মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হাড়ৰ গাঁঠিৰ বিষৰ(গাউট) কাৰণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাড়ৰ গাঁঠিৰ বিষৰ(গাউট) কাৰণ :

হাড়ৰ গাঁঠিৰ বিষৰ(গাউট)বিষয়ে লিখা হৈছে ।

 

ইউৰিক এচিড -

আজিকালি প্ৰায়েই জনসাধাৰণে ইউৰিক এচিডৰ বিষয়ে আলোচনা কৰা দেখা যায়। ইয়াৰ মুখ্য কাৰণ হ’ল জীৱদ্ৰব্য(Plasma)ত ইয়াৰ পৰিমাপৰ মাত্ৰাধিকাই এক বিশেষ প্ৰকাৰৰ দেহৰ গাঁঠিৰ বিষৰ সৃষ্টি কৰে, যাক্ ‘গাউট’(Gout) বুলি কোৱা হয়। ই অত্যন্ত বেদনাদায়ক, অসহ্যকৰ গাঁঠিৰ বিষ। ইউৰিক এচিডৰ মাত্ৰাধিক্যই কেৱল গাঁঠিৰ বিষৰ সৃষ্টি কৰে তেনে নহয়; ইয়াৰ দ্বাৰা দেহত অন্যান্য বহুতো জটিলতাৰ সৃষ্টি হয়।

মানুহৰ দেহৰ পৈত্ৰিক সম্পদসমূহ(Genetic material), পৈত্ৰিক বা জিনসমূহৰ অদল-বদল কৰণ, প্ৰোটিন সংশ্লেষণ, কোষসমূহৰ বিপাকীয় প্ৰণালীত পিউৰিণ গোটৰ আৰু পাইৰিমিডিন গোটৰ পদাৰ্থসমূহে মূখ্যতঃ জড়িত হৈ থাকে। পিউৰিণ গোটৰ ভিতৰত এডিনিন, গুৱানিন আৰু পাইৰিমিডিন গোটৰ অন্তৰ্গত চাইট’চিন, থাইমিন সামৰি লোৱা হয়, এই সকলোবোৰতে নিউক্লিয়টাইড জড়িত হৈ থাকে। এই নিউক্লিয়টাইডৰ বিপাকীয় প্ৰণালীত বেমেজালিৰ সৃষ্টি হ’লেই তেজত/জীৱদ্ৰব্যত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয় আৰু দেহত উপসৰ্গৰ সৃষ্টি হয়। এনে অৱস্থাত পিউৰিণৰ বিপাকীয় প্ৰণালীত সৃষ্টি হোৱা অনাৱশ্যকীয় পদাৰ্থসমূহ দেহৰ পৰা ওলাই যাব নোৱাৰি বিশেষকৈ ইউৰিক এচিডৰূপে জমা হৈ পৰে।

কেতিয়াবা পিউৰিণ আৰু পাইৰিমিডিন সংশ্লেষণ প্ৰক্ৰিয়াত আৱশ্যকীয় এনজাইমসমূহৰ হ্ৰাসকৰণেও দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে। মানৱ দেহত পিউৰিণৰ অধোগতিৰ ফলস্বৰূপে সৃষ্টি হোৱা শেষ পদাৰ্থই হ’ল ইউৰিক এচিড। ইউৰিক এচিডৰ বৈদ্যুতিক আধানযুক্ত পদাৰ্থক ‘ইউৰেট’ বোলা হয়। ই জীৱদ্ৰব্য, বহিঃকোষীয় তৰল পদাৰ্থ, গাঁঠিৰ ভিতৰত বিদ্যমান চাইন’ভিয়েল তৰল অংশ(Synovial fluid) আদিত মন’চডিয়াম ইউৰেট হিচাবে বৰ্তি থাকে। দেহত ইউৰিক এচিডৰ মাত্ৰা ৬.৮ মিঃগ্ৰাঃ/ডি এল ভিতৰত থকা উচিত। তেনে মাত্ৰাত ই দেহত ক্ষতিসাধন নকৰে। যদি মাত্ৰা বৃদ্ধি হয়, তেন্তে ইয়াৰ সফটিকৰ সৃষ্টি হৈ দেহৰ বিভিন্ন স্থানত জমা হৈ পৰি জটিলতাৰ সৃষ্টি কৰে।

শৰীৰ বিকৃতি বিজ্ঞান -

মানুহৰ দেহৰ মুঠ ইউৰিক এচিডৰ এক তৃতীয়াংশ(১/৩) মানুহে গ্ৰহণ কৰা খাদ্যৰ পৰা আহে আৰু বাকী দুই তৃতীয়াংশৰ উৎস হ’ল দেহৰ আভ্যন্তৰীণ পিউৰিণ বিপাক প্ৰণালীৰ দ্বাৰা সৃষ্টি ইউৰিক এচিড। দেহৰ অন্তৰ্জাত ইউৰিক এচিড সংশ্লেষণ আৰু বৃক্ক তথা অন্ত্ৰৰ পৰা নিৰ্গত ইউৰিক এচিডৰ ভাৰসাম্যৰ ওপৰতেই দেঅহত জমা হোৱা ইউৰিক এচিডৰ পৰিমাণ নিৰ্ভৰ কৰে। সাধাৰণতে বৃক্কৰ দ্বাৰা ২/৩ অংশ আৰু তন্ত্ৰৰ দ্বাৰা ১/৩ অংশ ইউৰিক এচিড নিৰ্গত হয়। কিছুমান এনজাইমে পিউৰিণ সংশ্লেষণ আৰু অধোগতিৰ সমতা ৰক্ষা কৰে। জেনথিন অক্সিডেজ, এনজাইমে হাইপ’জেনথিনক জেনথিনলৈ পৰিৱৰ্তন কৰে আৰু অৱশেষত জেনথিনৰ পৰা ইউৰিক এচিডলৈ ৰূপান্তৰ হয়। যদিও পিউৰিণ নিউক্লিয়টাইড সংশ্লেষণ আৰু অধোগতি(Degradation) দেহৰ প্ৰায় সকলো কোষতেই সংঘটিত হয়, অথচ যিবোৰ কোষত প্ৰধানকৈ জেত্নথিন, অক্সিচেজ থাকে, তেনে কোষত ইউৰেটৰ সৃষ্টি হয়। যেনে- যকৃত আৰু দেহৰ ক্ষুদ্ৰান্ত্ৰ।

ইউৰিক এচিড বৃদ্ধিৰ কাৰণসমূহ -

১)বৃক্কৰ দ্বাৰা নিৰ্গমন বা ৰেচন কাৰ্য হ্ৰাসকৰণ:

*বৃক্কৰ ভিতৰত বিদ্যমান নলীকা(Tubule)ৰ দ্বাৰা ইউৰিক এচিডৰ অত্যধিক শোষণ।

*বৃক্কৰ বিকলতা(Renal Failure)।

*সীহৰ বিষক্ৰিয়া।

*লেকটিক এচিড’চিচ।

*অত্যধিক সুৰা সেৱন।

*থায়েজাইড জাতীয় মূত্ৰল ঔষধ(Diuretic)ৰ অত্যধিক প্ৰয়োগ।

*চাইক্লম্পৰিণ আৰু পাইৰ’জিনেমাইড ঔষধ সেৱনৰ দ্বাৰাও সংঘটিত হ’ব পাৰে।

২)খাদ্যৰ উপকৰণ অধিক মাত্ৰাত সেৱণ:

*অত্যধিক চৰ্বিযুক্ত মাংস(Read meat)।

*সাগৰীয় আহাৰৰ উপকৰণ বৃদ্ধি।

*অনান্য খাদ্যৰ উপকৰণ।

৩)দেহত অত্যধিক মাত্ৰাত ইউৰিক এচিডৰ সৃষ্টি:

*তেজৰ ৰোগ, যেনে- মাইল’- প্ৰলিফাৰেটিভ আৰু লিমফ প্ৰলিফাৰেটিভ ৰোগ আদি।

*চ’ৰিয়াচিচ।

*অত্যধিক পৰিমাণে ফ্ৰুক্ট’জ সেৱন।

*বংশগতিৰ মধ্যমেৰে সৃষ্ট উচ্চ মাত্ৰাত ইউৰিক এচিড

ক)লিছ-নিহান চিণ্ড্ৰম(Lesch-Nyhan Syndrome)

খ)পইৰ’ফচফেট সংশ্লেষণ আদি দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে। যেনে- প্ৰাইমেৰী ইডিঅ’পেথিক, পলিচিষ্টিক বৃক্কৰ ৰোগ, ডায়েবেটিছ, ইনচিপিডাছ ৰোগ, হাইপ’থাইৰয়ডিজম, চাৰকইড’চিচ, অত্যধিক মেদবহুলতা, ডাউল চিণ্ড্ৰম আদি।

কি কি খাদ্যত ইউৰিক এচিড থাকে -

১)শাক-পাচলি:

*শুকান মাহজাতীয় শস্য, বিনজাতীয়

*কাঠফুলা

*পালেং শাক

*ফুলকবি

*শতমূল

২)মাংসজাতীয়:

*জন্তুৰ যকৃত, বৃক্ক

*ডাঙৰ জন্তুৰ মাংস

*ৰাজহাঁহৰ দৰে চৰাইৰ মাংস

*হঁয়কলী চৰাই, কইৰা

*খোলা থকা সামুদ্ৰিক প্ৰাণীৰ মাংস

৩)অত্যধিক চৰ্বিজাতীয় উপকৰণ:

*সম্পূৰ্ণ গাখীৰ

*আইচক্ৰীম

*কেক আৰু মাফিনজাতীয় খাদ্য

*অত্যধিকভাৱে ভজা খাদ্য

*মাত্ৰাধিক মছলাযুক্ত জোল, চীজ জাতীয় পদাৰ্থৰ খাদ্যৰ মাত্ৰাধিক ব্যৱহাৰ

৪)অন্যান্য:

*মদ্যপান বা সুৰাপান, বিশেষকৈ বিয়েৰ

*ইষ্ট জাতীয় পদাৰ্থৰ দ্বাৰা প্ৰস্তুত কৰা মাংস আদি খাদ্য।

*মাংসৰে প্ৰস্তুত কৰা চুপজাতীয় পানীয়।

মাত্ৰাধিক ইউৰিক এচিডৰ ফলত সৃষ্টি হোৱা ৰোগ -

দেহত মাত্ৰাধিক ইউৰিক এচিড থাকিলে দেহত ৰোগ আৰু জটিলতাৰ সৃষ্টি হয়। এই ৰোগসমূহ এনেধৰণৰ-

*সবাতোকৈ ডাঙৰ ৰোগ হ’ল গাউটজনিত গাঁঠিৰ বিষ।

*বৃক্কত পাথৰৰ সৃষ্টি।

*ইউৰেটৰ দ্বাৰা সৃষ্ট বৃক্কৰ ৰোগ। এই ৰোগত বৃক্কত ইউৰেটৰ সফটিক জমা হৈ বৃক্কক বিকল কৰাৰ সম্ভাৱনা।

*ইউৰিক এচিদৰ দ্বাৰা সৃষ্ট বৃক্কৰ ৰোগ।

এই ৰোগবিলাক সৃষ্টি নহ’বৰ বাবে দেহত ইউৰিক এচিডৰ মাত্ৰা কম কৰি ৰখাৰ প্ৰয়োজন। বহু সময়ত ইউৰেটসমূহ সফটিক হৈ দেহত জমা হয় আৰু ফুলি থাকে। এইবিলাকক ট’ফাই বুলি কোৱা হয়।

মানৱ দেহৰ কোষৰ পৈত্ৰিক বা জিনসমূহৰ সংশ্লেষণ, বৃদ্ধি আদিৰ বাবে পিউৰিণ অত্যাৱশ্যকীয়। ইয়াৰ ফলত শেষ পদাৰ্থ হিচাবে ইউৰিক এচিডৰ সৃষ্টিও এক সাধাৰণ পৰিঘটনা। কেৱল ইয়াৰ মাত্ৰা যাতে বৃদ্ধি নহয়, তাত সচেতন হোৱা প্ৰয়োজন। যিবিলাক মানুহৰ তেজত ইউৰিক এচিডৰ মাত্ৰা স্বাভাৱিক আৰু ৰোগৰ কোনো লক্ষণ দেখা পোৱা নেযায়, তেওঁলোকে ইতিমধ্যে বৰ্ণনা কৰা খাদ্যসমূহ মধ্যমীয়াভাৱে খাব পাৰে। কিন্তু যিসকল লোকৰ তেজত ইউৰিক এচিডৰ মাত্ৰা অধিক আৰু ৰোগৰ লক্ষণসমূহো প্ৰকট, তেওঁলোকে সেই খাদ্যসমূহ খাব নেলাগে। যিহেতু ই এক স্বাভাৱিক পৰিঘটনা, জনসাধাৰণে ইউৰিক এচিড জমা হৈছে বুলি ভয় খাব নেলাগে।

ইউৰিক এচিডৰ দ্বাৰা ৰোগৰ সৃষ্টি হ’লেও ৰোগী দ্বিধাগ্ৰস্ত হোৱা অনুচিত। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ সেৱন কৰি আৰোগ্য লাভ কৰিব পৰা যায়। মাত্ৰ খাদ্য/আহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা নিতান্তই প্ৰয়োজনীয়।

ইতিমধ্যে তথ্য প্ৰকাশিত হৈছে যে নিম্নোক্ত আহাৰ গ্ৰহণ কৰিলে উচ্চ মাত্ৰাৰ ইউৰিক এচিড ক্ৰমান্বয়ে স্বাভাৱিক হোৱা দেখা যায়। এই ক্ষেত্ৰত সাতবিধ আহাৰৰ কথা পোহৰলৈ আহিছে।

*মাটিকঠাল

*আদা

*চেৰিৰ ৰস

*হালধি

*নেমুটেঙা

*জালুক

*কলমৌ জাতীয় এবিধ জলজ উদ্ভিদ।

ইউৰিক এচিডৰ বিষয়ে কিছু পৰিমাণে ধাৰণা থকাটো ভাল কিন্তু অন্ধবিশ্বাসৰ বলি হোৱা উচিত নহয়। উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈকে ভাৰতত ইউৰিক এচিড বৃদ্ধিৰ কাৰণ হিচাপে মদ্যপান সেৱন বুলি গণ্য কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালত ভাৰতত মানুহৰ খাদ্যাভ্যাস সলনি হ’বলৈ ধৰে। ফলত ইউৰিক এচিড বৃদ্ধিৰ কাৰণে ওপৰোক্ত কাৰণবিলাক মানুহৰ মাজত চৰ্চাৰ বিষয় হৈ পৰে। সেইবাবে কেনেধৰণৰ খাদ্য বন্ধ কৰিব লাগে আৰু কি ধৰণৰ খাদ্য ব্যৱহাৰ কৰা উচিত, সেই বিষয়ে ইতিমধ্যে বৰ্ণনা কৰা হ’ল।

লেখক: ডাঃ(ড°) ৰতন কুমাৰ কটকী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top