অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেফ্ৰাইটিছৰ হোমিও চিকিৎসা

নেফ্ৰাইটিছৰ হোমিও চিকিৎসাৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।

নেফ্ৰাইটিছ হ’ল বৃক্কৰ নেফ্ৰনসমূহৰ ৰোগ। কেতিয়াবা কিবা কাৰণত বৃক্ক দুটাৰ বা এটাৰ প্ৰদাহ (জ্বলা পোৰা বা ঘা) হোৱাকে নেফ্ৰাইটিছ বুলি কোৱা হয়।

নেফ্ৰাইটিছ হ’লে নেফ্ৰনৰ ছেকনিখনে ভালকৈ কাম কৰিব নোৱাৰা হয়। ভলত অলাগতিয়াল পদাৰ্থৰ লগতে লাগতিয়াল পদাৰ্থ প্ৰস্ৰাৱৰ লগত বাহিৰ ওলাই আহে, যেনে- প্ৰ’টিন, লোহিত ৰক্তকণা আদি।

নেফ্ৰাইটিছ ৰোগক দুটা ভাগত ভাগ কৰা হৈছে-

(১) শোথ

(২) শোথহীন

শোথ হ’লে প্ৰস্ৰাৱ কম হয়, দেহাটো শুকাই যোৱাৰ নিচিনা হয়।

শোথহীন হ’লে ঘনাই প্ৰস্ৰাৱ হোৱাৰ ফলত দেখিবলৈ কুৎসিতৰ দৰে হয়।

কাৰণ- নেফ্ৰাইটিছ ৰোগ বীজাণুৰ দ্বাৰা হোৱা স্ংক্ৰামক ৰোগ। এই ৰোগ চিফিলিচৰ বীজাণু, টাইফয়েড, হাম, বসন্ত, গণৰীয়া, মেলেৰীয়া, কলেৰা, বাতজ্বৰ, ছেপটিক জ্বৰ, মেনিনজাইটিছ, টিবি আদিৰপৰা হয়।

লক্ষণ- নেফ্ৰাইটিছ হ’লে গোটেই শৰীৰটো ফুলি গাত তেজ নাইকিয়া হোৱা যেন লাগে, প্ৰস্ৰাৱ চাফা, কিন্তু বৃক্কত জ্বলা-পোৰা কৰা বিষ থাকে। প্ৰস্ৰাৱত কেতিয়াবা তেজ যায়, শৌচৰ পৰিমাণ কমি যায়, বৃক্কত ঘাঁ আৰু পূজ হয়, বৃক্কৰ বিষ হ’ব পাৰে, প্ৰস্ৰাৱ ঘনাই হয়, দুয়োটা বৃক্কতে বিষ হ’লে প্ৰস্ৰাৱ বন্ধ হৈ যায়। ৰোগীয়ে পোন হৈ খোজকাঢ়িব নোৱাৰে আৰু পোন হৈ খোজকাঢ়িলে কঁকালত বিষ হয় আৰু প্ৰস্ৰাৱ হালধীয়া আৰু মিঠাতেল ৰঙৰ নিচিনা হয়।

নেফ্ৰাইটিছ ৰোগৰ হোমিও চিকিৎসাত লক্ষণ অনুসাৰে চিকিৎসা কৰা হয়। হোমিও ঔষধবোৰ হ’ল-

Cantharides- এই ঔষধ ব্যৱহাৰ কৰা ৰোগীৰ লক্ষণবোৰ হ’ল-প্ৰস্ৰাৱৰ আগত, প্ৰস্ৰাৱ কৰি থাকোতে আৰু প্ৰস্ৰাৱৰ পিছত-এই তিনিটা সময়তে জ্বলা-পোৰা কৰে, প্ৰস্ৰাৱ ফোটা-ফোটা হৈ ওলায় আৰু কেতিয়াবা তেজ ওলায়। ৰোগীয়ে প্ৰস্ৰাৱ কৰোতে সহ্য কৰিব নোৱাৰা বিষ হয় আৰু ৰোগী অধৈৰ্য্য হয়। প্ৰস্ৰাৱত এলবুমিন থাকে।

Ferrum Phos- এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ জ্বৰ হ’লে বমি, প্ৰস্ৰাৱত্ এলবুমিন আৰু গেদ পৰে।

Kali Mur-এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ এজমা, হৃদপিণ্ডৰ বিষ, এলবুমিন, জিভাখন বগা ময়লাৰ দৰে হয়।

Aconite nap-হঠাৎ ঠাণ্ডা লাগি বৃক্ক ব্লাডাৰ আদিত প্ৰদাহ হৈ অতি ঘনাই প্ৰস্ৰাৱ কৰিব লাগিলে, প্ৰস্ৰাৱ কৰোতে যন্ত্ৰনা হ’লে, ২/৪ ফোঁটা ৰঙা প্ৰস্ৰাৱ ওলালে, জ্বৰ আৰু অস্থিৰতা থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

Calcarea Svlph-বৃক্কৰ বিষ আৰু প্ৰস্ৰাৱত পূজ ওলোৱাত এই ঔষধ ব্যৱহাৰ হয়।

Calcarea Phos-ই বৃক্ক দুটা ভালে ৰখাত সহায় কৰে। প্ৰস্ৰাৱত এলবুমিন ওলোৱাটো বন্ধ কৰে।

ওপৰত উল্লেখ কৰা ঔষধবোৰৰ উপৰি নেফ্ৰাইটিছ ৰোগত লক্ষণ অনুযায়ী ব্যৱহাৰ হোৱা ঔষধবোৰ হ’ল- Heper sulph, Acid nit, phosphorus, Camphor, Arsenic Iod আদি।

সাৱধানতাঃ নেফ্ৰাইটিছ ৰোগৰ ৰোগীসকলে নিমখ আঞ্জাত দিয়াৰ বাহিৰে কেঁচা নিমখ কোনো বস্তুৰ লগত খাব নালাগে। ৰোগী থকা কোঠাটো ৰ’দ পৰা ঠাইত হ’ব লাগে, জেকা হ’ব নালাগে। ৰোগীয়ে গাখীৰ, চাগু, বাৰ্লি, গৰম পানী, গৰম পনীয়া খাদ্য, ভাত আৰু শাক-পাচলি খাব লাগে। প্ৰথম ২/৩ দিন বিস্কুটৰ লগত ১০০ গ্ৰাম চেনি, ফলৰ ৰস খাব লাগে। এই নিয়মবোৰ মানি চলিলে অতি সোনকালে ৰোগ নিৰাময় হয়।

লেখিকা-ডাডুলুমণি দাস

উৎসঃ দৈনিক অসম

3.0487804878
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top