মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হোমিঅʼ আৰু আকুপাংচাৰ / অৰ্শৰোগৰ হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অৰ্শৰোগৰ হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসা

এই শিতানত অৰ্শৰোগৰ হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰা হৈছে।

অৰ্শৰোগক ইংৰাজীত Piles শব্দটো গ্ৰীক শব্দ ‘Pila’ শব্দৰ বৈজ্ঞনিক নাম হ’ল Haemorroides। ই গ্ৰীক ‘Haima’ আৰু ‘Rhoos’ শব্দ দুটাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল Haima মানে তেজ আৰু Rhoos মানে বৈ থকা।

অৰ্শৰোগ আন ভিতৰুৱা ৰোগৰ পৰাহে সৃষ্টি হয়। অৰ্শৰোগীৰ গুহ্যদ্বাৰত আঙুৰৰ থোপাৰ দৰে মাংসপিণ্ডৰ থোপা গঠন হৈ গুহ্যদ্বাৰ ফুলি উঠে। সেই থোপাবোৰ ফাটি কিছুমান ৰোগীৰ তেজ ওলায়। কিছুমানৰ তেজ নোলায়। কিছুমাণ ৰোগীৰ গুহ্যদ্বাৰত বিষ আদি নাথাকে যদিও শৌচৰ শেষত টোপ টোপকৈ বা ফিচকাৰী মৰাৰ দৰে তেজ পৰে। অৰ্শৰোগৰ আৰম্ভনিতে শৌচ কৰোতে , কৰাৰ আগতে বা শৌচ কৰি উঠাৰ পিছত অসহ্য বিষ হয়। অৰ্শ ৰোগীৰ গুহ্যদ্বাৰৰ ভিতৰফালে আঙুৰৰ দৰে হয়। অৰ্শ ৰোগীৰ গুহ্যদ্বাৰৰ ভিতৰফালে আঙুৰৰ দৰে হোৱা মাংসপিণ্ডবোৰ শৌচ কৰোতে বাহিৰলৈ ওলায় আহে। সহজে ভিতৰলৈ সোমাই নাযায়। আঙুলিৰে হেঁচা মাৰি ভিতৰলৈ সুমুৱাব লাগে। নতুন অৱস্থাত টান মাংশপিণ্ডবোৰ ভিতৰলৈ ঠেলি দিলে সাংঘাতিক বিষ হয়। কিছুমান অৰ্শৰোগীৰ অৰ্শ গুহ্যদ্বাৰ ভিতৰত হয়। মাজে মাজে তেজ ওলাই থাকে আৰু শৌচ কৰোতে অসহ্য বিষ হয়। লগতে যদি শৌচ কঠিন হয় তেন্তে প্ৰচণ্ড বিষ হয়। কিছুমান অৰ্শৰোগীৰ অৰ্শ গুহ্যদ্বাৰৰ সন্মুখত ওলমি থকা মাংসপিণ্ডবোৰ ফাটি ঘাঁ হয়। অনবৰত তেজ, পূঁজ বা জুলীয়া পদাৰ্থ্ ওলাই থাকে। কিছু লোকৰ শৌচৰ আকাৰ ডাঙৰ হোৱাৰ কাৰণে গুহ্যদ্বাৰত ফাট মেলে।

কাৰণ-

  • নানা কাৰণত যকৃতত বেছিকৈ তেজ সঞ্চয় বা যকৃত গধুৰ অনুভৱ হ’লে।
  • যকৃতৰ বিসংগতি, Hepatitis আদি ৰোগ হ’লে।
  • লিভাৰৰ পুৰণি ৰোগ বা চিৰ’ছিছ আদি ৰোগ হ’লে।
  • বহুদিন ধৰি আমাশয় বা Colitis ভূগি থাকিলে।
  • প্ৰষ্টেট গ্ৰন্থি বেছিকৈ বৃদ্ধি হ’লে।
  • মূত্ৰাশয়ৰ ৰোগ বা Renal Stone থাকিলে।
  • গৰ্ভৱতী অৱস্থাত জৰায়ুৰ ওপৰত বেছিকৈ চাপ পৰিলে।
  • বিভিন্ন কাৰণত সিৰাত চাপ পৰিলে।

 

লক্ষণ-

  • মলদ্বাৰৰ বাহিৰত উভয়ফালেই সৰু মটৰ গুটিৰ দানাৰ নিচিনাকৈ দুই-এটা বা আঙুৰৰ থোপাৰ দৰে বহুত টেমুনা হয়।
  • টেমুনাবোৰ যেতিয়ালৈকে ভিতৰত থাকে, তেতিয়ালৈকে তাৰপৰা কোনো ৰক্তপাত নহয়।
  • মলত্যাগৰ সময়ত ভিতৰৰ টেমুনাও বাহিৰলৈ ওলায় আহে আৰু সেই সময়ত তাৰ ৰক্তপাত হৈ থাকে। মলত্যাগৰ সময়ত প্ৰচণ্ড জোৰ দিব লগা হয়।
  • পাতল শৌচ হ’লে ৰক্তপাত হোৱাৰ সম্ভাৱনা বহুত কম হয়।
  • শৌচদ্বাৰত জ্বলা-পোৰা আৰু বিষ হৈ থাকে।
  • শৌচদ্বাৰত ফোঁহা বা ঘাঁ হ’ব পাৰে।
  • মলাশয় শৌচদ্বাৰৰ বাহিৰলৈ আহি ওলমি পৰিব পাৰে।
  • শৌচ কৰাৰ পাছতো মলদ্বাৰত মল জমি আছে যেন অনুভৱ হয়। মলদ্বাৰত কিট কিটকৈ কেতিয়াবা কামুৰি থাকে।
  • মূৰ ঘূৰণি বা মূৰৰ বিষ, হাৰ্টৰ দূৰ্বলতা আৰু ৰক্তশূণ্যতা আদি দেখা দিব পাৰে।

অৰ্শৰোগ এটা জটিল ৰোগ যদিও উপযুক্ত নিয়ম-নীতি মানি চলিলে হোমিঅ চিকিৎসাৰে ৰোগৰপৰা পৰিত্ৰাণ পাব পাৰি।

হোমিঅ ঔষধবোৰ হ’ল-

Arsenic album, Lycopodium, Carbo veg, Aloesoc, Acid nitric, Nux Vomica, Sulphur, Aesculus Hip আদি।

 

এই বিন্দুসমূহত প্ৰতিদিনে তীব্ৰ উত্তেজনা দি চিকিৎসা কৰা হয়। এই চিকিৎসা ১৫-২০ মিনিট সময় কৰা হয়। তাৰ লগতে মক্সিবাশ্বনো কৰা হয়।

অৰ্শৰোগত হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসা কৰাৰ উপৰি কেঁচুমটাৰ বাষ্প ল’ব পাৰে।

শুকান ৪-৫ ডোখৰ কেঁচুমটা জুইত ৰঙা হ’বলৈ দিব লাগে। ৰঙা হ’লে এটা সৰু (গাখীৰৰ টিনৰ সমান)টিনত সেই ৰঙা হোৱা কেঁচুমটা কেইডোখৰ সুমুৱাই ল’ব লাগে। টিনত সুমুৱাই লগে লগে কিছু মিটাতেল টিনটোৰ ভিতৰত কেঁচুমটাৰ ওপৰত ঢালি দিব লাগে।

এইদৰে মিঠাতেল ঢালি দিয়াৰ লগে লগে বাষ্প হৈ ধোঁৱা ওলাব। সেই ধোঁৱা যিমান গৰম সহ্য কৰিবপৰা যায়সিমান গৰম শৌচ কৰাৰ দৰে বহি বাষ্প ল’ব লাগে। এবাৰ বাষ্প লোৱা কেঁচুমটা পুনৰ ব্যৱহাৰ কৰিব নালাগে। এনেদৰে ৰাতি তিনি চাৰিৰাৰ একে লেথাৰিয়ে বাষ্প ললে অতি কম দিনৰ ভিতৰত অৰ্শৰোগ আৰোগ্য হয়। অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহয়। অৰ্শৰোগ আৰোগ্য হলেও শৰীৰৰ ভিতৰুৱা ৰোগসমূহ সম্পূৰ্ণ আৰোগ্য নোহোৱালৈকে হোমিঅ’ ঔষধ খাব লাগে। এই চিকিৎসাবোৰৰ উপৰি কুচিয়া মাছ মানিমুনি শাকৰ লগত এসপ্তাহমান দিনে দুবাৰকৈ আঞ্জা ৰান্ধি খালেও অৰ্শৰোগ সম্পূৰ্ণ আৰোগ্য হয়।

সাৱধানতাঃ

অৰ্শৰোগত বেছি মছলাযুক্ত খাদ্য খাব নালাগে। সদায় সহজে হজম হোৱা খাদ্য খাব লাগে। মদ এই ৰোগৰ প্ৰধান শত্ৰু। মদ খালে এই ৰোগ বহুত বাঢ়ি যায়। বাইক চলোৱা, চাইকেল চলোৱা, গাড়ীত বেছি ভ্ৰমণ কৰাৰ পৰা আঁতৰি থাকিব লাগে। বিষ হৈ থাকিলে আসন কৰি বহিব নালাগে। সদায় অলপ সময় খোজ কাঢ়িব লাগে। পানী বেছিকৈ খোৱাৰ অভ্যাস কৰিব লাগে। সদায় সেউজীয়া শাক পাচলি, দৈৰ ঘোল, বেলৰ চৰবত, পকা কল আদি নিয়মীয়াকৈ খাব লাগে। কেতিয়াও শৌচৰ বেগ ধৰি ৰাখিব নালাগে। উপবাসে থকা, ৰাতি উজাগৰে থকা, সহবাস আদিৰপৰা বিৰত থাকিব লাগে। তদুপৰি নাৰিকলৰ পানী, ফলৰ ৰস, বেল, কঁচু, পকা অমিতা আদি খোৱাৰ অভ্যাস কৰিব লাগে। সদায় শৌচ-প্ৰস্ৰাৱ খোলোচা ৰাখিবলৈ চেষ্টা কৰিব লাগে।

 

উৎসঃ ডা০ ডুলুমণি দাস

 

2.98850574713
সন্তোষ ৰায় Jun 25, 2017 10:14 PM

মোৰ অৰ্শৰোগ হৈছে প্ৰচন্দ বিষ হয় । কি কৰিম ?

প্ৰবীন দাস Jul 03, 2015 12:42 AM

মোৰ অৰ্শ ৰোগ হোৱা পোন্ধৰ মাহ মান হল। মই এজন ডেকা লৰা । বহুত চিন্তা হৈছে । মানসিক ভাৱে ভাগৰি গৈছোঁ । ইয়াক সম্পূৰ্ণ কে ভাল কৰিব পাৰিনে? খৰছ কিমান পৰিব ?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top