মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হিঁকটি কিয় আহে আৰু প্ৰতিকাৰৰ উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হিঁকটি কিয় আহে আৰু প্ৰতিকাৰৰ উপায় :

হিঁকটি কিয় আহে আৰু প্ৰতিকাৰৰ আৰু উপায়ৰ বিষয়ে লিখা হৈছে ।

 

হিঁকটি বা হেঁকটিৰ অভিজ্ঞতা নথকা মানুহ বিশ্বত বিৰল।শিশুৰ পৰা বৃদ্ধলৈ ,পুৰুষ-মহিলা আটাইৰে জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা হিঁকটিৰ অনুভৱ হোৱাটো এক স্বাভাৱিক ঘটনা।হাঁচি আৰু কাহৰ উপকাৰিতা থকাৰ বিপৰীতে হিঁকটিৰ কিন্তু কোনো উপকাৰিতা নাই।দেখা যায় মহিলাৰ তুলনাত পুৰুষৰ হিঁকটি বেছিকৈ আহে।সাধাৰণতে দিনটোৰ বিয়লি ভাগত হিঁকটি বেছিকৈ আহে।আমাৰ অসমীয়া লোক বিশ্বাসমতে হিঁকটি আৰু চৰ্চৰণি মানুহজনক কোনোবাই আঁতৰৰ পৰা স্মৰণ কৰিলে আহে।প্ৰকৃততে হিঁকটি কিয় আহে,হিঁকটিৰ পৰা হোৱা অসুবিধা কি আৰু ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব তাকে আজি আলোচনা কৰিবলৈ ওলাইছোঁ।পাঠকসকলে শুনি আমোদ পাব যে আমেৰিকাৰ আয়বা প্ৰদেশৰ এন্থন চহৰত ১৮৯৪ চনত জন্মগ্ৰহণ কৰা চাৰ্লছ অছৰ্বন নামৰ ব্যক্তি এজনে একেলেথাৰিয়ে ৬৮ বছৰ হিঁকটি মৰাৰ বিশ্বৰেকৰ্ড গঢ়ি থৈছে।গিনিজ বুকৰ তথ্যমতে আৰম্ভণিৰ কেইবাটাও দশকলৈ মিনিটত ৪০ টা হিঁকটি মাৰিছিল আৰু জীৱনৰ অন্তিম সময়ত মিনিটত ২০ টাকৈ হিঁকটি মাৰি গৈছিল।১৯৯১ চনত মৃত্যু হোৱা চাৰ্লছ অছবৰ্নৰ ওপৰত প্ৰয়োগ কৰা সকলো চিকিৎসা ব্যৰ্থ হৈছিল।

কম সময়ৰ বাবে অহা হিঁকটিৰ একো অপকাৰিতা নাই।বহু তৰ ক্ষেত্ৰত হিঁকটি নিজে নিজেই বন্ধ হয়।কিন্তু কোনো কোনো ব্যক্তিৰ দুদিন বা সপ্তাহৰো অধিক সময়জুৰি হিঁকটি আহি থাকে।তেনে লোকে গভীৰ অস্বস্তি আৰু লোকলজ্জাত ভোগে।নিজে নিজে নাইবা সাধাৰণ ঘৰুৱা প্ৰয়াসৰ যোগেদি হিঁকটি বন্ধ নহ’লে সেই ব্যক্তিজন চিকিৎসকৰ ওচৰ চপা উচিত।সাধাৰণতে জৰুৰীকালীন চিকিৎসক,কাণ-নাক-ডিঙিৰ বিশেষজ্ঞ,মেডিচিনৰ বিশেষজ্ঞ,বক্ষৰোগ বিশেষজ্ঞই হিঁকটিৰ চিকিৎসা আগবঢ়ায় যদিও প্ৰয়োজনসাপেক্ষে মনোৰোগ বিশেষজ্ঞ আৰু ছাৰ্জনৰো সহায়ৰ আৱশ্যকতা পৰিব পাৰে।

হিঁকটিনো কি?

হিঁকটি হ’ল ডিঙিৰ পৰা উৎপন্ন হোৱা চুটি আৰু তীক্ষ্ণ শব্দ।ইয়াৰ সৃষ্টি হয় ডায়েফ্ৰামত আকস্মিক সংকোচন হ’লে বায়ুনলীৰ (ট্ৰেকিয়া)ঊৰ্ধ্বাংশত অৱস্থিত শ্বাসৰন্ধ্ৰ (গ্ল’টিছ)জাপ খাই যোৱাৰ ফলত।ডায়েফ্ৰাম হ’ল হাওঁফাওঁৰ তলৰ সেই মাংসপেশী,যি নিশ্বাস লোৱাত আমাক সহায় কৰে।ডায়েফ্ৰামৰ লগত সংলগ্ন থকা নাৰ্ভডালৰ নাম হ’ল ফ্ৰেনিক নাৰ্ভ।হিঁকটি হ’ল এবিধ ৰিফ্লেক্স প্ৰক্ৰিয়া-অৰ্থাৎ এবিধ স্বয়ংক্ৰিয় (অট’মেটিক)ক্ৰিয়া,যাক মানুহে নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

হিঁকটি অহাৰ সৰু-ডাঙৰ কাৰণ কিছুমান তলত উল্লেখ কৰিলোঁ -

খৰ খৰকৈ বেছি মাত্ৰাত ভোজন কৰিলে,মদ্যপাণ,ধুম্ৰপাণ,আকস্মিক গৰম আৰু শীতল পানীয় ওপৰা-উপৰিকৈ গ্ৰহণ কৰিলে,গেছযুক্ত পানীয় সেৱন কৰিলে হিঁকটি অহা দেখা যায়।

পুৱাই খালী পেটত তীব্ৰ জ্বলা বা চোকা টেঙা খালেও হিঁকটি আহে।মনৰ আকস্মিক ষ্ট্ৰেছ,উদ্বিগ্নতা,উত্তেজনাও হিঁকটি অহাৰ কাৰণ হ’ব পাৰে।

পাক-প্ৰণালীৰ লগত জড়িত হিঁকটি অহাৰ কাৰণ হ’ল-গেষ্ট্ৰ’ইছ’ফেজিয়েল ৰিফ্লাস্ক ডিজিজ,ডিউডিনেল আলচাৰ,এপেণ্ডিচাইটিছ,পিত্ত আৰু লিভাৰৰ অসুখ,ইৰিটেবল বাৱেল ছীনড্ৰম,ইনটেষ্টাইনেল বাৱেল অবষ্ট্ৰাকচন ইত্যাদি।

মুত্ৰ প্ৰণালী আৰু জননাংগৰ লগত জড়িত হিঁকটি অহাৰ কাৰণ হ’ল-কিডনীৰ টিউমাৰ,কিডনীত পুঁজ হোৱা,কিডনী বিকল হোৱা,প্ৰষ্টেটৰ টিউমাৰ হোৱা আদি।

কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অসুখ,যেনে ষ্ট্ৰোক,টিউমাৰ,মস্তিষ্কৰ আঘাত-সংক্ৰমণ,মাল্টিপল স্ক’ৰেছিছ আদি।

ডায়েফ্ৰামৰ লগত জড়িত কাৰণ,যেনে হায়েটাছ হাৰ্নিয়া,ছাবফ্ৰেমিক এবচেছ  ভেগাছ নাৰ্ভৰ উত্তেজনাৰ লগত জড়িত কাৰণ,যেনে টিউমাৰ,গ’য়টাৰ ,গ্লোক’মা,মেনিনজাইটিছ হৃদৰোগ যেনে মায়’কাৰ্ডিয়েল ইচকেমিয়া,এৰিথমিয়া,পেৰিকাৰ্ডইটিচ,এঅৰৰ্টিক এনুৰিজম আদি।

ডিঙিৰ অসুখ,যেনে টনছিলাইটিছ,ফেৰিনজাইটিছ,লেৰিনজাইটিছ বুকুৰ অসুখ নিউমোনিয়া,পলুৰাইটিছ,টিউমাৰ আদি।

মেটাবলিক-তেজত ছুগাৰৰ পৰিমাণ কমি বা বাঢ়ি যোৱা তেজত ইউৰিয়া বাঢ়ি যোৱা,তেজত ছডিয়াম কমি যোৱা,তেজত পটাছিয়াম কমি যোৱা,তেজত কেলচিয়ামৰ তাৰতম্য হোৱা।

দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ফলস্বৰুপে।উদাহৰণ-মিথাইলডোপা,মৰফিন,ডেক্সামিথাছন,বিষনাশক দৰৱ,ট্ৰেংকুইলাইজাৰ,(ডায়েজেপাম,ল’ৰাজেপাম,এলপ্ৰাজলাম),

নিক’টিন অনডেনচট্ৰেন ,জেনেৰেল এনাছথেচিয়া আদি।

কিছুমান অপাৰেচনৰ পিছত ছাৰকোইডোছিছ ৰোগত মানসিক ৰোগ।

হিঁকটিৰ ফলত হ’ব পৰা জটিলতা:অৱসাদ,শাৰীৰিক দুৰ্বলতা,নিদ্ৰাহীনতা,মানসিক চাপ,দুশ্চিন্তা,শৰীৰৰ ওজন হ্ৰাস হোৱা আদি।তদুপৰি শৰীৰত কোনো অস্ত্ৰোপচাৰৰ ঘা থাকিলে সেয়া শুকোৱাত বিলম্ব হোৱা দেখা যায়।

হিঁকটিৰ কাৰণ চিনাক্তকৰণৰ বাবে ৰোগীৰ বিত্ং হিষ্ট্ৰী চিকিৎসকে লোৱাটো লাগতিয়াল।চিকিৎসকৰ মতে কমেও এশবিধ ৰোগৰ পৰিণামস্বৰুপে হিঁকুটি আহিব পাৰে।সেইমতেই ৰোগীৰ যাৱতীয় লেবৰেটৰী পৰীক্ষা-নিৰীক্ষাত অগ্ৰসৰ হ’ব লাগিব।বুকুৰ এক্স-ৰে,ইচিজি,তেজ-প্ৰস্ৰাৱৰ নানান পৰীক্ষাৰ পৰা আৰম্ভ কৰি প্ৰয়োজন,সাপেক্ষে আলট্ৰাছাউণ্ড,চিটিস্কেন,এম আৰ আই,ব্ৰ্ংকোস্কপী,কলনস্কোপী আদি যাৱতীয় পৰীক্ষা কৰাৰ প্ৰয়োজন হ’ব।

হিঁকতিৰ প্ৰাথমিক চিকিৎসা -

নানান প্ৰাথমিক চিকিৎসাৰ কম-বেছি পৰিমাণৰ উপযোগিতা দেখা যায়।তাৰ ভিতৰত ভয়-ভীতি প্ৰদৰ্শন,মনোযোগ আনপিনে আকৰ্ষিত কৰা,আচৰিত কৰিবলৈ প্ৰয়াস কৰা আদিও সন্নিৱিষ্ট।কিছুমান ব্যায়াম কৰিলে মগজুলৈ অক্সিজেন কমকৈ যাব,যাৰ ফলত ডায়েফ্ৰাম শিথিল হৈ পৰিলে হিঁকটি বন্ধ হ’ব।গুৰুতৰ কাৰণ নথকা হিঁকটিৰ উপশমৰ বাবে দীঘলীয়াকৈ উশাহ টানি লৈ ১০-১৫ ছেকেণ্ডমান ধৰি ৰাখিব লাগে।এনেদৰে কেইবাৰমান কৰিলে হিঁকটিৰ উপশম ঘটে।

হিঁকটি আহিলে ব্যক্তিজনে পৰাপক্ষত ভিৰৰ পৰা আঁতৰি একান্তলৈ আহিব লাগে আৰু আন কথালৈ মনোযোগ দিবৰ চেষ্টা কৰিব লাগে।‘ভালচালভা’পদ্ধতিত নাক আৰু ডিঙিৰ বন্ধ অৱস্থাত বায়ু বাহিৰ কৰিবলৈ প্ৰয়াস কৰা হয়।বহুতে নাক-কাণ একেলগে বন্ধ কৰি পানী গিলাৰ চেষ্টা কৰিও সুফল পায়।বৰফ-শীতল পানী লাহে খালে,আদাৰ ৰস,ইলাচী উতলোৱা পানী,নিমখীয়া দৈৰ ঘোল,মৌজোল,নেমু,পদিনাৰ ৰস,চেনি মিহলি মাখন,মাখনৰ সৈতে বাদাম,ভিনেগাৰ বা নেমু চোবালে-এইবিলাকৰ সেৱন কৰি কোনো কোনোজন উপকৃত হয়।আকৌ নিজৰ হাতৰ আঙুলিক খুব জোৰেৰে চেপি ধৰিলেও কেতিয়াবা হিঁকটি বন্ধ হয়।বহুতে একান্তলৈ গৈ ভালেপৰ সময় জিভাখন বাহিৰলৈ উলিয়াই থয় আৰু এটা সময়ত হিঁকটি বন্ধ হয়।আঁঠুকেইটা বুকুলৈকে চপাই মুৰটো সন্মুখলৈ হাউলিলে হিঁকটি বন্ধ হোৱা দেখা যায়।বহু লোকে বন্ধ হোৱা দেখা যায়।বহু লোকে বন্ধ প্লাষ্টিকৰ বা কাগজৰ ঠোঙাৰ ভিতৰত উশাহ লয়।এনে কৰিলে মগজুলৈ কমকৈ অক্সিজেন যায়,যাৰ ফলত ডায়েফ্ৰাম শিথিল পৰি যায় আৰু হিঁকটিৰ উপশম ঘটে।

উল্লেখিত পদ্ধতিত সফল নহ’লে চিকিৎসকে নিম্নলিখিত দৰবসমুহৰ প্ৰয়োগ কৰে-হেল’পেৰিডল,ক্লৰ’পমাজিন ,ডমপেৰিডন,মেটক্লপামাইড,অমিপ্ৰাজল,ৰেনিটিডিন,গাবাপেণ্টিন,ব্লেকফেন,মিডাজলাম,কেটামিন ইত্যাদি।

আকুপ্ৰেছাৰ আৰু হিপ্ল’থেৰাপী কিছুমান ৰোগীৰ ক্ষেত্ৰত ফলপ্ৰসু দেখা গৈছে।আকৌ কিছুমানৰ লোকেল এনাছথেচিয়াৰ প্ৰয়োগ কৰি ফ্লেনিক নাৰ্ভ ব্লক কৰিহে হিঁকটিৰ উপশম ঘটাবলগীয়া হয়।এইক্ষেত্ৰত ভীষণ সতৰ্কতাৰ প্ৰয়োজন,কিয়নো ফ্ৰেনিক নাৰ্ভ শ্বাস-প্ৰশ্বাস চলাই ৰাখিবলৈ অপৰিহাৰ্য।মোখনিত ইমানেই ক’ম যে সাৱধানীৰ মৰণ নাই।বাৰম্বাৰ দীৰ্ঘ সময়ৰ বাবে হিঁকটিত আক্ৰান্ত হোৱা ব্যক্তিয়ে অভিজ্ঞ চিকিৎসকৰ হতুৱাই নিজৰ শৰীৰটো পৰীক্ষা কৰাই লোৱাটো সৰ্বদা মংগলজনক।

লেখক: ডা: ভুপেন শইকীয়া (নিয়মীয়া বাৰ্তা)

 

3.05555555556
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top