মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হাৰ্ট এটেক আৰু আপুনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাৰ্ট এটেক আৰু আপুনি :

হাৰ্ট এটেক আৰু আপুনি, ৰ বিষয়ে লিখা হৈছে ।

 

হাৰ্টলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই লৈ যোৱা নলীবোৰ ঠেক বা বন্ধ হ’বলৈ ধৰে আৰু তেতিয়াই হাৰ্ট এটেক নামৰ পৰিঘটনাটো ঘটে।

আমাৰ হাৰ্টটো প্ৰায় এক ছেকেণ্ডত এবাৰ স্পন্দিত হয়। প্ৰাপ্তবয়স্ক এজন মানুহৰ হৃৎপিণ্ডটো এদিনত ১ লাখ বাৰতকৈও অধিকবাৰ স্পন্দিত হয়। প্ৰতিদিনে ই প্ৰায় ২ হাজাৰ গেলন তেজ পাম্প কৰি আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ প্ৰেৰণ কৰে।

হাৰ্টলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই লৈ যোৱা নলীবোৰ ঠেক বা বন্ধ হ’বলৈ ধৰিলেই তেজ চলাচল ব্যাহত হ’বলৈ ধৰিলেই তেজ চলাচল ব্যাহত হ’বলৈ ধৰে আৰু তেতিয়াই হাৰ্ট এটেক নামৰ পৰিঘটনাটো ঘটে।

সাধাৰণতে লাহে লাহে কলেষ্টেৰল আৰু অইন উপাদান কিছুমান জমা হৈ হৈ ঠেক হৈ পৰা নলীবোৰত হঠাতে তেজ গোট মাৰে। হাৰ্ট এটেকৰ চিকিৎসা বিজ্ঞানৰ নাম হ’ল মায়’কাৰ্ডিয়েল ইনফেকচন(Myocardial infection)।

Myo শব্দই মাংসপেশী বুজোৱাৰ বিপৰীতে কাৰ্ডিঅ’ শব্দই হাৰ্ট বা হৃৎপিণ্ডটোক বুজায়। আনহাতে শব্দই অক্সিজেনৰ অভাৱত কোষবোৰৰ মৃত্যুৰ কথা সূচায়। শৰীৰৰ অইন অংশৰ মাংসপেশীৰ দৰে হাৰ্টলৈও নিয়মীয়া তেজ চলাচলৰ প্ৰয়োজন।

কিবা কাৰণত হাৰ্টৰ কোনো অংশলৈ তেজৰ চলাচল বন্ধ হ’লে বিষ অনুভৱ হ’বলৈ ধৰে আৰু সেই অংশৰ কোষবোৰ মৰিবলৈ আৰম্ভ কৰে। হাৰ্ট এটেক হোৱাৰ পিছৰ প্ৰতিটো মিনিটেই অত্যন্ত গুৰুত্বপূৰ্ণ।

কাৰণ তেজ চলাচল ব্যাহত হোৱাৰ পিছত প্ৰতিটো মিনিটত নতুন নতুন কোষ মৰিবলৈ আৰম্ভ কৰে। অৱশ্যে ততাতৈয়াকৈ চিকিৎসা প্ৰদান কৰি তেজ চলাচল পুনৰ সুচল কৰিব পাৰিলে আৰু অধিক কোষৰ মৃত্যু প্ৰতিৰোধ কৰিব পৰা যায়।

দক্ষিণ-পূব এছিয়াৰ দেশসমূহত হাৰ্ট এটেকত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।

বহু সময়ত নিৰামিষভোজী ৰোগী, কেতিয়াও ধূম্ৰপান নকৰা ব্যক্তিও এই অঞ্চলত হাৰ্ট এটেকত আক্ৰান্ত হোৱা দেখা গৈছে।

হাৰ্ট এটেকৰ কাৰণসমূহ -

১)আনুবংশিক কাৰক,

২)ধূম্ৰপান,

৩)উচ্চ ৰক্তচাপ,

৪)উচ্চ পৰিমাণৰ কলেষ্টেৰল,

৫)শাৰীৰিক শ্ৰমৰ অভাৱ,

৬)মেদবহুলতা,

৭)বহুমূত্ৰ ৰোগ,

৮)মানসিক উৎকন্ঠা।

হাৰ্ট এটেকৰ পূৰ্বাভাস -

১)হঠাৎ হোৱা বুকুৰ বিষ অথবা আগৰে পৰা হৈ থকা বিষ বৃদ্ধি হ’ব পাৰে। বুকুৰ বিষটো ওপৰলৈ(ডিঙিলৈ) বা তললৈ(নাভিৰ ওচৰলৈ) অথবা দুয়োখন হাতৰ পিনে যাব পাৰে।

২)হঠাৎ কোনো কাৰণ নোহোৱাকৈ বেছিকৈ ঘামি উঠিব পাৰে।

৩)আচম্বিতে খুব খুব অৱশ লাগিব পাৰে।

৪)কেতিয়াবা অকস্মাতে অজ্ঞান হৈ যাব পাৰে।

৫)উশাহ লোৱাত কষ্ট হ’ব পাৰে। অৱশ্যে কেতিয়াবা কেতিয়াবা হাৰ্ট এটেকৰ কোনো লোকৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ পূৰ্বাভাস পোৱা নাযাবও পাৰে।

হাৰ্ট এটেকৰ পৰা ৰক্ষা পাবৰ কাৰণ -

১)শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকক। প্ৰতিদিনৰ অন্ততঃ ত্ৰিশ মিনিটৰ শাৰীৰিক সক্ৰিয়তাই আপোনাৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ পৰা ৰেহাই দিব পাৰে। কাৰ্যালয়ত চিৰি ব্যৱহাৰ কৰক।

পাৰিলে দুপৰীয়াৰ আহাৰ বিৰতিৰ সময়ত এপাক খোজকাঢ়ি আহক। যদিহে আপোনাৰ ঘৰ গ্ৰামাঞ্চলত কাৰ্যালয়লৈ যাবলৈ আপুনি স্কুটাৰ বা গাড়ীৰ সলনি চাইকেল ব্যৱহাৰ কৰিব পাৰে।

চহৰাঞ্চলৰ বাসিন্দাসকলে কাৰ্যালয়ৰ ওচৰৰ বাছ ষ্টপত নানামি দুটা ষ্টপ আগতে গাড়ীৰ পৰা নমাৰ অভ্যাস কৰক।

২)নিয়মীয়াকৈ যোগাভ্যাস কৰিব পাৰে।

৩)জীৱন প্ৰণালীত পৰিৱৰ্তন আনক। বহি বহি টিভি চোৱাৰ সলনি ঘৰতে দুই-এটা ঘৰুৱা কাম কৰক। যদি আপুনি চহৰ অঞ্চলত থাকে, ফুলনি বা কিটচেন গাৰ্ডেন এখনকে পাতি লওক। গাঁৱত থকাসকলে শাক-পাচলিৰ বাৰী এখন কৰিব পাৰে।

৪)খাদ্যাভ্যাস সলনি কৰক। আপোনাৰ খাদ্য তালিকাত প্ৰতিদিনে অন্ততঃ কিছু ফল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰক। মাছ খাব পাৰে, পিছে সাগৰীয় মাছহে আপোনাৰ বাবে ভাল।

ৰেড মিট(ছাগলী আদিৰ মাংস) নাখাব। যদিহে অফিচৰ কেন্টিনত খাদ্য গ্ৰহণ কৰে, তেতিয়া সতেজ খাদ্য নিৰ্বাচন কৰক। অথবা ঘৰৰ পৰাই খাদ্য কঢ়িয়াই অনাৰ অভ্যাস কৰক।

কম পৰিমাণৰ নিমখ খোৱাৰ অভ্যাস কৰক। যদিহে ঘৰত কেইবাখনো আঞ্জা ৰান্ধি খোৱাৰ অভ্যাস, এখন বা দুখন আঞ্জাত নিমখ ব্যৱহাৰ নকৰাকৈ ৰান্ধক, কেঁচা নিমখ পৰিহাৰ কৰক।

৫)সংগীত শুনাৰ অভ্যাস কৰক। আপোনাৰ প্ৰিয় সংগীতে আপোনাক নিৰোগী কৰি ৰখাত বহু পৰিমাণে সহায় কৰিব।

৬)বছৰেকত এবাৰ অন্ততঃ ফুৰিবলৈ মন মেলক। দেশ-বিদেশ কিয়, উত্তৰ-পূৰ্বাঞ্চলতে বহুতো ফুৰিবলগীয়া ঠাই আছে। পৰিয়ালৰ সৈতে গৈ উপভোগ কৰক।

৭)নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক। শৰীৰৰ কিছুমান পৰিসংখ্যা আপোনাৰ বেংক একাউন্টটোৰ দৰেই প্ৰয়োজনীয়। সেয়েহে মাজে সময়ে এই পৰিসংখ্যাবোৰ জনাৰ বাবে চিকিৎসকৰ কাষ চাপক। সেইবোৰ হ’ল-

*আপোনাৰ ৰক্তচাপ,

*তেজত লিপিডছ আৰু শৰ্কৰাৰ পৰিমাণ,

*ওজন।

এতিয়া সময় হ’ল হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কমাই অনা। সময় এতিয়াও আছে।

৮)বেছি শৰ্কৰাযুক্ত(মিঠা) খাদ্য আৰু ৰেডিমেড ফলৰ ৰসৰ সেৱন কমাই আনক। তাৰ সলনি সতেজ ফলমূল খাওক।

৯)আগতীয়াকৈ পেকিং কৰা খাদ্য কমাই খাওক বা পাৰিলে নাখাব। কাৰণ তাত নিমখ আৰু চেনিৰ পৰিমাণ বেছিকৈ থাকে।

১০)মদ নাখাব আৰু খালেও চিকিৎসকে দিয়া নিৰ্ধাৰিত পৰিমাণৰহে খাব। কাৰ্যালয়ত এটা ধোঁৱাবিহীন পৰিৱেশ গঢ়ি তোলক। কোনোধৰণৰে ধঁপাত ব্যৱহাৰ নকৰিব। সেয়া চিগাৰেট, বিড়ি, চাধা অথবা বিভিন্ন ব্ৰেণ্ডৰ গুটখা বা পাণমচলা যিয়েই নহওক কিয়। অফিচৰ টেনছনৰ পৰা ৰেহাই পাবলৈ বা সহকৰ্মীয়ে ধঁপাত যাচিলে বুলিয়েই তাক সেৱন নকৰিব।

১১)স্বাস্থ্যসন্মত দৈহিক ওজনে আপোনাক উচ্চ ৰক্তচাপ, হাৰ্ট এটেক, ষ্ট্ৰোক আদি কেইবাটাও মহাব্যাধিৰ পৰা ৰক্ষা কৰিব পাৰে। সেয়েহে স্বাস্থ্যসন্মতভাৱে উচ্চতা অনুযায়ী ওজন নিয়ন্ত্ৰণ কৰক।

হাৰ্ট এটেকৰ লগতে সকলো ধৰণৰ হৃদৰোগৰ চিকিৎসা অসমতে সম্ভৱ। কিন্তু হাৰ্ট এটেক হোৱা ৰোগীক সময়মতে চিকিৎসা আগবঢ়াব পাৰিলে মৃত্যু আৰু শাৰীৰিক ক্ষতিৰ পৰিমাণ কমাব পাৰি। হাৰ্ট এটেকৰ পিছৰ প্ৰথম তিনি ঘন্টা চিকিৎসাৰ বাবে বৰ উপযুক্ত সময় বুলি বিবেচনা কৰা হয়। মই কাম কৰা অনুষ্ঠানটিত বহু সময়ত বহু ৰোগী বহু পলমকৈ হাস্পতালত আহি উপস্থিত হোৱাৰ বাবে ৰোগীজনক চিকিৎসা কৰাৰ ক্ষেত্ৰত বহু সমস্যাই দেখা দিয়ে আৰু কেতিয়াবা আমি ৰোগীজনৰ জীৱন ৰক্ষা কৰাটোতো অসুবিধাৰ সৃষ্টি হয়।

সাধাৰণতে হৃদৰোগৰ চিকিৎসা এটা দলীয় প্ৰচেষ্টা। সাধাৰণতে এই দলটিত এজন হৃদৰোগ বিশেষজ্ঞ, এজন হৃদশল্য বিশেষজ্ঞ, উচ্চ প্ৰশিক্ষিত নাৰ্ছ, আই চি চি আৰু প্ৰশিক্ষিত চিকিৎসক থাকে লগতে কাৰডিয়েক আই চি ইউ, কেথলেব আৰু হাৰ্ট ছাৰ্জাৰী কৰিব পৰা অস্ত্ৰোপচাৰ কক্ষৰ ব্যৱস্থা থকাটো অপৰিহাৰ্য।

লেখক: ডাঃ শশাংক বৰুৱা(নিয়মীয়া বাৰ্তা)

2.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top