মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হিম’গ্লবিন ই ট্ৰেইট :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হিম’গ্লবিন ই ট্ৰেইট :

হিম’গ্লবিন ই ট্ৰেইটৰ বিষয়ে লিখা হৈছে ।

 

হিম’গ্লবিন ই ট্ৰেইট  কি?

হিম’গ্লবিন ই ট্ৰেইট হ’ল মানুহৰ শৰীৰৰ তেজত থকা হিম’গ্লবিনৰ এক বংশগত বিসংগতি। সাধাৰণতে মানুহৰ তেজত থকা হিম’গ্লবিনৰ গ্ল’বিন অংশটোত দুটা আলফা আৰু দুটা বিটা চেইন থাকে। ইয়াৰে এটা বিটা চেইনৰ ২৬ নম্বৰ অংশত থকা গ্লুটামিক এচিডৰ পৰিৱৰ্তে যদি লাইচিন থাকে, তেন্তে হিম’গ্লবিনৰ যি বিসংগতি হ’ব তাক হিম’গ্লবিন ই ট্ৰেইট বুলি কোৱা হয়। হিম’গ্লবিন ই ট্ৰেইট কোনো ৰোগ নহয়। ই বংশগতভাৱে বিয়পিব পৰা হিম’গ্লবিনৰ এক জন্মগত বিসংগতিহে। হিম’গ্লবিন ই ট্ৰেইট যদি আলফা থেলেছেমীয়াৰ সৈতে একেলগে হয় তেন্তে তাক হিম’গ্লবিন ই আলফা থেলেছেমীয়া, যদি বিটা থেলেছেমীয়াৰ সৈতে একেলগে হয় তেন্তে হিম’গ্লবিন ই বিটা থেলেছেমীয়া আৰু যদি চিকল ছিণ্ড্ৰমৰ সৈতে একেলগে হয়, তেন্তে তাক হিম’গ্লবিন ই চিকল চেল ৰোগ বুলি কোৱা হয়। আনহাতে যদি দুয়োটা বিটা চেইনৰে ২৬ নম্বৰ অংশত থকা গ্লুটামিক এচিডৰ পৰিৱৰ্তে লাইচিন থাকে, তেন্তে হিম’গ্লবিনৰ যি বিসংগতি হ’ব তাক হিম’গ্লবিন ই ৰোগ বুলি কোৱা হয়।

লক্ষণ -

যিহেতু হিম’গ্লবিন ই ট্ৰেইট কোনো ধৰণৰ ৰোগ নহয়, মাথোঁ হিম’গ্লবিনৰ এক বংশগত বিসংগতিহে, সেয়েহে হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিৰ কেতিয়াও বিশেষ স্বাস্থ্যগত সমস্যা হোৱা দেখা নাযায়।  যিহেতু এনে ব্যক্তিৰ হিম’গ্লবিন অলপ হ’লেও বিসংগতিপুৰ্ণ সেয়েহে সুস্থ হিম’গ্লবিনতকৈ এনে হিম’গ্লবিনে শৰীৰৰ বিভিন্ন অংশলৈ কমকৈ অক্সিজেন বহন কৰে। সেয়েহে হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিয়ে কেতিয়াবা ৰক্তহীনতাৰ বাবে হোৱা ভাগৰ লগা, মুৰ ঘুৰোৱা, দুৰ্বল অনুভৱ কৰা আদিত ভোগা দেখা যায়। অৱশ্যে হিম’গ্লবিন ই ট্ৰেইট  থকা ব্যক্তিৰ শৰীৰত বিশেষকৈ পেশীৰ বিষ হোৱা দেখা যায়। কিন্তু হিম’গ্লবিন ই ৰোগ থকা ব্যক্তিৰ ৰক্তহীনতাৰ বাবে ভাগৰ লগা, মুৰ ঘুৰোৱা, দুৰ্বল অনুভৱ কৰা আদি হোৱা দেখা যায়।

হিম’গ্লবিন ই ট্ৰেইট কেনেদৰে বিয়পে -

আমি সকলোৱে জানো যে কেঁচুৱা এটাই তাৰ ক্ৰ’ম’জমৰ এটি ক্ৰ’ম’টিড মাতৃৰ পৰা আৰু এটা ক্ৰ’ম’টিড পিতৃৰ পৰা আহৰণ কৰে। যদিহে পিতৃ অথবা মাতৃৰ যিকোনো এজনৰ হিম’গ্লবিন ই ট্ৰেইট থাকে, তেন্তে তেওঁলোকৰ ৫০ শতাংশ সন্তানৰ হিম’গ্লবিন ই ট্ৰেইট হোৱাৰ আশংকা থাকে। যদিহে পিতৃ আৰু মাতৃ দুয়োৰে হিম’গ্লবিন ই ট্ৰেইট থাকে, তেন্তে তেওঁলোকৰ ৫০ শতাংশ সন্তানৰ হিম’গ্লবিন ই ট্ৰেইট আৰু ২৫ শতাংশ সন্তানৰ হিম’গ্লবিন ই ৰোগ হোৱাৰ আশংকা থাকে। পিতৃ অথবা মাতৃ যিকোনো এজনৰ যদি  হিম’গ্লবিন ই ৰোগ থাকে আৰু এজন সুস্থ হয় তেন্তে তেওঁলোকৰ আটাইকেইটা সন্তানৰে হিম’গ্লবিন ই ট্ৰেইট থাকিব। যদিহে পিতৃ বা মাতৃ এজনৰ হিম’গ্লবিন ই ট্ৰেইট আৰু এজনৰ হিম’গ্লবিন ই ৰোগ থাকে তেন্তে তেওঁলোকৰ ৫০ শতাংশ সন্তানৰ হিম’গ্লবিন ই ট্ৰেইট আৰু ৫০ শতাংশ সন্তানৰ হিম’গ্লবিন ই ৰোগ হোৱাৰ আশংকা থাকে। আনহাতে পিতৃ আৰু মাতৃ দুয়োজনৰে যদি হিম’গ্লবিন ই ৰোগ থাকে, তেন্তে তেওঁলোকৰ আটাইকেইটা সন্তানৰে হিম’গ্লবিন ই ৰোগ থাকিব।

চিকিৎসা -

হিম’গ্লবিন ই ট্ৰেইটৰ বাবে কোনো বিশেষ চিকিৎসা নালাগে। কেৱল ফলিক এচিড খাই থাকিলেই হয়। হিম’গ্লবিন ই ট্ৰেইটত আইৰনৰ কোনো অৰিহণা নাই। সেয়েহে আইৰন টেবলেট খোৱাৰ কোনো প্ৰয়োজন নাই। শাক-পাচলি, ফল-মুল আৰু এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য (যেনে- হালধি, আদা, শুকান ফল, সাগৰীয় মাছ, জামু আদি) প্ৰচুৰ খাব লাগে। হিম’গ্লবিন ই ট্ৰেইট থকা মহিলাই গৰ্ভধাৰণ কৰা অৱস্থাত অধিক ফলিক এচিড খাব লাগে। তেনে নকৰিলে প্ৰসুতিগৰাকীৰ ৰক্তহীনতা বেছি হোৱাৰ উপৰি গৰ্ভস্থ সন্তানৰ স্পাইনা বিফিদা নামৰ এক জন্মগত বিসংগতি হোৱাৰ আশংকা বাঢ়ি যায়। যদিহে হিম’গ্লবিন ই ট্ৰেইট থেলাছেমীয়াৰ সৈতে একেলগে হয়, তেন্তে মাজে মাজে তেজৰ উপাদান লোহিত ৰক্ত কণিকা সংচৰণ কৰিব লগা হয়। তদুপৰি হিম’গ্লবিন ই ৰোগ থকা ব্যক্তিৰ ৰক্তহীনতাৰ বাবেও কেতিয়াবা তেজৰ উপাদান লোহিত ৰক্ত কণিকা সংচৰণ কৰিব লগা হয়।

চিনাক্তকৰণৰ উপায় -

হিম’গ্লবিন ই ট্ৰেইট সাধাৰণতে কিবা বিশেষ কাৰণত তেজৰ পৰীক্ষা কৰিলে বা পিতৃ-মাতৃৰ হিম’গ্লবিন ই ট্ৰেইট বা হিম’গ্লবিন ই ৰোগ থাকিলে স্ক্ৰীনিং কৰিলেহে চিনাক্ত হোৱা দেখা যায়। হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিৰ প্ৰতি ডেচিলিটাৰ তেজত হিম’গ্লবিনৰ পৰিমাণ ১০ ৰ পৰা ১১ গ্ৰাম থকা দেখা যায়। এওঁলোকৰ লোহিত ৰক্ত কণিকাৰ আকাৰ সাধাৰণ লোহিত ৰক্ত কণিকাতকৈ সৰু আৰু কম ৰংযুক্ত হোৱা দেখা যায়। সেয়েহে এনে লোহিত ৰক্ত কণিকাবোৰক মাইক্ৰ’চাইটিক হাইপ’ক্ৰমিক লোহিত ৰক্ত কণিকা বুলি কোৱা হয়। যদিও এনে ধৰণৰ লোহিত ৰক্ত কণিকা আইৰনৰ অভাৱত হোৱা ৰক্তহীনতাত দেখা যায় তথাপি ব্যক্তিগৰাকীৰ তেজত ফেৰিটিনৰ পৰিমাণ সঠিক থাকে আৰু আৰ ডি ডব্লিউ ঠিকেই থাকে। তদুপৰি হিম’গ্লবিন ইলেক্ট্ৰ’ফৰছিছ পৰীক্ষা কৰিও হিম’গ্লবিন ই ট্ৰেইট চিনাক্ত কৰিব পাৰি। হিম’গ্লবিন ই ট্ৰেইট আৰু হিম’গ্লবিন ই ৰোগ চিনাক্ত কৰাৰ উত্তম পৰীক্ষা হ’ল হিম’গ্লবিন টাইপিং। এইচ পি এল চি মেচিনত ইডিটিয়ে ভায়েলত লোৱা তেজৰ হিম’গ্লবিন টাইপিং কৰিলে হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিৰ HbaA2 ৰ পৰিমাণ ২৫ ৰ পৰা ৩০ শতাংশ, HbA0 ৰ পৰিমাণ প্ৰায় ৬০ ৰ পৰা ৭০ শতাংশ আৰু HbF ৰ পৰিমাণ ০.৮ শতাংশতকৈ কম থাকে। হিম’গ্লবিন ই ৰোগ থকা ব্যক্তিৰ HbA2  ৰ পৰিমাণ ৮৫ ৰ পৰা ৯৫ শতাংশ,  HbA0 ৰ পৰিমাণ প্ৰায় ৫ ৰপৰা ১০ শতাংশ আৰু  HbF ৰ পৰিমাণ ০.৮ শতাংশতকৈ কম থাকে। সাধাৰণতে সুস্থ ব্যক্তি এজনৰ তেজত HbA2  ৰ পৰিমাণ ৪ শতাংশতকৈ কম,  HbAO ৰ পৰিমাণ ৮৫ ৰ পৰা ৯৫ শতাংশ আৰু  HbF ৰ  পৰিমাণ ০.৮ শতাংশতকৈ কম থাকে। আজিকালি কেঁচুৱা মাতৃৰ গৰ্ভত থাকোতে গৰ্ভস্থ কেঁচুৱাৰ তেজ গ্ৰহণ কৰিও হিম’গ্লবিন ই ট্ৰেইট অথবা হিম’গ্লবিন ই ৰোগ স্ক্ৰীনিং কৰিব পাৰি।

সাৱধানতা -

হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিয়ে সাধাৰণতে হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব নালাগে, কাৰণ দুয়োজনৰে হিম’গ্লবিন ই ট্ৰেইট থাকিলে তেওঁলোকৰ ৫০ শতাংশ সন্তানৰ হিম’গ্লবিন ই ট্ৰেইট আৰু ২৫ শতাংশ সন্তানৰ হিম’গ্লবিন ই ৰোগ হোৱাৰ আশংকা থাকে। আনহাতে হিম’গ্লবিন ই ৰোগ থকা ব্যক্তিৰ সৈতেও বিবাহপাশত আবদ্ধ হ’ব নালাগে। অৱশ্যে এয়া তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি পৰিয়ালৰ কোনোবাজনৰ হিম’গ্লবিন ই ট্ৰেইট বা হিম’গ্লবিন ই ৰোগ চিনাক্ত হ’লে আনবোৰেও হিম’গ্লবিন ই ট্ৰেইট আৰু হিম’গ্লবিন ই ৰোগৰ বাবে পৰীক্ষা কৰিব লাগে আৰু যদি কাৰোবাৰ থিৰাং হয়, ওপৰত লিখাৰ দৰে চিকিৎসা কৰাৰ লগতে সাৱধানতা অৱলম্বন কৰিব লাগে।

লেখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ (দেওবৰীয়া সম্ভাৰ)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

3.05882352941
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top