মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / স্বাস্থ্য কিটিপ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য কিটিপ

স্বাস্থ্য কিটিপ আলোচনা কৰা হৈছে

সুস্বাস্থ্যৰ বাবে নাচপতি খাওক


অতি পুষ্টিকৰ আৰু শক্তি বৃদ্ধিকাৰক সুস্বাদু নাচপতি সমগ্ৰ বছৰ জুৰি নহয়। যদিও গ্রীষ্ম কালতহে ইয়াক অধিক পৰিমাণে পোৱা যায়। উদ্ভিদ বিজ্ঞানৰ মতে, নাতিশীতোষ্ণ অঞ্চলতহে ইয়াৰ অধিক খেতি হয়।

নাচপতি খালে বা ইয়াৰ ৰসপান কৰিলে অনেক প্রকাৰ ৰোগ দূৰ হয়। নাচপতিৰ ৰস বৰ সুমিষ্ট, সেয়ে ইয়াৰ চাহিদাও অতি বেছি। নাচপতিৰ ৰসৰ পৰা জাম, জেলি, চাটনি আদিও তৈয়াৰ কৰা হয়। নাচপতিৰ মোৰাব্বা খুবেই সুস্বাদু আৰু উপকাৰী। পৰিপাক শক্তি বৃদ্ধি আৰু কোষ্ঠবদ্ধতা নাশত ই সহায় কৰে। যকৃতো ই সবল কৰে।

চিকিৎসা বিজ্ঞানীসকলৰ মতে, নাচপতি ধাতুবর্ধক। ইয়াৰ ৰস পান কৰিলে বীর্য বৃদ্ধি হয় আৰু নপুংসতাৰ বাবেও উপকাৰী। ৰক্তৰ উষ্ণতা স্বাভাবিক কৰে নাচপতিৰ ৰসে| আয়ুর্বেদ মতে, নাচপতি বাত, পিত্ত আৰু কফনাশক। ইয়াৰ ৰস পান কৰিলে মূত্র অৱৰোধ দূৰ হৈ স্বাভাৱিক হৈ পৰে। গৰ্ভৱতী নাৰীৰ বমন দূৰ হয়। দৃষ্টিশক্তি আৰু জ্যোতিও তীব্র হয়।

নাচপতিত কি কি থাকে?

নাচপতিত কেলছিয়াম, ফছফৰাছ, আয়ৰণ আৰু নানা ধৰণৰ বিশেষকৈ ভিটামিন “চি” অধিক পোৱা যায়। কিছু পৰিমাণে ভিটামিন ‘বি’ কমপ্লেক্স আৰু 'ই' ভিটামিনো কম মাত্ৰাত থাকে। প্রতি ১০০ গ্রাম নাচপতিত ‘এ’ ভিটামিন ২৯০ আই এ ইউ. ফছফৰাছ ৮০ মিলিগ্রাম, কেলছিয়াম, ২০ মিলিগ্রাম, আয়ৰণ ০.৭ মিলিগ্রাম, প্ৰ’টিন ১৭%, স্নেহ পদার্থ ২২.৮% আৰু জলীয়ভাব থাকে ৭৩.৬%।

অন্যান্য উপকাৰিতা

নাচপতিৰ ৰস দৈনিক পাণ কৰিলে মস্তিস্কৰ কাৰ্য্যদক্ষতা আৰু স্মৰণশক্তি বৃদ্ধি হয়।

নাচপতিৰ ৰসে ৰক্তহীনতা দ্ৰুত উপশম কৰি তোলে।

সকলো ধৰণৰ পেটৰ ৰোগত, শৌচৰ লগত তেজ পৰাত নাচপতিৰ ৰস আপেলতকৈও অধিক সুফলদায়ক।

হাওঁফাওঁৰ দুৰ্বলতা আৰু মূৰ ঘূৰণিতো নাচপতিৰ ৰস কার্যকৰী।

দীর্ঘদিন ধৰি শ্রেত শ্রাব জনিত ৰোগত আক্রান্ত মহিলাসকলে নিয়মীয়াকৈ নাচপতিৰ ৰস পান কৰিলে শীঘ্ৰে সকাহ পাব পাৰে।

লিখক: প্ৰসাদ দাস, অসম বাণী।

 

স্কাৰ আৰু বিকৃতিৰ চিকিৎসা


স্কাৰ, কিলইড আৰু বিকৃতিৰ চিকিৎসা যথেষ্ট কষ্টকৰ আৰু সিমান সন্তোষজনক নহয়। সেয়েহে ওপৰত উল্লেখ কৰা বিভিন্ন পদ্ধতি প্রয়োগ কৰি এইবোৰ প্ৰতিৰোধ কৰাহে ভাল। তথাপি তলত দিয়া চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।

স্কাৰৰ ভিতৰত বেজী

ট্রায়ামচিন'ল'ন এচিটোনাইড নামৰ দৰৱ স্কাৰৰ ভিতৰত অতি সূক্ষ্ম বেজীৰে সুমাই দিব লাগে। প্রতি আঠ-দহ দিনৰ মূৰে মূৰে চাৰি বা পাঁচটা বেজী দিব পাৰিলে সৰু স্কাৰ আৰু কিলইড কিছু পৰিমাণে চেপেটা হয় আৰু তাৰ ওপৰত হোৱা খজুৱতিৰো অন্ত পৰে। পিছে এনেধৰণে চেপেটা হোৱা স্কাৰ পুনৰ ফুলি উঠাও মাজে মাজে দেখা যায়।

ছিলিকন জেল বা জেলশ্বীট

চিলিকন নামৰ ৰাসায়নিক পদার্থবিধে আঁহজাতীয় কলাবোৰৰ গঠনত শৃংখলা লগাই স্কাৰ আৰু কিলইড চেপেটা কৰে। ছিলিকন জেল স্কাৰৰ ওপৰত দিনত দুবাৰকৈ লগাই আঙুলিৰে মালিচ কৰি দিব লাগে। তাৰ ওপৰত চাপ পৰাকৈ বেণ্ডেজ বা গাৰমেণ্ট পিন্ধিব পাৰিলে বেছি ভাল। আনহাতে ছিলিকন জেল শ্বট নামৰ ঈষৎ স্বচ্ছ পদার্থবিধ বিভিন্ন আকাৰত বজাৰত কিনিবলৈ পোৱা যায়। এই শ্বীট স্কাৰৰ ওপৰত দিনত ১২ৰ পৰা ১৮ঘণ্টাকৈ লগাই থ’ব লাগে। তিনি-চাৰি মাহ এনেদৰে লগাই থ’লে স্কাৰ আৰু কিলইড কিছু পৰিমাণে চেপেটা হোৱা দেখা যায়।

প্লাষ্টিক আৰু ৰিকনষ্ট্রাক্টিভ ছাৰ্জাৰী

স্কাৰ সংকুচিত হৈ হাত, ভৰিৰ গাঁঠি বা ডিঙিত বিকৃতি ঘটিলে অস্ত্ৰোপচাৰ কৰিহে ঠিক কৰিব পাৰি। অভিজ্ঞ চিকিৎসকে বিভিন্ন পদ্ধতি অৱলম্বন কৰি বিকৃতিপূৰ্ণ ছালখিনি কাটি পেলাই অন্য ঠাইৰ পৰা অনা ছালেৰে ঢাকি দিয়ে। শৰীৰৰ সুস্থ অংশৰ পৰা সম্পূৰ্ণ ডাঠ ছাল বিভিন্ন উপায়েৰে বিকৃত ছালখন কাটি পেলোৱাৰ পাছত উদ্ভৱ হোৱা কেঁচা ঘালৈ স্থানান্তৰিত কৰা নাইবা কাষৰ সুস্থ ছাল বিশেষ উপায়েৰে প্ৰসাৰিত কৰি বিকৃত ছাল কটাৰ পাছত উদ্ভৱ হোৱা ঘালৈ স্থানান্তৰ কৰা আদি বিশেষ প্ৰক্ৰিয়াৰে কৰা অস্ত্ৰোপচাৰেই হ’ল প্লাষ্টিক আৰু ৰিকনষ্ট্রাক্টিভ ছাৰ্জাৰী।

এইবিধ চিকিৎসা পদ্ধতিৰ এতিয়া যথেষ্ট উন্নতি হোৱা বাবে ইয়াৰ ব্যৱহাৰো বহুলভাৱে কৰা হৈছে। সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ বিকৃত হোৱা মুখমণ্ডলো কেইবাটাও অস্ত্ৰোপচাৰৰ দ্বাৰা সুন্দৰ কৰিব পৰা হৈছেগৈ। আনকি যোৱা কেইবছৰমানত ফ্রান্সকে ধৰি কিছুমান উন্নত দেশত একেবাৰে বিকৃত হোৱা মুখমণ্ডল আঁতৰাই অন্য সদ্যমৃত মানুহৰ দেখনিয়াৰ মুখমণ্ডল স্থানান্তৰ কৰি সংৰোপণ কৰি ৰোগীক নতুন জীৱন দিয়া দেখা গৈছে। মুঠতে জুয়ে পোৰা ৰোগীৰ ভৱিষ্যৎ সলনি কৰিবলৈ এতিয়া প্লাষ্টিক আৰু ৰিকনষ্ট্রাক্টিভ ছাৰ্জাৰীয়ে একমাত্র উপায়।

উৎস: দৈনিক জনমভূমি।

ফিজিঅ’থেৰাপী আৰু স্বাস্থ্য


এটা নিৰোগী শৰীৰ সকলোৰে কাম্য। ব্যায়াম বা শৰীৰ চৰ্চাৰ দ্বাৰা এটা নিৰোগী জীৱন লাভ কৰিব পাৰি। নিয়মিত ব্যায়াম কৰাৰ অভ্যাস কৰিলে বাতবিষ, স্পণ্ডাইল’ছিছ, মাইগ্রেন, বদহজম, মেদবহুলতা, উচ্চ ৰক্তচাপ ইত্যাদি সহজে কাষ চাপিব নোৱাৰে। মধুমেহ  ৰোগত আক্রান্ত হোৱা ৰোগীৰ বাবে নিয়মিত খোজ কঢ়া, চাইকেল চলোৱা আদি নিতান্তই প্রয়োজনীয়।

শিশু এটাক কৈশোৰ অৱস্থাৰ পৰাই মানসিক উৎকর্ষ সাধনৰ বাবে কেৱল পাঠ্যপুথিৰ শিক্ষাৰ মাজতে সীমাবদ্ধ ) নাৰাখি, আন্ত:খেল (ডবা, কেৰম আদি) ৰ লগতে বহিঃখেল (সাঁতোৰ, দৌৰ, কাবাদী, বেডমিণ্টন) আদিতো আগ্রহী কৰি তুলিব লাগে। এটা সুস্থ শৰীৰতহে সাধাৰণতে এটা সুস্থ মন আৰু মগজুৰ বিকাশ ঘটিব পাৰে। শিশুৰ যিকোনো ধৰণৰ অস্বাৱিক কথা অভিভাৱকৰ চকুত ধৰা দিলে শীঘ্ৰে চিকিৎসকৰ কাষ চপাটো অতি প্রয়োজন। চেৰিব্ৰেল পেল্‌চি বা বিশেষভাৱে সক্ষম শিশুও বিশেষ কিছুমান ব্যায়ামৰ দ্বাৰাহে একমাত্ৰ চিকিৎসা সম্ভৱ আৰু সেই চিকিৎসা ‘ফিজিঅ’থেৰাপী’ চিকিৎসাৰ অন্তৰ্গত বিশেষ ব্যায়াম ফিজিঅ’থেৰাপী চিকিৎসাৰ দ্বাৰাহে সম্ভৱ।

গৰ্ভাৱস্থাত যিকোনো মহিলাই চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিত আহাৰ গ্ৰহণ কৰাটো নিজৰ লগতে আহিব লগীয়া শিশুটোৰ বাবে অতীব প্রয়োজনীয়। ঠিক সেইদৰে ফিজিঅ’থেৰাপি চিকিৎসকৰ পৰামর্শ অনুসৰি নিয়মিত ব্যায়ামো অতিকে আৱশ্যকীয়। গৰ্ভাৱস্থাতে মাতৃৰ অসাৱধানতাৰ ফলতেই হওক বা যিকোনো কাৰণতেই হওক শিশুটোৰ যদি মগজুৰ বিশেষ অংশত আঘাতপ্রাপ্ত হয় তেন্তে Cerebral Palsy-ৰ দৰে বিসংগতি হোৱাৰ সম্ভাৱনাই অধিক। গৰ্ভাৱস্থাত কেৱল আৰামদায়ক হৈ পৰিলেও প্ৰতিক্রিয়া হ’ব পাৰে। দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা, গৰ্ভাৱস্থাত কাম কৰি ফুৰা মহিলায়ো সুস্থ শিশুৰ মাতৃ হ’ব পাৰিছে। তাৰ পৰা এইটোৱে বুজাবলৈ চেষ্টা কৰা হৈছে যে বিশেষ একো কাম নকৰা এগৰাকী মহিলাই গৰ্ভাৱস্থাত ফিজিঅ’থেৰাপি চিকিৎসকৰ কাষ চাপি গৰ্ভাৱস্থাতে কৰিব লগীয়া বিশেষ ব্যায়ামবোৰ নিজৰ লগতে শিশুটিৰ সুস্বাস্থ্যৰ অতি আৱশ্যক। গৰ্ভাৱস্থাৰ ব্যায়াম আৰু গৰ্ভাৱস্থাৰ পাছৰ ব্যায়াম কিছুমান বিশেষধৰণৰ পদ্ধতিৰ ব্যায়ামৰ দ্বাৰা চিকিৎসা, সন্তান-সম্ভৱা মহিলা এগৰাকীৰ বাবে নিতান্তই প্রয়োজনীয়। অপাৰেশ্যনৰ দ্বাৰা (Cesarean) সন্তান জন্ম দিয়াৰ পৰিৱৰ্তে সাধাৰণভাৱেই এটি সুস্থ শিশু জন্ম লোৱা আগৰ সময়ছোৱাত গৰ্ভাৱস্থাত যদি এনেকুৱা সাৱধানতা অৱলম্বন কৰা হয়, কিছুপৰিমাণে হ'লেও এনে শিশুৰ পৰিমাণ হ্রাস হ’ব পাৰে, যিহেতু সাৱধানতাও চিকিৎসা।

বাৰ্ধক্যজনিত কাৰণত হোৱা কঁকালৰ বিষেই হওক বা বাতবিষ, বাউসিৰ বিষ, ডিঙি, কঁকালৰ বিষ, শ্লীপ ডিস্ক আদিকে ধৰি অধিক ওজনৰ ক্ষেত্ৰত হোৱা সমস্যাই হওক সমস্যা অনুসৰি প্ৰথম অৱস্থাতে বিভাগীয় ফিজিঅ’থেৰাপি চিকিৎসকৰ কাষ চাপে, তেন্তে ইয়াৰ দ্বাৰা উপশম হোৱা সম্ভাৱনা যথেষ্ট আছে। সমস্যা বাঢ়ি যোৱাৰ ক্ষেত্ৰতো যদি এনে ফিজিঅ’থেৰাপি চিকিৎসা পদ্ধতিৰ চিকিৎসকৰ কাষ চাপে তেনে ক্ষেত্ৰত ইলেক্ট্র’থেৰাপি চিকিৎসাৰ যদিও প্রয়োজন, তাৰ সমানুপাতে চিকিৎসা অনুসৰি ব্যায়াম বা exercise therapy-ৰ প্রয়োজনীয়তা সচৰাচৰ দেখা যায়। Ankylosing Spondylosis, যিকোনো ধৰণৰ পক্ষাঘাত (Peralysis), Hemiplegia আদিৰ দৰে সমস্যাবোৰ ব্যায়াম বা ফিজিঅ’থেৰাপী চিকিৎসাৰ দ্বাৰা নির্ধাৰিত বিশেষ কিছুমান ব্যায়ামেৰেহে হ্রাস কৰিব পৰা যায়।

COPD (Chronic Obstructive Pulmonary Disease)ৰ দৰে সমস্যা যিবোৰ সাধাৰণতে বাৰ্ধক্যজনিত কাৰণত দেখা যায়, সেয়াও বিশেষজ্ঞ ফিজিঅ’থেৰাপি চিকিৎসকৰ বিশেষ ব্যায়াম, যেনে— Diaphragmatic breathing exercise ইত্যাদি Cardiovascular physiotherapy বিশেষজ্ঞৰ দ্বাৰা এনে উন্নত মানৰ পদ্ধতিৰে বহুদূৰ উপশম হৈছে।

ঔষধ সেৱন কৰি সহজতে বিষৰ উপশম ঘটাব পাৰি। যদিও তাৎক্ষণিতভাৱে বিষৰ পৰা উপশম পোৱা যায়, সমস্যাটো দীৰ্ঘম্যাদী সমাধান নহয়। মাজে মাজে পুনৰ সৃষ্টি হৈ থকা সমস্যাৰ বাবে বাৰে বাৰে চিকিৎসকৰ অজ্ঞাতে ঔষধ সেৱন কৰাৰ ফলত পার্শ্বক্রিয়া হোৱাৰ সম্ভাৱনাও নথকা নহয় এনেধৰণে বাৰে বাৰে ঔষধ সেৱন কৰাৰ ফলত আমাৰ শৰীৰৰ বেমাৰৰ প্ৰতিৰক্ষা ক্ষমতা হ্রাস পাবলৈ ধৰে। ফলত যি ধৰণৰ বেমাৰৰ বিজাণু শৰীৰত অতি সহজতে প্ৰৱেশ কৰিব পাৰে। শৰীৰৰ অভ্যন্তৰীণ অংগতো প্ৰভাৱ পৰা দেখা যায়। চুলি সৰা, কাণ-চকুৰ সমস্যা ইত্যাদি হোৱাৰ সম্ভাৱনাই অধিক।

জটিলৰো জটিল সমস্যাৰ সমধান শৰীৰ চৰ্চা বা ব্যায়ামৰ দ্বাৰাই বহু দূৰ সম্ভৱ। চিকিৎসা মহাবিদ্যালয়ত আৰু উন্নত মানৰ চিকিৎসালয়সমূহত ফিজিঅ’থেৰাপী চিকিৎসা আছে। নিয়মিত খোজকঢ়া, দৌৰা, চাইকেল চলোৱা, সাঁতোৰা আদি অভ্যাস গঢ়ি তুলিও ভৱিষ্যতৰ বাবে এটা অধিকাৰী হ’ব পাৰে। আপোনাৰ জীৱন শৈলীত ব্যায়ামৰ দ্বাৰা সচেতনতা অৱলম্বন কৰক। যিহেতু ৰোগমুক্ত মনৰ উৎসই হ’ল আমাৰ নিৰোগী শৰীৰ।

লিখক: ডাঃ গৌতম গোবিন্দ চেতিয়া, লেখক অস্থি বিভাগৰ ফিজিঅ’থেৰাপি বিশেষজ্ঞ, দৈনিক জনমভূমি।

অগ্নিদগ্ধ ৰোগীৰ পুনৰ সংস্থাপন


আগৰ দিনত অগ্নিদগ্ধ ৰোগীক বচাব পৰাটোৱে চিকিৎসাৰ সাফল্য বুলি গণ্য কৰা হৈছিল। পিছে আজিৰ পৰিৱর্তিত চিকিৎসা সেৱাৰ যুগত অগ্নিদগ্ধ ৰোগীক নিজৰ কর্মক্ষেত্ৰত আৰু পৰিয়ালৰ লগত পুনৰ সংস্থাপন কৰিব পাৰিলেহে আচল সাফল্য ৰূপে স্বীকৃত হয়। সেয়েহে অগ্নিদগ্ধ ৰোগীৰ চিকিৎসকসকলৰ কাম এতিয়া কেবল পোৰা ঘা শুকোৱাতে আবদ্ধ নহয়, ৰোগীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাটো তেওঁলোকৰ এক এৰাব নোৱৰা কর্তব্য হৈ পৰিছে। ৰোগীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা আচলতে ৰোগীজন চিকিৎসালয়ত ভর্তি হোৱাৰ দিনাই আৰম্ভ হয় আৰু ই ৰোগীৰ ঘা শুকাই যোৱাৰ দুই-তিনি বছৰ পাছলৈ অৱধাৰিত ৰূপত চলি থাকে। পুনৰ সংস্থাপন ব্যৱস্থাৰ মূল লক্ষ্য হ’ল ৰোগীয়ে জুয়ে পোৰা দুর্ঘটনাৰ ফলত হ’ব পৰা কু-ফলবোৰ যিমান পাৰি নিয়ন্ত্ৰণ কৰা। সেয়েহে ৰোগীৰ শৰীৰৰ বিভিন্ন গাঁঠিবোৰ যাতে সম্পূর্ণ সুচল হৈ থাকে, স্কাৰ আৰু সংকোচন যাতে নোহোৱাকৈ ৰাখিব পাৰি আৰু শৰীৰৰ কৰ্মক্ষমতা বঢ়াই, শাৰিৰীক আৰু মানসিকভাৱে যাতে অতি সোনকালে পৰিয়াল আৰু সমাজৰ লগত মিলি যাব পাৰে, তাৰ প্ৰতি নজৰ ৰখাটো অতি প্রয়োজনীয়।

পুনৰ সংস্থাপনৰ প্ৰাথমিক চর্ত হ’ল স্কাৰ আৰু সংকোচনবিহীন ছাল এখন ৰোগীক প্রদান কৰাটো।

জুয়ে পোৰা ঘাৰ বিকৃতিৰ প্ৰতিৰোধ

জুয়ে পোৰা ঘা অইন যিকোনো ঘাতকৈ বেলেগ। কাৰণ এই ঘা শুকোৱাৰ লগতে সমস্যাৰ শেষ নহয়। পোৰা ঘা শুকোৱাৰ সময়ত মিহি আৰু নিমজ হৈ থাকিলেও, লাহে লাহে ঘাৰ কাষবোৰ ফুলি উঠিবলৈ ধৰে। এই ফুলি উঠা ঠাইবোৰ লাহে লাহে বাঢ়ি যায় আৰু খজুৱাবলৈ ধৰে। এইবোৰকে স্কাৰ (Scar) বোলা হয়। কিছুমান ঠাইত আকৌ একোটা টেমুনাৰ দৰে ফুলি উঠে। এইবোৰক কিলইড (Keloid) বোলা হয়। এই স্কাৰবোৰ গাঁঠিৰ সন্মুখত থাকিলে এইবোৰ লাহে লাহে সংকুচিত হৈ হাত বা ভৰিৰ গাঁঠিবোৰ কোঁচ খুৱাই (Contracture) বিকৃত ৰূপ ধাৰণ কৰে। চিকিৎসালয়ৰ পৰা শুকোৱা নিমজ ঘা লৈ ঘৰলৈ যোৱা ৰোগীয়েও সেয়েহে এমাহ বা দুমাহ পাছত স্কাৰ আৰু বিকৃতি লৈ আহাটো এক বাস্তৱ অভিজ্ঞতা।

পিছে এই স্কাৰ আৰু বিকৃতি কিয় আৰু কেনেকৈ হয়? যেতিয়া দকৈ পোৰা ঘা শুকাওঁতে তিনি সপ্তাহতকৈ বেছিদিন লাগে, তেতিয়া স্কাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আচলতে দ-কৈ পোৰা ঘা শুকোৱাৰ সময়ত আঁহযুক্ত কলাবোৰৰ সংযোজন আৰু ভাঙোনৰ মাজত যদি সামঞ্জস্য নাথাকে, তেতিয়াই শুকোৱা ঘাৰ ওপৰত স্কাৰৰ সৃষ্টি হয়। স্কাৰবোৰ আৰম্ভণিতে ৰঙা-বগা ৰঙৰ হয় আৰু দিন যোৱাৰ লগে লগে এই বোৰ ডাঠ আৰু মুগা বৰণীয়া হয়।

সাধাৰণতে ক’লা ছালৰ লোকৰ স্কাৰ হোৱাৰ সম্ভাৱনা বেছি। স্কাৰ হোৱা কলাবোৰৰ সংকোচন কৰাৰ প্ৰৱণতা থাকে। সেয়েহে গাঁঠিৰ সন্মুখৰ স্কাৰ সংকুচিত হৈ হাত বা ভৰি সম্পূৰ্ণৰূপে অকামিলা কৰি পেলায়।

স্কাৰ আৰু সংকোচন প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ বাবে অভিজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত নাৰ্ছ, ফিজিঅ’থেৰাপিষ্ট আৰু অন্য চিকিৎসা কর্মীয়ে নিৰৱচ্ছিন্নভাৱে ৰোগীৰ গাঁঠিবোৰৰ সঞ্চালন, সোনকালে খোজকঢ়া আৰু আৱশ্যকীয় ঠাইত স্প্লিণ্ট আদি লগাই সংকোচন প্ৰতিৰোধ কৰাত ব্ৰতী হ’ব লাগিব। এবাৰ স্কাৰ বা সংকোচন হ’বলৈ হ’লে চিকিৎসা বৰ কষ্টকৰ আৰু সিমান সন্তোষজনক নহয়। তলত উল্লেখ কৰা পদ্ধতিবোৰ অৱলম্বন কৰি আমি এইবোৰৰ প্ৰতিৰোধ কৰিব পাৰোঁহক।

গাঁঠিবোৰৰ সঞ্চালন আৰু স্প্লিণ্টিং

গাঁঠিৰ সন্মুখত, কাষলতিৰ তলত, আঁঠুৰ পিছফাল, ডিঙি, হাত আৰু ভৰি আদিত পুৰিলে আৰম্ভণিৰ পৰাই এইবোৰ সঞ্চালিত কৰি ৰখা উচিত। লগতে এইবোৰ ঠাইত কাঠৰ বা আজিকালি কিনিবলৈ পোৱা বিভিন্ন পদার্থৰ দ্বাৰা তৈয়াৰী স্প্লিণ্ট বান্ধি দিয়া উচিত। হাতৰ পোৰা আঙুলিবোৰ কর্মক্ষম কৰি ৰাখিবলৈ হ’লে স্প্লিণ্ট বান্ধোতে আঙুলিবোৰ কর্মক্ষম স্থিতিত ৰখা উচিত। বান্ধি ৰাখোঁতেও আঙুলিবোৰ লৰচৰ কৰিব পৰাকৈ বিশেষ ধৰণৰ স্প্লিণ্ট পোৱা যায়। এইবোৰৰ ব্যৱহাৰ অপৰিহার্য। প্রশিক্ষণপ্রাপ্ত ফিজিঅ’থেৰাপিষ্টে আৰম্ভণিৰ পৰাই এইবোৰৰ ব্যৱহাৰ কৰি ৰোগীক স্কাৰমুক্ত কৰাত সহায় কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত ৰোগীৰ আৰু আত্মীয়ৰ সহযোগো অতি প্রয়োজনীয়।

মালিচ আৰু ছালৰ প্ৰসাৰণ ব্যায়াম

স্কাৰ হোৱা কলাবোৰ সাধাৰণতে আৰ্দ্ৰতাবিহীন আৰু শুকান হয়। এইবোৰৰ ওপৰত এলোভেৰা থকা নানা ধৰণৰ মলম বা নাৰিকলৰ তেল মালিচ কৰা উচিত। কমেও চাৰি-পাঁচ মিনিট সময় এই মলম লগাই ৰুক্ষ স্থানবোৰত আঙুলিৰে মালিচ কৰা উচিত। তদুপৰি গাঁঠিৰ সন্মুখভাগ লাহে লাহে বিপৰীত ফালে ভাজ কৰি ছালখন যিমান পাৰি প্ৰসাৰণ কৰিব লাগে। ইয়াৰ দ্বাৰা ছালখন কোমল আৰু নমনীয় হয়।

লিখক: ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, দৈনিক জনমভূমি।

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top