নোযোৱা সাম্ৰাজ্য গঢ়ি তুলিছিল। পিছে সেই ব্ৰিটিছ জাতিৰ সুনাম আজিৰ তাৰিখত ক্ষুণ্ণ হৈছে। গৰিষ্ঠসংখ্যক মানুহেই সেই দেশত Sendentary ধৰণৰ জীৱন যাপন কৰে। এক পৰিসংখ্যা অনুযায়ী ফৰাচীসকলৰ তুলনাত ইংৰাজসকলৰ দুগুণ সংখ্যক মানুহে Sendentary ধৰণৰ জীৱন যাপন কৰে। পাৰিসাংখ্যিক দৃষ্টিভংগীৰ পিনৰ পৰা আমি প্ৰতিদিনে গড় হিচাপে গাড়ীত বা চকীত বা কৰ্মস্থলীত ৬.৯ ঘণ্টা সময় বহি কটাওঁ।

এইক্ষেত্ৰত কানাডাৰ টৰণ্টো বিশ্ববিদ্যালয়ৰ কলিজা আৰু ৰক্ত সঞ্চালন তন্ত্ৰ বিভাগৰ গৱেষক ডাঃ ডেভিড অল্টাৰে এটা বৈজ্ঞানিক সমীক্ষা চলাইছিল। ইয়াৰ জৰিয়তে তেওঁ প্ৰতিপন্ন কৰিছিল যে নিয়মীয়াভাৱে ব্যায়াম, খোজকঢ়া বা সাঁতোৰা বা জিমলৈ যোৱা মানুহ এজনো কলিজাৰ নানা ৰোগ, কৰ্কট ৰোগাক্ৰান্ত আৰু আনকি আসন্ন মৃত্যুমুখী হোৱাৰ শংকা থাকে যদিহে তেওঁ সদায়েই জীৱিকাৰ তাগিদাত দিনটোৰ এক বুজন পৰিমাণৰ সময় চকীত বহী কটাবলগীয়া হয়। তদুপৰি ডাঃ অল্টাৰৰ গৱেষণাৰ জৰিয়তে সংগৃহীত আন এটা তথ্য হৈছে যে এজন ব্যক্তি যিমানেই বেছি সময়ৰ বাবে নিতৌ বহি কটাবলগীয়া হয় সিমানেই তেওঁৰ স্বাস্থ্যৰ ওপৰত ঋণাত্মক প্ৰভাৱৰ মাত্ৰা বাঢ়ে। যিসকল ব্যক্তিয়ে নিতৌ গড় হিচাপত ৭-৯ ঘণ্টালৈকে জীৱিকাৰ খাটিৰত বহি কটাবলগীয়া হয় তেওঁলোক বহুমূত্ৰ ৰোগত ভোগাৰ শংকা ৯০ শতাংশ বাঢ়ে। তদুপৰি তুলনামূলকভাৱে তাকৰীয়া সময়ৰ বাবে বহিবলগীয়া হোৱা মানুহতকৈ এওঁলোকৰ কৰ্কট আৰু কলিজাৰ ৰোগ হোৱাৰ শংকা ১৮ শতাংশ বাঢ়ে। এইক্ষেত্ৰত নিয়মীয়াভাৱে চাইকেল চালনাৰো এক ঋণাত্মক ভূমিকা আছে। নিতৌ চাইকেল চলাই কৰ্মক্ষেত্ৰলৈ যোৱা ২ লাখ মানুহৰ ওপৰত এটি সমীক্ষা চলোৱা হৈছিল। কৰ্মক্ষেত্ৰলৈ গাড়ীৰে বা অন্যান্য পৰিবহণৰ জৰিয়তে যাতায়ত কৰা ব্যক্তিসকলৰ তুলনাত এই চাইকেল চলাই যোৱা ব্যক্তিসকলৰ অকালতে মৃত্যু ঘটাৰ শংকা ৪১ শতাংশ কম, কলিজাৰ ৰোগাক্ৰান্ত হোৱাৰ শংকা ৪৬ শতাংশ কম আৰু কৰ্কট ৰোগাক্ৰান্ত হোৱাৰ শংকা ৪৫ শতাংশ কম। আনহাতে পদব্ৰজে নিজৰ কৰ্মক্ষেত্ৰলৈ গমন কৰা ব্যক্তিসকলৰ কলিজাৰ ৰোগত ভোগাৰ শংকা ২৭ শতাংশ কমে আৰু এনে ৰোগৰ ফলত মৃত্যুমুখত পৰাৰ শংকা ৩৬ শতাংশ কমে। ইতিমধ্যে জাৰ্মান দেশৰ গৱেষকসকলে চলোৱা সমীক্ষাৰ ফলত দেখা গৈছে যে নিতৌ দুঘণ্টা অতিৰিক্ত সময়ৰ বাবে বহিলে শৰীৰৰ এনেবোৰ অংগত কৰ্কট ৰোগ হোৱাৰ শংকা দুগুণে বাঢ়ে- অন্ত্ৰ, হাওঁফাওঁ আৰু জৰায়ুৰ এণ্ডোমেট্ৰিয়াম নামৰ স্তৰটি। আমেৰিকা যুক্তৰাষ্ট্ৰত ৬৩ হেজাৰগৰাকী মধ্যবয়সীয়া ব্যক্তিৰ ওপৰত চলোৱা সমীক্ষাৰ ফলত দেখা গৈছে যে নিতৌ ৪ ঘণ্টাকৈ চকীত বহি থাকিবলগীয়া হ’লে ই দীৰ্ঘকালীনভাৱে স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। তদুপৰি ৬ ঘণ্টা সময়ৰ বাবে নিতৌ আসনাৱিষ্ট হ’বলগীয়া হ’লে অৱধাৰিতভাৱেই বহুমূত্ৰ ৰোগ হয়। এইখিনিতে এষাৰ উক্তি প্ৰাসংগিক হ’ব বুলি ভাবি মই উল্লেখ কৰিমহঁক। ছেইণ্টমেৰিজ বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ক্ৰীড়া-বিজ্ঞান বিভাগৰ অধ্যাপক জন ব্ৰিৱাৰে এনেদৰে উল্লেখ কৰিছিল- ‘নিতৌ নানা কাম-কাজ কৰি থকা হেতুকে আমি নিজকে দৈহিকভাৱে সক্ষম বুলি বিবেচনা কৰো যদিও উপৰিউক্ত সমীক্ষাবোৰৰ ফলাফলে আটাইৰে চকু মুকলি কৰিব বুলি মোৰ দৃঢ় বিশ্বাস’। এটা কথা ঠিক যে মাজে-সময়ে কঠোৰ ধৰণৰ দৈহিক অনুশীলন কৰাতকৈ গড় হিচাপে নিতৌ এক সক্ৰিয় জীৱন যাপন কৰাটো স্বাস্থ্যৰ বাবে বেছি উপকাৰী। দীঘলীয়া সময়ৰ বাবে নিতৌ বহিবলগীয়া হ’লে তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি বহুমূত্ৰ ৰোগত ভোগা নিতান্তই ধুৰূপ। তদুপৰি দীঘলীয়া সময়ৰ বাবে বহিবলগীয়া হ’লে শৰীৰৰ আঘাতগ্ৰস্ত স্থানৰ আৰোগ্যৰ প্ৰক্ৰিয়াটিও বিলম্বিত হয়। গতিকে আধুনিক জীৱনশৈলীৰ অভিশাপস্বৰূপ এই অভ্যাসটি যিমানদূৰ সম্ভৱ চমুৱাই কৰা সুস্বাস্থ্যৰ ৰক্ষাৰ বাবে বাঞ্ছনীয়।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

কেঞ্চাৰৰ নতুন চিকিৎসাঃ

 

কেঞ্চাৰ কোষ ধ্বংস কৰাৰ ক্ষেত্ৰত ভাৰতীয় গৱেষকৰ দলে এক অভিনৱ ক্ষুদ্ৰ অণুৰ আৰ্হি সংশ্লেষণ কৰিছে। এই অণুৱে স্বাভাৱিক কোষৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলোৱাকৈ কেঞ্চাৰ কোষ ধ্বংস কৰিব পাৰে। অণুবিধৰ নাম ৰখা হৈছে ডিছাৰিব। এই কেঞ্চাৰ কোষে প্ৰস্তুত কৰা ‘BCL-z’ প্ৰ’টিনৰ সৈতে সংযোজিত হয়। দেখা গৈছে যে কেঞ্চাৰ কোষত মাত্ৰাধিক পৰিমাণে এই প্ৰ’টিন উৎপন্ন হয়। স্বাভাৱিক কোষত এই প্ৰ’টিন তেনেই সামান্য। সেইবাবে ডিছাৰিবে স্বাভাৱিক কোষ এৰি কেঞ্চাৰ কোষৰ সৈতে সংযোজিত হয়। এটা কোষৰ ভিতৰত সন্তুলিত মাত্ৰাৰ দুবিধ প্ৰ’টিন থাকে। এবিধে কোষৰ মৃত্যুপ্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে, আনবিধে কোষৰ মৃত্যুপ্ৰক্ৰিয়া নিষ্ক্ৰিয় কৰে। প্ৰ’টিন দুবিধ হ’ল ‘BAX’ আৰু ‘BAK’।

বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ জৈৱ ৰসায়ন বিভাগৰ সতীশ ৰাঘৱনৰ নেতৃত্বত এদল বিজ্ঞানীয়ে প্ৰদৰ্শন কৰে ডিছাৰিবে ‘BCL-z’ আৰু কোষৰ মৃত্যুৰ সৈতে জড়িত ‘BAK’ প্ৰ’টিনৰ ক্ৰিয়া ব্যাহত কৰি কেঞ্চাৰ কোষ ধ্বংস কৰে।

ডিছাৰিব হ’ল আঠবছৰীয়া সহযোগিতামূলক গৱেষণাৰ ফচল। ২৪ গৰাকী গৱেষকৰ আঠটা দলে বিভিন্ন গৱেষণাগাৰত নিৰৱচ্ছিন্ন গৱেষণা কৰিছিল।

কেঞ্চাৰ কোষ ধ্বংসকাৰী আন এবিধ অণু হ’ল ‘BCL-2’ অৱদমনকাৰী ‘ABT 199’। এই অণু আমেৰিকাৰ খাদ্য আৰু ঔষধি প্ৰশাসনৰ দ্বাৰা অনুমোদিত। এইবিধ অণুৰ কেতবোৰ পাৰ্শ্বক্ৰিয়া আছে, যিবোৰ ডিছাৰিবৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়।

অৱশ্যে সকলোবোৰ কেঞ্চাৰৰ ক্ষেত্ৰত ডিছাৰিব ফলপ্ৰসূ নহয়। কেতবোৰ কেঞ্চাৰ কোষে সামান্য মাত্ৰাৰ ‘BCL-z’ উৎপাদন কৰে। উদাহৰণস্বৰূপে স্তনৰ কেঞ্চাৰ, সঞ্চিত মায়েলয়ত লিউকেমিয়া আৰু জৰায়ুমুখৰ কেঞ্চাৰ।

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ জৈৱ-ৰসায়ন বিভাগৰ সুপ্ৰিয় ৱটকৰ মতে প্ৰায়বোৰ কেঞ্চাৰৰ ক্ষেত্ৰত ডিছাৰিব ব্যৱহাৰ কৰি সুফল পোৱা গৈছে। তেওঁ কৈছে- বিভিন্ন জন্তুৰ শৰীৰত এইবিধ অণুৰ পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। লগতে মানৱ দেহৰ কেঞ্চাৰ কোষৰ ওপৰতো যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। দেখা গৈছে যে প্ৰতিটো ক্ষেত্ৰতে ডিছাৰিবৰ কাৰ্যকাৰিতা প্ৰতিষ্ঠিত হৈছে। কেঞ্চাৰ কোষৰ মৃত্যু হৈছে আৰু টেমুনাৰ আকাৰ হ্ৰাস হৈছে। এই কথাও প্ৰতিষ্ঠিত হৈছে যে ‘ABT 199’ৰ তুলনাত ডিছাৰিবৰ বিষক্ৰিয়া নিচেই কম মাত্ৰাৰ।

সাংশ্লেষিক কোমল ৰেটিনাঃ

 

অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এবিধ সাংশ্লেষিক কোমল ৰেটিনা প্ৰস্তুত কৰি উলিয়াইছে। এই ৰেটিনা প্ৰায় প্ৰাকৃতিক ৰেটিনাসদৃশ। আশা কৰা হৈছে এই ৰেটিনা সংৰোপণ কৰি মানুহৰ চকুৰ ধ্বংসপ্ৰাপ্ত ৰেটিনাৰ ফলপ্ৰসূ চিকিৎসা কৰিব পৰা যাব। অদ্যৱধি কঠিন দ্ৰব্য ব্যৱহাৰ কৰি কৃত্ৰিম ৰেটিনা প্ৰস্তুত কৰা হৈছিল। কিন্তু ই প্ৰাকৃতিক ৰেটিনাৰ নিচিনা কোমল নহয় বাবে অৱশেষত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আনকি চকুৰ খাৰিবন্ধাও হৈছিল। সম্প্ৰতি প্ৰস্তুত কৰা ৰেটিনাখন কোমল আৰু জলভিত্তিক। গতিকে ই প্ৰাকৃতিক ৰেটিনাসদৃশ। ই কোনো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে।

আমি জানো যে আমাৰ দৃষ্টি প্ৰক্ৰিয়াত ৰেটিনাই কেমেৰাৰ পিক্সেলৰ কাম কৰে। ৰেটিনাখন চকুৰ পিছফালে থাকে। তাত কেতবোৰ বিশেষ প্ৰ’টিন কোষ থাকে। এই প্ৰ’টিনে পোহৰক বিদ্যুৎ সংকেতলৈ ৰূপান্তৰিত কৰে আৰু স্নায়ুৰ জৰিয়তে মগজুলৈ প্ৰেৰণ কৰে। এই সংকেত মগজুৱে বিশ্লেষণ কৰি এখন ছবিৰ সৃষ্টি কৰে। এইদৰেই আমি দেখো। ৰেটিনা ধ্বংসপ্ৰাপ্ত হ’লে আমাৰ দৃষ্টিশক্তি বিকল হয়।

সাংশ্লেষিক নতুন ৰেটিনাখন কোমল পানীৰ টোপাল আৰু জৈৱিক কোষ আৱৰণী প্ৰ’টিন ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। এই ৰেটিনাৰ বিশেষ কোনো বিৰূপ প্ৰতিক্ৰিয়া নাই।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

নামঘৰৰ প্ৰসাদ আৰু স্বাস্থ্যঃ

 

ব’হাগ মাহত বিহুবতৰীয়া ধামখুমীয়াৰ মাজত সময়ৰ লগে লগে আমাৰ শ্ৰদ্ধাস্পদ গুৰুকেইজনাৰ পৱিত্ৰ তিথিবোৰৰ পৱিত্ৰ ক্ষণৰ সময়ো সমাগত। এনেবোৰ তিথি-পাৰ্বণ গাম্ভীৰ্যতাৰে পালিত হয় আমাৰ গাঁৱে-ভূঞে, চহৰে-নগৰে সিঁচৰিত হেজাৰ হেজাৰ নামঘৰত। নামঘৰ বুলিলেই মোৰ মানসিকতাত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আছে দুখন পৱিত্ৰ স্থানে। ইয়াৰ এটা হৈছে মোৰ আতা আৰু পিতৃৰ জন্মভূমি নপ্তিপাৰা গাঁৱৰ (নলবাৰী জিলা) ৰাজহুৱা নামঘৰ আৰু আন এটা হৈছে গুৱাহাটী মহানগৰীৰ সোঁমাজত থকা শিলপুখুৰী অঞ্চলৰ মহিলা নামঘৰটি। এই দ্বিতীয়টি নামঘৰৰ সন্মুখতে মোৰ পিতৃপ্ৰদত্ত ব্যক্তিগত বাসভৱনটি অৱস্থিত হোৱা বাবে আৰু শ্ৰদ্ধেয় আতৈ শ্ৰীভগীৰথ বায়নৰ মৰমসনা ব্যৱহাৰৰ বাবেই এনে প্ৰগাঢ় সম্বন্ধ গঢ়ি উঠিছে। সেয়া যি কি নহওক জীৱিকাৰ তাড়নাত অৰ্থাৎ পেটৰ দায়ত বিগত সুদীৰ্ঘ ১৬টা বছৰে নিৰৱচ্ছিন্নভাৱে পা-পৰিয়াল এৰি উজনিত কটাবলগীয়া হৈছে। উজনিৰ দুয়োখন চিকিৎসা মহাবিদ্যালয়ত একোটা গুৰুত্বপূৰ্ণ বিভাগৰ মুৰব্বী অধ্যাপকৰ গুৰু দায়িত্বভাৰ বহন কৰিবলগীয়া হোৱা হেতুকে পৰিয়ালৰ সৈতে কটাবলৈ সক্ষম হোৱা সময়ৰ পৰিমাণ টুটি গৈছে। ইয়াতো অৰ্থাৎ উজনিতো নামঘৰৰ সৈতে সম্পৰ্কিত হোৱাৰ সৌভাগ্য হৈছে। কেইবাজনো নামঘৰীয়াৰ (আমাৰ পিনে আতৈ বুলি সম্বোধন কৰে) স্বাস্থ্যৰ তদাৰকৰ ভাৰ যেন ঘটনাক্ৰমে মোৰেই কান্ধত পৰিছে। এইখিনি দীঘলীয়া পাতনি মেলাৰ পাছত এতিয়া আমাৰ আলোচ্য বিষয়টিলৈ আহোঁ। নাম-প্ৰসংগৰ সমাপ্তিৰ পাছতে নামঘৰত সদায়েই প্ৰসাদ বিতৰণ কৰা হয়। মোৰ দৰে বহুতো ব্যক্তিৰ আকৌ নামঘৰৰ প্ৰসাদৰ প্ৰতি আছে দুৰ্বাৰ আকৰ্ষণ। ‘পাপীৰ পিঠাত মন’ বুলি কথাষাৰৰ লেখীয়াকৈ ময়ো ভাবো যে আমাৰ অসমীয়া খাদ্য-সংস্কৃতিৰ অনুপম প্ৰাচুৰ্য পৰিলক্ষিত হয় নামঘৰৰ এই বুট, মগু বা প্ৰসাদখিনিত। নামঘৰৰ বুট-মগু-কল বা প্ৰসাদৰ অন্যান্য উপকৰণখিনি প্ৰস্তুত কৰাৰ উছাহ-উদ্দীপনাই অসমীয়াৰ সাংস্কৃতিক মনৰ তথা ঈশ্বৰ পৰায়ণতাৰ চানেকি দাঙি ধৰে। নামঘৰৰ ভিতৰতে বা ভক্তপ্ৰাণ ৰাইজৰ ঘৰে ঘৰে প্ৰসাদৰ বিভিন্ন উপকৰণৰ প্ৰস্তুতিৰ পৰিৱেশে সকলোৰে মাজত এক আনন্দমুখৰ পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলে আৰু ই অসমীয়া সংস্কৃতিৰ এক অনন্য উদাহৰণ বুলিব পাৰি। বিভিন্নজনৰ খাদ্যৰ ৰুচিৰ প্ৰভাৱেও নামঘৰৰ প্ৰসাদৰ প্ৰস্তুতিৰ প্ৰক্ৰিয়াটোক এক কলালৈ উন্নীত কৰাৰ স্থল আছে। ইয়াৰ সমৰ্থনত ক’ব পাৰি যে অসমীয়া সমাজৰ মানুহখিনি সাধাৰণতে বহল মানসিকতাসম্পন্ন হোৱা হেতুকে ৰসগোল্লা, লালমোহন বা চিঙৰাকে ধৰি যিকোনো ধৰণৰ উপকৰণ বুট-মগুৰ সৈতে দিলেও কাৰো একো আপত্তি নাথাকে। অৱশ্যে পৰম্পৰাগতভাৱে বুট-মগুৰ সৈতে কল-কুঁহিয়াৰ বা অন্যান্য ফলমূলৰ সৈতে তিয়ঁহ, কেঁচা আম বা নাৰিকল টুকুৰা-টুকুৰকৈ কাটি উপকৰণৰূপে গোসাঁইজনাৰ (ভগৱান) আগত অৰ্পণ কৰা হয়। এইখিনিতে এষাৰ কথা অনস্বীকাৰ্য যে আহাৰ প্ৰস্তুতকৰণৰ সমগ্ৰ পদ্ধতিটোৱেই হৈছে এক কলা। আজিৰ যুগ বুলিলে অৰ্থাৎ একৈশ শতিকাৰ দ্বিতীয়াটো দশকত মানুহৰ মন শংকা, সংশয় তথা জড়তা আদি কেতবোৰ অজীৰ্ণ শব্দেৰে ভৰপূৰ। ইয়াৰ ঘাই হেতু হৈছে জীৱন ধাৰণৰ ত্ৰুটীজনিত ৰোগবোৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি। এনেবোৰ ৰোগ হৈছে উচ্চ ৰক্তচাপ, বহুমূত্ৰ, লিভাৰ আৰু কলিজাৰ কেতবোৰ ৰোগৰ উপৰি বাতবিষ আদি। নিঃসন্দেহে গতিশীল সময় পাখিলগা কাঁড়ৰ লেখীয়াকৈ নিজস্ব গতিত অবিৰতভাৱে ধাৱমান হৈছে। আমি মানুহবোৰেহে নিজস্ব আৱিষ্কাৰৰ অপপ্ৰয়োগ ঘটাই নৰকুলৰ অহিত সাধনৰ প্ৰয়াসত ব্ৰতী হৈছো। শেহতীয়াভাৱে সৃষ্টি হোৱা পাৰমাণৱিক অস্ত্ৰৰ প্ৰতিযোগিতাজনিত সংকট হৈছে ইয়াৰ জ্বলন্ত সাক্ষী। হয়তো কোনোবা মুহূৰ্তত তৃতীয় মহাযুদ্ধৰ সূচনা ঘটিবও পাৰে! এই বিশ্বৰ প্ৰতিজন ব্যক্তিৰ শৰীৰ তথা মনৰ ক্ষেত্ৰতো এইষাৰ কথা বাৰুকৈয়ে প্ৰযোজ্য। নিঃসন্দেহে আহাৰ, মৈথুন আৰু নিদ্ৰা হৈছে যিকোনো প্ৰাণীৰ অস্তিত্ব ৰক্ষাৰ বাবে একান্তই প্ৰয়োজনীয়। পিছে আজিৰ তাৰিখত বহুতো মানুহ ইমানেই ব্যস্ত যে স্বকীয় পুষ্টিগত প্ৰয়োজনীয়তা পূৰণৰ বাবে শৰণাপন্ন হয় ফাষ্ট ফুডৰ। শেহতীয়াভাৱে আশাৰ ৰেঙণিৰ সৃষ্টি হৈছে এনেধৰণৰ মানৱ স্বাস্থ্যৰ ওপৰত খাদ্যৰ প্ৰভাৱ সম্বন্ধীয় নিৰাশাৰ অন্ধকাৰৰ মাজত। এই লেখকে এই সম্বন্ধীয় তথ্যৰ সম্ভেদ লভিছে পিয়েৰ পলিনৰ দ্বাৰা বিৰচিত আৰু ব্লুমছবেৰী প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থত। গ্ৰন্থখনৰ ইংৰাজী নামটোৰ ভাষান্তৰ অসমীয়ালৈ কৰিলে এনেধৰণৰ হয়- ‘আহাৰৰ সমাজ বিজ্ঞান- খাদ্যাভ্যাস আৰু খাদ্যৰ সমাজত স্থান’। গ্ৰন্থখনত উল্লিখিত তথ্য অনুযায়ী এখন সমাজে আৰ্থিক তথা প্ৰযুক্তিগত দিশৰ পৰা যিমানেই অগ্ৰগতি লভে সিমানেই সেই সমাজখনৰ মানুহখিনিৰ মাজত ঐতিহ্যপূৰ্ণ আৰু পৰম্পৰাগত আহাৰৰ জনপ্ৰিয়তা বাঢ়ে। সাম্প্ৰতিক সময়ত পৰম্পৰাগত খাদ্যবিলাক বেছি ধনাত্মক দৃষ্টিভংগীৰে এনেবোৰ সমাজত গ্ৰহণ কৰা হৈছে।

অৱশ্যে নক’লেও হ’ব যে এইবোৰৰ প্ৰস্তুতিকৰণ প্ৰক্ৰিয়াটো সময়সাপেক্ষে জটিল আৰু সমস্যাবহুল হৈ উঠিব পাৰে। এই প্ৰসংগত নাম উল্লিখিব লাগিব চিত্ৰিতা বেনাৰ্জীৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ যাৰ শিৰোনামটিৰ অসমীয়া অনুবাদ হৈছে এনেধৰণৰ- ‘মছলাৰ দেশৰ সংস্কৃতি আৰু খাদ্যৰ মাজেদি এক যাত্ৰা।’ নামঘৰত ঈশ্বৰৰ আগত ভক্তিভাৱে নিবেদন কৰা প্ৰসাদখিনিও অভিজ্ঞ হাতৰ পৰশতহে উপাদেয় হৈ উঠে। নামঘৰৰ প্ৰসাদত থকা নাৰিকল বা কলৰ প্ৰসংগ এইখিনিতে উত্থাপন কৰিব পাৰি। দক্ষতা থাকিলেহে এনেবোৰ উপকৰণ মিহি-মিহিকৈ চকলা-চকলভাৱে কটা কাৰ্য সমাপন কৰিব পৰা যায়।

কলত যথেষ্ট মাত্ৰাত পটাছিয়াম থাকে। গতিকে উচ্চ ৰক্তচাপত ই পথ্য হিচাপে অত্যন্ত ফলপ্ৰসূ। দীৰ্ঘকালীন অজীৰ্ণ ৰোগত কলৰ উপযোগিতা অনস্বীকাৰ্য। নাৰিকল আৰু মগু এই দুয়োবিধ দ্ৰব্যতে কম-বেছি পৰিমাণে আঁহ থাকে। এই আঁহবোৰ হৈছে ঘাইকৈ চেলুলজৰ উপৰি হেমিচেলুলজ, মিউচিলেজ, লেকটিন আদি কাৰ্বোহাইড্ৰেটেৰে গঠিত। লগতে থাকিব পাৰে লিগনিন। এইবোৰ অপাচ্য আৰু শৌচৰ লগত বহিৰ্গমন ঘটে। মানৱ শৰীৰৰ বাবে এইবোৰৰ প্ৰয়োজনীয়তা কেৱে উলাই কৰিব নোৱাৰে। স্বাভাৱিক মলত্যাগৰ বাবে এইবোৰৰ প্ৰয়োজনীয়তাৰ উপৰি অন্ত্ৰৰ কৰ্কট ৰোগৰ প্ৰতিষেধকমূলক দ্ৰব্যৰূপে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্ৰসাদৰ অন্য উপাদান তিয়ঁহ আৰু আপেলৰ বাকলিত একেই ধৰণৰ দ্ৰব্যবিধ (অৰ্থাৎ আঁহ) থাকে। কলাইটিছ, এপেণ্ডিছাইটিছ আদি পেটৰ নানা ৰোগতো এই আঁহ বা ফাইবাৰৰ প্ৰতিষেধকমূলক দ্ৰব্যৰূপে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। পৰিশেষত উল্লিখিব খুজিছো প্ৰসাদৰ মুখ্য উপাদান মগুৰ বিষয়ে। মগুত ঘাইকৈ খ-খাদ্যপ্ৰাণ যথেষ্ট মাত্ৰাত থাকে। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু মগজুৰ কোষবোৰৰ সুস্বাস্থ্যৰ বাবে খ-খাদ্যপ্ৰাণ একান্তই প্ৰয়োজনীয় উপাদান। সংস্কৃত ‘মুদ্‌গা’ শব্দৰ পৰা মগু নামৰ উৎপত্তি হৈছে। প্ৰতি এশ গ্ৰাম মগুৰ জৰিয়তে শৰীৰে আহৰণ কৰা কেলৰীৰ মাত্ৰা হৈছে ৩৪৭। তদুপৰি এইবিধ দ্ৰব্য হৈছে প্ৰ’টিনসমৃদ্ধ মানুহৰ মাংসপেশীৰ গাঁথনিৰ সবলীকৰণৰ ক্ষেত্ৰত প্ৰ’টিনৰ এক উল্লেখনীয় ভূমিকা আছে। তদুপৰি কেলছিয়াম আৰু মেগনেছিয়ামৰ দৰে মৌলও মগুত থাকে বুলি জনা গৈছে। এই শেহোক্ত দ্ৰব্য দুবিধ হাড়ৰ গঠনৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। গতিকে এষাৰ কথা আমি সকলোৱে মনত ৰখা দৰকাৰ যে থলুৱা উপাদেয় আহাৰৰ অংশস্বৰূপ এই নামঘৰৰ প্ৰসাদ আমি ভক্তিসহকাৰে গ্ৰহণ কৰাৰ উপৰি স্বাস্থ্যজনিত দিশৰ উন্নতিৰ বাবেও খোৱা উচিত।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

থেলাছিমিয়াঃ

 

থেলাছিমিয়া এবিধ অনুবংশীয় ৰোগ। এই ৰোগত হিমোগ্লবিনৰ গঠন অস্বাভাৱিক হয়। এই ৰোগৰ প্ৰধান ভাগ দুটা- আলফা থেলাছিমিয়া বিটা থেলাছিমিয়া। অৱশ্যে সম্প্ৰতি ডেল্টা থেলাছিমিয়া বুলিও এটা ভাগ চিনাক্ত কৰা হৈছে। এই ৰোগ পিতৃ-মাতৃৰ পৰা সন্তানলৈ জন্মসূত্ৰে বিস্তাৰিত হয়। আলফা থেলাছিমিয়াৰ গভীৰত্ব নিৰ্ভৰ কৰে চাৰিটা আলফা গ্ল’বিনৰ কেইটা বিলুপ্ত হয় তাৰ ওপৰত। সেইদৰে বিটা থেলাছিমিয়াৰ গভীৰত্ব নিৰ্ভৰ কৰে দুটা বিটা গ্ল’বিনৰ কেইটা বিলুপ্তি ঘটে, তাৰ ওপৰত। আমাৰ তেজৰ হিমোগ্লবিনৰ সৰহখিনি হ’ল প্ৰাপ্তবয়স্ক। এই হিমোগ্লবিন চাৰিটা প্ৰ’টিন শৃংখলৰ দ্বাৰা গঠিত। দুটা আলফা গ্ল’বিন আৰু দুটা বিটা গ্ল’বিন। থেলাছিমিয়াত আলফা অথবা বিটা প্ৰ’টিন শৃংখলৰ বিসংগতি ঘটে। ফলত অস্বাভাৱিক লোহিত ৰক্তকণিকাৰ সৃষ্টি হয়। আলফা গ্ল’বিনৰ শৃংখল সংযোজিত ক্ৰম’জ’ম ১৬ত আৰু বিটা গ্ল’বিনৰ শৃংখল সংযোজিত ক্ৰম’জ’ম ১১ত।

থেলাছিমিয়াৰ নিৰ্ণায়ক পৰীক্ষাসমূহ হ’ল তেজৰ সম্পূৰ্ণ গণন, হিমোগ্লবিনৰ বিশেষ পৰীক্ষা আৰু জিনীয় পৰীক্ষা। গৰ্ভাৱস্থাতে সন্তানৰ থেলাছিমিয়া হ’ব পাৰে। গতিকে পিতৃ-মাতৃৰ ক্ষেত্ৰতো উপৰিউক্ত পৰীক্ষাসমূহ কৰা প্ৰয়োজনীয়।

এই ৰোগৰ চিকিৎসা নিৰ্ভৰ কৰে ৰোগৰ ভাগ আৰু গভীৰতাৰ ওপৰত। যদি ৰোগ গভীৰ হয়, তেনেহ’লে সঘন ৰক্তসঞ্চৰণৰ প্ৰয়োজন হয়। লগতে দেহৰ পৰা লৌহ পদাৰ্থ নিষ্কাশন কৰাৰো প্ৰয়োজনীয়তা আছে। কিয়নো থেলাছিমিয়া ৰোগ হ’ল দেহত অত্যধিক পৰিমাণৰ লৌহ পদাৰ্থ জমা হয়। নিষ্কাশনৰ বাবে ডিফেৰ’ক্ৰামাইন অথবা ডিফেৰাছিৰক্স ব্যৱহাৰ কৰা হয়। প্ৰয়োজনসাপেক্ষে মেৰুমজ্জা সঞ্চৰণ কৰিব পাৰে। ৰক্ত সঞ্চৰণৰ জটিলতাসমূহ হ’ল দেহত লৌহ পদাৰ্থৰ আধিক্য, হৃদৰোগ, যকৃতৰ বিকাৰ, সংক্ৰমণ আৰু হাড়ফোঁপোলা হোৱা ৰোগ। কোনো কোনো ক্ষেত্ৰত প্লীহাৰ আকাৰ অত্যধিক বৃদ্ধি হয়, তেনেকুৱা হ’লেও অস্ত্ৰোপচাৰ কৰি প্লীহা আঁতৰাই পেলোৱা হয়।

২০১৩ চনৰ এক সমীক্ষা মতে বিশ্বত ২০৮ নিযুত লোকৰ থেলাছিমিয়া ৰোগ হয়। ইয়াৰ ৪.৭ নিযুত লোকৰ ৰোগ গভীৰ হয়। এই ৰোগৰ প্ৰৱণতা থকা জনগোষ্ঠীসমূহ হ’ল ইটালীয়, গ্ৰীক, মধ্যপ্ৰাচ্যৰ লোকসকল, দক্ষিণ এছিয়াৰ লোকসকল, আফ্ৰিকীয় মূলৰ লোকসকল। পুৰুষ তথা মহিলা উভয়ৰে এই ৰোগ সমভাৱে হ’ব পাৰে। প্ৰয়োজনীয় চিকিৎসা উপলব্ধ হোৱা হেতুকে এই ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১৯৯০ চনৰ ৩৬,০০০ৰ পৰা ২০১৩ চনত ২৫,০০০ লৈ হ্ৰাস হৈছে।

থেলাছিমিয়া ৰোগ যদি গভীৰ নহয়, তেনেহ’লে এই ৰোগত ভোগা লোকসকলৰ দেহলৈ মেলেৰিয়াত সংক্ৰমিত নহয় বুলি জানিব পৰা গৈছে। প্ৰসংগক্ৰমে চিকল্‌চেল এনিমিয়াত ভোগা লোকৰ দেহলৈও মেলেৰিয়া সংক্ৰমিত নহয়।

থেলাছিমিয়াৰ প্ৰণিধানযোগ্য লক্ষণসমূহ এনেধৰণৰ-

  • দেহত লৌহ পদাৰ্থৰ আধিক্য। ইয়াৰ কাৰণ থেলাছিমিয়া ৰোগ হ’ব পাৰে, সঘন ৰক্ত সঞ্চাৰণো হ’ব পাৰে। ইয়াৰ ফলত হৃদপিণ্ড, যকৃত, অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ আদিৰ বিকাৰ হ’ব পাৰে। পৰ্যাপ্ত মাত্ৰাত লৌহ পদাৰ্থ নিষ্কাশন কৰা নহ’লে ৰোগী মৃত্যুৰ মুখত পৰিব পাৰে, বিশেষকৈ বিটা থেলাছিমিয়াত ভোগা লোকসকল।

সংক্ৰমণঃ থেলাছিমিয়া ৰোগীৰ সংক্ৰমণ প্ৰৱণতা বৃদ্ধি হয়, বিশেষকৈ যদিহে প্লীহা কাটি পেলোৱা হয়।

  • হাড়ৰ বিসংগতিঃ থেলাছিমিয়া ৰোগীৰ মেৰুমজ্জাৰ আকাৰ বৃদ্ধি হয়। ফলত হাড়ৰ আকাৰো বৃদ্ধি হয়। ইয়াৰ ফলত হাড়ৰ বিসংগতি পৰিলক্ষিত হয়। বিশেষকৈ মুখমণ্ডল আৰু লাওখোলাৰ হাড়ৰ। মেৰুমজ্জাৰ আকাৰ বৃদ্ধিৰ ফলত হাড় থুনুকা হয় আৰু সঘনে হাড় ভাগিব পাৰে।

প্লীহাৰ আকাৰ বৃদ্ধিঃ প্লীহাই সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। ই শৰীৰৰ অপ্ৰয়োজনীয় দ্ৰব্য যেনে- বৃদ্ধ অথবা ধ্বংসপ্ৰাপ্ত লোহিত কণিকা আদি চাকল কৰে। থেলাছিমিয়া ৰোগত প্ৰায়েই অত্যধিক পৰিমাণৰ লোহিত কণিকা ধ্বংসপ্ৰাপ্ত হয়। এইবোৰ নিষ্কাশন কৰাৰ চেষ্টা কৰোঁতে প্লীহাৰ আকাৰ বৃদ্ধি হয়। বৰ্ধিত আকাৰৰ প্লীহাই বিপুল পৰিমাণৰ সঞ্চৰিত তেজৰ লোহিত কণিকাও ধ্বংস কৰে। প্লীহাৰ আকাৰ অত্যধিক বৃদ্ধি হ’লে কাটি পেলোৱাত বাহিৰে অন্য উপায় নাই।

  • থেলাছিমিয়া ৰোগ হ’লে গভীৰ এনিমিয়া হয়। ইয়াৰ ফলত গাৰ বৰণ ঢেলা হয়, শৰীৰ অতিশয় দুৰ্বল হয়।
  • হৃদৰোগঃ থেলাছিমিয়া ৰোগীৰ কেতবোৰ হৃদৰোগ হ’ব পাৰে। যেনে- নিসন্ধি হৃদ অচলতা, অস্বাভাৱিক হৃদস্পন্দন ইত্যাদি।
  • শিশুৰ বৰ্ধনৰ মাত্ৰা হ্ৰাসঃ থেলাছিমিয়া ৰোগ হ’লে শিশুৰ গভীৰ এনিমিয়া হয়, ইয়াৰ ফলত শিশুৰ বৰ্ধনৰ গতি ধীমা হয়। এই ৰোগত ভোগা শিশুৰ বয়ঃসন্ধিৰ সময়ো বিলম্ব হয়।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

মানসিক চাপত ভোগাঃ

 

মানুহৰ জীৱন নানা সমস্যাৰে ভৰা। ব্যক্তি এজনে যেতিয়া জীৱনত সন্মুখীন হোৱা কোনো কোনো সমস্যাৰ সমাধান নিজা সামৰ্থ্যৰে কৰিব নোৱাৰে, তেতিয়াই মানসিক চাপত ভোগা দেখা যায়। সাধাৰণতে অলপ মানসিক চাপত ভোগাটো মানুহৰ শৰীৰ আৰু মনৰ বাবে ক্ষতিকাৰক নহয়। বৰং কম পৰিমাণৰ মানসিক চাপে ব্যক্তি এজনৰ অন্তৰত ধনাত্মক চিন্তাৰ পয়োভৰ ঘটায়, এই চাপ অতিক্ৰম কৰি ব্যক্তিজনক জীৱনত কৃতকাৰ্য হোৱাত সহায় কৰে। কিন্তু অতিমাত্ৰা মানসিক চাপ ব্যক্তি এজনৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। অত্যধিক মানসিক চাপে ব্যক্তি এজনৰ আৱেগিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰাৰ উপৰি নানা গুৰুতৰ শাৰীৰিক সমস্যাকে ধৰি হৃদপিণ্ডৰ ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, পাকস্থলীৰ ঘা, ষ্ট্ৰোক আৰু কৰ্কট ৰোগ পৰ্যন্ত সৃষ্টি কৰিব পাৰে। বৰ্তমানৰ প্ৰতিযোগিতামূলক সমাজখনত এই সমস্যা প্ৰতিদিনে বাঢ়ি আহিছে। কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি ডেকা, মধ্যবয়সীয়া, বৃদ্ধ-বৃদ্ধা সকলো বয়সৰ লোকেই মানসিক চাপত ভোগা দেখা যায়। অৱশ্যে ব্যক্তি আৰু বয়সভেদে মানসিক চাপত ভোগা কাৰণবোৰ ভিন্ন ভিন্ন হয়। কিশোৰ-কিশোৰীয়ে হয়তো পৰীক্ষা সময়ত, সাক্ষাৎকাৰৰ সময়ত, অধ্যয়ন আৰু পৰীক্ষাত আশানুৰূপ ফল নাপালে, বন্ধুত্বৰ সম্পৰ্কত ভাঙোন আহিলে, পিতৃ-মাতৃৰ পৰা অৱহেলিত হ’লে মানসিক চাপত ভুগিব পাৰে। ডেকা এজনে হয়তো মনঃপুত কৰ্মসংস্থান নোপোৱা, কামত অধিক হেঁচা, অৰ্থনৈতিক দুৰৱস্থা, প্ৰেম, পৰিয়ালৰ বিভিন্ন কাৰণত মানসিক চাপত ভুগিব পাৰে। ঠিক সেইদৰে বৃদ্ধকালত পৰিয়ালৰ পৰা গুৰুত্ব নোপোৱা, অৰ্থনৈতিক স্বাৱলম্বিতাৰ অভাৱ আৰু নানা ৰোগৰ বাবে বৃদ্ধ-বৃদ্ধাসকল মানসিক চাপত ভুগিব পাৰে। সেয়েহে মানসিক চাপৰ কাৰণবোৰক মূলতঃ আমি তিনিটা ভাগত ভগাব পাৰো।

(১) শাৰীৰিক আৰু মানসিকভাৱে অত্যধিক হেঁচা পোৱা, কামত অত্যধিক হেঁচা, অধিক সময় কাম কৰিবলগীয়া হোৱা, অধিক কথা বা খবৰ মনত ৰাখিবলগীয়া হোৱা, জীৱনত অধিক বস্তুৰ প্ৰয়োজন হোৱা, শাৰীৰিকভাৱে অধিক ৰোগ হোৱা ইত্যাদি। মনত ৰাখিব লাগে সকলোৰে অত্যধিক বেয়া। জীৱনত অত্যধিক বিচাৰিলেই মানসিক চাপত ভুগিব লাগিব।

(২) জীৱন আৰু সংসাৰৰ প্ৰভাৱ, পৰিয়াল আৰু নিজৰ ওপৰত টকা-পইচাৰ প্ৰভাৱ, জীৱিকা আৰু কৰ্মসংস্থানৰ প্ৰভাৱ, পৰিয়াল আৰু আত্মীয়ৰ সহযোগিতা আৰু প্ৰভাৱ, ব্যক্তিগত ইগ, বন্ধু-বান্ধৱীৰ মানসিক অসহযোগিতা, বেয়া স্বাস্থ্য, কম বিনোদন কৰা, কামৰ পৰা কম ছুটী লোৱা, সামাজিক আৰু আধ্যাত্মিক প্ৰভাৱ, অবন্ধুসুলভ জীৱনৰ লগৰী, সমাজৰ দুৰ্নীতি, আতিশয্য দিয়া কৰ্মসংস্থানকাৰী (শাৰীৰিক, মানসিক, যৌন আতিশয্য), নষ্ট হোৱা জীৱন লগৰী অথবা পুত্ৰ-কন্যা ইত্যাদি।

(৩) কিছুমান শাৰীৰিক ৰোগ আৰু সেৱন কৰা ঔষধৰ প্ৰভাৱ, ৰক্তহীনতা, শৰীৰত আইৰনৰ অভাৱ, থাইৰয়েড হৰম’নৰ সমস্যা, ডায়েবেটিছ, Cushing Syndrome, মেদবহুলতা, মোনোনিউক্লিয়ছিছ, অতিমাত্ৰা ষ্টেৰয়ড সেৱন কৰা, কৰ্কট ৰোগৰ দৰবৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি। এনে পৰিৱেশত ব্যক্তিজনৰ মস্তিষ্কৰ লিম্বিক ছিষ্টেমে চেৰিব্ৰেল কৰ্টেক্স অংশটি পৰিচালিত কৰি মানসিক চাপত ভোগায়। ব্যক্তি এজনে মানসিক চাপত ভুগিলে নানা ধৰণৰ লক্ষণ দেখায়। সামগ্ৰিকভাৱে মানসিক চাপত ভোগাৰ লক্ষণবোৰ হ’ল-

(১) Behavioural লক্ষণঃ বাৰে বাৰে চিগাৰেট অথবা অন্য ধঁপাত সেৱন কৰা, মাদকদ্ৰব্য সেৱন কৰা, বাৰে বাৰে চাহ বা কফি খোৱা, নখ কামুৰি থকা, আঁঠু লৰাই থকা, নিজৰ চুলিকে টানি থকা, অসাৱধানতাৰে গাড়ী চলোৱা, নিজকে সামাজিকভাৱে আঁতৰাই আনি অকলশৰে থাকিবলৈ ভাল পোৱা ইত্যাদি।

(২) Cognitive লক্ষণঃ স্মৃতিশক্তি হ্ৰাস পোৱা, কথা পাহৰি যোৱা, ভাবিবলৈ টান পোৱা, ভয়াতুৰ হোৱা, অসংযত হোৱা ইত্যাদি।

(৩) আৱেগিক লক্ষণঃ তৎক্ষাণাত খং উঠা, খিংখিঙীয়া হোৱা, অকাৰণতে খং উঠা, হতাশাত ভোগা, মানসিক উদ্বেগতা বঢ়া, অকাৰণতে ভয় খোৱা, অনবৰতে টোপনি লাগি থকা ইত্যাদি।

(৪) শাৰীৰিক লক্ষণঃ পিঠি, ডিঙি আদিৰ পেশীৰ বিষ অনুভৱ, অনিয়মিত শ্বাস-প্ৰশ্বাস হোৱা, মুখ শুকাই যোৱা, হাতৰ তলি ঘমা, পেট বিষোৱা, আঙুলি ঠাণ্ডা হৈ পৰা, হাত-ভৰিৰ কঁপনি হোৱা, সঘনাই প্ৰস্ৰাৱ-পায়খানাৰ অনুভৱ হোৱা ইত্যাদি।

কিছুমান সহজ পন্থা অৱলম্বন কৰি আমি নিজকে অত্যধিক মানসিক চাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপৰি মানসিক চাপ আঁতৰাই ৰাখিব পাৰো।

(১) যিবোৰ কথাই মানসিক চাপ দিয়ে, সেইবোৰ চিনাক্ত কৰি তেনে পৰিৱেশ আৰু কথাবোৰক গুৰুত্ব নিদি পৰিত্যাগ কৰিব লাগে। মানসিক চাপত ভোগা ব্যক্তিয়ে এই চাপক ধনাত্মকভাৱে লৈ ইয়াৰ বিৰুদ্ধে যুঁজিব লাগে। এবাৰত অকৃতকাৰ্য হৈ মানসিক চাপত ভুগিলেও পাছত নতুন উদ্যমেৰে এই চাপ অতিক্ৰম কৰি কৃতকাৰ্য হ’ব পাৰে।

(২) মানসিক চাপৰ পৰা মুক্তি পাবলৈ আনৰ সহায় ল’ব লাগে। নিজৰ মানসিক চাপৰ কাৰণ পৰিয়াল, আত্মীয়, বন্ধু-বান্ধৱ, শিক্ষক আৰু চিকিৎসকক লৈ তেওঁলোকৰ সহযোগত মানসিক চাপৰ পৰা মুক্তি পাব পাৰি। কিশোৰ-কিশোৰীসকলে পিতৃ-মাতৃ, আত্মীয় আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় লৈ মানসিক চাপ আঁতৰাব পাৰে। অভিভাৱকসকলে সদায় সন্তানৰ কথা মনোযোগেৰে শুনি তাক দূৰ কৰাৰ ব্যৱস্থা ল’ব লাগে। মানসিক চাপত ভোগা ব্যক্তিৰ কথা মনোযোগেৰে শুনাটোৱে ৰোগীজনৰ বাবে মহৌষধৰ কাম কৰে।

(৩) মানসিক চাপ কমোৱাত সুস্বাস্থ্য বজাই ৰখাটো প্ৰয়োজনীয়। জাংক ফুড, শীতল পানীয়, ধঁপাত সেৱন, মাদক দ্ৰব্য সেৱন, ড্ৰাগছ সেৱন, টোপনি ক্ষতি আদি কৰিব নালাগে। এইবোৰ অভ্যাসে মানসিক চাপ কমোৱাৰ পৰিৱৰ্তে বঢ়ায়হে। সেয়েহে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সন্তুলিত পুষ্টিকৰ আহাৰ, ভিটামিন, মিনাৰেল, বিশুদ্ধ পানী খাব লাগে আৰু নিয়মিতভাৱে ভালদৰে শুব লাগে।

(৪) চিকিৎসকৰ ওচৰত শৰীৰ ভালদৰে পৰীক্ষা কৰাব লাগে। ওপৰত উল্লেখ কৰা ৰোগবোৰৰ কাৰণে মানসিক চাপ হ’লে তাৰ উচিত চিকিৎসা লৈ মানসিক চাপ আঁতৰাব পাৰি।

(৫) শাৰীৰিক ব্যায়াম, শাৰীৰিক শ্ৰম আদি মানসিক চাপ দূৰ কৰাৰ বাবে মহৌষধ। নিয়মিতভাৱে ব্যায়াম কৰা, খোজকঢ়া, দৌৰা, টেনিছ খেলা, বেডমিণ্টন খেলা, ফুটবল আৰু ভলীবল খেলা আদি কৰি মানসিক চাপ আঁতৰাই ৰাখিব পাৰে।

(৬) নিজে ভালপোৱা কামবোৰ কৰিব লাগে। বন্ধুৰ সৈতে আড্ডা মাৰা, বাগিচাত খোজকঢ়া, ব্যায়াম কৰা, চিনেমা চোৱা, গান শুনা, নতুন বন্ধু বনোৱা, সামাজিক কামত নিজকে ব্যস্ত ৰখা আদি ইয়াৰ ভিতৰত পৰে।

(৭) আনক সহায় কৰিব শিকক। আনক আৰু সমাজক সহায় কৰি পোৱা আনন্দই মানসিক চাপ বহুখিনি আঁতৰাব পাৰে।

(৮) এৰোবিকছ, যোগ, চাইকোথেৰাপী, মেডিটেচন, মাছাজ, এৰোমাথেৰাপী, ফিজিঅ’থেৰাপী আদিৰ সহায় লৈয়ো মানসিক চাপ কমাব পাৰি।

(৯) ধাৰ্মিক স্থান ভ্ৰমণ, ধাৰ্মিক অনুষ্ঠানত অংশগ্ৰহণ, ধৰ্মগুৰুৰ উপদেশ লোৱা আৰু প্ৰাৰ্থনা আদি কৰিলেও মানসিক চাপ কিছু পৰিমাণে কমাব পাৰি।

(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top