মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / হিষ্টিৰিয়া, আলৌকিকতা আদি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হিষ্টিৰিয়া, আলৌকিকতা আদি :

হিষ্টিৰিয়া, আলৌকিকতা আদিৰ বিষয়ে লিখা হৈছে ।

 

ঘটনাৰ স্থান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বিভাগৰ দুই নম্বৰ ইউনিট। এগৰাকী মেলেৰিয়া ৰোগীক তাত কিছুদিন আগতে ভৰ্তি কৰোৱা হৈছিল। দুদিনমান থকাৰ পিছত ৰোগীগৰাকী ক্ৰমে জকিবলৈ আৰম্ভ কৰিলে। তেওঁ লাহে লাহে ভ্ৰম বকিবলৈ ধৰিলে আৰু চিকিৎসালয় নহয় ওজাৰ কাষলৈ নিলেহে তেওঁ ভাল হ’ব বুলি ক’বলৈ ধৰিলে। মৰিগাঁৱৰ এখন গাঁৱৰ পৰা অনা ৰোগীগৰাকীৰ এনে অদ্ভুত আচৰণত স্বাভাৱিকতে কিংকতৰ্ব্য বিমুঢ় হৈ পৰিল গৃহস্থ। কি কৰিব বিশেষ একো ঠিৰাং কৰিব নোৱাৰি গৃহস্থই মৰিগাঁৱৰ ঘৰলৈ মানুহ পঠিয়াই এজন ওজা জি এম চিলৈ অনালে। ওজাই চিকিৎসকৰ অলক্ষিতে বিহলঙনিৰে ৰোগীক তিনিবাৰমান জৰাৰ পিছৰ ৰোগী মানসিকভাৱে সুস্থ হ’ল। কিন্তু সাধাৰণ মেলেৰিয়াই ক্ৰমে চেৰিব্ৰেল মেলেৰিয়াৰ ৰূপ লোৱাত কেইদিনমান পিছতে ৰোগী ঢ়ুকাল। যি কি নহওক, নিজৰ আত্মীয় এগৰাকী চিকিৎসাধীন হৈ থকা বাবেই আমিও জি এম চিত সেই কেইদিন অতিবাহিত কৰিছো। সেই সূত্ৰেই কবিৰাজে ৰোগীগৰাকীক জৰা-ফুৰা কৰাও দেখিছো। লগতে এই কথাও মন কৰিছো যে গাঁৱৰ অহা প্ৰায়ভাগ মানুহৰ মতএ ভূত-প্ৰেত, অপদেৱতাৰ ভৰ আদি কথাই বাৰুকৈয়ে শিপাই আছে। তাৎপৰ্যপূৰ্ণ কথাটি হ’ল গাঁৱৰ পৰা অহা শিক্ষক শ্ৰেণীৰ জনা-বুজা ব্যক্তি কিছুমানেও ভূত-প্ৰেত, বিৰা আদিক বিশ্বাস কৰে।

এয়া গ’ল জি এম চিৰ কথা। আমি দেখা অইন ঘটনাটি ঘটিছিল ধুবুৰী জিলাৰ বহলপুৰ নামৰ ঠাইখনত। এগৰাকী বোৱাৰীয়ে নিশাৰ আহাৰ খাই পাটিত পৰাৰ কিছু সময়ৰ পিছতে আহাৰ খাই পাটিত পৰাৰ কিছু সময়ৰ পিছতে জাপ মাৰি বিছনাৰ পৰা উঠে আৰু নানান অদ্ভুত আচৰণ কৰিবলৈ লয়। তেওঁ আউলি-বাউলি চুলিৰে ক’বলৈ ধৰে যে তেওঁৰ গাত দেৱী গোঁসানীয়ে ঠাই লৈছে। গতিকে দেৱী গোঁসানীক সন্তুষ্ট কৰিলেহে তেওঁ সুস্থ হ’ব। কথামতেই কাম- গাঁৱৰে এজন বেজক আনি বোৱাৰীগৰাকীক ভালদৰে জৰা-ফুৰা কৰা হ’ল। জৰা-ফুকাৰ অন্তত বোৱাৰীগৰাকী সুস্থ হ’ল আৰু বহু সময়ৰ বাবে শুই পৰিল।

ভূতে পোৱা দৰাচলতে কি?

চিকিৎসা বিজ্ঞানৰ পৰিভাষাত কাৰোবাৰ তিনিবিধ ৰোগ ক্ৰমে হিষ্টিৰিয়া, চিজোফ্ৰেনিয়া আৰু মেনিয়াক ডিপ্ৰেছিভ হ’লে মানুহে ‘ভূতে ধৰা’ বুলি সাধাৰণতে ভাবি লয়।

প্ৰাচীন কালৰে পৰা হিষ্টিৰিয়া নামৰ মানসিক ৰোগবিধৰ অস্তিত্ব আছে। সেই সময়ত ওজা আৰু যাদু চিকিৎসাৰ খুব প্ৰাধান্য আছিল। শৰীৰ বিজ্ঞানৰ জ্ঞানৰ অভাৱত এই ৰোগক কিছুমান ভূতে ধৰা বুলি নাইবা ঈশ্বৰে ভৰ লোৱা বুলি ধাৰণা কৰি লৈছিল। যিসকল মানুহৰ মগজুৰ কোষৰ ভাৰসাম্য তথা সহনশীলতা কম, তেওঁলোকৰ মাজত এই ৰোগ বেছিকৈ হয়।

অশিক্ষিত, অল্কশিক্ষিত আৰু বিজ্ঞানসন্মত যুক্তিৰ অভাৱত এইসকল লোকে বিচাৰ নকৰাকৈ অন্ধ বিশ্বাসত অভ্যস্ত হৈ সোমাই গৈ থাকে। মগজুৰ কোষসমূহৰ সহনশীলতা নোহোৱাৰ কাৰণে এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে কিবা এটা আচহুৱা কথা শুনিলে বা ভাবিলে মগজুৰ কিছুমান বিশেষ কোষ বাৰে বাৰে উত্তেজিত হৈ পৰে আৰু আলোড়িত হৈ থাকে। ইয়াৰ ফলত বহু সময়ত কোষবোৰ অকৰ্মণ্য হৈ যায় আৰু প্ৰকৃত ঘটনাৰ লগত যোগাযোগ কৰাৰ ক্ষেত্ৰত জটিলতা আহি পৰে।

এনেদৰে মগজুৰ কাৰ্যকলাপত কিছুমান বিশৃংখলাই দেখা দিবলৈ ধৰে। হিষ্টিৰিয়া ৰোগৰ সম্বন্ধে ভালদৰে নজনা মানুহে হিষ্টিৰিয়া ৰোগীৰ আচৰণত অদ্ভুত পৰিৱৰ্তন দেখিবলৈ পায় আৰু এইবিলাকক ভূতৰ কাণ্ড বুলি ভাবি লয়। প্ৰথম বিশ্ব যুদ্ধৰ সময়ত কিছুমান সৈনিকৰ দৃষ্টিশক্তি কমি যোৱা অথবা বিভিন্ন ধৰণৰ পক্ষাঘাত হৈছিল। কিন্তু এইবিলাক শাৰীৰিক আঘাত নাইবা অন্য কোনো শাৰীৰিক কাৰণত হোৱা নাছিল। এইবোৰৰ একমাত্ৰ কাৰণ আছিল মানসিক।

হিষ্টিৰিয়া ৰোগত ভোগা কাৰণে এই সৈনিকসকলে চকুৰ আগতে অনবৰতে ৰক্তপাত, হত্যা আদি ঘটনা দেখিছিল আৰু গোলা-বাৰুদৰ শব্দ শুনিবলৈ পাইছিল। কিন্তু দৰাচলতে সেইবোৰ তেওঁলোকৰ ভ্ৰম আছিল। যাৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাছিল। যুদ্ধৰ ভয়ে এই সৈনিকসকলক আচ্ছন্ন কৰি পেলাইছিল। যুদ্ধৰ ভয় আৰু যুদ্ধ এৰি পলাই গ’লে দেশদ্ৰোহী বুলি শাস্তি পোৱাৰ ভয়তে তেওঁলোকৰ মাজত হিষ্টিৰিয়াৰ দৰে মানসিক ৰোগৰ সৃষ্টি হৈছিল। কেতিয়াবা পৰীক্ষাৰ্থীসকলে কোনো পৰীক্ষা দিবলগীয়া হ’লেও এইধৰণৰ মানসিক ৰোগে দেখা দিয়ে। কিছুমান গুৰুত্বপূৰ্ণ পৰীক্ষা যেনে- মাধ্যমিক, উচ্চ মাধ্যমিক পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীয়ে পঢ়ি পঢ়ি কেতিয়াবা মনে মনে বিশ্ৰাম বিচাৰে যদিও সময় নষ্ট হ’ব বুলি বিশ্ৰাম ল’ব নোখোজে। তেতিয়া মনৰ মাজত হোৱা এনে ধৰণৰ বিপৰীত ধৰ্মী চিন্তাৰ সংঘাতৰ ফলতো হিষ্টিৰিয়াৰ সমস্যা প্ৰকট হৈ উঠে। কেতিয়াবা ঈশ্বৰৰ নাম-কীৰ্তন কৰিলে অধিক আৱেগৰ বশৱৰ্তী হৈ কিছুমান অদ্ভুত আচৰণ কৰাটোও হিষ্টিৰিয়াৰে লক্ষণ। হিষ্টিৰিয়া ৰোগত আক্ৰান্ত হৈ বহুতে কথা ক’ব নোৱাৰা সমস্যাতো পৰে। হিষ্টিৰিয়াজনিত কাৰণতেই কিছুমান সভ্য মানুহে অদ্ভুত ধৰণৰ আচৰণ কৰে আৰু যাক কিছুমানে বুজিব নোৱাৰি ভূতে ধৰা বুলি ভাবি লয়।

চিজোফ্ৰেনিয়া হৈছে আন এবিধ মানসিক ৰোগ। যাৰ ফলত মগজুৰ কাৰ্যকপালত বাধা আহি পৰে। গতিশীলতা মগজু কোষৰ এটা বিশেষ বৈশিষ্ট্য আৰু এই গতিশীলতা সকলোৰে ক্ষেত্ৰত সমান নহয়।  যিসকল মানুহৰ মগজু কোষৰ গতিশীলতা বেছি, সেইসকল মানুহে যিকোনো কথা বহুত সোনকালে বুজি ল’ব পাৰে। এওঁলোকৰ বুজাৰ আগ্ৰহ আৰু ক্ষমতা বহুত বেছি আৰু খুব নিয়মানুৱৰ্তিতাৰে বিভিন্ন কামত নিজকে ডুবাই ৰাখিব পাৰে।  এটা সময়তে এইসকল মানুহে বিভিন্ন বিষয়ত গভীৰভাৱে চিন্তা আৰু আলোচনা কৰিব পাৰে। ৰাজনীতিক, শিল্প উদ্যোগপতি, প্ৰশাসক শ্ৰেণীৰ মানুহৰ মগজুৰ গতিশীলতা সাধাৰণতে বেছি হয়। এনে ধৰণৰ মগজু কোষৰ অধিকাৰী মানুহ খুব প্ৰাণচঞ্চল বা আশাবাদী হয়। চিন্তাবিদ, গৱেষক, বিজ্ঞানী, সাহিত্যিক শ্ৰেণীৰ মানুহেও যিকোনো বিষয় গভীৰলৈকে চিন্তা কৰিব পাৰে আৰু সকলোবোৰ কথা সহজে বুজি ল’ব পাৰে। এওঁলোক আত্মস্থ বা ফ্লেমেটিক ধৰণৰ মগজুৰ অধিকাৰী হয়। এনে মগজুৰ অধিকাৰী মানুহ সাধাৰণতে চিজোফ্ৰেনিয়া ৰোগৰ চিকাৰ হয়। এইবোৰ মানুহে যেতিয়া কোনো কথা গভীৰভাৱে চিন্তা কৰিব নোৱাৰে, বুজিবলৈ অসুবিধা পায় নাইবা গভীৰভাৱে চিন্তা কৰাৰ পিছতো সমাধানৰ কোনো পথ নাপায়। আৰু ৰহস্যৰ মাজত সোমাই গৈ নিজকে আৱদ্ধ কৰি পেলায়, তেতিয়া তেওঁলোকৰ মগজু কোষৰ গতিশীলতা লাহে লাহে কমি যাবলৈ ধৰে আৰু নিজৰ চিন্তাৰ মাজত মানুহজনে সোমাই গৈ থাকে। ক্ৰমে ক্ৰমে মগজুৰ চালককেন্দ্ৰ আৰু সংবেদন কেন্দ্ৰয়ো নিজৰ কৰ্মক্ষমতা হেৰুৱাই পেলায়। এনেদৰে মানুহজনে নিজৰ পৰিয়ালৰ লগতে বাহিৰৰ জগতখনৰ পৰা নিজকে পৃথক কৰি আনে।

কেতিয়াবা এনেকুৱা হয় যে ৰোগত আক্ৰান্ত ব্যক্তিয়ে নিজৰ অস্তিত্বকো পাহৰি যায়। পিছত গৈ মগজুৰ কোষসমূহৰ এটৰ লগত আনটোৰ সংবাদ আদান-প্ৰদানত বাধা জন্মে। এনেকুৱা বিশৃংখল অৱস্থাত ৰোগীৰ আচৰণত বাস্তৱৰ ছবি দেখা নাযায়। সেইকেইটা হৈছে- দৰ্শনানুভূতিক ভ্ৰান্ত বিশ্বাস, শ্ৰৱাণানুভূতিৰ ভ্ৰান্ত বিশ্বাস, স্পৰ্শানুভূতিৰ ভ্ৰান্ত বিশ্বাস, ঘ্ৰাণেন্দ্ৰিয়ৰ ভ্ৰান্ত বিশ্বাস, জিহ্বানুভূতিৰ ভ্ৰান্ত বিশ্বাস।

এনেকুৱা ধৰণৰ ভ্ৰান্ত বিশ্বাসৰ চিকাৰ হৈ বিভিন্নজনৰ আচৰণৰ যি নাভূত-নাশ্ৰুত পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। সেইবোৰত কিছুমানে ভূতে পোৱা বুলি ধৰি লৈ সেই ভূত খেদিবলৈ বিভিন্ন তন্ত্ৰ-মন্ত্ৰৰ আশ্ৰয় লয়।

আন এবিধ ভূতে পোৱা বুলি ভাবি লোৱা মানসিক ৰোগ হৈছে মেনিয়াক ডিপ্ৰেছিভ। এই ৰোগটোক অৱদমিত বিষণ্ণতা বুলিও ক’ব পাৰি। মানুহে কেতিয়াবা দৰিদ্ৰতা আৰু অকৃতকাৰ্যতাৰ কাৰণে ইমান অতিষ্ঠ হৈ পৰে যে লাহে লাহে তেওঁলোক অৱদমিত বিষণ্ণতাৰ চিকাৰ হয়। নিজৰ ভৱিষ্যৎ তথা পৰিয়ালৰ প্ৰতি থকা দায়ৱদ্ধতাৰ কথা চিন্তা কৰি তেওঁলোক জৰ্জৰিত হৈ যায়। এনেকৈ শক্তি কমি যায় আৰু মগজুৰ কাৰ্যকলাপৰ বিশৃংখলতাই তেওঁলোকৰ আচৰণৰ কিছুমান পৰিৱৰ্তন লৈ আনে। এই ৰোগত ভুগিলে নিজৰ অজ্ঞাতে মানুহজনে কিছুমান অদ্ভুত কাণ্ড কৰে যেনে- নিজৰ কাপোৰ নিজে ফালি দিয়া, নিজৰ শৰীৰত নিজে তেওঁলোকৰ নিজৰ অজানিতে হয়।

প্ৰতিদিনৰ সমস্যা, ঘাত-প্ৰতিঘাত আৰু জীৱন-ধাৰণৰ ন্যূনতম প্ৰয়োজনৰ অভাৱে তেওঁলোকক থকা-সৰকা কৰি পেলায়। অতৃপ্ত যৌন বাসনা, অতৃপ্ত প্ৰেমজনিত কাৰণতে বহুত মানুহ মেনিয়াক ডিপ্ৰেছিভৰ চিকাৰ হয়। কোনো অদম্য বাসনা যেতিয়া অপূৰ্ব হৈ থাকেতেতিয়া সেই বাসনাৰ তীব্ৰতাৰ প্ৰতি সময়তে মগজু কোষক উত্তেজিত কৰি থাকে। ফলত এটা সময়ত মগজু কোষৰ ক্ৰিয়া কলাপত বিশৃংখলতাই দেখা দিয়ে আৰু ইয়েই বহু সময়ত অৱদমিত বিষণ্ণতাৰ সৃষ্টি কৰে। লগে লগে কিছুমান ভূতে ধৰাৰ দৰে ঘটনা ঘটিবলৈ লয়। বহুত ক্ষেত্ৰতদেখিবলৈ পোৱা যায় যে এনে ৰোগত আক্ৰান্ত ব্যক্তিয়ে নিজৰ কথাটোক সঁচা বুলি ভাবে আৰু নিজৰ বিশ্বাসকে বেলেগৰ কাৰণে বিশ্বাসযোগ্য কৰি তুলিবলৈ চেষ্টা কৰে। এই ৰোগীয়ে নিজৰ ভ্ৰান্ত ধাৰণাৰ মাজত ইমান বিভোৰ হৈ থাকে যে তেওঁলোকৰ এটা সময়ত বাহ্যিক জগত তথা নিজৰ অস্তিত্বৰ লগত সম্পৰ্ক নোহোৱা হৈ যায়।

গতিকে দেখিবলৈ পোৱা যায় যে বিজ্ঞানসন্মত জ্ঞানৰ অভাৱে কিছুমান মানুহক অন্ধবিশ্বাসৰ মাজত আৱদ্ধ কৰি ৰাখিছে। বহুত সময়ত হিষ্টিৰিয়া, চিজোফ্ৰেনিয়া আৰু মেনিয়াক ডিপ্ৰেছিভ নামৰ এই তিনিবিধ মানসিক ৰোগত আক্ৰান্ত ব্যক্তিক তেওঁলোকৰ আচৰণত অদ্ভুত পৰিৱৰ্তনৰ কাৰণে ভূতে পোৱা বুলি ভাবি লোৱা হয় আৰু ইয়াৰ পৰা মুক্তি পাবৰ কাৰণে মানসিক চিকিৎসাৰ পৰিৱৰ্তে ওজা বা বিভিন্ন তান্ত্ৰিকৰ সহায় লোৱা হয়। কিন্তু ইয়াৰ জৰিয়তে কোনো ধৰণৰ সুফল পোৱাটো সম্ভৱ নহয়। বৰঞ্চ প্ৰকৃত চিকিৎসাৰ অভাৱত ৰোগীৰ অৱস্থা দিনক দিনে শোচনীয়হে হ’ব।

পৃথিৱীত যিহেতু কোনেও ভূতৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ সক্ষম হোৱা নাই, সেয়ে ভূতে পোৱা বুলি কোনো ৰোগৰো অস্তিত্ব নাই। আমি যাক ভূতে পোৱা বুলি কওঁ, সেয়া প্ৰকৃতাৰ্থত কেতবোৰ মানসিক ৰোগহে। এনে ৰোগৰ চিকিৎসা কেৱল চিকিৎসকেহে কৰিব পাৰে।

লেখক: দুলাল মিশ্ৰ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top