বক্ষ গহ্বৰৰ মধ্যস্থানত হৃদপিণ্ড সুৰক্ষিত হৈ থাকে। হৃদপিণ্ডটো দেখিবলৈ আটলচ ফলৰ দৰে। মানুহ এজনৰ হাতখনৰ মুঠিটো যিমান ডাঙৰ হয়, তেওঁৰ হৃদপিণ্ডটোও প্ৰায় সিমানেই ডাঙৰ। ই বক্ষ গহ্বৰৰ মধ্যস্থানৰ ঠিক বুকুৰ হাড়ৰ পিছফালে আৰু হাওঁফাওঁৰ মধ্যভাগত অৱস্থিত। ইয়াৰ ওপৰৰ অংশ সোঁফালে আৰু নিম্ন ভাগ বাওঁফালে অলপ হাউলি আছে। ইয়াৰ ওপৰৰ অংশ নিম্নভাগতকৈ অধিক বহল। হৃদপিণ্ডটোক এখন পাতল শ্লেমা আৱৰণেৰে আৱৰি আছে। তাকেই ‘হৃদ আৱৰণ’ উলি কোৱা হয়। এই হ্ৰিদ আৱৰণৰ পৰা এক প্ৰকাৰৰ ৰস নি:সৃত হয়। তাৰোপৰি হৃদপিণ্ডৰ উপৰিভাগ সদায়ে আৰ্দ্ৰ হৈ থাকে।
হৃদপিণ্ডৰ অভ্যন্তৰ ভাগ ফোপোলা আৰু ইয়াৰ আকৃতি এটা নৰাবগৰীৰ দৰে। ই সূক্ষ্ম মাংসপেশীৰ আৱৰণেৰে গঠিত এটি অতি সক্ৰিয় আৰু জটিল যন্ত্ৰ। ইয়াৰ ফোপোলাভিতৰ অংশটোত চাৰিটা প্ৰকোষ্ঠ আছে। উৰ্দ্ধ, নিম্ন, বাওঁ আৰু সোঁফালে ওপৰা-ওপৰিকৈ যথাক্ৰমে চাৰিটা প্ৰকোষ্ঠ বা কোঠালিক ক্ৰমে সোঁ আৰু বাওঁ অলিন্দ(উৰ্দ্ধ হৃদকোষ) বা ৰক্তবাহী স্থলী বুলি কোৱা হয় আৰু নিম্ন প্ৰকোষ্ঠ দুটিক সোঁ আৰু বাওঁ নিলয় বা ৰক্তপ্ৰবহীস্থলী বুলি কোৱা হয়। সোঁ আৰু বাওঁ অলিন্দৰ পৰা তেজ সৰবৰাহ কৰিব পৰাকৈ এটিকৈ ৰন্ধ্ৰ আছে। এই ৰন্ধ্ৰৰ ওপৰত এটিকৈ ‘দ্বাৰ বা কপাট’ (ভালভ) আছে। এই দ্বাৰ দুকহন কেৱল এটা দিশেহে উন্মুক্ত হ’ব পাৰে। এই দ্বাৰ ওপৰ মুৱাকৈ উন্মুক্ত হয় আৰু ওপৰৰ কোঠালিলৈ ঠেলি পঠোৱা তেজ উভতি তলৰ নিলয়লৈ যাব নোৱাৰে। সোঁফালৰ অলিন্দত তিনিখন দ্বাৰ আছে, সেইকাৰণে ইয়াৰ নাম ‘ত্ৰিকপাট দ্বাৰ’ আৰু বাওঁফালৰ অলিন্দত দুখন দ্বাৰ আছে কাৰণে তাৰ নাম ‘দ্বিকপাট দ্বাৰ’। সোঁফালৰ কোঠালি দুটিৰ লগত বাওঁফালৰ কোঠালি দুটিৰ কোনো ধৰণৰ যোগাযোগ নাই। গতিকে এটা কোঠালিৰ ৰক্ত অনটো ফালৰ কোঠাত প্ৰৱেশ কৰাৰ কোনো সম্ভাৱনা নাই।
শৰীৰৰ সৰ্বস্থানত ৰক্ত সঞ্চালন ক্ৰিয়াৰ সম্পাদন কৰে হৃদপিণ্ডই। ইয়াৰ দ্বাৰা পৰিস্কৃত বা শোধিত ৰক্ত ধমনী(নলী) সমূহৰ দ্বাৰা দেহৰ সৰ্বত্ৰতে সৰবৰাহ হয়।
এই হৃদপিণ্ডৰ গতি বা স্পন্দন কোনো কোনো সময়ত স্বাভাৱিকতকৈ কমি যায়। আনকি কেতিয়াবা মিনিটত ৪০/৫০ বাৰহে স্পন্দিত হয়। এই বিস্ংগতিকে ‘বেডিকাৰডিয়া’ বোলে।
বিভিন্ন কাৰণত এই ৰোগটো হ’ব পাৰে। যিবিলাক কাৰণত এই ৰোগটো হয়, তাৰ ভিতৰত হৃদযন্ত্ৰৰ দুৰ্বলতা অথবা হৃদযন্ত্ৰৰ স্নায়ু বা পেশীৰ দুৰ্বলতাই প্ৰধান। হৃদযন্ত্ৰৰ পেশীত ৰক্তচলাচলৰ অভাৱ ঘটিলেও এই ৰোগৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও অন্যান্য কাৰণেও ৰোগৰ লক্ষণ প্ৰকাশ পায়। কাৰণবোৰ হ’ল-
হৃদস্পণ্ডনৰ গতি অনিয়মীয়া হয়। কেতিয়াবা বেছি, কেতিয়াবা তেনেই কমি যায়।স্পন্দনৰ গতি ৬৫-৬৬ লৈ নামি যায় আৰু অনিয়মিতভাৱে চলি থাকে। লগতে দূৰ্বলতা, মূৰ ঘুৰণি, চকু-মুখ বগা পৰা, কপালত ঠাণ্ডা ঘাম ওলোৱা ইত্যাদি লক্ষণ প্ৰকাশ পায়। মস্তিস্কৰ ৰোগৰ লগত এই ৰোগ থাকিলে আৰু মাৰাত্মক অৱস্থাৰ সৃষ্টি হয়। হৃদযন্ত্ৰৰ দুৰ্বলতা অতি প্ৰকটভাৱে প্ৰকাশ পায়। সামান্য পৰিশ্ৰম কৰিলেও ভাগৰত অস্থিৰ হৈ পৰে।
যিকোনো অৱস্থাতে হৃদপিণ্ডক সবল কৰাত এই ঔষধটিৰ প্ৰয়োজনীয়তা আছে। মাত্ৰা ৫/৬ টোপাল এচামুচ পানীৰ লগত দিনে চাৰিবাৰকৈ খাব পাৰে।
হিষ্টিৰিয়া বিকাৰভাব, টোপনি ভাগি যোৱাৰ পিছত বুকুৰ ধৰফৰণি, শ্বাস কষ্ট, বুকুত অত্যন্ত চাপবোধ হোৱা, ৰোগীয়ে অনবৰতে বিচনীৰ বা বিচৰা ইত্যাদিৰ লক্ষণত ঔষধটি প্ৰযোজ্য। মাত্ৰা- ৬,৩০।
ৰোগীক স্পৰ্শ কৰিলেই দুখ অনুভৱ কৰে, গাত কাপোৰ ৰাখিবলৈ নিবিচাৰে। হৃদপিণ্ডৰ কঁপনি উঠে, দম বন্ধ হোৱাৰ উপক্ৰম হয় ইত্যাদি লক্ষণত ঔষধটি মহৌষধ। মাত্ৰা ৩০,২০০।
স্নায়ুমণ্ডলৰ বোধ শক্তিহীনতাত এই ঔষধটিয়ে প্ৰধান কাম কৰে। সকলো অৱস্থাতেই নিদ্ৰাচ্ছন্ন ভাব হৈ থাকিলে এই ঔষধটি প্ৰযোজ্য। মাত্ৰা-৩,৬,৩০।
ৰোগীয়ে কষ্ট পোৱাৰ অৱস্থাত উপশমৰ কাৰণে লৰচৰ কৰে। মনত এনে অনুভৱ হয় যেন বুকু ফাটিহে যাব।সদায় ভয় ভাব থাকে। অতিৰিক্ত ইন্দ্ৰিয় চালনাৰ কাৰণে এই ৰোগ হ’লে ‘অ’ৰাম মেটালিকাম’ বিনা দ্বিধাই ব্যৱহাৰ কৰিব পাৰে। মাত্ৰা- ৩, ২০০।
ইয়াৰ উপৰি ইত্যাদি ঔষধ এই ৰোগৰ লক্ষণ অনুযায়ী ব্যৱহাৰ কৰিব পাৰি।
ডা: সম্প্ৰীতি ৰেখা শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা