মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হজমশক্তিৰ কমৰ ফলত সৃষ্টি হব পাৰে ভিন্ন ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হজমশক্তিৰ কমৰ ফলত সৃষ্টি হব পাৰে ভিন্ন ৰোগ :

হজমশক্তিৰ কমৰ ফলত সৃষ্টি হব পাৰে ভিন্ন ৰোগৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ শৰীৰটো যিবোৰ তত্বৰ দ্বাৰা গঠিত সেই আটাইবোৰ তত্বৰ ভৰণ পোষণ নিৰ্ভৰ কৰে আমি খোৱা খাদ্য সমূহৰ ওপৰত। সেই বাবেই শৰীৰৰ প্ৰক্ৰিয়া সমূহ সুচাৰুভাৱে চলিবলৈ তথা আমি সুস্হ সৱল হৈ থাকিবলৈ শৰ্কৰা, প্ৰটিন, চৰ্বী, ভিটামিন,মিনাৰেল আৰু পানীৰ প্ৰয়োজন। প্ৰত্যেক কোষৰ ভৰণ পোষনত এই তত্ব সমূহৰ প্ৰয়োজন আৰু কোষ অনুসৰি ওপৰোক্ত তত্ব সমূহ পৰিমাণ ভিন্ন ভিন্ন।

আমি খোৱা খাদ্য সমূহ মুখৰ ভিতৰত দাঁতেৰে চোৱাই খাওঁতে লালাগ্ৰন্থীৰ পৰা নিৰ্গত লালাস্ৰাৱৰ সহায়ত কিছু পৰিমানে শিথিল হয়। ইয়াৰ পিছত পাকস্থলীৰ অম্ল ৰসৰ সংস্পৰ্শলৈ আহে খাদ্য সমূহ। যত খাদ্যসমূহ টেঙা হৈ পৰে আৰু প্ৰটিন তথা কাৰ্বো হাইড্ৰেট সমূহ সূক্ষ্ম কনালৈ ৰূপান্তৰিত হয়।

পিছলৈ এই খাদ্য সমূহ পাকস্থলীৰ পিছৰ অংশ গ্ৰহনীলৈ প্ৰবাহিত হয় য'ত পিত্তস্থলীৰ পৰা নিৰ্গত পিত্তৰসৰ সংস্পৰ্শলৈ আহে আৰু মুখ্যতঃ চৰ্বি জাতীয় খাদ্য সমূহ সুক্ষ্ম কনালৈ ৰূপান্তৰীত হয়।

গ্ৰহনীত আমাৰ খাদ্য সমূহে আমাৰ পেটৰ মধ্য অংশত থকা পেংক্ৰিয়াছ গ্ৰন্থিৰ পৰা নিৰ্গত ৰসৰ সংস্পৰ্শলৈ আহে যাৰ ফলত আমি খোৱা প্ৰটিন সমূহ সূক্ষ্ম কনালৈ ৰূপান্তৰিত হয়। ইয়াৰ পিছত খাদ্য সমূহ ক্ষুদ্ৰ আন্ত্ৰলৈ প্ৰবাহিত হয় য'ত পৰিপাক প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ লাগতিয়াল খাদ্য অংশ শোষিত হৈ যকৃতলৈ প্ৰবাহিত হয় আৰু যকৃতত এক প্ৰক্ৰিয়াৰে পৰিপাক হৈ কাৰ্বোহাইড্ৰেট সমূহ গ্লুকোচ লৈ, চৰ্বী সমূহ ফেটি এচিডলৈ, আৰু প্ৰতিনসমূহ এমিনো এচিডলৈ ৰূপান্তৰিত হৈ হৃদয়লৈ যায় আৰু তাৰ পৰা গোটেই শৰীৰৰ কোষবোৰলৈ গতি কৰে।এনেদৰেই কোষবোৰ সন্তুলিত হয়। অলাগতিয়াল খাদ্য অংশ মলদ্বাৰেৰে মল হিচাপে আৰু মূত্ৰ মার্গেৰে মূত্ৰ হিচাবে বিষৰ্জিত হয়।

পেটৰ এই সমূহ পাচন প্ৰক্ৰিয়া সম্পন্ন কৰা ৰস সমূহক আয়ুৰ্বেদিক শাস্ত্ৰই অগ্নি নামেৰে নামাকৰণ কৰিছে। এই অগ্নি যেতিয়া সঠিকভাৱে কাম কৰি থাকে তেন্তে পৰিপাক প্ৰক্ৰিয়া ঠিকেই থাকে আৰু অলাগতিয়াল বিষাক্ত দ্ৰব্যৰ উৎপত্তি নহয় আৰু শৰীৰ সুস্থ হৈ থাকে।

অগ্নি বৈষম্য হলে কি হব পাৰে?

মহৰ্ষি বাঘভট্ট ই তেওঁৰ দ্বাৰা লিখিত অষ্টাঙ্গ সংগ্ৰহ ত উল্লেখ কৰিছে যে এই অগ্নি যেতিয়া দুৰ্বল হয় তাৰ ফলত পৰিপাক প্ৰক্ৰিয়াৰ বিসঙ্গতি হৈ এবিধ বিষাক্ত দ্ৰব্যৰ সৃষ্টি কৰে যাক আম বুলি কোৱা হয়।

আম হৈছে এবিধ বিজলুৱা দ্ৰব্য যিয়ে শৰীৰত বিভিন্ন বিসঙ্গতিৰ সৃষ্টি কৰিব পাৰে। মহৰ্ষি চৰকে তেওঁৰ দ্বাৰা লিখিত চৰক সংহিতাত আমক ঘোৰ অন্ন বিষ বুলি বৰ্ণনা কৰি কৈছে যে যদিহে এই বিষাক্ত দ্ৰব্য শোষিত হৈ ৰক্তৰ লগত মিহলি হয় তেন্তে নানান ৰোগৰ সৃষ্টি হব পাৰে।

কেনেকৈ জানিব বিষাক্ত আমৰ সৃষ্টি হৈছে বুলি?

আয়ুৰ্বেদ শাস্ত্ৰত অতি সুন্দৰ ভাবে বৰ্ণনা কৰি গৈছে যে যদিহে আমৰ সৃষ্টি হয় তেন্তে তলত দিয়া লক্ষণ সমূহ হব পাৰে:

*লেলাওতীৰ অত্যাধিক ক্ষৰণ।

*মুখৰ সোৱাদ বিকৃত হ’ব।

*খাবলৈ মন নাযাব।

*পেট বা গোটেই শৰীৰ ওজন ওজন লাগি থাকিব।

*বমি বমি ভাৱ হৈ থাকিব।

*অত্যাধিক পেচাব হোৱা

*জ্বৰ জ্বৰ ভাৱ হোৱা

ইত্যাদি প্ৰাৰম্ভিক লক্ষণ হব পাৰে। ওপৰোক্ত লক্ষণ সমূহ জনাৰ পিছত আপোনাৰ মনত নিশ্চয় শংকা হব যে আপুনি প্ৰায়েই এনেবোৰ লক্ষণত ভুগি আছে।

আমৰ দীৰ্ঘদিনীয়া পৰিণতি কি হব পাৰে?

সময়ে সময়ে যদি আমৰ সৃষ্টি হৈ থাকে তেন্তে কালক্ৰমত আপোনাৰ শৰীৰৰ কোষবোৰ ৰুগীয়া হৈ পৰিব যাৰ ফলত তলত উল্লেখ কৰা ৰোগ সমূহৰ প্ৰাদুৰ্ভাৱ হব পাৰে:

*বিভিন্ন ধৰণৰ গাঁঠিৰ বিষ(Rheumatoid arthritis, gouty arthritis, SLE,) হব পাৰে।

*থাইৰয়ডৰ বেমাৰ হব পাৰে।

*শুক্ৰাণু তথা ডিম্বাণুৰ বিশংগতিৰ ফলত সন্তানহীনত হব পাৰে।

*ডায়েবেটিজ হ’ব পাৰে।

*বৃক্ক নষ্ট হব পাৰে(chronic renal failore)

*হৃদয়ৰ ধমনি বন্ধ হৈ হৃদ ক্ৰিয়া বন্ধ হব পাৰে(angina pectoris, myocardial infarction etc)।

*স্মৃতি শক্তি লোপ পাব পাৰে তথা বিভিন্ন ধৰণৰ নাৰ্ভৰ ৰোগ হব পাৰে।

*এজমা ৰোগ,এলাৰ্জি ৰোগ তথা ছালৰ চৰিওচিছ(psoriosis) প্ৰভৃতি ৰোগ হব পাৰে।

আমৰ ফলত হব পৰা ৰোগৰ তালিকাখন দীঘলীয়া । ইয়াত সংক্ষেপতে কেইটামান ৰোগৰ নামহে উল্লেখ কৰিলোঁ।

কিয় হয় অগ্নি দুষ্টি তথা বিষাক্ত আম?

*অত্যাধিক পানী সেৱন

যধে মধে অত্যাধিক পানী সেৱন কৰিলে পেটৰ পৰিপাক প্ৰক্ৰিয়াৰ বিশংগতি হয়।অগ্নি অৰ্থাৎ পাঁচক ৰস সমূহ হ'ল আগ্নেয় প্ৰকৃতিৰ।

জুইত পানী ঢালিলে যেনেকৈ জুইকুৰা নুমাই যায় ঠিক তেনেকৈ অত্যাধিক পানী সেৱনে পেটৰ অগ্নি দুৰ্বল কৰে যাৰ ফলত হজম শক্তি ঠিক নহয় আৰু বিষাক্ত আমৰ প্ৰাদুৰ্ভাৱ হয়।

*আভোজন(ভোজন কমকৈ কৰিলে)।

*অজীৰ্ণত ভোজন

আগৰ খাদ্য হজম নহওতেই পুনৰ খাদ্য গ্ৰহণ কৰা। গুৰু ভোজন খোৱাৰ মাজত কমেও ছয় সাত ঘণ্টামান বিৰতি হ’ব লাগে।

*অতি ভোজন

অত্যাধিক ভোজন কৰিলে সম্যক পৰিমাণত ক্ষৰিত হোৱা পাঁচক ৰসে খাদ্য সমূহ সঠিকভাৱে পৰিপাক কৰিব নোৱাৰে।যাৰ ফলত আমৰ সৃষ্টি হয়।

*অসাত্ম্য ভোজন

শৰীৰৰ প্ৰতিকূল খাদ্য গ্ৰহণ কৰা তথা যিবোৰ খাদ্য অপকাৰী তেনেবোৰ খাদ্য সেৱন কৰা।

*অতি গুৰু ভোজন,অতি শীত ভোজন,অতি শুকান খাদ্য,সংক্ৰমিত খাদ্য সেৱন।

*চিকিৎসা বিভ্ৰাত

চিকিৎসকৰ হাতত উচিত চিকিৎসা নাপালে বা চিকিৎসাৰ পাৰ্শ্বক্ৰিয়াৰ ফলটো আমৰ সৃষ্টি হব পাৰে।

*দেশ অনুপাতে খাদ্য গ্ৰহণ নকৰা

প্ৰকৃতিয়ে আমাৰ শৰীৰ সুস্থ কৈ ৰাখিবলৈ আমাৰ আশে পাশে বিভিন্ন ফল মূল,শাক পাচলী,খাদ্য দ্ৰব্যৰ যোগান ধৰি আহিছে।

বৰ্তমান বিশ্বয়ানৰ যুগত অন্য ঠাইৰ খাদ্য আমাৰ ওচৰতে উপলব্ধ যি আমাৰ শৰীৰৰ কাৰণে উপযোগী নহয় আমাৰ বসতি স্থান অনুসৰি।

উদাহৰণ স্বৰূপে গৰমৰ দিনত বিলাহী, বন্ধকবি গাজৰ আদি খোৱা তথা ঠাণ্ডাৰ দিনত জিকা,ভোল আদি খোৱা মানেই আমৰ প্ৰাদুৰ্ভাৱ হোৱা।

*কাল অনুসৰি ভোজন নকৰা

যিকোনো খাদ্য যিকোনো সময়ত খাব নোৱাৰি। দিন ৰাতি তথা সময় অনুসৰি খাদ্য তালিকা ভিন্ন। ইয়াৰ বিশংগতিয়ে পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়।

*বেগ ধাৰণ

উগাৰ, হাচি, অধো বায়ু, মূত্ৰ প্ৰবৃত্তি, মল প্ৰবৃত্তি ইত্যাদি হৈছে নিয়মিত বেগ।এনে বেগ ধাৰণ কৰিলেও আমৰ সৃষ্টি হয়।

ভালদৰে বিশ্লেষণ কৰিলে দেখিব যে আমি প্ৰতিজন ব্যক্তিয়েই ওপৰোক্ত নিদান সমূহ সেৱন কৰি আহিছো।

বৰ্তমান জীৱন শৈলীয়ে আমাৰ প্ৰয়োজনীয় নিয়ম কানুন ৰক্ষা কৰি চলাত বাধাৰ সৃষ্টি কৰি আহিছে যাৰ বাবেই প্ৰায়বোৰ ব্যক্তিয়েই বিভিন্ন ৰোগৰ সৈতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে।

বিশ্লেষণ কৰি দেখা গৈছে যে বৰ্তমান ডায়েবেটিজ, থাইৰড, কেন্সাৰ, আৰথ্ৰাইটিছ কিডনী তথা হৃদৰোগীৰ সংখ্যা যঠেষ্ট বাঢ়িব ধৰিছে। ইয়াৰ মূল কাৰণ হৈছে আমৰ উৎপত্তি। কেতবোৰ সাৱধানতাই আপোনাক ভৱিষ্যতলৈ সুৰক্ষিত কৰিব।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: ৮৬৩৮২১১৭১১

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top