মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হাৰপিছ যোষ্টাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাৰপিছ যোষ্টাৰ

 

লক্ষণ:

হাৰপিছ যোষ্টাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে শৰীৰৰ একাংশৰ ছালৰ উপৰিভাগত বিষ হোৱা,পোৰণি হোৱা,খামুচি ধৰা আদি লক্ষণে দেখা দিয়ে।আৰম্ভণিৰ পৰ্যায়ত তেনে বিষ মাংসপেশী বা অস্থিজনিত বুলি প্ৰায়ে ভবা হয়।বহুতে তেনে হোৱা বুলি বিষৰ মলম বা পিল খোৱাও দেখা যায়।বৈশিষ্ট্যপুৰ্ণ কথাটো হ’ল যে তেনে বিষ সদায় সেই ভাইৰাছবাহী বিশেষ স্নায়ুডাল বিয়পি থকা অংশবিলাকতহে হয়।দেহৰ এটা ফালৰ এটা বিশেষ অংশহে সামৰি লয়।কেতিয়াও শৰীৰৰ দুয়োফাল আৰু সৰহ ক্ষেত্ৰতে বিভিন্ন ঠাইত একেলগে নহয়।কেতিয়াবা প্ৰাৰম্ভিক বিসানুভুতি শৰীৰৰ অভ্যন্তৰৰ পৰা ওপজা যেনো লাগে আৰু কেতিয়াবা বহুলোকে পিত্তাশয়ৰ ৰোগত ভোগা বুলি শংকিত হৈ পৰে।যি কি নহওক তেনে বিষ দুই চাৰি দিন থকাৰ অন্তত,স্নায়ু অগ্ৰ বিলাকৰ পৰা ওলোৱা বিকাৰক পদাৰ্থৰ প্ৰভাৱত ছালৰ কোষ ধ্বংস হ’বলৈ ধৰে আৰু ছালৰ উপৰি ভাগত লক্ষণে দেখা দিয়ে।আক্ৰান্ত অংশত থুপ পতা সৰু সৰু জোলা উৎপন্ন হয় আৰু বিষ আৰু জুলনি-পোৰণি অনুভৱ হয়।লাহে লাহে জোলাবোৰৰ মাজত পুঁজ জমা হয়।সাতৰ পৰা দহ দিন মানলৈকে থাকি জোলাবোৰ ফাটি যায় আৰু শুকান খমলা বান্ধে।প্ৰায় দুইৰ পৰা তিনি সপ্তাহ মানৰ ভিতৰত উপৰুৱাকৈ বেক্টেৰিয়াই সংক্ৰমিত নকৰিলে ঠাইবোৰ শুকাই গৈ সৰু সৰু দাগ হৈ থাকেগৈ।কিন্তু যদি চিকুটা বা ভাঙি দিয়া হয় বা আন নলগাবলগীয়া বস্তু সানি মেলি দিয়া হয় তেতিয়া কেতবোৰ জটিলতাৰ সুচনা হৈ ৰোগ দীঘলীয়া হয়গৈ।কেতিয়াবা স্থায়ী দাগ বা স্কাৰ ৰৈ যোৱাৰো সম্ভাৱনা থাকে।মুখমণ্ডলত হোৱা হাৰপিছৰ যাতনা বেছি হোৱা দেখা যায়।সঘনাই ত্ৰাইজিমিনেল নামৰ স্নায়ুডাল আক্ৰান্ত হয়।মুখমণ্ডলত হোৱা হাৰপিছে মুখৰ এটা অংশ আক্ৰান্ত কৰাৰ উপৰি মুখৰ ভিতৰলৈও বিয়পি পৰে।ৰোগীৰ খোৱা-লোৱাতো ভালেখিনি অসুবিধা হয়।কেতিয়াবা বিশেষ একোডাল স্নায়ু সংক্ৰমিত হ’লে চকু আক্ৰান্ত হৈ চকুৰ মণিপৰ্যন্ত পৰিবগৈ পাৰে।দুৰ্ভাগ্যজনক পৰিস্থিতিত কেতিয়াবা ঘাঁ হৈ চকুৰ মাৰাত্মক হানি অথবা অন্ধত্বও হ’ব পাৰে।

কেনেকৈ হয়?

এই ৰোগৰ জীৱাণু হ’ল ভেৰিচলা যোষ্টাৰ ভাইৰাছ।আক্ৰান্ত ব্যক্তিৰ উশাহ নিশাহৰ পৰা এই জীৱাণু হাঁচি,কাহ আদিৰ দ্বাৰা নিৰ্গত হৈ আন ব্যক্তিৰ দেহত প্ৰৱেশ কৰে।প্ৰথমে তেনে জীৱাণু ব্যক্তিজনৰ মুখগহ্বৰ,ডিঙি,বা নাসাৰন্ধ্ৰৰ শ্লৈস্মিক আৱৰণত সাঙোৰ খাই পৰে।তাৰ পৰা তেজ বা তেজত থকা ৰক্ত কণিকাৰ দ্বাৰা সেই ভাইৰাছ ক্ৰ্মান্বয়ে হাওঁফাওঁ,প্লীহা,লিভাৰ আদিলৈ বিয়পি পৰে আৰু ভাইৰাছবিলাকৰ বংশবিস্তাৰ আৰম্ভ হয়।শৰীৰৰ প্ৰতিৰোধক তন্ত্ৰই যদি ভাইৰাছবিধক কাবু কৰিবলৈ সক্ষম হয়,তেন্তে ৰোগৰ কোনো লক্ষণ প্ৰকাশ নহয়।যদিহে শৰীৰে তেনে ভাইৰাছক বশীভুত কৰিব নোৱাৰে তেনে হ’লে প্ৰাৰম্ভতে মাজুআইৰ লক্ষণ প্ৰ্কাশ নহয়।সংক্ষেপে ক’বলৈ গ’লে জ্বৰ হোৱা,কাঁহ পানীলগা হোৱা,গা বা মাংস পেশীৰ বিষ আৰু শৰীৰত ছালৰ ওপৰত গুটি বা জোলাৰ উৎপত্তি হোৱা।তেনে লক্ষণ সাধাৰণতে দুই বা তিনি সপ্তাহৰ ভিতৰত নোহোৱা হয়।কিন্তু মাজু আইৰ লক্ষণ শেষ হৈ গ’লেও কাৰক ভাইৰাছবিলাকৰ একাংশ ছাল আৰু শ্লৈষ্মিক আৱৰণৰ তলত থকা স্নায়ু বিলাকেৰে ভটিয়াই গৈ নিৰাপদ স্থানত লুকাই থাকেগৈ।তেনে স্থান হিচাপে সিহঁতে নিৰ্বাচন কৰে সেই স্নায়ুবিলাকৰ আদি বিন্দু বা দৰচেল ৰুট গেংলিয়ন,যিবোৰ ৰাজঅস্থিৰ মাজত সোমাই থাকে।সিহঁত যেন ৰণত পৰা পলৰীয়া শত্ৰু।তেনে সুপ্ত অৱস্থাত সিহঁত মাথোঁ জীয়াই থাকে যদিও বংশ বিস্তাৰ কৰিবলৈ সক্ষম নহয়।কিন্তু বিভিন্ন ৰোগ ব্যাধি বা কাৰকৰ প্ৰভাৱত যেতিয়া শৰীৰ দুৰ্বল হৈ ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পায়,তেতিয়া সুযোগৰ অপেক্ষাত থকা তেনে ভাইৰাছবোৰে বংশ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে।সিহঁতৰ পৰা জন্ম লভা নতুন নতুন ভাইৰাছবিলাক লাহে লাহে তেনে স্নায়ু বিলাকৰ দেহটোৰে বগুৱা বাই বাই ছাললৈ গতি কৰে।এনে প্ৰত্যাক্ৰ্মণত স্নায়ু আৰু ছালৰ কোষ দুয়ো বিধ কলাই আক্ৰান্ত হয় আৰু তাৰ ফলত বিভিন্ন উপসৰ্গৰ উৎপত্তি হয়।

হাৰপিছ সম্ভাৱনা কেতিয়া বাঢ়ে?

এজন সুস্থ সবল ব্যক্তিক এই ৰোগে সতকাই কাবু কৰিব নোৱাৰে।দেখা যায় যে অস্ত্ৰোপচাৰৰ,প্ৰসবৰ,প্ৰচুৰ ৰক্তক্ষৰণ,কেমোথেৰাপী বা ৰেডিঅ’থেৰাপী,অত্যধিক মানসিক চাপ,তীব্ৰ জ্বৰ বমি বা ডায়েৰীয়া,বিৰামহীন শাৰীৰিক শ্ৰম আদিৰ পিছত পুৰ্বে মাজু আইত আক্ৰান্ত ৰোগীৰ দেহত হাৰপিছ যোষ্টাৰে গা কৰি উঠাৰ প্ৰবণতা বাঢ়ি যায়।তেনেকৈ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাক প্ৰভাৱান্বিত কৰিব পৰা ষ্টেৰয়ড বা আন দৰব খাই থকা ৰোগী,মধুমেহ,এইচআইভি বা লিম্ফমা আদি ৰোগত আক্ৰান্ত ৰোগীৰ মাজত এই ৰোগ বেছি দেখা যায়।এনে প্ৰৱণতাৰ মুল আধাৰ হল দেহৰ প্ৰতিৰোধ ব্যৱস্থাৰ অৱনতি বা অসমৰ্থত।

চিকিৎসা:

উপযুক্ত চিকিৎসাৰ দ্বাৰা এই ৰোগক নিয়ন্ত্ৰণ কৰিব পৰা যায়।যদি ছালত লক্ষণসমুহ দেখা দিয়াৰ আঠচল্লিশ ঘণ্টাৰ ভিতৰত আৰম্ভ কৰিব পৰা যায় তেতিয়া সৰ্বাধিক সুফল পোৱা যায়।বিভিন্ন ভাইৰাছ বিনাশক,খোৱা আৰু সনা দৰবৰ সহায়ত ৰোগৰ চিকিৎসা কৰাৰ উপৰি,বিষনাশক,এণ্টিবায়োটিক আৰু স্নায়ৱিক দৰবো ব্যৱহাৰ কৰা হয়।পৰৱৰ্তী বিষৰ পৰ্যায়টো অধিক বেদনাদায়ক হ’লে কাৰ্বামাজেপাইন,ফেনিটয়ন,ভেলপ্ৰোয়িক এচিড আদি ওপৰ স্তৰৰ স্নায়বীয় দৰব পাতিৰো প্ৰয়োজন হয়।

ৰোগীৰ কৰণীয়

এক:আই ওলাইছে বুলি পতিয়ন গৈ চিকিৎসা গ্ৰহণত বিলম্ব বা অনিচ্ছা নকৰাটো ৰোগী বা তেওঁৰ পৰিচৰ্যাকাৰীসকলৰ মুল দায়িত্ব।কাৰণ হাৰপিছ যোষ্টাৰৰ চিকিৎসাত সময় অতি জৰুৰী বিষয়।

দুই:জিৰণিৰ খুবেই আৱশ্যক।পৰাপক্ষত সকলো মানসিক আৰু শাৰীৰিক চাপ এৰাই চলা উচিত।

তিনি:সহজে হজম হোৱা পুষ্টিকৰ সকলো খাদ্য গ্ৰহণ কৰা উচিত।খাদ্যৰ পৰা আৰ্জিত শাৰীৰিক শক্তিয়েহে ৰোগটোৰ সৈতে যুঁজাত সহায় কৰিব।

চাৰি:খুব কম বয়সীয়া ল’ৰা-ছোৱালী,বয়স্ক বা ৰুগীয়া ব্যক্তিসকলক ৰোগীৰ সংস্পৰ্শৰ পৰা আঁতৰাই ৰাখিব লাগে।

পাঁচ:বেছি গৰম পানী বা সেক আক্ৰান্ত ঠাইত লগাব নালাগে।ঠাণ্ডা পানী বা বৰফ পানীৰে সেকা ভাল।কোনো তেল বা চাবোন ঠাইবোৰত লগাব নালাগে।বডী স্প্ৰে,ক্ৰীম পাতি এৰাই চলা যুগুত।

ছয়:হাতেৰে জোলাবোৰ ফুটাই বা চেপি দিয়া কাম ফেৰা জীৱাণু নিমন্ত্ৰণৰ সমপৰ্যায়ৰ।তেনে কাম কেতিয়াও কৰিব নালাগে।

সাত:আক্ৰান্ত কম চোকেৰে তৈয়াৰ কৰা পতাছ পানীৰে ধুই,কেলামাইন লোচন সানিব পৰা যায়।

হাৰপিছ যোষ্টাৰ হৈছে বুলি বিতত নহৈ বিজ্ঞানসন্মতভাৱে চিকিৎসকৰ পৰামৰ্শক্ৰমে চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগ সুন্দৰ ভাৱে নিৰাময় কৰিব পৰা যায়।প্ৰয়োজন মাথোঁ কিছু বিজ্ঞানসন্মত মানসিকতা আৰু শাৰীৰিক যত্নৰ।

জটিলতা:

কিছুমানে কেতিয়াবা হাৰপিছ যোষ্টাৰক ভয়াৱহ কৰি তুলিবও পাৰে।যদি ৰোগীৰ প্ৰতিৰোধ তন্ত্ৰ খুবেই নিশকতীয়া হয়,তাৰ পৰিণতিত ভাইৰাছ তেজৰ মাধ্যমেৰে সমগ্ৰ শৰীৰত বিয়পি পৰি নিউমোনিয়া,হেপাটাইটিছ,পেৰিকাৰ্ডাইটিছ,এনকেফেলাইটিছ আদি মাৰাত্মক জটিলাৱস্থাও সংঘটিত কৰিবও পাৰে।কেতিয়াবা আকৌ মুখমণ্ডলৰ এটা ফালৰ পেৰালাইছিছ,কাণৰ অভ্যন্তৰৰ বিকাশ,স্নায়ৱিক বিকলতাৰো কাৰণ হৈ থিয় দিব পাৰে এইবিধ ভাইৰাছজনিত ৰোগ।

হাৰপিছৰ পৰৱৰ্তী বিষ(Post Herpetic Neuralgia) এক অৱশ্যাম্ভাৱী পৰিঘটনা।ছালৰ উপৰিভাগত হোৱা উপসৰ্গবিলাক তিনি সপ্তাহ মানত নিজনি পৰিলেও আঘাত বা ক্ষতিগ্ৰস্ত স্নায়ুবিলাক স্বাভাৱিক অৱস্থা ঘুৰি আহিবলৈ ভালেমান সময় লাগে।সেই সময়ৰ বাবেই আক্ৰান্ত অংশবিলাক শুকাই গ’লেও এক বিষানুভৱ বহু দিনলৈকে থাকে।সেই বিষ এজন সুস্থ সবল মানুহৰ ক্ষেত্ৰতো নোহোৱা হ’বলৈ প্ৰায় তিনি চাৰি মাহপৰ্যন্ত লাগে।আক্ৰান্ত ব্যক্তিৰ অংশবিলাকত জ্বলাপোৰা ধৰণৰ,খামুচি ধৰা বা টনটনোৱা বিধৰ বিষ অনুভৱ হয়।কেতিয়াবা ইকাটি সিকাটি হ’লে,গাৰ পিন্ধা কাপোৰখন বা বতাহ এচাটি লাগিলেও খুব বিষায়।মুৰ বা মুখমণ্ডলত হোৱা বিষে কেতিয়াবা যথেষ্ট যাতনা ভুঞ্জায়।চৰম অৱস্থাত ৰোগীয়ে নিদ্ৰাহীনতাৰ চিকাৰো হ’ব লগাত পৰে।মধুমেহত ভোগা,অনিয়ন্ত্ৰিত থাইৰয়েডৰ বিকাৰগ্ৰস্ত  ৰোগী,অত্যধিক বয়স্থ ব্যক্তিৰ ক্ষেত্ৰত এনে বিষৰ তীব্ৰতা আৰু সময় বেছি দীঘলীয়া হয়।যি কি নহওক,বেছিভাগ ক্ষেত্ৰতে এনে বিষৰ প্ৰকোপ লাহে লাহে কমি গৈ নোহোৱা হয়গৈ।

লেখক:ডা: প্ৰাঞ্জলজ্যোতি দত্ত (সুকন্যা দেওবৰীয়া)

 

 

 

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top