অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰম দিনত হোৱা ডিচেন্ট্ৰি আৰু ডায়েৰিয়াৰ হোমিঅপেথিক চিকিৎসা

গৰম দিনত হোৱা ডিচেন্ট্ৰি আৰু ডায়েৰিয়াৰ হোমিঅপেথিক চিকিৎসা

গ্ৰ্হনী নামৰ বেমাৰটো গৰমদিনৰ বন্ধু বুলি কলেও ভূল নহব নিশ্চয়।ঠাণ্ডাৰ পৰা গৰম বা অতি গৰম বতৰত গ্ৰ্হনী বেমাৰ বেছিকৈ হয়।সধাৰনতে ঋতু পৰিৱৰ্তন,অতিৰিক্ত মদ্যপান,পচা মাছ-মাংস,শাক পাচলি গৰম মছলা সেৱন আদি কাৰণত এই ৰোগ হয়। কেতিয়াৱা গ্ৰহনীৰোগ অতি সংক্ৰামক ৰুপেও প্ৰকাশ পায়।

লক্ষন

ৰোগীৰ পেট কামোৰে,পায়খানৰ লগত তেজ আৰু শাওঁ পৰে।ঘনাই পায়ুখানৰ ভাৱ হয় জোৰ দি পায়খানা কৰিব লগিয়া হয়,পেট চিকুট মাৰি ধৰিলে পায়খানা কৰিব লগা হয় পেট চিকুট মাৰি ধৰিলে পায়খানা কৰিব লগা হয় কিন্ত পায়খানা সামান্য পৰিমানে হয়।২৪ ঘন্টাত ১০/১২ বাৰৰ পৰা পৰা ৫০/৬০ বাৰলৈকে পায়খানা হয়।কেতিয়াবা পেটত সাংঘাটিক বিষ হব পাৰে কেতিয়াবা বিষ নথাকে।বহু সময়ত দেখা যায় গ্ৰহনী ৰোগ প্ৰকাশ পোৱাৰ লগে লগে ৰোগীৰ সামান্য পৰিমানে শৰীৰটো ঠাণ্ডা লাগি জ্বৰ হয়,মূৰৰ বিষ হয়,বমি আদি হয়।সাংঘাটিক ধৰনৰ গ্ৰহনী ৰোগত নাড়ীত ঘা লাগে আৰু সেই ঘা লিভাৰলৈকে বিয়পে।লিভাৰত ডাঙৰ ফোহাঁ উৎপন্ন কৰে।ক্ৰমাত ই পাকস্থলীলৈকে বিয়পি পৰি গেষ্ট্ৰিক আলচাৰত পৰিণত হয়।

গ্ৰহনী:গ্ৰহনী দুই প্ৰ্কাৰৰ। ১)বেচিলাৰী(Bacillary Dysentery)

2/এমিবিক(Amoebic Dysentery)

বেচিলাৰী ডিচেণ্ট্ৰী জটিল ধৰনৰ ৰোগ আৰু ইয়াক সহজ আৰোগ্য কৰা টান হৈ পৰে।ৰোগৰ উগ্ৰতা অধিক হলে নাড়িত ঘা হয়।ৰোগীৰ উগ্ৰতা অধিক হলে নাড়ীত ঘা হয়।ৰোগীৰ জ্বৰ থাকে ঘনাই পাতল পায়খানা হয়।পায়খানাৰ লগত তেজ আৰু শাওঁ থাকে।কেতিয়াবা পায়খানাত তেজৰ পৰিমান বেছি হব পাৰে বা কেৱল তেজৰ পায়খানাই হয়।লগত জ্বৰ থাকে।ৰোগীৰ পেটত বিষ থাকে।বেচিলাৰী ডিচেন্ট্ৰী সাধাৰনতে দুই প্ৰকাৰৰ বীজানুৰ পৰা হব পাৰে—

১)Flexner Bacillay’

2/Shiga Bacilus

জাপানৰ বিখ্যাত ডাক্তৰ Shinga ই সৰ্ব প্ৰথমে বেচিলাৰী ডিচেণ্ট্ৰীৰ অস্তিত্ব আৱিস্কাৰ কৰে।এই ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগী এজনৰ অন্ত্ৰত ডাক্তৰ shinga ই এক প্ৰকাৰৰ জীৱানু অবিস্কাৰ কৰে।এই ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগী এজনৰ অন্ত্ৰত ডাক্তৰ shinga ই এক প্ৰকাৰৰ জীৱানু অবিস্কাৰ কৰে আৰু আৰু তেওঁৰ নাম অনুসৰি এই জীবানুৰ নাম ৰখা হয় shinga Baciluss.অতিৰিক্ত জনস্ংখ্যা,পুষ্টিকৰ খাদ্যৰ অভাৱ আদিয়েই এই ৰোগৰ প্ৰধান কাৰন।খাদ্য আৰু পানীৰ দ্বাৰা এই বীজানুৱে বিস্তৃতি লাভ কৰে।

Flexner Bacllus বীজানুৰ পৰা হোৱা গ্ৰহনীত ৰোগীৰ জ্বৰ কম থাকে।পায়খানাৰ লগত তেজ আৰু শাও মিহলি হো থাকে।

ডিচেন্ট্ৰি ৰোগৰ পায়খানাত এমিবা থাকে।ৰোগীৰ পায়খানাৰ পৰা এই বীজানুৱে বীস্তাৰ লাভ কৰে।ডাক্তৰ Lambba শিশুৰ পায়খানাত এমিবা আৱিস্কাৰ কৰিছিল।এই এমিবা বোৰক Entamoeba Histoltica বুলি কোৱা হয়।এইবিলাক আদ্য প্ৰানী জাতীয় বীআনু।ৰোগীৰ পায়খানাৰ পৰা এই ৰোগ বিস্তাৰিত হয়।

কোনো কাৰনে যদি এই ৰোগৰ যিকোনো এবিধ জীৱানু খাদ্য বস্তৰ লগত মিহলি হৈ পেটলৈ যায় তেন্তে সেই মানুহজনৰো এই ৰোগ হব পাৰে।এই প্ৰকাৰৰ ডিচেণ্ট্ৰি লাহে লাহে প্ৰকাশ পায়।ৰোগীৰ পেট চিকুটমাৰি ধৰে আৰু পায়খানাৰ ভাৱ হয়।হলেও সামান্য পৰিমানে পায়খানা হয়।

কি বীজানুৰ পৰা ডিচেণ্ট্ৰী হয় বা কেনদৰে প্ৰকাশ পায় তাক থুলমূলকৈ আলোচনা কৰা হল।কেৱল লক্ষনৰ ওপৰত ভিত্তি কৰিহে হোমিওপেথিক ঔষধ ব্যৱহাৰ কৰা হয়।ৰোগ নিৰ্নয় কৰি ৰোগ আৰু ঔষধৰ লক্ষন মিলাই চিকিৎসা কৰিলে প্ৰায় ৰোগ আৰোগ্য হয়। হোমিওফেথিক চিকিৎসাত পূৰনা ডিচেণ্ট্ৰি(Chronic Dysentery)ৰোগ আৰোগ্য হয়।

ঔষধ

Podophyllum-podo ব্যবহাৰ কৰিব লগীয়া ৰোগীৰ পায়খানা পৰিমান অধিক থাকে।পায়খানা অত্যন্ত দুৰ্গন্ধ মুক্ত হয়,এনে লাগে যেন পেটৰ বিতৰৰ নাড়ী-ভূৰু পচিহে গৈছে।পেটৰ বিষ প্ৰায়েই নাথাকে।পেটত গৰ গৰ শব্দ হৈ থাকে।অধিক পৰিমানৰ পায়খানা হয় আৰু  আৰু পায়খানাৰ পাছত ৰোগী দুৰ্বল হৈ শুই বহি থাকিব বিচাৰে।

Merc Sol-ঋতু পৰিৱৰ্তনৰ সময়ত যেনে গৰমৰ পৰা ঠাণ্ডা,ঠাণ্ডাৰ পৰা গৰম হোৱা বতৰত ডিচেন্ট্ৰি হলে Merc Sol ব্যবহাৰ হয়।ৰোগীৰ পেটৰ বিষ থাকে।মূল লক্ষন হল পায়খানা কৰাৰ অগতে পায়খানা কৰি থাকোতেঁ আৰু পায়খানা কৰাৰ পাছতো পেটত বিষ থাকে।ৰোগীয়ে মাজে মাজে জাৰ লগা বা গৰম লগা অনুভৱ কৰে।

Merc Cor-পায়খানাত তেজৰ পৰিমান বেছি  থাকে।ঠাণ্ডা ভাৱ বেছি থাকে।ঠাণ্ডা ভাৱ বেছি থাকে আৰু পেটৰ বিষ বেছি অনুভৱ কৰে।কিছুমানৰ পেটটো ফুলি থাকে তলপেটত সাংঘাটিক বিষ থাকে।ৰোগীৰ মুখত ঘা থাকে শৰীৰত বিষ আৰু জ্বৰ থাকে।উক্ত লক্ষন সমূহৰ লগত যদি ৰোগীৰ প্ৰস্ৰাৱ টোপ টোপ কৈ হৈ থাকে,প্ৰস্ৰাৱত জ্বলা পোৰা থাকে তেনেহলে এই ঔষধে যাদুৰ দৰে কাম কৰিব।

Nux Vom ঘনাই ঘনাই পায়খানা কৰিব লাগে কিন্ত কম পৰিমানে পায়খানা হয় জোৰ দি পায়খানা কৰিব লগা হয় আৰু পায়খানাত শাঁওৰ পৰিমান বেছি থকা আদি লক্ষন দেখা পালে এই ঔষধটো ব্যৱহাৰ কৰিব লাগে।পায়খানা কৰাৰ আগতে পেটটো চিকুট মাৰি ধৰে কিন্ত পায়খানা হৈ যোৱাৰ পাছত কিছু সময়লৈকে ৰোগীজন আৰাম পায়।

Emetine Hydro-এমিবিক ডিচেন্ট্ৰিৰ লক্ষন ওলালে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।শাওঁ,তেজ মিহলি পায়খানা হয়।

Acid carbolic-ৰোগীৰ পেটত বিষ থাকে।হঠাৎ বিষ আহে আৰু হঠাৎ নাইকীয়া হোৱা লক্ষনত acid carbolic ব্যৱহাৰ হয়।

Aloe Sac পায়খানাত শাওঁৰ পৰিমানে বেছি থাকে।কেতিয়াবা তেজ মিহলি শাওঁ পৰে।কেতিয়াবা বায়ুৰ লগতে পায়খানা ওলায়।বায়ুৰ পৰিমান বেছি থাকে।পায়খানা কৰাৰ আগটে পেটত সাংঘাটিক শব্দ লহয়।আহাৰ খোৱাৰ পাছতেই পায়খানাৰ ভাৱ হয়।এনেবোৰ লক্ষনৰ বাবে ই সুন্দৰ কাম কৰে।

Kali Bichromic অতিৰিক্ত গৰম দিনত হোৱা ডিচেণ্ট্ৰিৰ প্ৰায়েই এই ঔষধটো প্ৰয়োজন হয়।কিছু খোৱাৰ পাচতেই পেটটো গধূৰ অনুভৱ হয়।

Rhus tox-এই ঔষধে সকলো প্ৰকাৰৰ আৰু সকলো অৱস্থাতে হোৱা ডিচেন্ট্ৰিৰ কাৰনে হোৱা পেটৰ বিষ আৰোগ্য কৰিব পাৰে।

Sulphur-Rhustox-ৰ পাছত ব্যৱহাৰ হয় আৰু ইয়াৰ প্ৰয়োগত সম্পূৰ্ন ৰোগ আৰোগ্য হয়।

ডিচেন্ট্ৰি সংক্ৰামকভাৱে প্ৰকাশ পালে Acon,Nap,Nux,Vom,Argent nit,Aloe Sac,Merc-cor,Rhux tox,Merc sol,Emetine Hydro Phosphorus আদি ঔষধ ৰোগীৰ উপসৰ্গ অনুযায়ী যিটো ঔষাধ প্ৰয়োজন হয় ৰোগীৰ লক্ষন অনুসাৰে ইটোৰ পাছত সিটো ঔষধ ব্যৱহাৰ কৰিলে ১০০%ৰোগেই আৰোগ্য হয়।কেৱল এটা ঔষধৰ ওপৰত নিৰ্ভৰ কৰিলে ৰোগ আৰোগ্য নহবও পাৰে।

লবলগা সাৱধানতা

কিছু সাবধনতা অৱলম্বন কৰিলে এই ধৰনৰ ৰোগৰ পৰা বাচি থাকিব পাৰি।গৰমৰ দিনত যতে ততে পানী খাব নালাগে খোৱা পানী ভালদৰে উতলাই ঠাণ্ডা কৰি খাব লাগে,গৰমৰ পৰা আহি ত্ৎক্ষনাত ঠাণ্ডা বস্ত খাব নালাগে।খোৱাবস্ত ভালদৰে ঢাকি ৰাখিব লাগে যাতে খাদ্যত মাখি পৰিব নোৱাৰে মাখিয়ে এই বেমাৰ বিস্তাৰ কৰাত সহায় কৰে।কোনো ধৰনৰ বাহী নতুবা পচা বস্ত খাব নালাগে।

ডায়েৰিয়া(Diarhea)পনীয় শৌচ ঘনাই হৈ থকাকে অতিসাৰ বুলি কোৱা হয়।ডায়েৰিয়াত কেতিয়াবা পেটত বিষ থাকে।প্ৰায়েই বিষ নাথাকে।বহুতো কাৰনত ডায়েৰিয়া হব পাৰে।অতিৰিক্ত আহাৰ খালে পচা শাক পাচলি গেলা মাছ মাংস খালে ৰদত ঘুৰি ফুৰিলে বা অতিৰিক্ত পৰিশ্ৰম কৰি আহি লগে লগে ঠাণ্ডা পানী বা বৰফ খালে ঋতু পৰিৱৰ্তন সময়ত অতিৰিক্ত গৰমত ঘুৰিলে লৰা ছোৱালীৰ দাতঁ ওলোৱাৰ আগত আদি বহুতো কাৰনত ডায়েৰীয়া হব পাৰে।কেইবিধমান বীজানুৰ স্ংক্ৰমনৰ ফলতো ডায়েৰিয়া হব পাৰে।

ঔষধ

IPECAC-অতিৰিক্ত আহাৰ খাই হজম নহলে আৰু ৰোগীৰ বমি অহাতকৈ বমিৰ ভাৱ আহি থাকিলে ইয়াক ব্যৱহাৰ কৰা হয়।ৰোগীৰ জিভাখন পৰিস্কাৰ হৈ থাকে।নাভিৰ ওপৰত বিষ থাকে।পায়খানা ঘাঁহৰ ৰঙৰ হয় পায়খানাত বগা বগা টুকুৰা টুকুৰ পদাৰ্থ আৰু ফেন জাতীয় পদাৰ্থ থাকে।লৰা ছোৱালী বিলাকৰ পায়খানা হৈ বমি হলে IPECAC ব্যৱহাৰ কৰিব লাগে।

-Pulstilla-কোনো ৰোগীৰ ডয়েৰীয়া ৰাতি বেছি হলে এই ও ঔষধ ব্যৱহাৰ হয়।পায়খানাত ৰং হালধীয়া আৰু সেউজীয়া ৰঙৰ সংমিশ্ৰনত যি ৰ্ং হয় তেনে ৰঙৰ হয়।অতিৰিক্ত আহাৰ খাই বা তেল জাতীয় খাদ্য খাই পেটত অশান্তি অনুভৱ কৰিলে এই ঔষধ ব্যৱহাৰ হয়।যিকোনো পেটৰ অশান্তিত ডায়েৰিয়া থাকিলেও বা নাথাকিলেও এই ঔষধটো বেছি ব্যৱহাৰ হয়।

ANTIM CRUD:ৰোগীয়ে যি আহাৰ খায় সেই আহাৰৰ উগাৰ আহে।ৰোগীৰ জিভাখন গাখীৰৰ দৰে বগা পৰি থাকে।অতিৰিক্ত আহাৰ খাই প্ৰায় ৰোগীয়ে বমি কৰিবলৈ ইচ্ছা কৰে।গ্ৰীষ্ম কালত ডায়েৰিয়া হলে এই ঔষধ বেছি ব্যৱহাৰ হয়।

CARBO VEG:এই ঔষধটো চিকিৎসাৰ ক্ষেত্ৰত বেছি ব্যবহাৰ হয়।কোনো ৰোগীৰ ভোক নালাগিলে হজম নহলে আৰু লৰা ছোৱালীৰ ডায়েৰীয়া হলে Carbo veg যে উত্ত্ম ক্ৰিয়া কৰে।ৰোগীৰ ওপৰ পেটফুলি থাকে উগাৰ আহিলে বা বায়ু গলে কিছু আৰাম পায়।পায়খানাত গোন্ধ থাকে।

ARSENIC ALB:গেলা মাছ মাংস পচা খাদ্য শাক-পাচলি আলু আদি খাই ডায়েৰিয়া হলে CRBO Veg যে কাম নকৰিলে ইয়াক ব্যৱহাৰ কৰা হয়।ৰোগীৰ যেই কোনো খাদ্য বা পানী খালেই লগে লগে বমি হয়।

BRYONIA ALB-ঠাণ্ডাৰ পৰা গৰম লৈ বতৰ পৰিৱৰ্তন হলে অতিৰিক্ত ঠাণ্ডা পানী বা আহাৰ খাই ডায়েৰিয়া হলে ব্যৱহাৰ হয়।কলা ৰঙৰ পায়খানৰ লগত পিত্ত থাকে।দুৰ্গন্ধ যুক্ত পায়খানা হয়।পানী পিয়াহ সাংঘাটিক থাকে।পায়খানাৰ ৰাস্তাত ঘা লাগিব পাৰে।

MAGNESIA CARB-ৰোগীৰ ঘাঁহৰ ৰঙৰ দৰে পায়খানা হয়।পায়খানাৰ ওপৰত ফেনযুক্ত এবিধ পদাৰ্থ থাকে বা মাটিমাহৰ বাকলিৰ দৰে পায়খানাৰ ওপৰত ভাহি থাকে।

NATURAM SULPH-ডাৱৰীয়া বতৰত ডায়েৰিয়া হলে এটা ঔষধ ব্যৱহাৰ হয়।হঠাৎ পায়খানা কৰিব লাগে পায়খানা বেগেৰে ওলায় আৰু পেটৰ বায়ু গৰ গৰ শব্দ হৈ থাকে।পায়খানাৰ লগতো বায়ু ওলায়।পেটটো ফুলি থাকে আৰু পেটত বিষ থাকে।

CHAMOMILLA-লৰা-ছোৱালী বিলাকে দাতঁ ওলাবৰ সময়ত আমনি কৰি থাকে কান্দে খেলা বস্ত দিলেও দলিয়াই পেলায় শুই থাকোতে হঠাৎ উচপ খাই উঠে,ভয় খোৱাৰ দৰে কৰে,পায়খানত ঘোলা কনীৰদৰে গৰম বা ভয়ানক দুৰ্গন্ধ থাকে,ইত্যাদি লক্ষনত Chamomilla ব্যবহাৰ কৰিলে ত্ৎক্ষনাত কাম কৰে।

CAL CARB-যি লৰা-ছোৱালীৰ পেট আৰু মূৰটো শৰীৰৰ গঠনতকৈ কিছু ডাঙৰ দেখায় মূৰত সকলো সময়মতে ঘাম থকা লক্ষনৰ লগত লৰা-ছোৱালীৰ দাতঁ ওলাবৰ সময়ত জ্বৰ,পেটৰ বিষ,ডায়েৰিয়া হলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

ZINCUM MET-লৰা-ছোৱালীৰ দাতঁ ওলাবৰ সময়ত শুই থাকোতে চিঞৰ মাৰি দিয়ে ৰোগীৰ চেহেৰা মলিন হয়,কাণ মুৰ,ভৰি আদি চেচাঁ হৈ থাকে মূৰটো গৰম হৈ থাকি জোকাৰে এচাৰে চকু দুটাৰ ৰ্ং শেতা পৰি থাকিলে Zimucm Met ব্যৱহাৰ হয়।ভৰি দুখন সকলো সময়তে জোকাৰি থকা লক্ষনটো এই ঔষধৰ প্ৰধান লক্ষন।

PODOPHYLLUM-দাতঁ উঠিবৰ সময়ত এই ঔষধটো আন ঔষধ বোৰতকৈ অধিক ব্যৱহাৰ হয়।লৰা-ছোৱালীয়ে ঘোলা কণীৰ দৰে বোকা মাটি পায়খানা কৰে।দাতঁৰ আলু কামোৰে কোনো বস্ত খাবলৈ দিলে কামুৰিবলৈ বিচাৰে।পায়খানা ভয়ানক দুৰ্গন্ধযুক্ত হয়।কিছুমান লৰা-ছোৱালীৰ পায়খানাৰ লগত অজীৰ্ণ খাদ্যও ওলায় আৰু কিছুমানৰ গুহ্যদ্বাৰ বাহিৰলৈ ওলাই পৰে।

CINA-পেলুৰ কাৰনে অতিসাৰ হলে CINA ব্যৱহাৰ হয়।সকলো সময়মতে লৰা-ছোৱালীৰ্বোৰে কোলাত উঠি থাকিবলৈ বিচাৰে।নাকটো চিকুটি থাকে বা গাৰুত নাকটো মোহাৰি থাকে।মুখৰ চাৰিওফালে বগা বা নীলা ৰেখা পৰে আৰু মুখৰ চেহেৰা শেতাঁ(pale)পৰে।

NATURUM PHOS(Biochemic)কৃমিৰ কাৰনে ডায়েৰিয়া হলে এই ঔষধ ব্যৱহাৰ হয়।শিশুয়ে দাতঁ কৰছি থাকে নাকটো চিকুটি থাকে কিছুমানৰ পেটত বিষো থাকিব পাৰে।পায়খানা টেঙা টেঙা গোন্ধায়।

CHINA-কোনো খাদ্য হজম কমকৈ হৈ ডায়েৰিয়া হলে China ব্যবহৰ হয়।হজম শক্তি কম হয় যি খাদ্য খায় হজম নহৈ পায়খানাৰ লগতে ওলায়।ৰোগীৰ খাদ্য খোৱাৰ পাছতেই পায়খানা লাগে।

MAG CARB-কেচুৱাঁ লৰা-ছোৱালীবিলাকৰ গাখীৰ হজম নহৈ পায়খানাৰ লগত টুকুৰা টুকুৰ হৈ ওলালে ইয়াক ব্যৱহাৰ কৰিব লাগে।

ACON NAP-ৰোগৰ প্ৰথম অৱস্থাতেই ইয়াক ব্যৱহাৰ কৰিব লাগে।প্ৰয়োজনত শেষত Sulphur ব্যৱহাৰত ৰোগ সম্পূৰ্ন আৰোগ্য হয়।

JALAPA-কলপতীয়া ৰঙৰ পায়খানা হয়।পেটত বিষ থাকে বাবে লৰা-ছোৱালীবিলাকে সকলো সমায়তে দিনে ৰাতিয়ে আমনি কৰি থাকে।

COLOCYNTHIS-বতৰ পৰিৱৰ্তনৰ লগে লগে ডায়েৰিয়া হলে ইয়াক ব্যৱহাৰ কৰা হয়।পেটত সাংঘাটিক বিষ থাকে।ৰোগীয়ে কুজাঁ হৈ পেটটো হেচাঁমাৰি ধৰিলে আৰাম পায়।লৰা-ছোৱালীবিলাকে বিষয়ত ভৰি দুখন কোচায় থাকে।

GAMBOGIA বতৰ RHUS TOX এই দুয়োটা ঔষধে ইটোৰ পাছত সিটো ব্যৱহাৰ কৰিলে প্ৰায়বোৰ ডায়েৰিয়া ৰোগেই আৰোগ্য হয়।

ডায়েৰিয়াত বহুত ঔষধ উল্লেখ কৰা হল।ৰোগৰ প্ৰাবল্য অনুসৰি ঔষধৰ শক্তি ব্যৱহাৰ কৰিব লাগে।কোনো ঔষধ নিজে নিজে খোৱাটো উচিত নহয়।ঔষধৰ নাম বোৰ লৈ ওচৰৰ এজন অভিজ্ঞ ডাক্তৰৰ পৰামৰ্শ ক্ৰমে সেৱন কৰা উচিত।কেতিয়াবা ইয়াত উল্লেখ কৰা এটা ঔষধে ভাল ক্ৰিয়া নকৰিবও পাৰে।সেয়ে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ দুই তিনিটা ঔষধৰ সহায় লব লগাও হব পাৰে।

ডা: যতীন চন্দ্ৰ বৰদলৈ

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate