অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাতৰ গঠন আৰু ৰোগৰ সংকেতঃ

(ক) আঙুলিৰ দৈৰ্ঘ্য আৰু অষ্টিঅ’আৰ্থ্ৰাইটিছ-

যিসকল মহিলাৰ অনামিকা আঙুলিৰ দৈৰ্ঘ্য তৰ্জনী আঙুলিতকৈ অধিক, তেনে মহিলাৰ অষ্টিঅ’আৰ্থ্ৰাইটিছ হোৱাৰ সম্ভাৱনা দুগুণ অধিক। নটিংহাম বিশ্ববিদ্যালয়ত ২,০৪৬ গৰাকী মহিলাৰ ওপৰত কৰা এক অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে। অৱশ্যে অনামিকা আঙুলিৰ এনে দৈৰ্ঘ্যৰ অধিকাৰী মহিলাসকলে খেলা-ধূলাত পাৰ্গতালি দেখুৱাব পাৰে। পুৰুষৰ ক্ষেত্ৰত এনেকুৱা হ’লে মদন গ্ৰন্থিৰ কেঞ্চাৰৰ সম্ভাৱনা থাকে।

(খ) হাতৰ কঁপনি আৰু পাৰকিনছনছ্ ৰোগ-

হাঁতৰ কঁপনি অত্যধিক কেফেইনযুক্ত দ্ৰব্য খালেও হ’ব পাৰে। কেতবোৰ ঔষধেও এনে কঁপনিৰ সৃষ্টি কৰিব পাৰে। কিন্তু এয়া পাৰকিনছনছ্ ৰোগৰ সংকেতো হ’ব পাৰে। গতিকে হাতৰ কঁপনি হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। মাত্ৰ এখন হাতৰ কঁপনি হ’লেও এই ৰোগ হ’ব পাৰে। আৰম্ভণিতে চিকিৎসা কৰিলে এই ৰোগৰ ফলপ্ৰসূ নিৰাময়ী ঔষধ ব্যৱহাৰ কৰিলে এই ৰোগ ৰোধ কৰা সম্ভৱ।

(গ) নখৰ ৰং আৰু বৃক্কৰ ৰোগ-

ভাৰতত এই সম্পৰ্কত এক অধ্যয়ন কৰা হৈছিল। অধ্যয়নৰ পৰা দেখা গ’ল যে নখৰ গুৰিৰ আধা অংশ বগা আৰু ওপৰৰ আধা অংশ মুগা বৰণৰ হ’লে বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনাও থাকে। অৱশ্যে কেতবোৰ হৰম’নৰ অধিক নিঃসৰণ আৰু এনিমিয়া হ’লেও নখৰ ৰং এনেকুৱা হ’ব পাৰে। নখৰ ৰং বৰ্ণিত ধৰণৰ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত আৰু এটা কথা নখৰ গুৰিৰ অংশ যদি উলম্ব ক’লা পটি দেখা যায় তেনেহ’লে ছালত মেলানোমা নামৰ কেঞ্চাৰ হ’ব পাৰে। এইক্ষেত্ৰত চিকিৎসকৰ তাৎক্ষণিক পৰামৰ্শ লোৱা প্ৰয়োজনীয়।

(ঘ) হাতৰ মুঠিৰ জোৰ আৰু হৃদৰোগ-

হাতৰ মুঠি যদি দুৰ্বল, তেনেহ’লে হাৰ্ট এটেক অথবা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে। এই সন্দৰ্ভত ১,৪০,০০০ প্ৰাপ্তবয়স্কৰ ওপৰত এক অধ্যয়ন কৰা হৈছিল। সেই অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে। হাতৰ মুঠি দুৰ্বল হোৱা মানে দেহৰ সকলো অংশৰ মাংসপেশী দুৰ্বল হোৱাৰ সংকেত হ’ব পাৰে। এইক্ষেত্ৰত শৰীৰৰ সকলো মাংসপেশী সবল কৰিব পৰা ব্যায়াম কৰিলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

(ঘ) হাতৰ তলুৱা ঘামি থকা আৰু অতিপাত ঘৰ্ম নিঃসৰণ-

হাতৰ তলুৱা যদি অনবৰত ঘামি থাকে, তেনেহ’লে মহিলাৰ ক্ষেত্ৰত তাৰ কাৰণ ৰজোঃনিবৃত্তি হ’ব পাৰে। থাইৰয়ড গ্ৰন্থিৰ বৈকল্য হ’লেও এনেকুৱা হ’ব পাৰে। আন এক কাৰণ হ’ল অতিপাত ঘৰ্ম নিঃসৰণ। এই ৰোগ হ’লে ঘৰ্ম গ্ৰন্থি অতিশয় সক্ৰিয় হয়। ফলত প্ৰয়োজনতকৈ অধিক ঘাম নিঃসৰণ হয়। এনেকুৱা হ’লে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ ব্যৱহাৰ কৰা প্ৰয়োজনীয়।

(চ) আঙুলিৰ চাপ আৰু উচ্চ ৰক্তচাপ-

ব্ৰিটেইনৰ চাউথাম্পটন বিশ্ববিদ্যালয়ত ১৩৯ জন মানুহৰ আঙুলিৰ পৰীক্ষা কৰিছিল। দেখা গৈছিল যে এটা বা অধিক আঙুলিৰ চাপ কম্বুকুণ্ডলিত হ’লে উচ্চ ৰক্তচাপ হ’ব পাৰে। চাপ যদি ধেনুভেৰীয়া আৰু চক্ৰপথ সদৃশ হয় তেনেহ’লে উচ্চ ৰক্তচাপৰ সম্ভাৱনা কম হয়।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

 

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate