অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছৰ হোমিঅ’ চিকিৎসা

ডায়েবেটিছৰ হোমিঅ’ চিকিৎসা

আজিকালি প্ৰায়ভাগ পৰিয়ালত এজন বা ততোধিক মধুমেহ ৰোগী পোৱা যায়। অতি প্ৰাচীন কালৰে পৰাই মধুমেহ মানৱজাতিৰ মাজত এক পৰিচিত ৰোগ। ডায়েবেটিছ ৰোগৰ সম্পূৰ্ণ নাম ‘ডায়েবেটিছ মেলিটাছ’। এই ৰোগ শৰ্কৰাযুক্ত বহুমূত্ৰ বা মধুমেহ নামেৰেও জনাজাত। এই ৰোগত ভুগি থকা ৰোগীৰ তেজ, প্ৰস্ৰাৱ, লেলাৱটি সকলোৱেই মিঠা হৈ পৰে। ৰোগীৰ তেজত অতিৰিক্ত ভাৱে মিহলি হৈ থকা চেনিবোৰ হৈছে ‘গ্লুকোজ’। সাধাৰণ অৱস্থাত এই গ্লুক’জেই মানৱ শৰীৰক শক্তিৰ যোগান ধৰি থাকে। দেহকোষবোৰে জৈৱিক কাম-কাজৰ বাবে এই গ্লুকোজৰ পৰাই প্ৰয়োজনীয় শক্তি আহৰণ কৰে। কিন্তু যেতিয়া দেহে নিজৰ প্ৰয়োজনীয় গ্লুকোজ বা শৰ্কৰাখিনি গ্ৰহণ কৰিব নোৱাৰে তেতিয়া আমি ডায়েবেটিছ হোৱা বুলি কও।

ডায়েবেটিছত আক্ৰান্ত হোৱাৰ লগে লগে এগৰাকী ব্যক্তিৰ হৃদযন্ত্ৰ, মগজু, বৃক্ক আদি আক্ৰান্ত হয় আৰু লগে লগে তেজৰ সঞ্চালন কম হোৱা, স্নায়ুতন্ত্ৰ দুৰ্বল হৈ অচেতন আৰু বিষৰ অনুভূতি আদি হ্ৰাস হোৱা আনুষাংগিক ৰোগবোৰে আক্ৰমণ কৰি তোলে।

ডায়েবেটিছক তিনি প্ৰকাৰত ভাগ কৰা হৈছে –‘টাইপ-১ ডায়েবেটিছ, ‘টাইপ-২’ ডায়েবেটিছ, গৰ্ভাৱস্থাত সাময়িকভাৱে হোৱা ডায়েবেটিছ।

‘টাইপ-১’ ডায়েবেটিছ: ‘টাইপ-১’ ডায়েবেটিছ হোৱা লোকৰ ইনছুলিন একেবাৰে উত্পাদন নহয় বা বহু কম পৰিমাণে হয়। এই ৰোগ যিকোনো বয়সৰ ল’ৰা-ছোৱালী বা যুৱক-যুবতীৰ হ’ব পাৰে। টাইপ-১ ডায়েবেটিছ হোৱা ৰোগীৰ তেজত গ্লুকোজৰ স্তৰ ঠিকে ৰাখিবলৈ বাহিৰৰ পৰা ইনছুলিন দিবলগা হয়। ইয়াৰ লক্ষণবোৰ হ’ল-সঘনাই প্ৰস্ৰাৱ কৰিব লাগে, খুব ভোক লাগে, ওজন কমি যায় তেনে অৱস্থাত বৃদ্ধি পোৱা শৰ্কৰা শোষিত হ’ব নোৱাৰি প্ৰস্ৰাৱৰ লগত ওলায় আহে।

গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছ

এইবিধ ডায়েবেটিছ নাৰীৰ গৰ্ভাৱস্থাত হয়। গৰ্ভৱতী মহিলাগৰাকীৰ ডায়েবেটিছ হ’লে শিশু আৰু মহিলা দুয়োৰে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। গৰ্ভস্থ সন্তানটিৰ ওজন আৰু আকাৰ বৃদ্ধি পায়। সন্তান জন্ম হোৱাৰ পিছত এই ৰোগ নিজে নিজে আৰোগ্য হয়।

ডায়েবেটিছৰ লক্ষণবোৰ হ’ল- সঘনাই প্ৰস্ৰাৱ হোৱা, বেছিকৈ আৰু সঘনাই পিয়াহ লগা, সঘনাই ভোক লগা, কোনো বিশেষ কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন হ্ৰাস পোৱা, জননাংগত খজুৱতি হোৱা, অলপ পৰিশ্ৰমতে ভাগৰ লগা, হাত আৰু ভৰি জিন জিনোৱা, হাত আৰু ভৰি অসাৰ হৈ পৰা, সঘনাই গাৰ ছাল আৰু মূত্ৰনলীত স্ংক্ৰমণ হোৱা আৰু গাত হোৱা যিকোনো ধৰণৰ ঘাঁ-ফোঁহা আদি শুকাওঁতে পলম হোৱা আদি।

কাৰণ

ডায়েবেটিছৰ মূল কাৰণ হ’ল-ইনছুলিনৰ অভাৱ। ইনছুলিনৰ অভাৱত তেজত চেনিৰ পৰিমাণ বাঢ়ি যায় আৰু এটা নিৰ্দিষ্ট মাত্ৰাৰ পিছত প্ৰস্ৰাৱৰ লগত অতিৰিক্ত চেনি বাহিৰ হৈ যায় ইয়াৰ কাৰণে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি পায় আৰু পানী পিয়াহ লাগে। কেতিয়াবা অত্যধিক পৰিমাণত গৰ্ভনিৰোধক টেবলেট বা হিচাপবিহীনভাৱে ষ্টেৰয়ড জাতীয় ঔষধ খোৱাটোও ডায়েবেটিছ হোৱাৰ আন এটা প্ৰধান কাৰণ। ইয়াৰোপৰি অতিৰিক্ত ভোজন আৰু মনাসিক উদ্বেগ বা দুশ্চিন্তাৰ বাবেও তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হৈ যায়। গতিকে বহুত দিন মানসিক অস্থিৰতাৰ মাজত দিন কটালে বা মানসিক চাব পৰিলেও ডায়েবেটিছ হ’ব পাৰে।

হোমিঅ’পেথিওক চিকিৎসাত ৰোগৰ লক্ষণৰ লগত ঔষধ মিলাই ব্যৱহাৰ কৰিলে সম্পূৰ্ণ আৰোগ্য নহ’লেও সুস্থ মানুহৰ দৰে চলি থাকিব পাৰে। ডায়েবেটিছ ৰোগীয়ে ধৈৰ্য সহকাৰে চিকিৎসা বিধান মানি চলিলে ৰোগৰপৰা সকাহ পোৱাৰ সম্ভাৱনা থাকে। তলত কেইটিমান ঔষধৰ লক্ষণসমূহ বৰ্ণনা কৰা হ’ল-

Uranium nit

এই ঔষধ ব্যৱহাৰ হোৱা লক্ষণবোৰ হ’ল প্ৰস্ৰাৱত অধিক পৰিমাণে চুগাৰ নিৰ্গমন, দিনতকৈ ৰাতি বহুবাৰ প্ৰচুৰ পৰিমাণে প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱৰ আপেক্ষিক ক্ষুধা, অদম্য পিয়াহ, অতিৰিক্ত আহাৰ খোৱ সত্বেও দিনে দিনে শৰীৰ ক্ষীণ আৰু শুকাই যোৱা আদি। শৰীৰৰ তাপ কমি যোৱা, পেটত বায়ু জমা, পেট ফুলা, শৰীৰ তথা জননেন্দ্ৰীয়ত ঘাঁ হোৱা ইত্যাদি।

Acid Phos

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ প্ৰস্ৰাৱ অতি বেছি হয়। পানীৰ পিয়াহ লাগি থাকে। পেটফুলা, অজীৰ্ণ, মূৰ বিষ, মূৰ ঘূৰণি, বুকু ধৰফৰ কৰা, হাত-ভৰি জিনজিননি, স্মৃতিশক্তি লোপ পোৱা আৰু ইন্দ্ৰিয় দুৰ্বলতাৰ লক্ষণ থাকে। প্ৰস্ৰাৱত চুগাৰ বা চুগাৰবিহীন উভয় প্ৰকাৰৰ ডায়েবেটিছ ব্যৱহাৰ হয়।

Syzygium Jam

এই ঔষধটি ৰোগীৰ শৰীৰত ঘাঁ, ফোঁহা আদি হ’লে ব্যৱহাৰ হয়।

Cophalandra Indica

ৰোগীৰ হাত-ভৰি জ্বলা-পোৰা কৰে, ৰাতি ভাল টোপনি নহয়। ৰোগীৰ সহজতে বায়ু বা পিত্ত বৃদ্ধি হৈ মূৰ গৰম হয়। যেতিয়া মূৰ ঘূৰায় তেতিয়া এই ঔষধ ব্যৱহাৰ হয়।

Acid Lactic

এই ৰোগীৰ অত্যন্ত কোষ্ঠবদ্ধতা থাকে, অত্যধিক পানী পিয়াহ, পানী খোৱাৰ পিছতে প্ৰচুৰ প্ৰস্ৰাৱ, জিভা আঠা আঠা লগা, তাৰ সৈতে পৰিপাক যন্ত্ৰৰ বিকৃত ভাৱ, দুৰ্বলতা বা বাত বিষ, গাঁঠি গাঁঠি বিষ থাকে।

ইয়াৰ উপৰিও হোমিঅ’পেথিকত আৰু বহু ঔষধ আছে যিবোৰ লক্ষণ অনুসৰি ব্যৱহাৰ হয়। যেনে-Natrum mur, Acid Carbolic, Rhus Aromatica, Plumbum met, Gymnema Sylvestre আদি।

ডায়েবেটিছ ৰোগীৰ খাবলগীয়া আহাৰ: সৰ তোলা দৈ বা গাখীৰ খাব পাৰে। দাইলৰ ভিতৰত মগু, মচুৰ বা ৰহৰ পাতলকৈ খাব পাৰে। কেচা সেউজীয়া শাক-পাচলি, কম মিঠা ফল খাব পাৰে। ঢেকীত বনা চাউল, উখুৱা চাউল বা পানী চেকা ভাত খাব পাৰে। সেকা, পোৰা পানীত তিয়াই পিহা আৰু সিজোৱা আহাৰ খাব পাৰে। কণীৰ বগা অংশ, চৰ্বি নোহোৱা মাছ, মাংস খাব পাৰে। নিমখ কমকৈ খাব।

নাখাবলগীয়া আহাৰ

বেছি তেলমছলাযুক্ত খাদ্য নাখাব। দাইল, ৰাজমাহ, কাবুলি বুট নাখাব। গাখীৰৰ পৰা তৈয়াৰ কৰা আহাৰ, মিঠা আৰু ৰসাল ফল নাখাব। সকলো ধৰণৰ মিঠাই, চেনি, গুড়, চৰ্বত, কুহিয়াৰৰৰস, বেছি পৰিমানত ভাত নাখাব। মদ বা ধূমপান বা যিকোনো মাদক দ্ৰব্য একেবাৰে নাখাব।

সাৱধানতা

ওপৰোক্ত লক্ষণবোৰে দেখা দিলে এজন অভিজ্ঞ চিকিৎকৰ পৰামৰ্শ ল’ব। তেজ আৰু প্ৰস্ৰাৱ মাজে মাজে পৰীক্ষা কৰাই  থাকিব। আৰু লগত এখন সদায় ডায়েবেটিক পৰিচয় পত্ৰ ৰাখিব। যাতে কেতিয়াবা বাটে-পথে দুৰ্ঘটনাগ্ৰস্ত হ’লেও চিকিৎসা কৰিবলৈ সুবিধা হয়। দিনটোৰ বেছি সময় শুই-বহি নাথাকিব। দৈনন্দিন কাম-কাজ খোৱা-বোৱা নিৰ্দিষ্ট সময়ত কৰিব। গেঞ্জী, অন্তৰ্বাস আৰু মোজা আদি গাত লাগি থকাকৈ নিপিন্ধিব। যিকোনো ধৰণৰ যোঙা বা ধাৰ থকা বস্তুৰ পৰা আঁতৰত থাকিব। মল-মূত্ৰৰ ত্যাগৰ বেগ বন্ধ কৰি নাৰাখিব। সদায় নোৱাৰিলেও সপ্তাহটোৰ চাৰিদিন হ’লেও পুৱা ৪-৫ কিলোমিটাৰ খোজ কাঢ়িব লাগে। দৈনন্দিন কামৰ বাবে এখন ৰুটিন বনাই ল’ব আৰু ৰুটিন মতে চলিবলৈ চেষ্টা কৰিব। এই নিয়ম-নীতিবোৰ মানি চলিলে সম্পূৰ্ণ আৰোগ্য নহ’লেও সুস্থ মানুহৰ দৰে চলা-ফুৰা কৰিব পাৰিব।

ডা: ডুলুমণি দাস।

3.01694915254
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top