মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হাঁহজাকক নিৰোগী কৰি ৰাখক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাঁহজাকক নিৰোগী কৰি ৰাখক :

হাঁহজাকক নিৰোগী কৰি ৰাখক, সেই বিষয়ে লিখা হৈছে ।

 

হাঁহৰ প্লেগ বা মহামাৰী -

এইবিধ বেমাৰ সকলো বয়সৰ হাঁহৰেই হয় । এইবিধ ভাইৰাছজনিত বেমাৰ । এই ৰোগ হ’লে হাঁহবিলাকৰ প্ৰাথমিক লক্ষণ হৈছে, হাঁহবিলাকৰ হঠাৎ মৰিবলৈ আৰম্ভ কৰা । পানীত সাঁতুৰি থাকোতেও সিহঁত মৰি ওপঙি থাকিব পাৰে । যিবিলাক হাঁহ ৰোগাক্ৰান্ত হ’লেও জীয়াই থাকে, সিহঁতে পাখি দুখন বাহিৰলৈ মেলি দি মূৰ তললৈ কৰি পৰি থাকে । এনে আক্ৰান্ত হাঁহক যদি বলেৰে উঠাবলৈ চেষ্টা কৰা যায়, সিহঁতৰ মূৰ, ডিঙি আৰু গা কঁপিবলৈ ধৰে । সিহঁতে পোহৰলৈ ভয় কৰা হয় আৰু চকু দুটা আধা মুদা হৈ শেষত চকুৰ পতা এঠা লগা দি চকুত লাগি একেবাৰেই চকু দুটা মেলিব নোৱাৰা হয় । ৰোগাক্ৰান্ত হাঁহবোৰে সেউজীয়া ৰঙৰ পনীয়া শৌচ কৰে । ফলত মলদ্বাৰৰ কাষৰ পাখিবিলাক তিতি থাকে । প্ৰায়েই ডাঙৰ মতা হাঁহবিলাক এনে ৰোগত আক্ৰান্ত হৈ মৰিলে মৃত্যুৰ পাছত সিহঁতৰ পুংজনন্দ্ৰিয়টো বাহিৰলৈ ওলমি থকা দেখা যায় ।

নিবাৰণ আৰু নিয়ন্ত্ৰণ -

ৰোগত পৰা হাঁহৰ কোনো বিশেষ চিকিৎসা নাই । অৱশ্যে ছিটা আগতে দি ৰাখিলে, হাঁহক প্লেগ বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰি ।

ছিটা তৈয়াৰ কৰা কোম্পানীৰ নিয়ম অনুসৰি হাঁহবিলাক ছিটাকৰণ কৰোৱা হয় । যেনে- ইনষ্টিটিউট অব ভেটেৰিনাৰী বায়োলজিকেলছ, খানাপাৰা, গুৱাহাটীত তৈয়াৰ কৰা এফ ডি ডাক প্লেগ ভেকচিন ৬ সপ্তাহ বয়সৰ ওপৰৰ হাঁহবিলাক ০.৫ মি: লি: দৰবৰ মাত্ৰাত ছালৰ তলেদি বেজীৰ দ্বাৰা দিয়া হয় । এই বেজী বছৰে বছৰে দিবৰ বাবে অনুমোদন কৰা হয় ।

হাঁহৰ কলেৰা -

সাধাৰণতে ৪ সপ্তাহৰ ওপৰৰ বয়সৰ হাঁহৰহে এই বেমাৰ হোৱা দেখা যায় । অস্বাস্থ্যকৰ, সেমেকা, জেকা আৰু ৰ’দ নপৰা পৰিৱেশত অপুষ্টিকৰ খাদ্য দিলেই এই বেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ে । আক্ৰান্ত হাঁহৰ লক্ষণ হ’ল- দানা-পানী খোৱাৰ অৰুচি, সঘনাই পাতল বগা আৰু হালধীয়া ধৰণৰ পায়খানা হোৱা, নাকৰ পৰা এঠাজাতীয় বীজলুৱা পদাৰ্থ বাহিৰ হোৱা ইত্যাদি । এই বেমাৰত ঠেঙৰ জোৰা আক্ৰান্ত হয়, ফুলিবলৈ ধৰে আৰু ফলত খোজকাঢ়িব নোৱাৰা হয় । বেমাৰ হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত হাঁহবোৰে উপযুক্ত চিকিৎসা নাপালে মৃত্যুমুখত পৰে ।

নিবাৰণ আৰু চিকিৎসা -

যিকোনো খাব পৰা ছালফাজাতীয় দৰব বা বহলভাৱে সক্ৰিয় এণ্টিবায়’টিক দৰব খুৱালে হাঁহবোৰ আৰোগ্য হয় ।

প্ৰতিষেধক হিচাপে ডাক কলেৰা ভেকচিন ১ মি: লি: ছালৰ তলেদি বেজীৰ দ্বাৰা দিব লাগে । এই ভেকচিন মাত্ৰ ২ মাহৰ বাবে ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ দিব পাৰে । Institute of Vety. Biological, Khanapara ত এই ভেকচিন পোৱা যায় ।

ছালমনেল’ছিছ -

এবিধ ছালম’নেলা নামৰ বেক্টেৰিয়াৰ দ্বাৰা এই বেমাৰ হয় । এই বেমাৰ হ’লে সৰু হাঁহৰ পোৱালিবোৰ পাখি ওলমি পৰে, নোখোৱা হয় । পানী বেছিকৈ খায় আৰু ডা্য়েৰিয়া হয় । মলদ্বাৰৰ চাৰিওফালে বগা ৰঙৰ পদাৰ্থ জমা হৈ থাকে । বেমাৰী হাঁহে পৰা কণীৰ যোগেদিও এই বেমাৰ সংক্ৰমিত হয় ।

নিবাৰণ :-

*উৎপাদন হোৱা কণীবোৰ ফৰমেলিন মিহলি পানীৰ দ্বাৰা পৰিষ্কাৰ কৰি বীজাণু নাশ কৰিব লাগে ।

*চিকিৎসা হিচাপে ফুৰাজলিডন নামৰ ঐষধ ব্যৱহাৰ কৰিব লাগে ।

আফ্লাটক্সিক’ছিছ -

আহাৰত আফ্লাটক্সিন নামৰ এবিধ বিষৰ সংস্পৰ্শ হ’লেই হাঁহৰ এই বেমাৰ হয় । এবিধ ভেঁকুৰৰ পৰা এই বিষ উৎপন্ন হয় । বাদামৰ খলিহৈ, পচা মাকৈ আদিত এইবিধ ভেঁকুৰে বাহ লয় আৰু বিষ উৎপন্ন কৰে । এই বিষৰ দ্বাৰা পোৱালিবোৰ আক্ৰান্ত হ’লে হঠাতেই মৰিবলৈ ধৰা দেখা যায় । ৰোগ পুৰণি হ’লে আক্ৰান্ত ডাঙৰ হাঁহবোৰো দুৰ্বল হৈ জপকা মাৰি ছটফটাবলৈ ধৰে । হাঁহবিলাকৰ পাতল পায়খানা হয় আৰু দেহ বৃদ্ধি নহয় ।

প্ৰতিকাৰ হিচাপে ভেঁকুৰযুক্ত পচা দানা বা খলিহৈ খুৱাব নালাগে । লিভল অথবা লাইফাৰ নামৰ এবিধ ঔষধ মাজে-সময়ে হাঁহজাকক দিব লাগে ।

শ্লিপটেনডন বা পেৰছিছ -

শৰীৰত মেংগানিজ নামৰ খনিজ পদাৰ্থ আৱশ্যকীয় পৰিমাণতকৈ কমি গ’লে এই বেমাৰ হয় । সৰুৰ পৰা মজলীয়া হাঁহ এই বেমাৰত বেছিকৈ আক্ৰান্ত হয় । এই বেমাৰৰ লক্ষণবোৰ বেমাৰী হাঁহৰ আঁঠুৰ অংশ ফুলি উঠে আৰু চুই চালে উষ্ণতা বৃদ্ধি পোৱা / গৰম হোৱা অনুভৱ কৰিব পৰা যায় । পিছলৈ ভৰিবোৰ ক্ৰমান্বয়ে ধেনুভিৰীয়া হৈ পৰে আৰু হাঁহবোৰে খোজকাঢ়িব নোৱাৰা হয় ।

চিকিৎসা :- মেংগানিজ ছালফেট ১০ গ্ৰাম প্ৰতি ১০০ কেজি দানাৰ লগত মিহলাই দিব লাগে ।

বটুলিজিম -

পুৰণি খাদ্যত ভেঁকুৰ আদি গজিলে আৰু তেনে খাদ্য হাঁহ খালে এই বেমাৰ হয় । গেলা-পচা জীৱ-জন্তু বা তেনে মৰা বস্তুত উৎপন্ন হোৱা মাখিৰ পলু খায়ো হাঁহ মৃত্যুমুখত পৰে । প্ৰথমে বেমাৰী হাঁহৰ ভৰিখন আৰু পিছলৈ গোটেই দেহটো জঠৰ হৈ পৰে আৰু শেষত মৃত্যুমুখত পৰে । হাঁহক গেলা- পচা বস্তু খাব দিয়াৰ পৰা বিৰত ৰাখিব পাৰিলেই এই বেমাৰৰ পৰা হাঁহজাকক আক্ৰান্ত নোহোৱাকৈ ৰাখিব পাৰি ।

পেলুজনিত বেমাৰ -

পেলুৰ বিৰুদ্ধে হাঁহৰ প্ৰতিৰোধক ক্ষমতা আছে যদিও আবদ্ধ পদ্ধতিত ৰাখিলে হাঁহবোৰ পেলুৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে । এনে হ’লে এলব’মাৰ বা লিভামিছল নামৰ ঔষধ চিকিৎসকৰ দিহা মতে দিব লাগে ।

উৎস :- অসমীয়া খবৰ

 

2.5
চামচুল চৌধুৰী Aug 04, 2019 09:03 PM

হাঁহৰ আৰু গাই গরুৰ বিষয়ে জানিব লগা আছিল কত কেনেকৈ শিকিব পৰা যাব অনুগ্ৰহ কৰি জনাব বুলি আশা কৰিলো

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top