অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হীট ষ্ট্ৰ’ক

হীট ষ্ট্ৰ’ক কি লিখা হৈছে

হীট ষ্ট্ৰ’ক কি-

 

সূৰ্যৰ প্ৰখৰ ৰদত বহুত সময় থকাৰ পাছত শৰীৰৰ উষ্ণতা যেতিয়া ১০৪ ফাৰেনহেইটতকৈ বৃদ্ধি পায়, তেনে ৰোগকে হীট ষ্ট্ৰ’ক বুলি কোৱা হয়। হীট ষ্ট্ৰ’কত শৰীৰৰ তাপমান নিয়ন্ত্ৰণ কৰা প্ৰক্ৰিয়া বিকল হৈ পৰে। এই ৰোগ চিকিৎসাৰ বিষয়ৰ এটা জৰুৰী স্থিতি। খুব সোনকালে আৰু ভালকৈ চিকিৎসা নকৰিলে ব্যক্তিজনৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। হীট ষ্ট্ৰ’কৰ জৰুৰী চিকিৎসা নকৰিলে মগজু, হৃদযন্ত্ৰ, বৃক্ক আৰু মাংসপেশীৰ ক্ষতি হ’ব পাৰে। যিমানেই চিকিৎসা পলম হ’ব সিমানেই জটিলতা বৃদ্ধি পাব আৰু অৱশেষত মৃত্যু হ’ব।

হীট ষ্ট্ৰ’ক কিয় হয়-

 

(১) খুব গৰম আৰু আৰ্দ্ৰ পৰিৱেশত বহুত সময় থাকিলে এই ৰোগ হ’ব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তি, শিশু আৰু ৰুগীয়া ব্যক্তিসকলৰ খুব সোনকালে হীট ষ্ট্ৰ’ক হয়।

(২) খুব গৰম বতৰত যদি বাহিৰত খুব শ্ৰমসাধ্য ব্যায়াম বা গধুৰ কাম কৰে, তেন্তে এই ৰোগ হ’ব পাৰে।

খুব বেছিকৈ কাপোৰ পিন্ধি থাকিলে, মদ্যপান কৰিলে আৰু যথেষ্ট পৰিমাণৰ পানী নাখালে হীট ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি হয়।

হীট ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা কাৰ বেছি-

(১) শিশু আৰু ৬৫ বছৰৰ ওপৰৰ ব্যক্তিৰ হীট ষ্ট্ৰ’কৰ সম্ভাৱনা বেছি।

(২) খুব গৰম পৰিৱেশত কোনো খেল, যেনে- ফুটবল বা কোনো ধৰণৰ প্ৰশিক্ষণ, যেনে- পুলিচ বা মিলিটেৰী প্ৰশিক্ষণ আদিয়ে ইয়াৰ সম্ভাৱনা বৃদ্ধি কৰে।

(৩) ঠাণ্ডা স্থান বা পৰিৱেশৰ পৰা হঠাৎ উষ্ণ স্থান বা পৰিৱেশলৈ গ’লেও ইয়াৰ সম্ভাৱনা বৃদ্ধি পায়।

(৪) খুব বেছি গৰম বতৰত ফেনৰ বতাহে বিশেষ সহায় নকৰে। খুব গৰম আৰু বেছি আৰ্দ্ৰতা (হিউমিডিটী)যুক্ত বতৰত শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ ব্যৱহাৰে ইয়াৰ সম্ভাৱনা হ্ৰাস কৰে।

(৫) খুব গৰম বতৰত কিছুমান উচ্চ ৰক্তচাপৰ ঔষধ, শৰীৰৰ পৰা পানী ওলাই যোৱা ঔষধ (ডাইইউৰেটিক) মানসিক ৰোগত ব্যৱহাৰ কৰা ঔষধেও এই ৰোগ হোৱাত অৰিহণা যোগায়।

(৬) দীৰ্ঘদিন ধৰি হৃদৰোগ বা হাঁওফাঁওৰ ৰোগত ভুগি থকা ব্যক্তিৰ হীট ষ্ট্ৰ’কৰ সম্ভাৱনা বেছি।

(৭) বন্ধ গাড়ীৰ ভিতৰত শিশু বা ল’ৰা-ছোৱালী এৰি থৈ আহিলে হীট ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা খুব বেছি হয়। বাহিৰৰ তাপমান খুব বেছি নহ’লেও গাড়ীৰ ভিতৰৰ তাপমান সাংঘাতিক ধৰণে বৃদ্ধি পায়। ১৯৯৮ চনৰ পৰা ২০১১ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৫০০ শিশু এনেধৰণৰ বন্ধ গৰম গাড়ীৰ ভিতৰত মৃত্যু হৈছে। জানি আচৰিত হ’ব যে বাহিৰৰ তাপমান ৭০ ফাৰেনহেইট হ’লেও ৰ’দত থৈ দিয়া বন্ধ গাড়ী এখনৰ তাপমান ১২০ ফাৰেনহেইটলৈ বৃদ্ধি পাব পাৰে। মাত্ৰ ১০ মিনিটতে তাপমান বৃদ্ধি হ’ব পাৰে।

হীট ষ্ট্ৰ’কৰ লক্ষণসমূহঃ

 

(১) শৰীৰৰ তাপমান ১০৪ ফাৰেনহেইট বা তাতকৈ অধিক হোৱা এই ৰোগৰ প্ৰধান লক্ষণ।

(২) মানসিক স্থিতিৰ পৰিৱৰ্তন- বিভ্ৰান্তি হোৱা, উত্তেজিত হোৱা, লেবাই কথা কোৱা, খং উঠা, ভ্ৰম বকা, অচেতন হৈ পৰা আদি হ’ব পাৰে।

(৩) গাৰ ছাল খুব গৰম আৰু শুকান হৈ থাকিব। কিন্তু খুব কষ্টকৰ ব্যায়াম কৰাৰ ফলত হীট ষ্ট্ৰ’ক হ’লে ছাল সেমেকা হৈ থাকিব। শৰীৰৰ তাপমান বৃদ্ধি হোৱাৰ লগে লগে ছাল ৰঙা পৰিব।

(৪) উশাহ খুব ঘন আৰু চুটি হ’ব।

(৫) মূৰৰ বিষ অনুভৱ কৰিব।

(৬) নাড়ীৰ স্পন্দন (পালছ) যথেষ্ট বাঢ়ি যাব।

হীট ষ্ট্ৰ’ক হ’লে কি কৰিব-

 

কোনো ব্যক্তিৰ হীট ষ্ট্ৰ’ক হৈছে বুলি সন্দেহ হ’লে ততালিকে এম্বুলেঞ্চক খবৰ দিয়ক আৰু চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰক। চিকিৎসালয়লৈ নিয়া যিমানে পলম হ’ব ৰোগীৰ অৱস্থা সিমানেই জটিল হ’ব আৰু অৱশেষত মৃত্যু পৰ্যন্ত হ’ব পাৰে। এম্বুলেঞ্চ আহি পায় মানে ব্যক্তিজনৰ শৰীৰৰ তাপমান কমাবলৈ চেষ্টা কৰক যাতে মগজু আৰু আন প্ৰধান অংগবোৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে।

(১) বৰফ বা ঠাণ্ডা পানী শৰীৰত ব্যৱহাৰ কৰক আৰু শৰীৰটো এনে পানীত ডুবাই ৰাখক।

(২) বৰফ বা ঠাণ্ডা পানীত ডুবাই ৰখাৰ ব্যৱস্থা নাথাকিলে, ঠাণ্ডা পানী শৰীৰত ছটিয়াই থাকক আৰু ওচৰৰ পৰা ফেন চলাই পানীখিনি বাষ্প হৈ যাবলৈ দিয়ক।

(৩) শৰীৰৰ তাপমান কমাবলৈ কাপোৰেৰে বৰফৰ টুকুৰা মেৰিয়াই লৈ (আইচ পেক) ডিঙি, পিঠি, কাষলতিৰ তলত দিয়ক।

হীট ষ্ট্ৰ’ক কেনেকৈ প্ৰতিৰোধ কৰিব-

 

খুব ৰ’দত শৰীৰৰ তাপমান বৃদ্ধি হ’লে হীট ষ্ট্ৰ’ক নহ’বৰ বাবে কেতবোৰ পদক্ষেপ লোৱা উচিত।

(১) প্ৰথমতে ৰ’দৰ পৰা ছাঁ থকা স্থানলৈ আহক, শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ থকা স্থানলৈ আহিব পাৰিলে ভাল।

(২) শৰীৰটো ভিজা গামোচা বা টাৱেলেৰে মেৰিয়াই খুব ওচৰৰ পৰা ফেনৰ বতাহ দিয়ক।

(৩) পানী বা আন জুলীয়া খাদ্য খুব বেছিকৈ খাওক। যিহেতু ঘামৰ লগত যথেষ্ট পৰিমাণে নিমখ (ছ’ডিয়াম) নিৰ্গত হৈ যায় সেইবাবে পানীৰ লগত অলপ নিমখ মিহলাই খাব লাগে। বজাৰত পোৱা স্প’ৰ্ট ড্ৰিংকো খাব পাৰি।

(৪) মিঠা পানীয় আৰু মদ কেতিয়াও নাখাব।

(৫) ৰ’দত ওলাবৰ সময়ত পাতল ৰঙৰ ঢিলা কাপোৰ পৰিধান কৰিব।

(৬) যিসকল ব্যক্তিয়ে প্ৰখৰ ৰ’দত কাম কৰিবলগীয়া হয়, তেওঁলোকে খুব পানী খাই থাকিব লাগে। আৰু মাজে মাজে ছাঁ ঠাইত জিৰণি ল’ব লাগে। কামৰ বা ব্যায়ামৰ সময় সলনি কৰি ৰাতিপুৱা বা গধূলি কৰি ল’ব লাগে।

(৭) ৰ’দত ৰখাই থোৱা গাড়ীৰ ভিতৰত কোনো ব্যক্তিকে নাৰাখিব, বিশেষকৈ শিশু আৰু ল’ৰা-ছোৱালী। মাত্ৰ ১০ মিনিটতে গাড়ীৰ ভিতৰৰ তাপমান ২০ ফাৰেনহেইট বৃদ্ধি হ’ব পাৰে।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ চন্দন বৰুৱা)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top