মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হাইপ’থাইৰয়ডিজমৰ ১০টা লক্ষণঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাইপ’থাইৰয়ডিজমৰ ১০টা লক্ষণঃ

হাইপ’থাইৰয়ডিজমৰ ১০টা লক্ষণৰ বিষয়ে লিখা হৈছে

 

থাইৰয়ড গ্ৰন্থি দেহৰ বাবে এটা অতি প্ৰয়োজনীয় গ্ৰন্থি, যি দেহৰ প্ৰতিটো প্ৰক্ৰিয়া খুব সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰে। থাইৰয়ড ৰোগত আক্ৰান্ত হ’লে শৰীৰত বিভিন্ন ব্যাধিয়ে দেখা দিয়ে, যাৰ ফলত এটা অতি ৰুগ্ন জীৱন যাপন কৰিবলগীয়া হয়।

থাইৰয়ড এটা পখিলা আকৃতিৰ গ্ৰন্থি, যি ডিঙিৰ তলত অংশ ঘটিকাৰ তলত অৱস্থিত। সাধাৰণ অৱস্থাত ইয়াক বাহিৰৰ পৰা দেখা নাযায়। এই গ্ৰন্থিয়ে বিশেষকৈ দুবিধ হৰম’ন (টি থ্ৰী আৰু টি ফ’ৰ) নিঃসৰণ কৰে, যি শৰীৰৰ বিভিন্ন ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ কৰে।

থাইৰয়ড গ্ৰন্থিৰ প্ৰধান দুবিধ ৰোগ হ’ল-

 

(১) হাইপ’থাইৰয়ডিজম- য’ত গ্ৰন্থিয়ে স্বাভাৱিক অৱস্থাতকৈ কম কাৰ্য কৰে।

(২) হাইপাৰথাইৰয়ডিজম- য’ত থাইৰয়ড গ্ৰন্থি স্বাভাৱিকতকৈ বেছি সক্ৰিয়।

হাইপ’থাইৰয়ডিজমত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা খুব বেছি। উত্তৰ-পূব ভাৰতত এই ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা যথেষ্ট বেছি। মহিলাৰ ক্ষেত্ৰত এই ৰোগ পুৰুষতকৈ আঠ গুণ বেছি। বয়স বাঢ়ি অহাৰ লগে লগে এই ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা বাঢ়ি যায়। গৰ্ভৱতী মহিলাই এই ৰোগত আক্ৰান্ত হ’লে জন্ম হোৱা শিশুৰ মগজু আৰু দেহৰ বিকাশত প্ৰভাৱ পৰে।

হাইপ’থাইৰয়ডিজমৰ লক্ষণসমূহ তলত উল্লেখ কৰা হ’ল-

 

(১) ভাগৰ লাগি থকাঃ হাইপ’থাইৰয়ডিজমৰ এটা লক্ষণ হৈছে ভাগৰি পৰা। কোনো কাম কৰিবলৈ ইচ্ছা নোযোৱা আৰু অৱশ লাগি থকা। এনে ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ অনবৰতে শুই থাকিবলৈ মন যায়। ৰাতি ভালকৈ টোপনি যোৱাৰ পিছতো ৰাতিপুৱা ভাগৰ লাগি থাকে। অনবৰতে ক্লান্ত অনুভৱ কৰি থকা। এটা সমীক্ষাত দেখা গৈছে এনে ৰোগত আক্ৰান্ত ৫০ শতাংশ ব্যক্তিৰ অনবৰতে ভাগৰ লাগি থাকে, ৪২ শতাংশ ব্যক্তিয়ে স্বাভাৱিকতকৈ বেছি সময় শুৱে। কোনো বিশেষ কাৰণ নোহোৱাকৈ অনবৰতে শুবলৈ ইচ্ছা গৈ থকা হাইপ’থাইৰয়ডিজমৰ এটা মন কৰিবলগীয়া লক্ষণ।

(২) দেহৰ ওজন বৃদ্ধিঃ একে পৰিমাণৰ আৰু একে ধৰণৰ খাদ্য গ্ৰহণ কৰি থকা সত্বেও অপ্ৰত্যাশিতভাৱে দেহৰ ওজন বৃদ্ধি এই ৰোগৰ এটা লক্ষণ। হাইপ’থাইৰয়ডিজমত আমাৰ খাদ্যৰ পৰা আহৰণ কৰা শক্তি শৰীৰত চৰ্বি হিচাপে জমা হয়। এনে ৰোগৰ ব্যক্তিৰ এবছৰত ৭ৰ পৰা ১৪ কিলোগ্ৰাম পৰ্যন্ত ওজন বৃদ্ধি হ’ব পাৰে। চেষ্টা কৰিও যদি ওজন কমাব পৰা নাই, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। কাৰণ আপুনি হাইপ’থাইৰয়ডিজমত ভুগিব পাৰে।

(৩) ঠাণ্ডা অনুভৱ কৰাঃ হাইপ’থাইৰয়ডিজমত দেহত উৎপন্ন হোৱা তাপৰ মাত্ৰা কমি যায়। সেইবাবে এনে ব্যক্তিয়ে আনতকৈ বেছি ঠাণ্ডা অনুভৱ কৰে। অলপ দিনৰ পৰা যদি আপুনি আগতকৈ বেছি ঠাণ্ডা অনুভৱ কৰিছে, তেন্তে ই হাইপ’থাইৰয়ডিজমৰ এটা লক্ষণ হ’ব পাৰে।

মাংসপেশী আৰু গাঁঠিৰ দুৰ্বলতা আৰু বিষঃ হাত-ভৰি আৰু মাংসপেশীৰ বিষ আৰু জিনজিনাই থকা এই ৰোগৰ এটা বিশেষ লক্ষণ। কোনো কাম নকৰাকৈয়ে মাংসপেশী সিৰামূৰি ধৰিব পাৰে। কোনো কষ্টকৰ শ্ৰম নকৰাকৈয়ে যদি মাংসপেশীৰ বিষ আৰু দুৰ্বলতা অনুভৱ কৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। হাইপ’থাইৰয়ডিজমৰ ঔষধ খোৱাৰ পাছত এই লক্ষণসমূহৰ দ্ৰুত উপশম হয়।

(৫) চুলি সৰা বা পাতল হোৱাঃ চুলি সৰা আৰু তাৰ ঠাইত নতুন চুলি গজি উঠা শৰীৰৰ এটা স্বাভাৱিক ক্ৰিয়া। কিন্তু দেহত থাইৰয়ড হৰম’নৰ অভাৱ হ’লে নতুনকৈ চুলি গজা কাৰ্যক বাধা দিয়ে। ফলত চুলি সৰে। এটা সমীক্ষাত দেখা গৈছে, ৪০ বছৰৰ ঊৰ্ধৰ এনে ৰোগত আক্ৰান্ত হোৱা প্ৰায় ৪০ শতাংশ ব্যক্তিৰ চুলি সৰে। তদুপৰি চুলি খহটাও হয়।

(৬) গাৰ ছাল শুকান আৰু মসৃণতা নোহোৱা হোৱাঃ থাইৰয়ড হৰম’নৰ অভাৱ হোৱা প্ৰায় ৭৪ শতাংশ ব্যক্তিৰে ছাল শুকান, খহটা আৰু কেতিয়াবা চকলা চকলকৈ এৰি যোৱা দেখা যায়। এনে ৰোগৰ ৫০ শতাংশ ব্যক্তিয়েই ছালৰ সৌন্দৰ্য বেয়া হোৱা বুলি চিকিৎসকৰ কাষ চাপে। কেতিয়াবা নখ ঠুনুকা হৈ সহজে ভাগি যায়।

(৭) বিষণ্ণতা- মনটো বেয়া লাগি থকাঃ বিষণ্ণতা আৰু হাইপ’থাইৰয়ডিজমৰ মাজত এটা যোগসূত্ৰ আছে। দুৰ্বলতা আৰু স্বাস্থ্যৰ অৱনতিয়ে এটা বিষণ্ণতা আনে। ৬৪ শতাংশ মহিলা আৰু ৫৭ শতাংশ পুৰুষে এই ৰোগত ভুগিলে বিষণ্ণতা অনুভৱ কৰে। যৌন জীৱনৰ প্ৰতি অনুভূতি হ্ৰাস বিষণ্ণতাৰ এটা কাৰণ।

(৮) কোষ্ঠকাঠিন্যঃ নিয়মিতভাৱে শৌচ নোহোৱা হাইপ’থাইৰয়ডিজমৰ এটা মন কৰিবলগীয়া লক্ষণ। যদি কোষ্ঠকাঠিন্য দিনে দিনে বাঢ়ি যায় বা কেইবাদিনো শৌচ নকৰাকৈ থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

(৯) ঋতুস্ৰাৱৰ অনিয়মীয়া বা মাত্ৰা বেছি হোৱাঃ হাইপ’থাইৰয়ডিজমত আক্ৰান্ত মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হয় আৰু ঋতুস্ৰাৱৰ সময়ত ৰক্তক্ষয় খুব বেছিকৈ হয়। এই ৰোগত আক্ৰান্ত হোৱা মহিলাৰ গৰ্ভধাৰণ কৰাতো অসুবিধা হ’ব পাৰে।

(১০) কোনো কামত মনোযোগ দিবলৈ অসুবিধাঃ হাইপ’থাইৰয়ডিজমত আক্ৰান্ত বহুতো ৰোগীৰ মনটো ধুঁৱলী-কুঁৱলী লাগি থাকে আৰু যি কোনো কামত মনোযোগ দিবলৈ অসুবিধা হয়। কেতিয়াবা কথা মনত ৰাখিব নোৱৰা হয় আৰু স্মৃতিশক্তিৰ হ্ৰাস হয়। এনে ধৰণৰ লক্ষণ হঠাত্ দেখা দিলে হাইপ’থাইৰয়ডিজমৰ লক্ষণ হ’ব পাৰে বুলি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

সজাগতাঃ ওপৰত উল্লেখ কৰা লক্ষণসমূহ যদি আপোনাৰ দেখা গৈছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰক্তৰ পৰীক্ষা কৰাওক। থাইৰয়ড হৰম’নৰ মাত্ৰা ৰক্তত পৰীক্ষা কৰি হাইপ’থাইৰয়ডিজমত ভুগিছে নেকি তাক নিৰ্ণয় কৰিব পাৰি। উপযুক্ত চিকিৎসকৰ দ্বাৰা এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

 

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ চন্দন বৰুৱা)।

2.82926829268
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top