মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / স্বাস্থ্য সংবাদ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য সংবাদ :

স্বাস্থ্য সংবাদৰ বিষয়ে লিখা হৈছে ।

 

‘হাইপ’ছমিয়া’- আংশিক জ্ঞানশক্তি হেৰুওৱাটো বিপজ্জনক -

জ্ঞানশক্তি আংশিক বা সম্পূৰ্ণৰূপে লোপ পোৱাটো চিকিৎসা বিজ্ঞানৰ দৃষ্টিত এক প্ৰকাৰৰ ভয়ংকৰ পৰিণতিৰ আগজাননী হ’ব পাৰে। এটা সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে সমগ্ৰ বিশ্বতে প্ৰায়- নিযুত লোক বা প্ৰায় ১২ শতাংশ জ্যেষ্ঠ লোকৰ মাজত এই বিসংগতিৰ লগতে আন কিছুমান শাৰীৰিক বিকাৰ থাকে আৰু এইবিলাকৰ ফলত খাদ্যৰ সোৱাদ পোৱা বা যিকোনো বস্তুৰ গোন্ধ পোৱাৰ ক্ষমতা কমি যায়।

যেতিয়া মানুহে খোৱা খাদ্যৰ সুগন্ধি বা সোৱাদৰ বিষয়ে চিন্তা কৰে, তেওঁলোকে জিভা আৰু স্বাদ অংকুৰবিলাকৰ পৰা লাভ কৰা সোৱাদৰ লগতে তেনে খাদ্যৰ পৰা ওলোৱা সুগন্ধিৰ এক সংমিশ্ৰিত অনুভূতিৰ কথাহে মনলৈ আহে।

গোন্ধ পোৱাৰ অনুভূতিয়ে খাদ্যৰ সুগন্ধি লাভ কৰাত সহায় কৰে আৰু খাদ্য দ্ৰব্যৰ পৰা ওলোৱা গোন্ধ যদি খাওঁতাজনৰ পছন্দ নহয়, তেনেহ’লে তেওঁ খাদ্য দ্ৰব্যৰ সোৱাদো নেপায়। সেইবাবে জ্ঞানশক্তি হ্ৰাস পোৱা লোকে খাদ্যবস্তুৰ সোৱাদ নোপোৱা হয় আৰু তেওঁলোকে চিকিৎসকৰ ওচৰলৈ খাদ্যৰ সোৱাদ নোপোৱা বিসংগতিৰ বাবেহে পৰামৰ্শ ল’বলৈ যায়।

হাইপ’ছমিয়া হোৱাৰ ভালমান কাৰণ আছে। সেইবিলাকৰ ভিতৰত অন্যান্য স্বাস্থ্যজনিত অৱস্থা, ঔষধ সেৱন আৰু দুৰ্ঘটনাৰ ফলত মূৰত পোৱা আঘাত ইত্যাদি। এইবিলাকৰ উপৰি তলত দিয়া কাৰকবিলাকৰ বাবেও মানুহৰ ঘ্ৰাণ শক্তি হ্ৰাস পাব পাৰে।

সেইবিলাক হ’ল, ক্ৰমে-

*এলাৰ্জি,

*মূৰত পোৱা আঘাত,

*ফ্লু দৰে কিছুমান ৰোগৰ সংক্ৰমণ,

*নাকৰ ভিতৰত ছাইনাচ গহ্বৰত সূক্ষ্ম টেমুনা(পলিপ),

*নাকৰ বিন্ধা দুটা পৃথক কৰি ৰখা অস্থিৰ গঠনৰ বিকৃতি,

*ক্ৰণিক ছাইনাচৰ সমস্যা(ক্ৰণিক ছাইনোচাইটিছ) আদি বিসংগতিয়ে ঘ্ৰাণৰ অনুভূতি হ্ৰাস কৰে।

যদি কোনো লোকৰ ছাইনাচ গহ্বৰবিলাক ১২ সপ্তাহৰো বেছি সময় ফুলি উঠে আৰু শ্লেষ্মাৰে ভৰি থাকে আৰু চিকিৎসা গ্ৰহণ কৰাৰ পিছতো অৱস্থা একেই থাকে, তেনেহ’লে প্ৰদাহজনিত কাৰণত মানুহৰ গোন্ধৰ অনুভূতি দিয়া কোষবিলাক নষ্ট হৈ পৰে আৰু এনে অৱস্থা হ’লে মানুহৰ ঘ্ৰাণৰ অনুভূতি হ্ৰাস পায়।

মানুহে বিভিন্ন অসুখৰ বাবে সেৱন কৰা অতি কমেও ২৫০ বিধ বেলেগ বেলেগ ঔষধেও মানুহৰ সোৱাদ পোৱা আৰু গোন্ধ পোৱা অনুভূতি কমাই দিয়ে। তেনে ধৰণৰ কেতবোৰ ঔষধৰ নাম তলত উল্লেখ কৰা হ’ল-

*এমপিচিলিন আৰু টেট্ৰাচাইক্লিন জাতীয় এন্টিবায়োটিক।

*এমিট্ৰিপটাইলিন জাতীয় এন্টিডিপ্ৰেছেন্ট ঔষধ।

*লৰাৰ্টেডাইন জাতীয় এন্টি হিষ্টামাইন।

এইবিলাকৰ উপৰি দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰা কিছুমান ৰাসায়নিক দ্ৰব্য, ধপাৰ সেৱন, ধূমপান আৰু দীৰ্ঘ সময় ধৰি ব্যৱহাৰ কৰা কেফেইন জাতীয় ড্ৰাগছ আদিৰ ফলতো জ্ঞানশক্তি হ্ৰাস পাব পাৰে।

আংশিকভাৱে জ্ঞানশক্তি হ্ৰাস পোৱাৰ ক্ষেত্ৰত বয়সেও কিছু অৰিহণা যোগায়। আমেৰিকান একাডেমি অব অ’ট’লৰিঞ্জোলজিৰ মতে মানুহৰ জ্ঞানশক্তি অতিশয় কৰ্মক্ষম হৈ থাকে ৩০ৰ পৰা ৬০ বছৰ বয়সৰ মাজছোৱাত। তাৰ পিছত লাহে লাহে এই ক্ষমতা কমি আহিবলৈ ধৰে।

সেয়ে বয়সস্থ লোকসকলৰ ক্ষেত্ৰত জ্ঞানশক্তি কমি অহাটো এক সাধাৰণ বিসংগতি। ৮০ বছৰ বয়সৰ পিছত প্ৰায় ৩৯ শতাংশ লোকে জ্ঞানশক্তি কমি যায়।

পাৰ্কিনছনছ ডিজিজ, মাল্টিপল স্কেলৰ’চিছ, আলঝেইমাৰ্ছ ৰোগ, মেদবহুলতা, টাইপ-১ ডায়েবেটিছ, উচ্চ ৰক্তচাপ, পুষ্টিহীনতা আদি কাৰনতো ‘হাইপ’ছমিয়া’ৰ লক্ষণে দেখা দিব পাৰে। সাধাৰণতে হাইপ’ছমিয়াত ভুগি থকা লোকে তেওঁলোকৰ জ্ঞানশক্তিৰ কিছু অংশ হেৰুৱায়।

সি যি কি নহওক লাগে, মূৰত আঘাত পাই জ্ঞানশক্তি হেৰুওৱা লোকৰ ক্ষেত্ৰত কোনো ধৰণৰ চিকিৎসাৰেই জ্ঞানশক্তি ঘূৰাই আনিব নোৱাৰি। অৱশ্যে জ্ঞানশক্তি কিছু পৰিমাণে ঘূৰাই অনাত কিছুমান ঔষধে সহায় কৰিব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

দিনত টোপনি ধৰি থকাটো আলঝেইমাৰ ৰোগৰ আশংকাৰ লক্ষণ -

ডিমেনচিয়াৰ পৰা আটাইতকৈ বেছি হ’ব পৰা ৰোগৰ এটা প্ৰকাৰ হৈছে ‘আলঝেইমাৰ্ছ’ ৰোগ। এই ৰোগটোত বৰ্তমান সমগ্ৰ বিশ্বৰ প্ৰায় ৫০ নিযুট লোক ভুগি আছে আৰু ভাৰতত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় ৪ নিযুত। এই সংখ্যা সমাগত বছৰবোৰত বৃদ্ধি পাব বুলি স্বাস্থ্য বিজ্ঞানীসকলে ভৱিষ্যতবাণী কৰিছে। ২০৫০ চনলৈ সমগ্ৰ বিশ্বত এই ৰোগীৰ সংখ্যা এছিয়াৰ প্ৰায় তিনিগুণলৈ বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে।

ইমান দ্ৰুতগতিত বৃদ্ধি পোৱা হেই ৰোগটোৰ কিন্তু ফলপ্ৰসূ চিকিৎসা ব্যৱস্থা উদ্ভাৱন হোৱা নাই আৰু এতিয়ালৈকে এই ৰোগ নিৰাময় কৰাৰ কোনো উপায় নাই। এই ৰোগটোৰ প্ৰকৃত কাৰণবিলাক এতিয়ালৈকে জানিব পৰা হোৱা নাই। সেয়ে ৰোগটো সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি কৰা কাৰণবিলাক জানিবৰ কাৰণে দীৰ্ঘদিন ধৰি ব্যাপকভাৱে বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানত গৱেষণা চলি আছে।

ৰোগৰ আশংকা বৃদ্ধি কৰাৰ কাৰণবিলাক জানিব পাৰিলে আলঝেইমাৰ ৰোগ হোৱাৰ সম্ভাৱনা বহুলাংশে কমাব পৰা যাব বুলি বিজ্ঞানীসকলে আশা কৰিছে। এতিয়ালৈকে এই আশংকাৰ কাৰকবোৰৰ কেইটিমান কাৰক চিনাক্ত কৰিব পৰা হৈছে।

এইবিলাকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য কাৰক এটা হৈছে- বয়স। আলঝেইমাৰ ৰোগ ৫৬ বছৰৰ পৰা পিছৰ যিকোনো বয়সত হ’ব পাৰে। ৮৫ বছৰৰ পিছত আলঝেইমাৰ ৰোগ হোৱাৰ আশংকা এক তৃতীয়াংশ হয়গৈ।

*২০০০-২০১৫ লৈ ১২৩% আলঝেইমাৰ্ছ ৰোগীৰ মৃত্যু হৈছে।

*প্ৰতি ৩ জনৰ ভিতৰত এজন বয়োজেষ্ঠৰ এই ৰোগত মৃত্যু হৈছে।

এইবিধ ৰোগত বংশগতিয়েও এক প্ৰকাৰৰ ভূমিকা লয়। যদি পৰিয়ালত কাৰোবাৰ এই ৰোগ আছে বা আছিল, তেনেহ’লে তেওঁৰ পিছৰ প্ৰজন্মৰ কাৰোবাৰ এই ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।

বিজ্ঞানীসকলে এইবিধ ৰোগৰ সৃষ্টিৰ সৈতে জড়িত কেইটিমান ‘জিন’ কেইটিমান ‘জিন’ চিনাক্ত কৰিবলৈ সক্ষম হৈছে।

এই ৰোগ প্ৰতিৰোধ কৰাত বা সৃষ্টি কৰাত আৰু মানসিক আৰু শাৰীৰিক কাৰ্যকলাপত খাদ্যৰো এক ভূমিকা আছে। শেহতীয়া গৱেষণাত আৰু এটা কাৰক প্ৰায় চিনাক্ত হৈছে। কাৰকটো হ’ল- টোপনি। ভালদৰে টোপনি নোহোৱা কিছুমান লোকৰ মাজত এই প্ৰবন্ধত ‘জন হপকিন্সন’ ব্লুমবাৰ্গ স্কুল অব পাব্লিক হেলথ’ৰ অধ্যাপক ড° আদাম পি. স্পিৰাই কৈছে যে- ‘আহাৰ, ব্যায়াম আৰু মানসিক কাম-কাজ আদি আলঝেইমাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বিষয়’।

কিন্তু টোপনিটো তেনে গুৰুত্বপূৰ্ণ পৰ্যায়লৈ যোৱা নাই যদিও, শেহতীয়া অধ্যয়নত এই বিষয়টোও অন্যতম গুৰুত্বপূৰ্ণ বিষয়ৰূপে পৰিগণিত হৈছে।

এই বিষয়ত চলাই থকা গৱেষণাত বিজ্ঞানীসকলে প্ৰমাণ পাইছে যে, দিনৰ ভাগতে টোপনিৰ প্ৰৱণতা থকা লোকসকলৰ মগজুত ‘বিটা-এমিলয়ড’ নামৰ একপ্ৰকাৰৰ প্ৰতিবন্ধক গঠন হয় আৰু এইবিলাকেই পিছলৈ ‘আলঝেইমাৰ’ ৰোগৰ সৃষ্টি কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

বেছি মাত্ৰাত ফছফেট সেৱনে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে -

আমাৰ দৈনন্দিন আহাৰৰ লগত বেছি পৰিমাণে ফছফেট সেৱন কৰিলে কম বয়সীয়া প্ৰাপ্তবয়ষ্কৰ ক্ষেত্ৰত ৰক্তচাপৰ লগতে হৃদস্পন্দনৰ গতিও বৃদ্ধি পায়। এই কথা শেহতীয়া এক গৱেষণাত প্ৰমাণ পোৱা গৈছে।

যদি আহাৰৰ লগত বেছি পৰিমাণে ফছফেট সেৱন কৰা হয়, তেনেহ’লে স্বাস্থ্যবান কম বয়সীয়া প্ৰাপ্তবয়ষ্ক লোকৰো ৰক্তচাপ আৰু হৃদস্পন্দনৰ গতি বৃদ্ধি পাব পাৰে। এই বিষয়ৰ অধ্যয়নটো চলোৱা হৈছিল বেছেল বিশ্ববিদ্যালয়ত আৰু ‘আমেৰিকান ছ’চাইটি অব নেফ্ৰল’জি’ নামৰ জাৰ্নেলখনত এই গৱেষণাৰ সবিশেষ প্ৰকাশ পাইছিল। কাৰখানাত প্ৰ্স্তুত কৰা চীজ, বহুকেইবিধ সংৰক্ষণ কৰা মাংস, কফি আদি খাদ্য দ্ৰব্যত যথেষ্ট পৰিমাণে ফছফেট মিহলোৱা হয়।

কিছুমান প্ৰাকৃতিক খাদ্যতো ফছফেট যথেষ্ট পৰিমাণে থাকে। কিন্তু আধুনিক মানুহে তেনে ধৰণৰ খাদ্য সামগ্ৰী যথেষ্ট পৰিমাণে খাবলৈ লৈছে আৰু ফলত মানুহে আজিকালি পূৰ্বতকৈ বহু বেছি মাত্ৰাত ফছফেট খাই আছে।

বিশেষভাৱে পূৰ্ব প্ৰস্তুত আৰু বায়ুৰুদ্ধ টেমা বা পেকেটত দীৰ্ঘদিনলৈ বেয়া নোহোৱাকৈ ৰখা খাদ্য খোৱাৰ অভ্যাসে প্ৰচুৰ পৰিমাণত ফছফেট সেৱনৰ পৰিমাণ বৃদ্ধি কৰিছে।

ফলত সৰ্বাধিক অনুমোদিত ফছফেট সেৱনৰ পৰিমাণ দিনে ৭০০ মিলিগ্ৰামৰ সীমা সকলোৱে অতিক্ৰম কৰিছে।

উচ্চ মাত্ৰাৰ ফছফেট সেৱনৰ ফলত ৰক্তবাহী নলীত ফলক জমা হোৱা এক অৱস্থাৰ সৃষ্টি হ’ব পাৰে। দীৰ্ঘদিনীয়া কিডনিৰ সমস্যাত ভুগি থকা লোকক সেয়ে তেনেই কম মাত্ৰাত ফছফেটযুক্ত আহাৰ খোৱাৰ পৰামৰ্শ দিয়া হয়।

বৰ্ধিত মাত্ৰাত ফছফেটযুক্ত আহাৰে সুস্বাস্থ্যৰ লোক এজনৰ শৰীৰটো আৰ্টেৰিও স্কেলৰ’চিছ বা হৃদযন্ত্ৰ আৰু ৰক্তসঞ্চালন তন্ত্ৰৰ ৰোগ সৃষ্টি কৰিব পাৰে। এই বিষয়ত বেছেল বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰেটো ক্ৰেফে চলোৱা অধ্যয়নত দেখা গ’ল যে, অতিৰিক্ত মাত্ৰাত ফছফেট সেৱন কৰা সুস্থ লোকৰ চিষ্টোলিক আৰু ডায়েষ্টোলিক চাপ দুয়োটাই বৃদ্ধি পায় আৰু তাৰ লগে লগে হৃদস্পন্দনৰ গতিও প্ৰতিমিনিটত স্বাভাৱিকতকৈ চাৰিটা স্পন্দন বৃদ্ধি পায়।

কিন্তু ফছফেট সেৱন স্বাভাৱিক মাত্ৰালৈ অনাৰ দুমাহৰ পিছতে সকলো অংশগ্ৰহণকাৰীৰে ৰক্তচাপ আৰু হৃদস্পন্দন স্বাভাৱিক মাত্ৰালৈ নামি আহে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

 

5.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top