মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / স্বাস্থ্য বিচিত্ৰা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বিচিত্ৰা :

স্বাস্থ্য বিচিত্ৰাৰ বিষয়ে লিখা হৈছে ।

 

নো মেডিচিন -

মেদবহুলতা? কোনো চিন্তা নাই । ব্যায়াম বা আন কোনো শাৰীৰিক পৰিশ্ৰম কৰিবলৈ সুযোগ আৰু সময় নাপালেও চিন্তা নাই । বজাৰৰ বহু বিজ্ঞাপিত ঔষধ সেৱন ? নো মেডিচিন । আপোনাৰ পেটত ভৰাই দিয়া হ’ব এটা সৰু ফুটবল । মেদ কমি যোৱাৰ পিছত বলটো উলিয়াই আনিলে লেঠা খতম । ছমাহত ওজন কমিব ২০ কেজি । ভয়ৰ কাৰণ নাই । কটা-ছিঙাৰ ঝামেলা নাই । আনকি হাস্পতালৰ বিছনাত পৰি থকাৰো দৰকাৰ নাই । পেটৰ পৰা বলটো উলিয়াই আনিবলৈ ৰোনালডো বা মাৰডোনাকো পঠিওৱাৰ দৰকাৰ নাই । এণ্ডোস্কপিৰ সহায়ত ডিঙিৰে পেটৰ ভিতৰত এটা বিশেষ ধৰনৰ বল ভৰোৱা হয় । সেই একেই পদ্ধতিৰেই উলিয়ায়ো অনা হয় । অলপতে আম্ৰি হাস্পতালৰ চিকিৎসক মিছেছ সাহাই ৩১ বছৰ বয়সীয়া এগৰাকী মহিলাৰ পেটত ফুটবল ভৰাই দিয়ে, যাৰ ডাক্তৰী নাম ইণ্ট্ৰাগেষ্ট্ৰিক বেলুন প্লেচমেণ্ট । ১৩০ কেজি ওজনৰ মহিলাগৰাকীৰ ওজন ১৫ দিনতে অৱনমিত হয় ৮৫ কেজিলৈ । সংশ্লিষ্ট হাস্পতালৰ বেৰিয়াট্ৰিক বা অবেছিটি ছাৰ্জন ডা: ভি কে ভাৰতিয়াই এই কথা সদৰী কৰিছে ।

শৈশৱত দুগ্ধজাত খাদ্য -

সকলোৰে প্ৰিয় দুগ্ধজাত খাদ্য শিশুক অধিক পৰিমাণে খুৱালে ভৱিষ্যতলৈ বিপদ হ’ব পাৰে । ব্ৰিছবেনৰ ইউনিভাছিৰ্টী অৱ কুইন্সলেণ্ডৰ এদল স্বাস্থ্য গৱেষকে চলোৱা এক গৱেষণা মতে, শৈশৱত অধিক পৰিমাণে দুগ্ধজাত খাদ্য খোৱা শিশুসকলৰ ভৱিষ্যতে কলেষ্টৰেল কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । পাঁচ হাজাৰতকৈ অধিক লোকৰ মাজত চলোৱা সমীক্ষাৰ ভিত্তিত গৱেষকসকলে এই তথ্য সদৰী কৰিছে । তথ্যানুসাৰে শৈশৱত দিনে দুকাপকৈ গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী একে পৰিমাণে খাদ্য গ্ৰহণ কৰাসকলৰ কলেষ্টৰেল কেঞ্চাৰ হোৱাৰ সম্ভাৱনা তিনিগুণ বৃদ্ধি পায় ।

গলগ্ৰহ এপেণ্ডিক্স -

ডায়েলেকটিকেল মেটিৰিলিজম বা দ্বন্দ্বমূলক বস্তুবাদ মতে মানুহ মূলত: ক্ৰমবিকাশমান প্ৰাণী । এককোষী জীৱাণুৰ পৰা বিকশিত আধুনিক মানুহৰ শৰীৰ তথা অংগ-প্ৰত্যংগৰ আমূল বিৱৰ্তন হৈছে । বিজ্ঞানীসকলৰ গৱেষণাই এই কথা নিৰ্ণয় কৰিছে যে আজিৰ মানুহৰ বহি:কাণ, চকুৰ উপপল্লৱ আৰু তলপেটৰ এপেণ্ডিক্স নামৰ অংগ কোনো এক কাৰণত অপৰিৱৰ্তিত হৈ থাকিল । চকুৰ উপপল্লৱৰ ব্যৱহাৰিক উপযোগিতা আছে যদিও গলগ্ৰহ হিচাপে পৰিগণিত হৈছে এপেণ্ডিক্স । ই মানৱ শৰীৰৰ কোনো ধৰণৰ উপকাৰত নাহে বুলি বিজ্ঞানীসকলে মত পোষণ কৰি আহিছে । বৰং দেখাত ম’হজোকৰ দৰে এই নাতিদীৰ্ঘ অংগটোৰ সংক্ৰমণে মানুহক সময়ে সময়ে দুৰ্ভোগ ভোগায়, আনকি মৃত্যুপৰ্যন্ত ঘটাব পাৰে । সেয়ে অন্যান্য অপাৰেশ্যনৰ সময়ত শল্য চিকিৎসকে বাই ৱান গেট টু নীতিৰে এপেণ্ডিক্সটো কাটি পেলাই দিয়ে । কিন্তু থিঅ’ৰিটিকেল বায়’লজি নামৰ পত্ৰিকাত প্ৰকাশিত এটা গৱেষণামূলক প্ৰবন্ধত ৱাশ্বিংটনৰ ড্যুব বিশ্ববিদ্যালয়ৰ কেইজনমান শল্য চিকিৎসকে এই নীতিক সমৰ্থন নকৰে । তেওঁলোকৰ মতে, মানৱ শৰীৰৰ বাবে উপকাৰী বহুতো জীৱাণু উৎপাদন আৰু সেইবিলাকৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত এপেণ্ডিক্সে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তদুপৰি এপেণ্ডিক্সৰ পৰা ওপজা জীৱাণুসমূহে পাচনতন্ত্ৰক প্ৰভাৱিত কৰি খাদ্যবস্তু দ্ৰুততাৰে হজম কৰাত সহায় কৰে ।

গৰ্ভৱতীৰ গাৰু -

কেনেকৈ শুলে বা নুশুলে গৰ্ভস্থ সন্তানটোৰ অৱস্থান ঠিকেঠাকে থাকিব- এই লৈ গৰ্ভৱতী মহিলা, বিশেষকৈ প্ৰথমবাৰ গৰ্ভধাৰণ কৰা মহিলাসকল দুশ্চিন্তাত ভুগি থাকে । ফলত ভালকৈ টোপনি নহয় । পেটৰ সন্তানটোৰ কিবা ক্ষতি হয় বুলি বহুতেই শংকা আৰু হতাশাত ভোগে । কেৱল তেওঁলোকৰ বাবেই নহয়, সকলো গৰ্ভৱতী মাতৃৰ বাবে সুখবৰ কঢ়িয়াই আনিছে স্নুজাৰ প্ৰেগনেন্সি গাৰুৱে । বিশেষভাৱে তৈয়াৰী এই গাৰুৰ ব্যৱহাৰে গৰ্ভস্থ সন্তানৰ অৱস্থান স্বাভাৱিক কৰি ৰখাত সহায় কৰে । ই সুখনিদ্ৰাৰ সহায়ক আৰু মূৰ-ডিঙি-পিঠিৰ বিষ প্ৰতিৰোধী ।

টেক্সট মেছেঞ্জাৰ্ছ থাম্ব -

নিউজীলেণ্ডৰ এগৰাকী কুৰি বছৰীয়া যুৱতী ফ’ৰ বেভিছ । তেওঁ ম’বাইল ফোনযোগে বন্ধু-বান্ধৱীক নিতৌ শতাধিক মেছেজ প্ৰেৰণ কৰি এবছৰমান পূৰ্বে চিকিৎসকৰ শৰণাপন্ন হয় । অসংখ্য মেছেজ কম্পজ কৰাৰ ফলত তেওঁৰ হাতৰ আঙুলিবোৰ ফুলি উঠে আৰু বিষাবলৈ লয় । অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰত একে ধৰণৰ ৰোগত ভুগি থকা দুগৰাকী ৰোগী চিনাক্ত কৰা হৈছে । চিকিৎসা বিজ্ঞানীসকলে এই নতুন ৰোগটোক টেক্সটিং টিন’ছাইন’ভাইটিছ বা টেক্সট মেছেঞ্জাৰ্ছ থাম্ব বুলি নামকৰণ কৰিছে ।

উৎস:- জি এনআৰচি স্বাস্থ্য

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top