অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোষ্ঠকাঠিন্যৰ হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসা

কোষ্ঠকাঠিন্যৰ হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসা

 

বৰ্তমান কোষ্ঠকাঠিন্য ৰোগত ভোগা লোকৰ স্ংখ্যা বৃদ্ধি পাইছে। আমাৰ দেশত ৯০ শতাংশ লোকে এই ৰোগত ভোগে। আমি খোৱা খাদ্য পাচনতন্ত্ৰত পৰিপাক হোৱাৰ লগে লগে শৰীৰটোৱে প্ৰয়োজনীয় পুষ্টি লাভ কৰে। খাদ্যবস্তু হজম হোৱাৰ পিছত যিখিনি অপাচ্য দ্ৰব্য ক্ষুদ্ৰান্তত অলাগতিয়াল হিচাপে থাকি যায় তাকে মল বুলি কোৱা হয়। স্বাভাৱিকভাৱে যদি দেহৰ পৰা এই মল ওলাই যায় তেন্তে দেহাটো সুস্থ হৈ থাকে। কিন্তু এই মল যেতিয়া পেটৰ ভিতৰত ৰৈ যায় বা সম্পূৰ্ণৰুপে  ওলাই যাব নোৱাৰে তেতিয়াই এই কষ্টকৰ অৱস্থাৰ সৃষ্টি হয় আৰু এই অৱস্থাকে ‘মল অৱৰোধ’ বুলি কোৱা হয়। সহজভাৱে ক’বলৈ গলে কোষ্ঠ পৰিষ্কাৰ নোহোৱা অৱস্থাকে কোষ্ঠকাঠিন্য বুলি কোৱা হয়।

বিভিন্ন কাৰণত কোষ্ঠকাঠিন্য লক্ষণ দেখা দিব পাৰে-

  • দৌৰাদৌৰিকৈ খোৱা বোৱা কৰিলে, সুৰা আদি পান কৰিলে।
  • অতিৰিক্ত আহাৰ খালে, অধিক সময় শুলে, পৰিশ্ৰম নকৰিলে, কেতিয়াও ব্যায়াম নকৰিলে, অধিক পৰিমাণে মিঠা খাদ্য খালে, ভাত খাই থকাৰ সময়ত অধিক পৰিমাণে পানী খালে কোষ্ঠকাঠিন্য হয়।
  • অধিক সময় ধৰি একেঠাইতে বহি থকা লোকৰ কোষ্ঠকাঠিন্য হয়।
  • উপযুক্ত পৰিমাণৰ আঁহযুক্ত খাদ্যৰ অভাৱ।
  • দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত ভুগি থাকিলে।
  • যকৃতৰ বিস্ংগতি, অন্ত্ৰপেশীৰ দুৰ্বলতা, বদহজম আদি। কোনো কাৰণত আন্ত্ৰিক গঠন সৰু হৈ যোৱা।

কিছুমান নিৰ্দিষ্ট বেমাৰ, যেনে-ষ্ট্ৰোক আদিত সহজে এই লক্ষণ প্ৰকাশ পায়। কোষ্ঠকাঠিন্য বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিয়ে। এই উপসৰ্গসমূহ হ’ল-

  • মল সম্পূৰ্ণ পৰিষ্কাৰ হৈ বাহিৰ নহয়, মল কঠিন আৰু কম পৰিমাণে বাহিৰ হয়।
  • নিস্তেজ ভাৱ, ভোক নলগা, পেটৰ বিষ, মূৰৰ বিষ, জ্বৰ ভাৱ, অৰুচি আৰু অস্বস্তি অনুভৱ।
  • লক্ষণ দীৰ্ঘদিন ধৰি হৈ থাকিলে অৰ্শৰোগ হয়।
  • কেতিয়াবা কেতিয়াবা মলৰ ৰ্ং মাটিৰ দৰে, ছাইৰ দৰে হয়। পায়খানাৰ বেগ অনুভৱ হোৱা স্বতেও পায়খানা নহয়। বমি আৰু বমি ভাৱ হয়।
  • বহু সময়ত সঞ্চিত মল নাড়ীত পচিবলৈ ধৰে আৰু পচা মলৰ সূক্ষ্মাংশ তেজত মিহলি হৈ দেহৰ বিভিন্ন ধৰণৰ ক্ষতি কৰে বা এই বিষাক্ত মল শোষণৰ বাবে শৰীৰত নানা জটিল ৰোগ হ’ব পাৰে। মলদ্বাৰৰ ঘাঁ, নলীৰ ঘাঁ সৃষ্টি হ’ব পাৰে।
কোষ্ঠকাঠিন্য আঁতৰ কৰিব পৰা নিয়ম-

পুৱা খালী পেটত অধিক পৰিমাণে পানী খালে কোষ্ঠকাঠিন্য দূৰ হয়। এই ৰোগত ভোগা লোকে পুৱা খোজকাঢ়িব লাগে আৰু পেটৰ পেশীত চাপ পৰা ব্যায়াম কৰিলে শৌচ খোলোচা হয়। অধিক পৰিমাণে সেউজীয়া শাক পাচলি আৰু ফলমূল খাব লাগে। প্ৰতিদিনে নিৰ্দিষ্ট সময়ত্ পায়খানাৰ অভ্যাস কৰিব লাগে। এই ৰোগত ভোগা ৰোগীৰ লক্ষণ অনুসাৰে যদি হোমিঅ’ চিকিৎসা কৰা হয় অতি সোনকালে আৰোগ্য হ’ব।

কোষ্ঠকাঠিন্যত ব্যৱহাৰ ঔষধবোৰ হ’ল-

Nux Vomica-এই ৰোগত ভোগা ৰোগীৰ বাৰে বাৰে মলত্যাগৰ ইচ্ছা হয়। পায়খানাৰ পিছত এনেকুৱা ভাৱ হয় যেন আধা অংশ মল থাকি গ’ল। এনেধৰণৰ লক্ষণত Nux Vomicaই সুফল দিয়ে।

Sulphur-গুহ্যদ্বাৰত খজুৱতি, জ্বলা-পোৰা ভাৱ, অৰ্শৰোগ, পুনঃ পুনঃ নিষ্ফল মল বেগ, মল গুটিগুটি আৰু কম পৰিমাণৰ। শিশুৱে বেদনাৰ ভয়ত পায়খানা কৰিব নিবিচাৰে। গুহ্যদ্বাৰৰ চাৰিওকাষে ৰঙা পৰে আৰু তেজ ওলায়।

Hydrastis Can-এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ গুহ্যদ্বাৰ ফটা ফটা, প্ৰচণ্ড কোষ্ঠকাঠিন্য আৰু মূৰৰ সামান্য যন্ত্ৰনাবোধ হয়। পায়খানাৰ পাছতো বহু দেৰিলৈকে বেদনা থাকিলে এই ঔষধ ব্যৱহাৰ হয়। এই ঔষধৰ উপৰি কোষ্ঠকাঠিন্যত ব্যৱহাৰ হোৱা আন কিছুমান ঔষধ লক্ষণ অনুসাৰে ব্যৱহাৰ কৰিলে অতি সোনকালে আৰোগ্য হয়।

সাধাৰণ কোষ্ঠকাঠিন্যত-Bryonia, Merc Sol, Nux Vomica.

পুৰণি কোষ্ঠকাঠিন্যত-Calcarea Carb, Nux Vomica, Sulphur.

শিশুৰ কোষ্ঠকাঠিন্যত- Bryonia, Nux Vomica, Opium আদি।

গৰ্ভকালীন অৱস্থাত- Bryonia, Nux Vomica

দাঁত উঠাৰ সময়ত-Sepia Bryonia, Nux, Vomica আদি।

কোষ্ঠকাঠিন্যত আকুপাংচাৰ চিকিৎসাৰদ্বাৰাও সুফল লাভ কৰিব পাৰি। ইয়াৰ বিন্দুবোৰ হ’ল-

St25, S.J 6, U.B.25, St 36। এই বিন্দুসমূহত প্ৰতিদিন ১৫-২০ মিনিট সময় তীব্ৰ উত্তেজনা দিয়া হয়। ইয়াৰ লগতে মক্সিবাশ্চনো ব্যৱহাৰ কৰা হয়।

 

উৎসঃ ডা ডুলুমণি দাস

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate