মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / স্বাস্থ্য বাৰ্তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্নায়ু ৰোগত তামোল-পাণৰ ঔষধি গুণঃ

 

প্ৰায় দুহাজাৰ বছৰৰ পূৰ্বৰে পৰা পাণ-তামোল ব্যৱহাৰ কৰি অহাৰ বিষয়ে জনা গৈছে। সৰ্বসাধাৰণ মানুহে ইয়াক গুৱাপাণ বুলি অভিহিত কৰিলেও ইয়াক প্ৰধান খাদ্য গ্ৰহণৰ আগে-পিছে বহু বছৰ ধৰি ব্যৱহাৰ কৰাৰ কথা ভাৰত তথা শ্ৰীলংকা, চীন, জাপান, থাইলেণ্ড, ম্যানমাৰৰ লোক-সংস্কৃতিত উল্লেখ আছে। শ্ৰীলংকাৰ অতি প্ৰাচীন গ্ৰন্থ ‘মহাভস্ম’ নামৰ গ্ৰন্থত পাণ-তামোলৰ ব্যৱহাৰৰ কথা বৰ্ণনা কৰা হৈছে। গ্ৰন্থখন পালি ভাষাত লিখা। এই পাণ-তামোলৰ ব্যৱহাৰ বৰ্তমান পূৱ মালয়েছিয়া, এছিয়াৰ প্ৰায়বোৰ দেশতে বহুল প্ৰচলন হৈছে। মাডাগাস্কাৰ, পূব আফ্ৰিকা, ভাৰতবৰ্ষৰ তামিলনাডু, মধ্যপ্ৰদেশ, পশ্চিমবংগ, ওড়িশা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ মানুহে প্ৰচুৰ পৰিমাণে পাণ-তামোল ব্যৱহাৰ কৰি আহিছে।

পাণ কেলচিয়ামৰ প্ৰধান উৎস। ইয়াত বাষ্পীয় উপাদান ৮৫.৪ শতাংশ, ফাইবাৰ ২.৩ শতাংশ, কাৰ্ব’হাইড্ৰেট ৬.১ শতাংশ, ফেট ০.৮ শতাংশ, মিনাৰেল ২.৩ শতাংশ, প্ৰ’টিন ৩.১ শতাংশ, কপাৰ ২.৩২ শতাংশ। পাণ কেৰটিন, কেলচিয়াম, থিয়ামিন, ৰিব’ফ্লেবিন, নিয়াচিন আৰু ভিটামিন ‘চি’ প্ৰসিদ্ধ। ইয়াৰ কেলৰি ভেলু হৈছে ৪৪।

অলপতে সম্পন্ন কৰা এটা অধ্যয়নৰ সমীক্ষা মতে পাণত প্ৰয়োজনীয় তেল আৰু টেনিন ছুগাৰ থাকে। ইয়াত ফেনল নামৰ উপাদান থকাৰ বাবে চেভিকল নামৰ পদাৰ্থটোৱে শক্তিশালী এণ্টিছেপ্টিক গুণ থাকে। পাণ-তামোল ব্যৱহাৰ কৰোঁতে লগত চূণ, লং, ডালচেনি মিহলাই খোৱা উচিত। এইধৰণৰ মিশ্ৰণে মানুহৰ পেট, মুখ আৰু হৃদযন্ত্ৰ সবল কৰাত আৰু খাদ্য হজম কৰাত সহায় কৰে।

পাণ-তামোলৰ প্ৰথম ঔষধি গুণ হ’ল প্ৰস্ৰাৱৰ জ্বলা-পোৰা, কমকৈ প্ৰস্ৰাৱ হোৱা সমস্যা দূৰ কৰা। বিশেষকৈ পাণৰ ৰসৰ লগত (১ চামুচ) ১ চামুচ গৰুৰ গাখীৰ মিহলাই দিনে ২ বাৰকৈ ২-৩ দিন খালে প্ৰস্ৰাৱৰ জ্বালা-যন্ত্ৰণা কমি যায়। স্নায়ুৰ দুৰ্বলতা, স্নায়ুৰ বিষ আদি সমস্যা দূৰ কৰিবলৈ পাণৰ ৰস, বিশেষকৈ অসমীয়া পাণৰ ৰসে বহু পৰিমাণে উপকাৰ সাধন কৰে।

ব্যৱহাৰ কৰাৰ নিয়মঃ

এক বা দুই চামুচ পাণৰ ৰসত এক চামুচ মৌজোল মিহলাই দিনে ২ বাৰকৈ খাব লাগে। ডায়েবেটিছ ৰোগত ভোগাসকলে মৌজোল নিদিয়াকৈ ব্যৱহাৰ কৰিব পাৰে। পাণৰ ৰসত চেনি বা নিমখ মিহলাব নালাগে। এই নিয়মেৰে স্নায়ু দুৰ্বলতা বা স্নায়ু বিষত ভোগা লোকে ১৫ দিন পৰ্যন্ত ব্যৱহাৰ কৰাৰ পিছত ব্ৰাহ্মী শাকৰ ৰস ১০ গ্ৰাম পৰিমাণে লৈ দিনে ২ বাৰকৈ পুনৰ ১৫ দিন খাব লাগে। মুঠ এমাহ খালে স্নায়ু দুৰ্বলতা, হাত-ভৰি কঁপা বা পাৰ্কিনচ অসুখ নিৰাময় হব। চিকিৎসাৰ এমাহৰ ভিতৰত মালভোগ ২-৩টা খাব লাগে। মালভোগ কল স্নায়ু ৰোগৰ মহৌষধ। বহুমূত্ৰ ৰোগীয়েও ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে সাৰ বা কেমিকেল দি পকোৱা কল নাখাব। মূৰৰ বিষত বা মাইগ্ৰেনৰ বিষত কপালৰ দুই কোণত কুমলীয়া পাণৰ ৰস সানি মালিচ কৰিলে বিষ কমে। ২-৩ দিন মালিচ কৰিব। ৰস নাকেৰে শুঙিবও পাৰিব। বিষ কমি যাব।

কোষ্ঠকাঠিন্যতাত ভুগিলে, সৰু ল’ৰা-ছোৱালীৰ শৌচ টান হ’লে পাণৰ ঠাৰিত অলপ মিঠাতেল সানি গুহ্যদ্বাৰত সুমুৱাই দি ৫-১০ মিনিট ৰাখিলে শৌচ ঢিলা হ’ব। বয়সস্থ লোকৰ কোষ্ঠকাঠিন্য হ’লে পাণৰ ৰস ২ চামুচকৈ ২-৩ দিন খাব লাগে। খোৱাৰ পিছত গৰম পানী এগিলাচ খাব।

ডিঙি, কণ্ঠ আদিত বিষ হ’লে পাণৰ ৰস বাহিৰ অংশত সানিব লাগে। ইয়াৰ ৰস ২-৩ চামুচত ১ চামুচ মৌজোল মিহলাই দিনে ২ বাৰকৈ খাব লাগে। ডিঙিৰ ভিতৰত সুৰসুৰুৱা, কাহ অহা আদি লক্ষণ হ্ৰাস পায়।

উশাহ-নিশাহত কষ্ট হ’লে বা এলাৰ্জী হ’লে, বুকুত বিষ হ’লে খাটি সৰিয়হ তেল ২ চামুচ লৈ তাত পাণৰ ৰস ১ চামু মিহলাই বুকুত সানিব লাগে। দিনে ২-৩ বাৰ সানিব। কাহ কমিব আৰু বুকুৰ বিষো কমিব। শৰীৰৰ বিভিন্ন অংশ ফুলিলে বা কিবা কাৰণত জখম হ’লে তৎক্ষাণাত পাণৰ ৰস ব্যৱহাৰ কৰিলে বিষ কমে, ফুলাও কমে।

কঁকালৰ বিষত পাণৰ ৰস ৩ চামুচৰ লগত নাৰিকল তেল ২ চামুচ মিহলাই কঁকালত মালিচ কৰিব লাগে। দিনে ৩-৪ বাৰকৈ ৩-৪ দিন ঘঁহিলে বা মালিচ কৰিলে কঁকালৰ বিষ কমে।

তামোল-পাণ খোৱা নিষেধঃ

  • মুখত ঘা হৈ থকা মানুহে পাণ-তামোল নাখাব।
  • শৰীৰ দুৰ্বল হৈ থকা মানুহে পাণ-তামোল খাব নালাগে।
  • বেছিকৈ বুঢ়া-তামোল চূণ, ধঁপাত মিহলাই খোৱা লোকে শোৱাৰ সময়ত মুখ নোধোৱাকৈ, দাঁত ব্ৰাছ নকৰাকৈ তামোল খোৱা নিষেধ।

(উৎসঃ আমাৰ অসম, উপেন দত্ত)।

গুপ্তঘাতক আৰ্ছেনিকঃ

 

আৰ্ছেনিক আটাইতকৈ বিপজ্জনক ৰাসায়নিক পদাৰ্থ। ইয়াক বিহৰ ৰজা (কিঙ অব্ পয়জন) বোলা হয়। ইয়াৰ ৰাসায়নিক চিহ্ন As আৰু পাৰমাণৱিক সংখ্যা ৩৩।

ভূ-গৰ্ভৰ পানীত আৰ্ছেনিকৰ অৱস্থিতিয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। প্ৰাকৃতিক আৰু মানৱসৃষ্ট উৎসৰ পৰা ওলোৱা আৰ্ছেনিকে জনস্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। বিভিন্ন দেশৰ নিযুত নিযুত মানুহে খোৱাপানীৰ বাবে ভূ-গৰ্ভৰ পানীৰ ওপৰত নিৰ্ভৰ কৰে, য’ত আৰ্ছেনিকৰ পৰিমাণ বেছি।

আৰ্ছেনিক সাধাৰণতে পৃথিৱীৰ খোলাভাগত আইৰন ছালফাইডৰ মিহলি হৈ থাকে।

ভূ-গৰ্ভৰ পানীত আৰ্ছেনিকৰ বৰ্ধিত পৰিমাণ চিলি, মেক্সিকো, চীন, আৰ্জেণ্টিনা, আমেৰিকা যুক্তৰাষ্ট্ৰ, হাংগেৰী, ভাৰত, বাংলাদেশ, ভিয়েটনাম আদি দেশত পোৱা গৈছে।

আৰ্ছেনিকৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱান্বিত অঞ্চল হৈছে বাংলাদেশ আৰু পশ্চিমবংগ।

আৰ্ছেনিক গোন্ধহীন, স্বাদহীন আৰু ৰংহীন হোৱাৰ বাবে ইয়াৰ উপস্থিতি সহজে ধৰা পেলাব পৰা নাযায়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে খোৱাপানীত আৰ্ছেনিক সৰ্বোচ্চ পৰিমাণ প্ৰতি লিটাৰ পানীত ০.০১ মিঃ গ্ৰাঃ হোৱা উচিত। পৃথিৱীৰ প্ৰায় ১৫০ নিযুত মানুহ আৰ্ছেনিকৰ বিষক্ৰিয়াৰ প্ৰভাৱত পৰিছে। প্ৰতি নিয়ত নতুন নতুন ঠাই আৱিষ্কৃত হৈ আছে।

অজৈৱিক আৰ্ছেনিক যেনে- ট্ৰাইভেলেণ্ট আৰ্ছেনিক আৰু পেণ্টাভেলেণ্ট আৰ্ছেনিক জৈৱিক আৰ্ছেনিকতকৈ বেছি বিষাক্ত। আৰ্ছেনাইট আৰ্ছেনেটতকৈ বেছি বিষাক্ত। আৰ্ছেনিকে প্ৰ’টিনৰ বিপাকত ক্ষতিসাধন কৰি বিষাক্ত দ্ৰব্য উৎপাদন কৰে।

অতিমাত্ৰা অজৈৱ আৰ্ছেনিকৰ দ্বাৰা দীৰ্ঘদিন অনাবৃত হ’লে আৰ্ছেনিক’ছিছ নামৰ এবিধ অসুখ হ’ব পাৰে। আৰ্ছেনিক’ছিছৰ লক্ষণসমূহ হ’ল-

  • মুখৰ ভিতৰত ধাতৱ স্বাদ।
  • অধিক পৰিমাণৰ লেলাউটি ওলোৱা।
  • খাদ্য গিলাত অসুবিধা।
  • প্ৰস্ৰাৱত তেজ যোৱা।
  • মাংসপেশী সিৰামূৰি ধৰা।
  • চুলি সৰা।
  • পেটৰ বিষ, ওকালি, বমি, ঢিলা শৌচ।
  • পিঠি, বুকু, তালু, ডিঙিত সৰু সৰু ক’লা দাগ।
  • হাতৰ আৰু ভৰিৰ তলুৱা খহটা হোৱা।
  • ৰক্তহীনতা।
  • ভৰিৰ সিৰাৰ অসুখ।
  • উচ্চ ৰক্তচাপ।
  • জননেন্দ্ৰিয়ৰ অসুখ।
  • মধুমেহ ৰোগ।
  • ছাল, হাঁওফাঁও, মূত্ৰাশয়, বৃক্ক, যকৃতৰ কৰ্কট ৰোগ।

পানীৰ পৰা আৰ্ছেনিক দূৰীকৰণ পদ্ধতিঃ

  • বিপৰীত ৰসাকৰ্ষণ (ৰিভাৰ্ছ অ’মোছিছ)-ৰ দ্বাৰা পানী আৰ্ছেনিকমুক্ত কৰিব পাৰি। এই পদ্ধতিত পানী উচ্চ চাপযুক্ত এখন অৰ্ধসছিদ্ৰ পৰ্দাৰ মাজেদি যাবলৈ দিয়া হয়।
  • আৰ্ছেনিকযুক্ত পানীৰ লগত চূণ মিহলালে আৰ্ছেনিকৰ অৱক্ষেপণ পানীৰ তলত জমা হয় আৰু ওপৰৰ পানীখিনি খোৱাপানী হিচাপে ব্যৱহাৰ কৰিব পাৰি।
  • এঙাৰৰ দ্বাৰাও পানী আৰ্ছেনিকমুক্ত কৰিব পাৰি।
  • বালি ফিল্টাৰ ব্যৱহাৰ কৰি পানী আৰ্ছেনিকমুক্ত কৰিব পাৰি।
  • কুঁৱা দকৈ নাখান্দি বাম আৰু বহলকৈ খান্দিব লাগে। এই কুঁৱাত আৰ্ছেনিকৰ পৰিমাণ কম।
  • ভূ-গৰ্ভৰ পানীৰ পৰিৱৰ্তে নদী, পুখুৰী, বিল, সৰোবৰ আদিৰ পানী ফিল্টাৰ কৰি খোৱাপানী হিচাপে ব্যৱহাৰ কৰিব পাৰি।
  • বৰষুণৰ পানীও সংগ্ৰহ আৰু ফিল্টাৰ কৰি ব্যৱহাৰ কৰিব পাৰি।
  • এটা বাল্টিত এক বাল্টি পানী লৈ তাত Auroaquaced sachet মিহলাই পানীখিনি একমিনিট খৰকৈ লৰাব লাগে। ইয়াৰ পিছত আধাঘণ্টা নলৰোৱাকৈ ৰাখিলে পানীখিনি আৰ্ছেনিকমুক্ত হ’ব।

অসমৰ কিছুমান অঞ্চলত ভূ-গৰ্ভৰ পানীত কম-বেছি পৰিমাণে আৰ্ছেনিক পোৱা গৈছে। এই বিষয়টোৱে সকলোকে উদ্বিগ্ন কৰি তুলিছে। চৰকাৰেও আৰ্ছেনিক দূৰীকৰণৰ বাবে বহু পৰিকল্পনা হাতত লৈছে। খোৱাপানীত আৰ্ছেনিক প্ৰদূষণৰ উমান পালে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগত যোগাযোগ কৰিব লাগে। কোনো লোকৰ শৰীৰত আৰ্ছেনিকৰ বিষক্ৰিয়াৰ লক্ষণসমূহ দেখা পালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

(উৎসঃ আমাৰ অসম, ডাঃ দুলুমণি কলিতা)।

স্কাৰ্ভী ৰোগৰ চিকিৎসাৰ আদিকথাঃ

 

ৰোগ তথা চিকিৎসা ইতিহাস অতি প্ৰাচীন। এই তথ্যবোৰ সংগ্ৰহ কৰিবলৈ বুৰঞ্জীমূলক স্বাস্থ্য গৱেষণা, নৃ-তত্ত্বৰ গৱেষণা, পেলেণ্টলজী আদি বিভিন্ন বিজ্ঞানভিত্তিক গৱেষণাৰ আশ্ৰয় ল’ব লগা হয়। সেয়া আছিল ১৪৯৭ চন। ইউৰোপৰ এখন সৰু চহৰ পৰ্তুগালৰ পৰা ভাস্কো-দা-গামাই সাগৰ-মহাসাগৰ পাৰ হৈ আমাৰ দেশলৈ আহিবলৈ যাত্ৰা আৰম্ভ কৰিছিল। সেই সময়ত এনে যাত্ৰা অত্যন্ত দুঃসাহসিক, কষ্টসাধ্য তথা যন্ত্ৰণাদায়ক আছিল। জাহাজ আহি পালে আফ্ৰিকাৰ দক্ষিণ-পূব উপকূল। এই যাত্ৰাপথত ভাস্কো-দা-গামাৰ লগত প্ৰায় ২০০ মানুহ আছিল। এই সময়ছোৱাত বহুতৰ হাত-ভৰি ফুলা, দাঁতৰ মাড়ি ফুলা বা তেজ ওলোৱা আদি কাৰণত বহুতে আনকি খাদ্য খাবলৈ অপৰাগ হৈ পৰিছিল। সেই সময়ত তেনে কোনো ঔষধ বা চিকিৎসা আৱিষ্কাৰ হোৱা নাছিল। ওচৰতে পোৱা হাবিৰ পৰা কমলাটেঙা তেওঁলোকে খাবলৈ ধৰিলে। কমলাটেঙা খোৱাৰ পিছতেই লাহে লাহে বহু লোক সুস্থ হৈ পৰিল আৰু কিছু লোকৰ মৃত্যু হ’ল। এই ৰোগেই আছিল স্কাৰ্ভী।

ইজিপ্তৰ নাগ-আলকাৰমিলা নামৰ ঠাইত মাটিৰ তলত কিছু হাড় পোৱা গৈছিল কিছু বছৰ আগতে। পৰীক্ষা-নিৰীক্ষাৰ অন্তত জনা গ’ল যে এই হাড়বোৰ খ্ৰীষ্টপূৰ্ব প্ৰায় ৩,৮০০ বছৰ আগৰ। এই হাড়বোৰ পৰীক্ষা-নিৰীক্ষা কৰি জনা গৈছে যে এইবোৰ কম বয়সৰ পুৰুষ-মহিলাৰ, যিসকলৰ স্কাৰ্ভী ৰোগত মৃত্যু হৈছিল। প্ৰখ্যাত চিকিৎসক হিপ্প’ক্ৰেটিছৰ লেখা-মেলাত স্কাৰ্ভী ৰোগৰ নাম নাই যদিও তেনে ৰোগৰ লক্ষণবোৰৰ আলোচনা তথা নিৰাময়ৰ বিষয়ে উল্লেখ আছে। তেওঁ উল্লেখ কৰিছিল যে বহু মানুহৰ দাঁতৰ মাড়ি ফুলা, ৰক্তপাত হোৱা আদি কাৰণত মৃত্যু মুখত পৰা আদি।

এই ৰোগ ভাল কৰাৰ বিষয়েও উল্লেখ কৰিছিল। আনকি নল-খাগৰি পাতত লিখা বিৱৰণীতো স্কাৰ্ভী ৰোগৰ বিষয়ে উল্লেখ আছে। এই বিৱৰণীবোৰ খ্ৰীষ্টপূৰ্ব ১,৫০০ বছৰ আগৰ।

ওঠৰ শতিকাৰ স্কটলেণ্ডৰ চিকিৎসক জেমছ লিনডে নাৱিকসকলৰ এনে ৰোগত আক্ৰান্তৰ কাৰণ জানিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। তেওঁ এনে ৰোগীসকলক ভাগ ভাগ কৰি বেলেগ বেলেগ খাদ্য খাবলৈ দিছিল। কোনোবা দলক পিঁয়াজ, নহৰু, সৰিয়হ; কোনোবা দলক কমলাটেঙা, নেমু, পাতিনেমু আদি। ভালদৰে পৰ্যবেক্ষণ কৰি তেওঁ গম পাইছিল যে টেঙাজাতীয় খাদ্য খোৱাসকল অতি সোনকালে আৰোগ্য হৈছিল। তেওঁ শেষত নিশ্চিত হৈছিল যে স্কাৰ্ভী ৰোগৰ একমাত্ৰ চিকিৎসাই হ’ল টেঙাজাতীয় ফল। এই পৰীক্ষা-নিৰীক্ষা চলাইছিল ১৭৪৭ চনত। জেমছে ১৭৫৩ চনত এখন গ্ৰন্থ প্ৰকাশ কৰিছিল আৰু নাম আছিল ‘A treatise of scurvey’। স্কাৰ্ভী শব্দটো ইংৰাজী আৰু এই শব্দটো লোৱা হৈছে লেটিন শব্দ ‘স্কৰবুতুছ’ৰ পৰা। জেমছ লিনডৰ আগতে ব্ৰিটেইনৰ চিকিৎসক ফ্ৰান্সিছ গ্লিছনে সোতৰ শতিকাতেই ৰিকেট আৰু স্কাৰ্ভী ৰোগক বেলেগ বেলেগকৈ বুজাৰ চেষ্টা কৰিছিল। কিন্তু স্কাৰ্ভী ৰোগৰ চিকিৎসাৰ ঔষধ তথা পথ্য প্ৰথমে জেমছ লিনডৰ পৰাই পোৱা হৈছিল। ১৭৯৫ চনত ব্ৰিটিছ চিকিৎসক গিলবাৰ্ট ব্লেনে অকল নেমুৰ ৰস ঔষধ হিচাপে খাবলৈ দি বহু লোকক স্কাৰ্ভীৰ পৰা সুস্থ কৰি তুলিবলৈ সক্ষম হৈছিল।

(উৎসঃ আমাৰ অসম, ড সনাতন ডেকা)।

 

টিটেনাছ প্ৰতিৰোধঃ

 

টিটেনাছ সক্ৰিয় আৰু কাৰ্যকৰীভাৱে প্ৰতিষেধক প্ৰয়োগেৰে সম্পূৰ্ণভাৱে প্ৰতিৰোধ কৰিব পাৰি। ১৯২০ চনত আৱিষ্কাৰ হোৱা টিটেনাছ টক্স’ইড আজিলৈকে প্ৰমাণিত নিৰাপদ প্ৰতিষেধক। টিটেনাছ টক্স’ইডত নিষ্ক্ৰিয় টিটেনাছ বিষ থাকে। ৰাসায়নিক পদাৰ্থ বা তাপ প্ৰয়োগ কৰি ইয়াৰ বিষাক্ততা কম কৰি পেলোৱা হয়। কিন্তু এণ্টিজেনৰ ক্ষমতা ঠিকে ৰখা হয়। টিটেনাছ টক্স’ইড এককভাৱে (টি টি) অথবা ডিফথেৰিয়া, হুপিংকাহ আৰু টিটেনাছ টক্স’ইড একেলগে (ডি পি টি) আৰু কম পৰিমাণৰ ডিফথেৰিয়া টক্স’ইডৰ লগতো (টি ডি) পোৱা যায়। প্ৰাথমিক প্ৰতিষেধক হিচাপে কেঁচুৱাক ৬ সপ্তাহ, ১০ সপ্তাহ আৰু ১৪ সপ্তাহ বয়সত এটাকৈ মুঠ তিনিটা ডি পি টি ভেকচিনৰ বেজী দিব লাগে। ইয়াৰ পাছত শিশুৰ ডেৰ বছৰ বয়সত প্ৰথম ডি পি টি বুষ্টাৰ আৰু পাঁচ বছৰ বয়সত দ্বিতীয় ডি পি টি বুষ্টাৰ ভেকচিনৰ বেজী দিব লাগে। শিশুৰ দহ বছৰ বয়স আৰু ষোল্ল বছৰ বয়সত ক্ৰমান্বয়ে তৃতীয় আৰু চতুৰ্থ টি টি বুষ্টাৰ ভেকচিনৰ বেজী দিব লাগে। ইয়াৰ পাছত প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে টি টি বুষ্টাৰ ড’জ দিব লাগে যাতে শৰীৰত প্ৰতিৰোধক বিষনাশকৰ পৰিমাণ নিশ্চিত কৰিব পৰা যায়। শৰীৰত আঘাত হ’লে যদিহে টিটেনাছ ভেকচিন লোৱা নাথাকে তেন্তে আঘাতৰ ৭২ ঘণ্টাৰ ভিতৰত টি টি ল’ব লাগে। টি টি বয়স্ক আৰু শিশুসকলক প্ৰতিষেধক হিচাপে প্ৰদান কৰা হয়। গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাত অতি কমেও দুটা টি টি বেজী দিব লাগে। ইয়াৰ এটা গৰ্ভধাৰণৰ প্ৰথম তিনি মাহত আৰু আনটো গৰ্ভধাৰণৰ শেষৰ পিনে দিব লাগে। টি টি প্ৰতিষেধক দিয়াৰ পাছত এণ্টিব’ডিবোৰে প্লেচেণ্টাৰ মাধ্যমেৰে কেঁচুৱাৰ ভ্ৰূণলৈ গৈ কেঁচুৱাক নৱজাতক টিটেনাছৰ পৰা ৰক্ষা কৰাৰ উপৰি মাতৃক প্ৰসৱৰ সময়ত টিটেনাছ হোৱাৰ পৰা ৰক্ষা কৰে। আজিকালি ৫০ বছৰ আৰু তাতোকৈ বেছি বয়সৰ লোকসকলক টি টি প্ৰতিষেধক দিয়াৰ বাবে পৰামৰ্শ দিয়া হয়। কাৰণ যোৱা কেইবছৰমানৰ পৰা এই বয়সৰ লোকসকলৰ মাজত বেছিকৈ টিটেনাছ হোৱাটো পৰিলক্ষিত হৈছে। যিসকল লোকৰ ক্ষেত্ৰত টিটেনাছ প্ৰতিষেধক অতি প্ৰয়োজন, সেইসকল হ’ল যিসকলে প্ৰথম বুষ্টাৰ ডজ সম্পূৰ্ণ কৰিছে নে নাই সন্দেহ থাকে, গৰম আৰু আৰ্দ্ৰ পৰিৱেশৰ দেশ ভ্ৰমণ কৰিলে, ধূলি, মাটি আৰু সাৰৰ লগত বেছি সময় কটোৱা কৃষক, যাৰ কৰ্মক্ষেত্ৰত সাধাৰণতে কঁটা বা চোঁচৰা খোৱাৰ সম্ভাৱনা বেছি, যিসকল গৰ্ভৱতী মহিলাই প্ৰতিষেধক লোৱা নাই বা ড’জ সম্পূৰ্ণ কৰা নাই আৰু যিসকলৰ প্ৰসৱ অপৰিষ্কাৰ পৰিৱেশত হৈছে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

2.73684210526
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top